চাইকেলত উঠাৰ আনন্দ – অঞ্জনা দত্ত

আমাৰ ঘৰত তাহানিতে এখন চাইকেল আছিল৷ স্কুলত থাকোঁতে কেইবাবাৰো সেইখনত আখৰা চলাওঁতে হাত-ভৰি, আঁঠুৰ ছাল ছিঙি তেজ ওলাইছিল৷ তথাপিও চেষ্টা নেৰি চাইকেলখন নিজে চলাবলৈ বহুদিন নেৰানেপেৰা বৰষুণজাকৰ দৰে লাগি আছিলোঁ৷ আচলতে সেইখন চাইকেলতকৈ মই মানুহজনী আকাৰত বহুত সৰু আছিলোঁ৷ তথাপিও ভৰি এটা পেডেলত থৈ, সেইখন চোঁচৰাই নি ভালেখিনি আগলৈ গুচি যাওঁ৷ দুপৰীয়া পৰিয়ালৰ সকলো ঘৰুৱা কামত ব্যস্ত হৈ থকাৰ সময়ত চাইকেলখনৰ ওচৰলৈ গৈ চেষ্টা চলাওঁ, উঠিবলৈ সাহসে লগ নিদিয়ে কিন্তু সেই এটা ভৰিৰে কৰা চেষ্টা এৰি দিয়া নাছিলোঁ৷

এদিন আমাৰ ঘৰলৈ লক্ষীমপুৰৰ পৰা মামা এজন আহিছিল৷ আমাৰ বংশৰে আছিল যদিও তেখেতক সেইবাৰেই প্ৰথম লগ পাইছিলোঁ৷ সেইকেইদিনতে আমাৰ ঘৰৰে কিবা এটা কামৰ বাবে মামাক গুৱাহাটীত খবৰ এটা কৰিবলৈ যাবলৈ কোৱা হ’ল৷ মামাই আমাৰ চাইকেলখনকে লৈ যাওঁ বুলি দেউতাক সোধাত, দেউতাই অনুমতি দিলে৷ মই কথাবোৰৰ গম লৈ আছিলো, মামাই চাইকেল চলাই গুৱাহাটী ঘূৰিব বুলি গম পাই মামাক অনুৰোধ কৰি ক’লোঁ যে, ’চাইকেলত মইয়ো উঠিম; কিন্তু তেখেতে আপত্তি কৰি ক’লে যে মোক নিলে দেউতাই খং কৰিব৷ ’ তদুপৰি মই ইমান সৰু আছিলোঁ যে, মই তাত উঠিলে মামাৰো চাইকেল চলাবলৈ অসুবিধা হ’ব৷ কিন্তু মই আশা এৰি নিদি নাচোৰবান্দা কৈ লাগিলো নিবই লাগিব বুলি৷ অৱশেষত মামাই হাৰ মানি মোক চাইকেলত নিবলৈ বাধ্য হ’ল৷ মন কৰিলোঁ, তেখেতে কাপোৰৰ সৰু কুছন এটা বনাই চাইকেলখনৰ আগৰ অংশত লগাই চাইকেলখন সাজু কৰিলে৷ মই আচৰিত হৈ সুধিলোঁ, “এইটো কিয় ইয়াত বান্ধি লৈছাঁ? এইখিনি ঠাইতচোন মই বহিম! “
মামাই হাঁহি এটা মাৰি ক’লে ―
“ এইটো তোমাৰ কাৰণে৷ তুমি বহিবৰ কাৰণে এই কুছনটো লগাই দিছোঁ৷ “

মামাৰ কথা শুনি মনটো বৰ ভাল লাগিছিল৷ চাইকেলত মই বহিবৰ কাৰণে মামাই কুছন পাৰি লৈছে৷ তাৰমানে চাইকেল যাত্ৰা বঢ়িয়া হ’ব আজি! মামাৰ বাহিৰে মোক কোনেও চাইকেলত কেতিয়াও নুঠায় বুলি মই ভালকৈয়ে জানিছিলোঁ৷

অৱশেষত আমাৰ চাইকেল যাত্ৰাৰ আৰম্ভণি হৈছিল৷ ৰাস্তাত গাড়ী-মটৰৰ হৰ্ণৰ মাজে মাজে আমাৰ চাইকেলো কম নাছিল৷ মামাই চাইকেলৰ টিলিঙাটো মাজে মাজে বজাই দিয়ে আৰু মইয়ো টিলিঙাটো টিপা মাৰি দিওঁ৷ মামাই হাঁহে৷ মুঠতে নাকে-মুখে ফিৰফিৰীয়া বতাহ এজাক সানি লৈ চাইকেলৰ পেডেলে নিব পৰা সৰ্বোচ্চ গতিত আগবাঢ়িলোঁ৷ বেলেগে উশাহ আৰু ল’ব নালাগিছিল কাৰণ বিনামূলীয়াকৈ পোৱা বতাহে যে বুকুৰ লগতে মনটোও ভৰাই তুলিছিল৷ যিহেতু চাইকেলত গাড়ীৰ দৰে দৰ্জাওতো নাই, নিজকে কিবা চৰাই যেন লাগিছিল৷ আমি দুটা চৰাই যেন গুৱাহাটীৰ ফিৰফিৰীয়া বতাহজাকত উৰি ফুৰিছোঁ৷ মাজে মাজে ওখোৰা-মুখোৰা বাট পালে বিৰাট জাঁপ এটা মাৰি দিয়ে চাইকেলখনে৷ পেটৰ নাড়ী-ভুঁৰু ছেদেলি-ভেদেলি হৈ যোৱা যেন লাগে৷ তাৰ পিছত আকৌ লাহে লাহে শান্ত হৈ গতি কৰে চাইকেলখনে৷ সেইদিনাখন বাটত অলপ সময় ৰৈ মামাই মোক মৰ্টন আৰু মিঠাই কিনি খাবলৈ দিছিল৷

এনেকৈ গণেশগুৰিৰ পিনে আগুৱাই গ’লোঁ৷ তেতিয়া ঠাইবোৰৰ নামবোৰৰ বিষয়ে ইমান ভালকৈ নাজানিছিলোঁ৷ চিৰিয়াখানাখনৰ ওচৰ পাওঁতে মামাই মোক ক’লে, “গুৱাহাটীৰ চিৰিয়াখানা বুলি কয় যে এইখনেই হয় চোৱা, পিছে আজি আমি সোমাব নোৱাৰিম, আমাৰ কামটোৰ খবৰ কৰিবলৈ আছে নহয়৷ অফিচ বন্ধ হৈ যাব দেৰি হ’লে; ইয়াৰ পিছৰবাৰ আহিলে সোমাম দেই চিৰিয়াখানাত৷ “

চিৰিয়াখানাখন সন্মুখতে পাই সোমাবলৈ নাপাই মনটো বেয়া লাগিছিল কিন্তু খন্তেক ভাবি মই হ’ব বুলি ক’লোঁ৷ কাৰণ কথাটো ভাবি মোৰ ভাল লাগিছিল, ’মামাই মানে মোক আকৌ এবাৰ চাইকেলত উঠাই ফুৰাব৷ ’
মামাই মাজে মাজে মোক সুধি গৈছিল কিবা অসুবিধা পাইছোঁ নেকি বুলি৷ মই টপককৈ নাই পোৱা বুলি কৈছিলো কাৰণ অসুবিধাৰ কথা ক’লে পিছৰবাৰ মামাই চাইকেলত যে মোক কেতিয়াও নুঠাব সেইয়া ধূৰুপ আছিল৷

শেষত অফিচটোৰ ভিতৰলৈ মোক লৈ সোমাই গৈ মামাই কামটোৰ খবৰ কৰিলে৷ মই একো বুজি নাপালোঁ সেইবোৰ৷ কামটো শেষ হোৱাত অফিচৰপৰা ওলাই আহি মামাই মোক দাঙি লৈ চাইকেলত পাতি থোৱা কুছনটোত আকৌ বহুৱাই দিলে৷ ঘৰমুৱা হৈ চাইকেল চলিছিল; যোৱাৰ সময়ত দেখা ঠাইবোৰ উভতি আহোঁতে আকৌ চকু ফুৰাই গ’লো৷ চিৰিয়াখানালৈ চালোঁ, সোমাবলৈ মন এটা বান্ধি থ’লোঁ পিছৰবাৰ আকৌ আহিম বুলি৷

ঘৰ আহি পাওঁতে সন্ধিয়া লাগিছিল৷ আকাশখনত জোনটোৱে পোহৰ নিগৰাই আছিল৷ মোৰ কণমাণি জোনাকী মনটোত এক বুজাব নোৱাৰা আনন্দই বিৰাজ কৰিছিল৷ জীৱনৰ প্ৰথম অভিজ্ঞতাবোৰ সদায়েই মধুৰ৷ মামাজনৰ পাছলৈ গুৱাহাটীলৈ আহি মোক চাইকেলত উঠাবলৈ সময় নিমিলিল৷ কিন্তু চাইকেলত প্ৰথমবাৰ উঠাৰ সেই আনন্দ মনৰ এটা কোণত নিগাজিকৈ থাকি গ’ল কাহানিও মচিব নোৱাৰা এটা মোহৰৰ দৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments