চাংকেন (উজ্বল দিপ্লু গগৈ)

chang_ken-_ujjol-diplu-gogoiবহাগৰ বিহুত গুৱাহাটীৰপৰা ডুমডুমাৰ নিজৰ ঘৰলৈকে এনফিল্ডখন লৈ অকলে যোৱাৰ সিদ্ধান্ত লৈছিলোঁ ৷ ভবামতেই বিহুৰ দুদিন আগত খানাপাৰাৰ পৰা বাইক ষ্টাৰ্ট কৰিলোঁ ৷ সম্পূৰ্ণ প্ৰস্তুতি কৰা আছিল ৷ জাগীৰোডৰ হোটেলত ব্ৰেকফাষ্ট, কলিয়াবৰত ডাবৰপানী, কাজিৰঙাৰ ভিউ পইণ্টত ৰেষ্ট লৈ যোৰহাটত থাকি দিয়া হ’ব আৰু পাছৰদিনা যোৰহাটৰপৰা ডুমডুমাৰ ঘৰ পামগৈ ৷ দীঘলীয়া যাত্ৰা অকলে কৰিলে নিজকে ডাঙৰ হোৱা যেন অনুভৱ হয় ৷ ঘৰতো আজিকালি মা-দেউতাই নোকোৱা হৈছেগৈ নাহিবি বাইকত বুলি; মাত্ৰ কয় লাহে লাহে আহি থাকিবি ৷
এইদৰে বাইকত গ’লে লগত সদায়ে কেইটামান বস্তু ৰাখি থওঁ; চকলেট, চুইংগাম, পানীৰ বটল, ব্লুটুথ স্পীকাৰ ইত্যাদিবোৰ ৷ আটাইকেইবিধ বস্তুৰ সদব্যৱহাৰ হয় টোপনি আঁতৰ কৰাত কিয়নো বাইকখন চলাবলৈ ষ্টাৰ্ট কৰি এটা নিৰ্দিষ্ট গতি পোৱাৰ পাছত ডিঙিতো শুকাই আহে লগে লগে পানীৰ পিয়াহ বৰকৈ অনুভৱ হয় আৰু তাৰপাছতে টোপনিৰ ভাৱ আহিবলৈ ধৰে৷ সেয়েহে আগতীয়াকৈ সাৱধানতা লৈ চুইংগাম এটা মুখত লৈ লৈছিলোঁ ৷ নামনি আৰু মধ্য অসমৰ ঠাইবোৰ পাৰ হৈ গৈ কাজিৰঙা পাইছিলোঁগৈ৷ কপাল ভাল থকাৰ বাবেই হয়তো সেইদিনা ৰাস্তাৰ নিচেই কাষৰপৰা পহু দেখা পাইছিলোঁ ৷ বসন্তৰ প্ৰলেপত কাজিৰঙাখন সম্পূৰ্ণ সেউজীয়া হৈ উঠিছিল কিন্তু সম্পূৰ্ণৰূপে সেউজীয়াখিনি উপভোগ কৰিবলৈ পোৱাৰ আগতেই বৰষুণে পাইছিল আৰু যোৰহাট নোপোৱালৈকে বৰষুণে লগ এৰা নাছিল৷
পোহৰতকৈও বেগী বুলি ক’বলৈ গ’লে নি:সন্দেহে মানুহৰ মনটোৱেই হ’ব৷ যোৰহাটত সেইৰাতি থাকোঁতেই লগৰ হৃষীকেশে ফোন কৰিছিল ‘অৰুণাচলৰ টেঙাপানীত থকা গল্ডেন পাগোডালৈ যাবি নেকি? চাংকেনৰ সময়, ভাল লাগিব’৷ চাংকেন কি বুজি পোৱা নাছিলোঁ আৰু লগৰজনেও বৰ বিশেষ বুজাই নাথাকি মোক ক’লে চাংকেন খামতিসকলৰ পানী ঢলা উৎসৱ, তই সেইবুলিয়েই বুজি থ’৷ মোৰো মনটো উচপিচাবলৈ ধৰিছিল; বহুতো উৎসৱৰ বিষয়ে শুনিছোঁ কিন্তু পানী ঢলা উৎসৱ! উহোঁ, আগতেতো কোনোদিনেই শুনা নাই৷ ৰাতিটো সেইদিনা টোপনি যাওঁতেও মনটো খামতিসকলৰ জনজাতীয় গাওঁবিলাকৰ মাজত পিটপিটাই ফুৰিছিল৷
ডুমডুমাৰ ঘৰ গৈ পোৱাৰ পাছত অৰুণাচলৰ নামচাইৰ মোৰ সহকৰ্মী চাও ৰাজু মানপাংলৈ ফোন কৰি আমাক লগ দি গাইড কৰিবলৈ কৈছিলোঁ৷ অনুৰোধমৰ্মেই ৰাজু সাজু হৈছিল আৰু আমিও বৰবিহুৰ দিনাখন টেঙাপানীলৈ যাবলৈ সাজু হৈছিলোঁ৷ নতুন সদস্য হিচাবে হৃষীকেশ আৰু মোৰ লগত ওলাইছিল তিনিচুকীয়াৰ বিশ্বজিৎ দেউৰী৷ ডুমডুমাৰপৰা আমি দহমান বজাত যাত্ৰা আৰম্ভ কৰিছিলোঁ ৷ ৰূপাই পাৰ হৈ কাকপথাৰ পাৰ হৈছিলোঁ ৷ কাকপথাৰৰ ৰাস্তাৰ দুয়োকাষে বিশাল পথাৰ বিয়পি পৰা কৃষিভূমি৷ বহুতো মানুহে হয়তো কাকপথাৰ বুলি ক’লে কিছুমান নেগেটিভ চিন্তাহে মনলৈ আনে, কিন্তু এই কথাটো বহুতেই নাজানে যে ধানখেতিৰ ক্ষেত্ৰত অসমলৈ অৰিহণা যোগোৱাত কাকপথাৰৰ গুৰুত্ব কিমান৷ বিহুৰ বতৰ যদিও সেইদিনা অলপ ডাৱৰীয়া কৰিছিল, ডিৰাকগেট পাওঁগৈ মানে বৰষুণ পৰিছিল৷ ডিৰাক নদীখনে অসম আৰু অৰুণাচলক সেই অংশত পৃথক কৰিছে ৷ ILP কেইখন উলিয়াই অলপ আগুৱাই গৈ মহাদেৱপুৰৰ ওচৰৰ দোকান এখনৰ কাষত ৰৈ বৰষুণ কমালৈ অপেক্ষা কৰিলোঁ৷ দোকানখনত সৰু খিৰিকী এখন খুলি থোৱা আছিল, ভিতৰলৈ মন কৰিলোঁ বয়সস্থ লোক দুজনমানে সাঁজপানী খাই খাই তাচপাত খেলি আছিল৷ সাঁজপানীয়ে হয়তো তেওঁলোকক ভালদৰে তগবগ কৰি তুলিছিল কাৰণ আমাক দেখি এজন লোক উঠি আহি কথা পাতিবলৈ লৈছিল৷ নিচাই তেওঁক ভাষাজ্ঞানৰ এখোপ ওপৰলৈ ইতিমধ্যে তুলি ৰাখিছিল কাৰণ আটাইকেইটা শব্দ তেখেতৰ মুখত ইংৰাজীতহে আখৈ ফুটিছিল৷ এনফিল্ড কেইখনৰ কথা লৈ তেখেতে ক’লে ‘বুলেটৰ কাম নাই বুইছ, আমি এটা সময়ত ৰাজদূত চলোৱা মানুহ’৷ আমাৰ পৰিচয় সুধি তেখেতে আহোম, দেউৰী আৰু মৰাণসকলৰ ওপৰত দোৰালখোৱা জিভাৰে ব্যাখ্যা আৰম্ভ কৰিবলৈ ল’লে ৷ আমাৰ তিনিওৰে এজনে আনজনৰ মুখলৈ চোৱাৰ বাহিৰে আন উপায় নাছিল৷ বৰষুণ এৰিবলৈ লোৱাত আমি ওলাবলৈ লওঁতে তেখেতে আগভেটি ধৰিলে, ‘বোলো ইমানখন লেকচাৰ দিলোঁ, বিহু বুলি টকাকেইটামানকে দি যাচোঁন ইংলিচ অকণ ধৰোঁ৷’ হাঁহি উঠিছিল যদিও তেখেতৰ সৰলতাখিনি কিবা মনোমোহা আছিল গতিকে ইংলিচ অকণৰ দামটো তেখেতক দি আমি নামচাই অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ ৷
বন্ধু ৰাজুক ফোন কৰিছিলোঁ নামচাই পামগৈ বুলি৷ লাহে লাহে গৈ থকা আমাৰ বাইক কেইখনৰ কাষেৰে কেইবাখনো মানুহ ভৰ্তি গাড়ী পাৰ হৈ গৈছিল; চাংকেনৰ উলাহে সকলোকে উৎসৱমুখৰ কৰি ৰাখিছিল৷ সকলোৰে হাতত একোটা বাল্টি আছিল, বুজি পাইছিলোঁ সেইয়া পানী ঢলাৰ বাবে৷ ন-দিহিংৰ নতুন দলং পাইছিলোঁগৈ৷ কিনকিনীয়া বৰষুণ দি আছিল যদিও ন-দিহিংৰ সৌন্দৰ্য্যৰ মাজত ফটো উঠাৰ লোভ সামৰিব নোৱাৰি কেমেৰা উলিয়াই লৈছিলোঁ৷ ভৌগোলিকভাৱে চাবলৈ গ’লে ন-দিহিংখন ব্ৰহ্মপুত্ৰৰ এখন অন্যতম উপনদ৷ অন্ধবিশ্বাস এটা সেই অঞ্চলৰ মানুহৰ মাজত সদায়ে বিদ্যমান, দলংৰ ওচৰৰ কেকুঁৰিত হেনো ভূত ওলাই গাড়ীবোৰৰ দূৰ্ঘটনা কৰায়৷ আমি কথা পাতি অনুমান কৰিলোঁ খুব সম্ভৱত কেকুঁৰিটো বনাওঁতে বিজ্ঞানসন্মত নাছিল সেয়েহে স্পীডত থকা গাড়ীসমূহে কণ্ট্ৰল ৰাখিব নোৱাৰি বাগৰি পৰে৷ নামচাইৰ চ’কত ৰাজু ৰৈ আছিল; বাইককেইখন দোকান এখনৰ কাষত ৰখাবলৈ কৈ সি আমাক তাৰ গাড়ীত উঠিবলৈ ক’লে৷ বৰষুণ আকৌ আৰম্ভ হৈছিল গতিকে গাড়ীখন পোৱাৰ বাবে আমাৰ সুবিধা হ’ল৷ নামচাইৰ পৰা টেঙাপানীৰ বৌদ্ধ মন্দিৰ ‘গল্ডেন পাগোডা’লৈ গৈ থাকোঁতে ৰাজুৱে আমাক চাংকেনৰ বৈশিষ্ট্যৰ বিষয়ে কৈ গৈছিল৷ ‘টাই-খামতিসকলৰ নৱবৰ্ষক আদৰা উৎসৱকেই চাংকেন বুলি কোৱা হয়৷ সহজ ভাষাত চাংকেন হ’ল পানী ছটিওৱা উৎসৱ৷ সচৰাচৰ এপ্ৰিলৰ ১৩, ১৪ আৰু ১৫ তাৰিখত চাংকেন উদযাপন কৰা হয়৷ দক্ষিণ-এছীয় দেশসমূহত বৌদ্ধ ধৰ্মালম্বীলোকসকলে উলহ-মালহেৰে পালন কৰা চাংকেনক অৰুণাচলতো টাই-খামতি সকলৰ লগতে আন আন বৌদ্ধ ধৰ্মীয় বসতি প্ৰধান অঞ্চলসমূহ যেনে: টাই-চিংফৌ, টাই-ফাকে ইত্যাদিসকলৰ মাজতো উদযাপন কৰা দেখা যায়৷ বিশ্বাসমতে পুৰণি বছৰৰ শেষৰ দিনটো আৰু নৱবৰ্ষৰ প্ৰথমদিনটোক সংযোগ কৰি চাংকেন উদযাপন  কৰিলেহে পুৰণি বছৰৰ ভাল দিশসমূহ নতুন বছৰটোলৈ বাগৰি আহে৷ ৰাজুৱে কৈ গৈছিল চাংকেনৰ অৰ্থই হৈছে পানী ছটিয়াই শান্তি আৰু বিশুদ্ধতাৰ সংবাদ বিয়পাই তোলা৷ চাংকেনৰ দিনাখন বুদ্ধৰ মূৰ্তিৰ লগতে আন আন সকলো দেৱ-দেৱীৰ মূৰ্তি বাহিৰলৈ উলিয়াই আনি পানী ঢালি ধোওৱা হয়; তাৰপাছতেই বুদ্ধ মুৰ্তিক কৌংফ্ৰাত প্ৰতিষ্ঠা কৰা হয়৷ প্ৰতিষ্ঠা কৰাৰ ঠিক পাছতেই বাদ্যযন্ত্ৰৰে সু-সজ্জিত হৈ শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাৰ সময়ছোৱাত এজনে আনজনৰ গালৈ পানী পানী ছটিয়াই আনন্দ প্ৰকাশ কৰে আৰু ঘৰতে তৈয়াৰ কৰি অনা মিঠাই-খোৱাবস্তুৰ টোপোলাবোৰ এজনে আনজনক বিতৰণ কৰে৷’
বন্ধু ৰাজুক লগ পাওঁতেই মন কৰিছিলোঁ সচৰাচৰ সি পিন্ধা জীনচ পেণ্টৰ ঠাইত আছিল ধূতিজাতীয় এখন ঘৰত বোৱা কাপোৰ৷ সোধোতে আমাক জনালে যে সেইয়া তেওঁলোকৰ জাতীয় কাপোৰ আৰু উৎসৱৰ দিনা পৰিধান কৰাতো বাধ্যতামূলক৷ কথা পাতি গৈ থাকোঁতেই আমি গল্ডেন পাগোডা পাইছিলোঁগৈ৷

‘গল্ডেন পাগোডা’;  এটা সোণালী ৰঙৰ উপাসনাস্থলী, যাক স্থানীয় ভাষাত ‘পই লু কংমু খাম’ নামেৰে জনা যায়৷ টেঙাপানীৰ এই পাগোডাটি উ:পূ: ভাৰতৰ এটি অন্যতম ডাঙৰ মনেষ্ট্ৰী৷ পাগোডাটিৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্যটো হৈছে তাত থকা বুদ্ধৰ ‘জেইড পাথৰ’ৰ মুৰ্তিটি যিটো ম্যানমাৰৰ পৰা উপহাৰস্বৰূপে পোৱা হৈছিল৷ মনেষ্ট্ৰীটিৰ কাৰু-কলা অতিকৈ প্ৰশংসনীয়৷ বিশেষকৈ কাঠত কটা ছবিসমূহ অতিকৈ উন্নতমানৰ৷ বন্ধু ৰাজুৱে কৈছিল মনেষ্ট্ৰীটি সাজোতে ম্যানমাৰৰপৰা কুশলীসকলক অনা হৈছিল৷ মনেষ্ট্ৰীটি এটা মুখ্য ডাঙৰ ‘ড’ম’ৰে সজাই লৈ তাৰ চাৰিওফালে ১২টা সৰু ‘ড’ম’ৰে ঘেৰি বনোৱা হৈছে ৷ আমি তাত থাকোঁতেই পাতল বৰষুণ আৰম্ভ হৈছিল৷ ৰাজুৱে আমাক সাৱধান কৰি ৰাখিছিল চাংকেনৰ শুভেচ্ছাৰে কোনোবাই পানী ছটিয়াব পাৰে চাবি বুলি ৷ কথাষাৰ কোৱা বেছি দেৰি নহওঁতেই হেপ্পী চাংকেন ব্ৰাদাৰ্ছ বুলি কৈ সৰু ল’ৰা-ছোৱালী কেইজনমানে গালৈ পানী মাৰি পঠিয়ালে; থতমত খাইছিলোঁ যদিও এটা নতুন অভিজ্ঞতা হৈছিল আৰু লগতে উৎসৱৰ অংশীদাৰ হৈ মনটো ভালো লাগিছিল৷ প্ৰাৰ্থনা কৰিবলৈ মন কৰি আমি ৰাজুক ক’লোঁ; ৰাজুৱে বাল্টি যোগাৰ কৰি দিলে৷ প্ৰথমে আমাৰ হাতত এডালকৈ মমবাতি দি জ্বলাই লৈ মাটিত গোঁজ মাৰিবলৈ ক’লে৷ তাৰপাছত আমাক পানীভৰ্তি বাল্টিৰে সৈতে সৰু নলাকৃতিৰ ঠাই এটুকুৰালৈ লৈ গৈ তাত পানী ঢালি সেৱা কৰিবলৈ দিলে৷ তাৰপাছত মনেষ্ট্ৰীটি প্ৰদক্ষিণ কৰাই লৈ পুনৰ বাহিৰত থকা আন এটি মুৰ্তিৰ ওচৰলৈ লৈ গৈ ৰাজুৱে ক’লে যে সকলো মুৰ্তিৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ হ’লে বহুত সময় লাগিব গতিকে মাত্ৰ প্ৰতীকি হিচাবে আমি কেইটামান মুৰ্তিৰ কাষত প্ৰাৰ্থনা কৰি শেষত বুদ্ধৰ মুৰ্তিৰ ওচৰত সেৱা কৰিলেই হ’ব ৷ গাইড কৰা মতেই আমি তিনিবাৰকৈ বাল্টিত পানী আনিছিলোঁ আৰু এটি মুৰ্তিৰ কাষত তিনিবাৰকৈ পানী ঢালি সেৱা কৰিছিলোঁ৷ সৰু সৰু ল’ৰা-ছোৱালীহঁতক মন কৰিছিলোঁ, নিজৰ মাজতেই অঘোষিত প্ৰতিযোগিতাত নামি পৰিছিল কোনে কিমান ওপৰৰলৈকে মুৰ্তিত পানী মাৰিব পাৰে৷ সেইদিনা ৰাজুৱে আমাক আৰু এটা কথা কৈছিল যে প্ৰাৰ্থনা যিয়ে কৰা হওঁক বা নহওঁক সেৱা কৰোঁতে সমাজ আৰু পৃথিৱীৰ কাৰণে এবাৰ হ’লেও ভাবি আহিব লাগে৷ আমিও সেইমতে কৰিছিলোঁ ৷
উভতিবৰ সময় হৈ আহিছিল, তাত দুই-কেইজনমান লোকৰ সৈতেও চিনা-পৰিচয় হৈছিলোঁ, পুনৰ নিমন্ত্ৰণ জনাইছিল আমাক ‘পই লু কংমু খাম’ৰ ঠাইলৈ৷ প্ৰতিশ্ৰুতি জনাই আমিও নিজৰ ঠাইলৈ ঘূৰিবলৈ লৈছিলোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments