চহৰীয়া জীৱন, “চিৰ-চেনেহী মোৰ ভাষা জননী” আৰু অলপ ভাষিক সচেতনতা (ৰক্তিম গোস্বামী)

যান্ত্রিকতা যিমানেই নাহক জীৱনলৈ অথবা এই যান্ত্রিকতা যিমানেই শক্তিশালী নহওক কিয় আত্মপৰিচয় পাহৰোৱাই পেলাব পৰাকৈ বস্তুবাদ কেতিয়াও শক্তিশালী হ’ব নোৱাৰে। বাংগালুৰুকে ধৰি ডাঙৰ চহৰত কাম কৰা প্রায় সকলোবোৰৰ দিনটোৰ সৰহভাগ সময় অনা-অসমীয়া ভাষা ব্যৱহাৰ কৰিয়ে পাৰ কৰিব লগা হয়। মূলতঃ ইংৰাজী। বৃত্তিৰ তাগিদাত গতিকে গত্যান্তৰ নাই। দৈনন্দিক জীৱনত ই সৃষ্টি কৰে এক বৃহৎ ‘মাতৃভাষিক ভেকুৱাম’ কিন্তু ইয়াক ব্যক্তিগত জীৱনলৈ সোঁচৰিবলৈ দিয়াটো অনুচিত।


আজিকালি প্রতিখন ডাঙৰ চহৰতে উচ্চ শিক্ষিত আৰু সাধাৰণতে উচ্চ স্থানত থকা অসমীয়াৰ মাজত (মধ্যবিত্তীয়ও) গঢ় লৈ উঠা এক ঘাটক প্রৱণতা হৈছে শিশুকালৰ পৰাই নিজৰ শিশুক ইংৰাজী শিকাবলৈ মাক-দেউতাকে (মাম্মি-পাপা) অসমীয়াক বিসৰ্জন দি দৈনন্দিন জীৱনতো ইংৰাজীক মাতৃভাষাস্বৰূপে গ্রহণ কৰাটো। জাতি আৰু ভাষাৰ উপৰিও নিজৰ আৰু নিজৰ সন্তানৰ প্রতি কৰা ই এক চূড়ান্ত বিশ্বাসঘাটকতা। এটা ভুৱা ভাষিক পৰিচয়ৰে গঢ় দিয়া সন্তানটিৰ জীৱনৰ ভেঁটি কেনেকৈ সঁচা অৰ্থত সবল কৰিব এই অদ্ভুত প্রচেষ্টাই? কথাখিনি এই কাৰণে লিখিলো যে কিছুদিন পিছতে অসমৰ বাহিৰৰ প্রায় প্রতিখন চহৰতে ৰঙালী বিহু উদযাপন কৰা হ’ব। আমাৰ নিজা পৰিচয়ৰ লগত ৰঙালীৰ একাত্মতাৰ এই অনুভৱৰ মাজৰ সাঁকোডালেই হৈছে আমাৰ মৰমৰ অসমীয়া ভাষাটি। এই সাঁকোখন নিজ সন্তানৰ জীৱনত দুৰ্ব্বল কৰাৰ পৰিবৰ্ত্তে (যিহেতু আমি অসমৰ পৰা নিলগে আছো) ইয়াক অত্যাধিক উৎসাহেৰে সৱল কৰাত মনোনিবেশ কৰিব লাগে। অন্যাথা অনাগত দিনত বাংগালুৰুৰ নিচিনা আন সৰু বৰ যান্ত্রিক চহৰবোৰত এনে বিহু দেখিবলৈ বা উদযাপন কৰিবলৈ হয়তো মানুহ বিচাৰি পাবলৈ অতি কঠিন হ’ব। ইংৰাজী এটা গ্ল’বেল ভাষা আৰু জীৱনত আগুৱাবলৈ এই ভাষা আয়ত্ব কৰাটো অতিকৈ প্রয়োজনীয় কিন্তু তাৰ বাবে মাতৃভাষাক আহুতি দিয়াটো কালিদাসে ডালত বহি গছ কটাৰ লেখীয়া এক মূৰ্খামি। ই এক ঘাতক মানসিকতা।

ভাষাই আধুনিকতা নানে। আধুনিকতাই নিশিকায় কাহানিও নিজৰ মাতৃভাষাক পাহৰিবলৈ। আধুনিকতা হৈছে পৰিৱৰ্তনক সচেতনতাৰে আকোৱালি লৈ নিজৰ স্থিতি আৰু পৰিচয় অটুত ৰাখি সময়ৰ লগত খোজ মিলোৱাটোহে। এজন অসমীয়াৰ পৰিচয় চিৰকাল হাড়ে-হিমজুৱে অসমীয়াই হৈ থাকক পৃথিৱীৰ যি কোণতে অৱস্থিতি নহওক লাগে। আহক প্রতিজন অসমীয়া পিতৃ-মাতৃয়ে নিজ শিশুক “বা বা ব্লেক শ্বীপ” “জনি জনি” ৰ উপৰিও অন্ততঃ এবাৰ হ’লেও “চিৰ-চেনেহী মোৰ ভাষা জননী” শিকাবলৈ চেষ্টা কৰোঁ।

(বাংগালোৰৰ বিহু মুখ্যপত্রৰ বাবে লিখা এটা প্রবন্ধ “বাংগালুৰুৰ বিহু: আত্ম পৰিচয় সজীৱ কৰি ৰখাৰ এক মিঠা তাগিদা” ৰ একাংশ অলপ সালসলনি কৰি নতুন শিৰোনামা সহ তুলি দিলো।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক