চাঁচনিৰ দস্তাবেজ ( দ্বিপেন শইকীয়া )

বিয়া ঘৰখন সম্পূৰ্ণ ব্যস্ত হৈ আছে। বিয়া মানে মোৰ ৰূমমেটৰ মাহীয়েকৰ ছোৱালীৰ বিয়া। চাঁচনিত ঘৰ। আগতে এবাৰ আহিছিলোঁ ইয়ালৈ। গতিকে কইনাৰ বিপুল দাবীত বিয়াত উপস্থিত হৈছোঁ।

ভিতৰতে থাকি আমনি লগাত কিছুসময় ৰভাৰ তলিত বহো বুলি আহিলোঁ আৰু চকী এখনত বহি লৈ চাৰিওফালৰ পৰিবেশটোত এবাৰ চকু ফুৰালোঁ। সকলোৰে ব্যস্ততাৰ অন্ত নাই। ওলোৱা ওলাইছে সোমোৱা সোমাইছে। কোনোবাই আকৌ লগৰবোৰক পাই কথা পাতিছে, খবৰ লৈছে। মোৰ কাষতে কেইগৰাকীমান মহিলাই তামাম চৰ্চা আৰম্ভ কৰিছে। কোনে কি গহনা পিন্ধিছে, কোন গৰাকীৰ কাপোৰ যোৰ ভাল লাগিছে, কোন গৰাকীৰ ব্লাউজৰ ষ্টাইলটো ভাল হৈছে ইত্যাদিৰ পৰা আৰম্ভ কৰি চুবুৰিৰ বৰুৱানীৰ মাজু ছোৱালীজনী ঘৰৰ দ্ৰাইভাৰজনৰ লগত পলাই যোৱা লৈকে বিতং আলোচনা চলিছে। মাজে মাজে সুবিধা বুজি তেওঁলোকৰ শ্ৰীমান সকলৰো গুণ গৰিমা ব্যাখ্যা কৰি গৈছে।

এইবাৰ ডেকা সকলক লক্ষ কৰিলোঁ। পিলিঙা চকুবোৰে যে কিবা সন্ধান কৰি ফুৰিছে ভালকৈয়ে ধৰিব পাৰি। গাভৰু বোৰৰো একেই অৱস্থা। ৰং বিৰঙৰ সাজোনে কাচোনে গপচত বহি আছে। এনে এটা ভাৱ দেখুৱাই আছে যে তেহেঁতৰ কাৰণেই যেন বিয়াখন চলি আছে। সিহঁতবোৰ নহ’লে যেন বিয়াখনৰ কোনো সৌন্দৰ্যই নাথাকিল হেতেন। মাজে মাজে কইনাৰ লগত ফটোৰ বাবে প’জ দিছে। অৱশ্যে তাৰ মাজৰে দুই এজনীয়ে চকুৱে চকুৱে ডেকা হতৰ লগত চুপতি কৰি থকা মোৰ চকুত পৰিছে।

অলপ সময় ইফালে সিফালে চকু ফুৰাওঁতে ৰভাখনৰ চুকৰ ফালে খুউব শান্তকৈ বহি থকা ছোৱালী এজনী চকুত পৰিল। পাতল আকাশ ৰঙৰ চেলোৱাৰ যোৰৰ সৈতে খুবেই মৰম লগাকৈ বহি আছে। মোৰ চকুত চকু পৰিলত লাজুক চাৱনি এটাৰে তাই তলমুৰ কৰিলে। মইও আনফালে মুখ ঘূৰালো। তেনেতে মোৰ ৰূমমেট আহি মোক ভিতৰলৈ লৈ গ’ল কিবা কামত।

°°°°°°

আধাঘন্টামানৰ পিছত মই আকৌ আহি ৰভাৰ তলত পালোহি। চকিখনত বহিছোহে মাত্ৰ। সিফালৰ পৰা মাত আহিল-
– এইটো দীপম নহয়নে?
ঘূৰি চাই দেখো সি মোৰ লগৰ অভিজিৎ। ভাৰ্চিটিৰ হোষ্টেলত একেলগে আছিলোঁ।
– গোটে -পাতে হয়। পিছে তই? ক’ত আজি-কালি?
– নাহৰকটীয়াতে থাকোঁ। ইয়াতে কাম। কইনাৰ মাক মোৰ কলিগ হয়।পিছে তই ইয়াত যে?
– মই আজি-কালি ডিব্ৰুগড়ত। কইনা মোৰ ৰূমমেটৰ মাহীয়েকৰ ছোৱালী। সেই সূত্ৰে আহিলোঁ। বাকী তোৰ খবৰ ক চোন? বহু দিনৰ মূৰত লগ পালো।
– ঠিকেই আৰু। বিয়া পাতিলো নহয়। এবছৰ মানেই হ’ল।
– হয় নেকি? ভালেই কৰিলি দে। বিয়ালেহে নামাতিলি।
– এই হঠাতে হ’ল বুজিছ। তাতে তোৰ ফোন নম্বৰো নাছিল। গতিকে নহ’ল আৰু খবৰ দিয়া। এতিয়া তই ডিব্ৰুগড়তে থাক যেতিয়া আহিবি কেতিয়াবা থকাকে। পিছে তোৰ কিমান দিন হ’ল ইয়াত?
– দুমাহ হৈছে। পিছে তই অকলে আহিছ নে আৰু কোনোবা আহিছে?
– আহিছে। ভিতৰলে গ’ল। চিনাকি কৰি দিম ৰ।

তাৰ পিছত আমি আমাৰ কথাত বুৰ গ’লো। লগৰ বোৰৰ কথা ওলাল । কোন ক’ত আছে ইত্যাদি…

– বলা যাওঁ।
আমাৰ কথা বন্ধ কৰি আগন্তুকৰ ফালে মুৰ তুলিলোঁ। লগে লগে অভিজিতে ক’লে – এইয়া চুমী। চুমী এইয়া দীপম। মাজুলীত ঘৰ। বৰ্তমান ডিব্ৰুগড়তে থাকে। আমি হোষ্টেলত একেটা ব্লকতে আছিলোঁ। মই তেওঁৰ চকুলে চালো। তেওৰ মুখৰ ৰং সলনি হৈ গ’ল। হইতো মোৰো। নিজকে সহজ কৰি সৌজন্যতাৰ খাতিৰত খবৰ সুধিলোঁ। লগতে দুই এসাৰ কথা। তেখেতে তলমুৰ কৰিয়ে উত্তৰ দিলে।
তেনেতে অভিজিতে ক’লে – বিয়াখন পাত বুজিছ। আৰুনো কিমান দিন এনেকৈয়ে থাকিবি? চিৰকুমাৰ হৈয়ে থাকিম বুলি ভাবিছ নেকি?
– কি কৰিবি? মনে মিলা পোৱাই নাই। মোক ভাল লগা বোৰক মোৰ ভাল নালাগে। মই ভালপোৱা বোৰে মোৰ লগত মিলিব নোৱাৰে। গতিকে, “আহিছে মানুহ , গৈছে মানুহ ” হৈয়ে আছে। তাতে তই বিয়া পাতি যি খিনি পাইছ, মই নপতাকৈয়ে সেইখিনি পাইছোঁ। বাকী থাকিল ভাত কেইটা ৰন্ধাটোহে। চলাই দিম আৰু এনেকৈয়ে। মনে মিলা কাৰোবাক যদি পাই যাওঁ তেতিয়া ভাবি চাম।
– সময় থাকোতেই কামটো কৰ বুজিছ। পিছত কিন্তু দেৰি হৈ যাব। আৰু শুন , কাইলে আমাৰ ঘৰত ভাত খাই যাবি।
– কাইলে নোৱাৰিম। পিছতে এদিন আহিম দে।

সিঁহত দুটা গ’লগৈ। দুখে ক্ষোভে মনটো উন্দলি আহিল। চকি খনত বহি লৈ কথাবোৰ ভাবিবলে ধৰিলোঁ। কি যে কাক-তলীয় সংযোগ। ঠিক্ চুমীক লগ পোৱা প্ৰথম দিনটোৰ দৰেই। তাইৰ বিয়া হোৱা বুলি শুনিছিলোঁহে, আজি বোৱাৰী ৰূপত দেখিলোঁ। তাই চাগে তাক আমাৰ কথাবোৰ একোৱেই কোৱা নাই, আমি যে শূণ্য দূৰত্বৰ পৰা এজনে আনজনক লগ পাইছো। নিজকে সহজ কৰিবলে যত্ন কৰিলোঁ। কাৰণ সেইবোৰ ভাবি কি লাভ? তাইটো এতিয়া বন্ধুৰ পত্নী…

পুৰনি কথাবোৰ মনলে আহিবলে ধৰিলে যদিওঁ মনটোক বুজনি দি আনফালে মুখ ঘূৰালোঁ। ৰভাঘৰৰ সিঁতো চুকত আকৌ চকু পৰিল। পাতল আকাশ ৰঙী চেলোৱাৰ পিন্ধা ছোৱালী জনী তেতিয়াওঁ বহি আছিল।একেই সেই শান্ত ভাৱ। চকুত চকু পৰাত আকৌ সেই লাজুক হাঁহি। তাৰ পিছত তলমুৰ। যি চাৱনিত আছিল সেউজীয়াৰ অদম্য হেপাঁহ…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments