চহা সমাজ জীৱনৰ গোছ লোৱা পৰম্পৰা – পদ্মজা বৰুৱা মহন

  অসম এখন কৃষিপ্ৰধান ৰাজ্য।সেয়ে অসমৰ মানুহবিলাকৰো উৎসৱ পাৰ্বণ আৰু অন্যান্য অনুষ্ঠানসমূহো সাধাৰণতে কৃষিৰ লগত জড়িত।বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা অসমৰ মানুহে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে আৰু মাটিৰ উৰ্বৰতা বৃদ্ধিৰ লগতে শস্য বৃদ্ধিৰ কামনা কৰি চহা সমাজে বিভিন্ন নীতি- নিয়ম,পৰম্পৰা পালন কৰি আহিছে।কৃষিজীৱি ৰাইজে খেতি আৰম্ভ কৰাৰে পৰা সামৰালৈকে নিজৰ লগতে কৃষিৰো কল্যাণ সাধনৰ বাবে নানান ধৰণৰ আচাৰ- অনুষ্ঠান, পৰম্পৰা আদি পালন কৰে।তাৰ ভিতৰত ন কঠীয়া পৰা, গোছ লোৱা বা ন ভূঁই ৰোৱা, নাঙল ধোৱা বা খেতি উৎসৱ আদি।

     আমাৰ এই অঞ্চলত যিহেতু আহোম সম্প্ৰদায়ৰ মানুহৰ বসতি সৰ্বাধিক, সেয়ে মই আহোমসকলে কৃষিকাৰ্যৰ সময়ত পালন কৰা কিছুমান পৰম্পৰাগত নীতি নিয়মৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিছোঁ।

ন কঠীয়া পৰা:- গোছ লোৱাৰ আগতে আমাৰ সমাজত ন কঠীয়া পৰাৰ বাবে কিছুমান পৰম্পৰা পালন কৰে।সেইদিনা ঘৰৰ ৰান্ধনী শালৰ এচুকত ডাম বা মৃতকক উদ্দেশ্যি কুকুৰা মঙহ আৰু ৰহিলাও আগবঢ়াই ঘৰৰ উপৰিপুৰুষক সেৱা জনাই কঠীয়া ধান সিঁচিবৰ বাবে আগবঢ়া হয়।কঠীয়া তলিখন ঠিক কৰি লোৱাৰ পিছত তিতাফুলৰ আগ আনি তলিৰ চাৰিওফালে গুজি দিয়াৰ উপৰিও ধানৰ লগতো দুই চাৰিখিলা কাটি দিয়ে।এনে কৰিলে পোক পতংগই কঠীয়া খাবলৈ আহিলে তিতা পায় বুলি বিশ্বাস কৰা হয়।শিল এটা, চালনী এখন আৰু ক’লা কচুৰ ঠাৰি দি চৰাই-চিৰিকটিক ভয় খুৱায়। আকৌ সিঁচোতাজনে টানকৈ মুঠি মাৰি সিঁচিলে কঠীয়া বোৰ টান হয় আৰু তোলাৰ সময়ত হাতত কষ্ট পোৱাৰ লগতে কঠীয়া আধা ছিগি আহে বুলি ধানৰ মুঠি কোমলকৈ ধৰিবলৈ কয়।

ন ভূঁই ৰোৱা:- কঠীয়া পথাৰত ৰুবৰ উপযোগী হলে অৰ্থাৎ ন ভূঁই ৰোৱাৰ দিনা গোছ লওঁতেও আমাৰ সমাজত কেতবোৰ নিয়ম পালন কৰে।গোছ লোৱাৰ দিনা এযোৰ আগলি কলপাত, হেলচ,পনিয়ল,লেতেকু আদি থোপাথোপে লগা গছৰ গুটি থকা ডাল একোটা, মাটি কঁঠাল, কঁঠাল,মধুৰী, ভীমকল,টেঙা, কচুগছ আৰু তৰাগছ,থুৰীয়া তামোল আৰু শিল এটা যতনাই  পাচি বা খৰাহি এটাত লৈ ঘৰৰ মূল ৰোৱনী বা গৃহস্থজন গৈ পথাৰৰ এচুকত কলপাতত নৈবেদ্য বিলাক সজাই কচুগছ আৰু তৰাগছ দুজোপা ৰুই কঠীয়াও দুগোছামান ৰুই আই লখিমীক প্ৰাৰ্থনা জনাই এইদৰে :- ‘যেন তৰাণি ,কচুৱনিৰ দৰে ডাঠ হৈ ,মধুৰী, হেলচ আদিৰ দৰে গুটি ধৰি ধাননি পথাৰখন যেন থোকেৰে ভৰি পৰে । পোক- পৰুৱা, চৰহা – চেলেকা,গান্ধীপোক আদি নাশ কৰি, দলিচপৰাকে শিতান কৰি ,বনক লাখুটি ধৰি যেন ধানগছবোৰ ঠন ধৰি উঠে।এইদৰে প্ৰাৰ্থনা জনোৱাৰ অন্তত ঘৰৰ গৰাকী বা গৃহিণীয়ে দুগোছামান ৰুই দিয়াৰ পিছত বাকীবিলাক ৰোৱনীয়ে ৰুই যায়।সেইদিনা বৰা চাউলৰ টোপোলা ভাত,কোমোৰাৰ সতে হাঁহৰ মাংসৰ আঞ্জা আৰু লাওপানী খোৱাটোও এক পৰম্পৰা।ভূঁই ৰুই আহি ৰোৱনী বিলাকে সৰিয়হৰ তেলত টেঙা চেপি গাত ঘঁহাৰ নিয়ম।তেনেকৈ তেল টেঙা ঘঁহিলে গাত পানীৰ পৰা হোৱা খৰ খজুৱতি নাশ হয় বুলি বিশ্বাস কৰা হয়।

  এইদৰে কঠীয়া সিঁচা আৰু গোছ লোৱাৰ বাবে মাংগলিক আচাৰ অনুষ্ঠান পালন কৰি কৃষিজীৱি সমাজে কৃষিকাৰ্যৰ শুভাৰম্ভণি কৰে।

নাঙল ধোৱা বা খেতি উঠা উৎসৱ :- খেতিকাৰ্য শেষ হোৱাৰ পিছত নাঙল ধোৱা বা খেতি উঠা পৰম্পৰা পালন কৰা হয়।যিহেতু খেতিয়কৰ বাবে গৰু বা ম’হৰ হালখনৰ নাঙলেই প্ৰধান সঁজুলি,সেইবাবে পিছৰবাৰ খেতিত পুনৰ ব্যৱহাৰৰ বাবে হাল বাই, ৰুই তুলি শেষ হোৱাৰ পিছত নাঙলৰ লগতে খেতিৰ অন্য সঁজুলিবিলাক ধুই মেলি সংৰক্ষণ কৰি ৰখাটো খেতিয়কৰ অন্যতম কৰ্তব্য।হালৰ গৰু- ম’হক ধুৱাই পৰিস্কাৰ কৰাৰ উপৰিও নাঙল -যুঁৱলি,পঘা -মৈ আদি ধুই -পখালি সামৰাৰ উপলক্ষত এই নাঙল ধোৱা উৎসৱ পালন কৰে।এই পৰম্পৰাৰ মুখ্য সামগ্ৰী হ’ল নাঙলধোৱা পিঠা।বৰা চাউলৰ পিঠা তৰাপাতত বান্ধি পানীত সিজাই এই পিঠা প্ৰস্তুত কৰা হয় আৰু চুবুৰীয়া বা গঞা ৰাইজে মিলিজুলি এই পিঠা খাই আনন্দ উপভোগ কৰে।দীৰ্ঘদিন ধৰি কৃষিকৰ্মৰ লগত লাগি মেলি খেতি শেষ হোৱাৰ অন্তত শ্ৰমৰ পৰা অৱসৰ পাই কৃষিজীৱি ৰাইজে খেতি উঠা বা নাঙল ধোৱা উৎসৱ পালন কৰে।

   বৰ্তমান যন্ত্ৰযুগৰ সম্প্ৰসাৰণ হোৱাৰ লগে লগে চহা জনজীৱনৰ মাজতো এনেধৰণৰ নীতি -নিয়ম,পৰম্পৰাৰ প্ৰচলন কমি আহিছে যদিও আমাৰ সমাজৰ কৃষিপ্ৰধান অঞ্চলবিলাকত এতিয়াও এনে পৰম্পৰা পালন কৰা হয়।মই ভাবোঁ এনেকুৱা পৰম্পৰা পালনে মানুহৰ মাজত নৈতিক শিক্ষা প্ৰদান লগতে সামাজিকৰণ আৰু বনজ সম্পদৰ সংৰক্ষণতো সহায় কৰি আহিছে।আমি আমাৰ সামাজিক সংহতি আৰু পাৰস্পৰিক সম্প্ৰীতি ৰক্ষা কৰা এনে নীতি নিয়ম পৰম্পৰা সমূহৰ বিষয়ে জনা উচিত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক