চাইকেল (-অঞ্জল বৰা)

চাইকেল

অঞ্জল বৰা

 

 

জীৱনৰ মধুৰতম মুহূৰ্ত্তবিলাকৰ ভিতৰত এটা পাহৰিব নোৱাৰা মুহূৰ্ত্ত হ’ল দেউতাই চাইকেলখনৰ আগত গাৰু এটা বান্ধি মোক মঙ্গলবৰীয়া বজাৰলৈ লৈ যোৱা সময়খিনি৷ সেইয়াই হয়তো জীৱনত প্ৰথম চাইকেলৰ লগত পৰিচয়৷ তাৰ পিছত কিমান যে ঘটনা, সময় পাৰ কৰিছোঁ চাইকেলৰ লগত৷ দেউতাৰ ‘ৰেলী’ চাইকেলখনেই আছিল আমাৰ ঘৰৰ প্ৰথম চাইকেলখন৷ আজি সম্ভৱ ৪০ বছৰৰ ওপৰ হ’ল আজিও দেউতাই সেইখন চলাই আছে৷ সেই চাইকেলখনতেই মই মেট্ৰিক পৰীক্ষা দিয়ালৈকে কিমান ঠাইলৈ গ’লোঁ, কিমান ভ্ৰমিলোঁ তাৰ ঠিকনা নাই৷ দেউতাই মোক মেট্ৰিক পৰীক্ষা দিয়াবলৈকো সেইখনতেই উঠাই লৈ গৈছিল৷ তাৰ পিছত এদিন সেই চাইকেলখনৰেই দুফালে পেডেলত দুটা ভৰি দি হাতৰ এটা বাহুৰে চিটখনত হেঁচা দি তলত চলাবলৈ শিকিলোঁ৷ কিমান পৰিলোঁ তাৰ ঠিকনা নাই৷ তথাপি পৰি পৰি এদিন শিকিলোঁ৷ তেনেকৈয়ে (তলত চলায়েই) কাষৰ দোকানৰ পৰা বজাৰ কৰিবলৈ শিকিলোঁ৷ নিজৰ লগতে কিমান জোৰত চলাব পাৰোঁ তাৰ প্ৰতিযোগিতা চলালোঁ৷  ব্ৰেক মাৰিবলৈ শিকিলোঁ৷ পাম্প দিবলৈ শিকিলোঁ, টিলিঙাৰ শব্দত সন্মুখৰ মানুহক পৃষ্ঠভঙ্গ দিয়াবলৈ শিকিলোঁ আৰু অনুভৱ কৰিলোঁ নিজে ডাঙৰ হোৱাৰ এক অনাবিল আনন্দ৷

এদিন দুদিন কৰি চাইকেলখনৰ তলৰ পৰা ওপৰলৈ উঠিলোঁ৷ ঘৰলৈ কোনোবা চিনাকি দাদা আহিলেই চাইকেলখন ধৰি দিবলৈ কওঁ৷ ২৪ ইঞ্চিৰ চাইকেলখন মোৰ হিচাপত ওখ বাবেই নিজৰ নিম্ন অংশ এফালে বেঁকা কৰি আকৌ আন ফালে বেঁকা কৰি কৰি কোনোমতে পেডেলত ভৰি দুটা দি ওপৰত চলাবলৈ শিকিলোঁ৷ নামিবৰ সময়ত কোনো ওখ স্থানৰ সন্ধান কৰি কৰি আগবাঢ়িলোঁ৷ আকৌ পৰিলোঁ৷ এইবাৰ ওপৰৰ পৰা পৰিলোঁ৷ “পৰিলেহে শিকিব পাৰিব” ডাঙৰৰ উত্সাহত চলাব পৰা হ’লোঁ৷ কিন্তু আজিও সেই এডাল পেডেলত ভৰি দি চাইকেলৰ ভাৰসাম্য ৰক্ষা কৰি জঁপিয়াই উঠিব নোৱাৰিলোঁ৷ তাৰ পিছত আৰু এটা নতুন কথা শিকিলোঁ৷ কোনোবাই চাইকেল চলাই গৈ থকাৰ অৱস্থাতে পিছফালৰ কেৰিয়াৰত জঁপিয়াই উঠিব পৰা হ’লোঁ৷ এইটো মোৰ বাবে বীৰোচিত কাম যেন লাগিছিল৷ তেনেকৈয়ে চাইকেল মোৰ জীৱনৰ পাঁচটা বছৰ এৰাব নোৱাৰা অংগ হৈ পৰিছিল৷

মেট্ৰিক পাছ কৰিলোঁ৷ নাম লগালোঁ ঘৰৰ পৰা ৭ কিলোমিটাৰ দূৰৰ বিদ্যালয়ত৷ তাৰ আগলৈকে ঘৰৰ পৰা ৩ কিলোমিটাৰ দূৰৰ হাইস্কুললৈ খোজ কাঢ়িয়েই অহা-যোৱা কৰিছিলোঁ৷ কেতিয়াবা কাৰোবাৰ পিছত মাথো জঁপিয়াই উঠিছিলোঁ৷ কিন্তু এইবাৰ ৭ কিলোমিটাৰ দূৰৰ বিদ্যালয়লৈ যাবলৈ মোৰ একমাত্ৰ বাহন হ’ল চাইকেল৷ নিজাকৈ এখন চাইকেল৷ সেই সময়ত বিদ্যালয়লৈ যোৱা কথাটোতকৈ মোৰ নিজা এখন চাইকেল হ’ব সেই কথাটোৱে মোৰ মন-মগজু বহু দিন আচ্ছন্ন কৰি ৰাখিছিল৷ শেষত বহু আলোচনাৰ অন্তত এখন হিৰ’ চাইকেল কিনাৰ কথা ঠিক কৰা হ’ল৷ চুবুৰিৰে এজন দাদাৰ লগত চাইকেলত উঠি ঘৰৰ পৰা ২০ কিলোমিটাৰ দূৰৰ এখন দোকানলৈ দেউতাই হাতত পইচা দি পঠিয়াই দিলে৷ আহোঁতে চাইকেলখন মই চলাই আনিব পাৰিম৷ ২৪ ইঞ্চিৰ চাইকেলে মোক বহুবাৰ লটি-ঘটি কৰাৰ বাবে এখন ২২ ইঞ্চিৰ হিৰ’ চাইকেল লৈ ঘৰলৈ উলটি আহিলোঁ৷ নতুন চাইকেল৷ দুয়ো পেডেলত সমানে দুটা ভৰি আৰু সন্মুখত ২০ কিলোমিটাৰৰ দূৰত্ব৷ কেতিয়া ঘৰ পালোঁহি ক’বই নোৱাৰিলোঁ৷ সেই ২০ কিলোমিটাৰেই সম্ভৱ মোৰ জীৱনৰ প্ৰথম দীৰ্ঘতম চাইকেল চালন আছিল৷ তাৰ পিছত দুটা বছৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সেই নতুন চাইকেল লৈ যোৱাটো মোৰ দৈনন্দিন ৰুটিন হৈছিল৷ ইয়াৰ পিছতে নতুনকৈ শিকিব লগা হৈছিল এটা হাতেৰে ছাটি ধৰি আনখন হাতেৰে চাইকেলৰ এডাল হেণ্ডেলত ধৰি নিজৰ জীৱনৰ ভাৰসাম্য ৰক্ষা কৰাৰ নতুন কৌশল৷ তাৰ পিছত বিশ্বনাথ কলেজত পঢ়িবলৈ আহি মেচত থাকোঁতেও সেই চাইকেলখন গাড়ীৰ ওপৰত উঠাই লৈ আহিছিলোঁ আৰু ‘পালচাৰ’ বাইকৰ দৰে সেই চাইকেলত উঠি একাষৰীয়াকৈ থকা আমাৰ বিভাগৰ একেবাৰে কাষত আনি ৰাখিছিলোঁ৷ কেতিয়াবা এটা ভৰি মাটিত দি এটা ভৰি চাইকেলৰ পেডেলত দিয়েই কোনোবা বান্ধবীৰ লগত কথা পাতিছিলোঁ বা সেই চাইকেলখন ঠেলি ঠেলিয়েই খোজকঢ়াৰ আনন্দ লৈছিলোঁ৷

তাৰ পিছত আমাৰ ঘৰত চাৰিখন চাইকেল হৈছিল৷ আমি মানুহ আছিলোঁ পাঁচটা৷ কিন্তু প্ৰয়োজনৰ খাতিৰত দেউতা, দাদা, বাইদেউ আৰু মোক বেলেগ বেলেগ কৰি চাৰিখন চাইকেলৰ প্ৰয়োজন হৈছিল৷ চাৰিখন চাইকেল আমাৰ পাঁচজনীয়া পৰিয়ালটোত থকা বাবে কেতিয়াবা বৰ সুবিধা হৈছিল৷ সেই সময়ত অসমত আলফাৰ ভৰপক আছিল৷ আলফাৰ সদস্যবিলাক প্ৰায়ে গাঁওবিলাকৰ কম মানুহ থকা ঘৰত থাকিবলৈ আহিছিল৷ আমাৰ ঘৰখন তেওঁলোকৰ বাবে সুবিধাজনক আছিল৷ কেতিয়াবা আহিও তেওঁলোক উভতি গৈছিল৷ কাৰণটো আমি ঠিক ধৰিব পৰা নাছিলোঁ৷ কিন্তু দেউতাই মনে মনে ঠিক অনুমান কৰিছিল৷ এদিন কেইজনমান সদস্য আন্ধাৰ হোৱাৰ পিছত আমাৰ ঘৰলৈ আহি দেউতাক মাতি সুধিছিল “ঘৰত কোনোবা আলহী আছেনেকি?” দেউতায়ো কাৰণটো বুজি মিছাকৈ কৈছিল “অ, ৰাতি থকা দুজনমান আলহী আছে৷” তেওঁলোকে কোনো কথা নোকোৱাকৈ আঁতৰি গৈছিল৷ পিছত দেউতাই কৈছিল যে আমাৰ ঘৰৰ পাঁচজনীয়া পৰিয়ালটোৰ যে চাৰিখন চাইকেল থাকিব পাৰে তেওঁলোকে হয়তো ভাবিবই পৰা নাছিল৷ সেয়ে আলহী আছে বুলি ভাবিছিল৷ যি নহওক চাইকেলে আমাক সেইদিনা বচাইছিল৷ তাৰপিছত ক্ৰমে ক্ৰমে আমি ঘৰৰ পৰা আঁতৰি অহাত তিনিখন চাইকেল বিক্ৰী কৰি দিছিল৷

চাইকেলে এটা সময়ত মানুহৰ প্ৰধান বাহন আছিল৷ আজিৰ দৰে কম দূৰত্বৰ ঠাইলৈ যাবলৈ মটৰ চাইকেল বা গাড়ী মানুহে ব্যৱহাৰ কৰা নাছিল৷ অৱস্থাপন্ন প্ৰতি ঘৰতে একোখনকৈ চাইকেল আছিল৷ কাষৰ স্কুলখনলৈ যাবলৈ, বজাৰলৈ যাবলৈ শিক্ষক বা সাধাৰণ মানুহে চাইকেল ব্যৱহাৰ কৰিছিল৷ কিন্তু এতিয়া সেই চাইকেলৰ স্থান ঘৰে ঘৰে এখন বাইকে দখল কৰিলে৷ কাষৰ তিনিআলিটোলৈ যাবলৈও বাইক নহ’লে যাব নোৱাৰা হ’ল৷ হাইস্কুলত পঢ়া ল’ৰাক এতিয়া বাইক লগা হ’ল৷ পৰিৱৰ্ত্তন আহিল৷ লগে লগে কিন্তু বহু সংস্কাৰৰো পৰিৱৰ্তন হ’ল৷ আমাৰ দিনত চাইকেল চলাই গৈ থাকিলে সন্মুখত কোনো শিক্ষকক দেখিলে চাইকেলৰ পৰা নামি দি অলপ দূৰ খোজ কাঢ়ি গৈছিলোঁ বা ‘চাৰ ভালনে’ বুলি মাত এষাৰ দিছিলোঁ৷ এতিয়া বাইক হ’ল৷ বহুত সুবিধা হ’ল৷ কিন্তু সেই শ্ৰদ্ধা, সেই মাতষাৰ হেৰাই গ’ল৷ কোনে কাক কিমান পিছ পেলাই যাব পাৰে তাৰহে এতিয়া প্ৰতিযোগিতা চলিবলৈ ধৰিলে৷ চাইকেল চলাই যোৱা শিক্ষকৰ সন্মুখত এতিয়া বাইক চলাই স্কুললৈ যোৱা ছাত্ৰৰ মাতিবলৈ সময় ক’ত !!

চাইকেল৷ দুটা চকাৰ এখন বাহন নহয়৷ চাইকেল জীৱনৰ ভাৰসাম্যতাৰ প্ৰতিক৷ চাইকেল জীৱনৰ ঘাত-প্ৰতিঘাতৰ প্ৰতিক৷ আজি উৰাজাহাজত উঠি কেইঘণ্টামানতে নিজৰ দেশৰ সীমা পাৰ হ’ব পাৰিছোঁ৷ কিন্তু এতিয়াও ঘৰলৈ গ’লে মোৰ ২২ ইঞ্চিৰ সেই হিৰ’ চাইকেলখন নথকাৰ দুখ অনুভৱ কৰোঁ৷ চাইকেলত হাত দিলে যি স্মৃতিয়ে মোক সজীৱ কৰি তোলে সেই স্মৃতি আন কোনো বাহনেই দিব নোৱাৰে৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক