চাংঘৰৰ পৰা কৈছোঁ [বিহু : পৰিৱৰ্তনৰ ধামখুমীয়াত…] (প্ৰাঞ্জল দেউৰী)

উদাৰীকৰণৰ যুগত বিহুৰ সাত্ত্বিক ৰূপটো কি বিচাৰি পোৱাটো প্ৰায়ে দুৰুহ হৈ পৰিছেগৈ। বিহুৰ আধুনিকীকৰণে বিহুৰ সাত্ত্বিক ৰূপটোক লোক-সমাজ আৰু লোক-মানসৰ পৰা ক্ৰমান্বয়ে লুকুৱাই লৈ গৈ আছে বুলি কোৱা হয়। বিহুৰ যিটো সাহ সেইটো বিজতৰীয়া হৈছে বুলি নকওঁ; কিন্তু সাহটোক যেন আজিৰ আধুনিক ভাৱধাৰা আৰু পৰিৱৰ্তনৰ বিচাৰধাৰাই ক’ৰবাৰ চন্দুকৰ চুকত ভৰাই থৈ আহিল। আজিৰ বিহু মানেই যেন কৰ্মশালা আৰু মঞ্চ-বিহুৰ হুঁচৰি আৰু বিহু-কুঁৱৰী প্ৰতিযোগিতাত আৱদ্ধ এক ধৰণৰ সীমাৱদ্ধ বিহু। সেয়েহে বহুতে ক’ব খোজে বিহুৰ নগৰীকৰণ হৈছে— আধুনীকিকৰণ নহয়। কিন্তু আমি ভাবো যে বিহুৰ নগৰীকৰণ বা আধুনিকীকৰণ দুয়োটাই হোৱা নাই। আমাৰ অসমীয়া মানুহৰ পয়ালগা মনস্বত্ত্বৰহে নগৰীকৰণ হৈছে, যাৰ ফলত জাতীয় ঐতিহ্য আৰু লোক-পৰম্পৰাবোৰ আধুনিকীকৰণৰ নামত মূলৰ পৰা ছিন্ন হোৱা উপক্ৰম হৈছে।

বিহু হৈছে কৃষিভিত্তিক উৎসৱ। অৱশ্যে এতিয়া বিহুৱে শ্ৰেণীগত সীমাৱদ্ধতা অতিক্ৰম কৰিছে। অতি তাৎপৰ্যপূৰ্ণ যে বিহুৱে শ্ৰেণীগত সীমাৱদ্ধতা অতিক্ৰমী সাৰ্বজনীন স্বীকৃতি লাভ কৰি পুনৰ আধুনিক পয়ালগা মনস্বত্ত্বৰ সীমাত আৱদ্ধ হৈ পৰিছে। গতিকে আজিৰ দিনত বিহুক কৃষিভিত্তিক উৎসৱ বুলি ক’লে যেন হেঁচি-ঠেলি আতি পেৰা অথবা জপাত কাপোৰ ভৰোৱাৰ দৰেহে হ’ব। কৃষিভিত্তিক উৎসৱৰ পৰা বিহুৱে উত্তৰণ ঘটাৰ বাবেই চাগে বিহুৱে চৰিত্ৰ সলনি কৰিবলৈ ধৰিছে। এয়া উচিত নে অনুচিত সেয়া আমাৰ বিচাৰ্য নহয়। কিন্তু বিহুৰ চৰিত্ৰ সলনিয়ে বিহুৰ মৌলিক ৰূপটোক নিশ্চয় ক্ষতিগ্ৰস্ত কৰিছে। কাৰণ বিহুৰ এই ৰূপে কেৱল বিহু নাচ আৰু বিহুগীত(বিহুনাম নহয়)কহে প্ৰতিনিধিত্ব কৰা দেখা যায়। বিহুৰ লোকাচাৰবোৰক ই এৰাই চলে। অথচ লোকাচাৰবোৰেই হৈছে বিহুৰ মৌলিক সম্পদ, য’ত অসমীয়া লোক সমাজ থিয় দি আছে। অৱশ্যে বিহু কৃষিভিত্তিক উৎসৱ হ’লেও বৰ্তমানৰ কৃষি অৰ্থনীতিৰ ব্যাপক পৰিৱৰ্তনে বিহুৰ লোকাচাৰতো প্ৰভাৱ পেলাইছে। কৃষি-কৰ্মত যন্ত্ৰ ব্যৱহাৰে মানুহৰ শ্ৰম লাঘৱ কৰাৰ লগতে সময় ৰাহি কৰিছে। গতিকে ইয়াৰ প্ৰভাৱে চহা জীৱনলৈ বহুত পৰিৱৰ্তন আনিছে। কৃষিৰ লগত সম্পৰ্কৃত বিহুৰ কিছুমান আচাৰ এতিয়া লোকসমাজৰ বাবে চাগৈ অপাংক্তেয় বুলি বিবেচিত হৈছে। আহু খেতি বাদ দিয়া কৃষকে এতিয়া চ’ত, বহাগ বা জেঠত গৈ পথাৰ চহ নকৰেগৈ, গতিকে এইকেইটা মাহত তেওঁলোকে পথাৰলৈ যোৱাৰ সকাম নাই। পথাৰলৈ যোৱা নাই যেতিয়া গছৰ তলত চেনাইক লগ কৰাৰো প্ৰয়োজন নাই। সেয়ে পথাৰ বা গছ তলত বিহু কৰাও তেওঁলোকৰ বাবে যেন এক সামজঞ্জ্যহীন কাৰবাৰ।

চহা জীৱনৰ এনেধৰণৰ পৰিৱৰ্তনে বিহুৰ লোকাচাৰলৈয়ো পৰিৱৰ্তন অনাতো অৱশ্যম্ভৱীয়েই! কাৰণ চহাৰ বোকোচাত উঠিয়েই বিহুৱে আধুনিক কালত অসমীয়াৰ জাতিৰ জাতীয় উৎসৱৰ মৰ্যাদা লাভ কৰিছিল। তৎসত্বেও ক’ব লাগিব যে অসমৰ অতি মফচলীয় তথা পত্যন্ত অঞ্চলৰ গ্ৰামীণ লোক-সমাজত এতিয়াও বিহুৰ মৌলিক ৰূপটো পৰিদৃশ্যমান হয়। অসমৰ সৰু-বৰ জনগোষ্ঠীবোৰেও এতিয়াও তেওঁলোকৰ ঐতিয্য আৰু পৰম্পৰাৰে বিহুক পালন কৰি আহিছে।

বিঃদ্ৰঃ- বিহুক পালনৰ পৰিৱৰ্তে আমি উদযাপনত বেছি গুৰুত্ব দিয়া বাবেই চাগৈ বিহুৱে পণ্য হিচাপে বেছি গুৰুত্ব লাভ কৰিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক