চাইকেল (উচ্চজিৎ কলিতা)

চাইকেল (উচ্চজিৎ কলিতা)
যদি চাইকেলে হ’লহেঁতেন ককা আৰু দেউতাৰ
আৰু মোৰ আৰু বাইদেউৰ,
লগতে ভাইটিৰো
ইফাল সিফাল কৰা
ইতিহাসৰ মাথোঁ একমাত্ৰ বাহন,
সৰল হ’লহেঁতেন মোৰ দেশৰ ভূগোল ।
আইৰ ভাষা মোৰ অতিকে আপোন
এলাগী নহ’লহেঁতেন মোৰ সন্তানৰ বাবে ।
পানী-জাহাজত ভাহি নাহিলহেঁতেন চাহাবী ঢং
আৰু বৰ্ণ-বৈষম্যৰ ৰেণু,
একত্ৰিছ ডিচেম্বৰত
কেক খাই পাহৰি নগ’লোঁহেঁতেন
ৰাস্তাৰ একাষত ভোকত বাগৰি থকা
অথবা দাস্তবিনত ৰেচন বিচাৰি হাহাকাৰ কৰা
অমূল্য বৰুৱাৰ “কুকুৰ”বোৰৰ ক্ষুধাৰ যন্ত্ৰণা ।
চাইকেলৰ হেণ্ডেলৰ প্ৰেমৰ বতাহ
প্ৰতিযোগিতাৰ কয়লাৰ ধোঁৱাৰে ধূসৰ নহয়,
প্ৰেমত সময় থাকিলহেঁতেন
আৰু থাকিলহেঁতেন
যেতিয়াই মন যায়
ব্ৰেক মাৰি ৰৈ যোৱা মৰমৰ আব্দাৰ ।
চাইকেলৰ চকাৰ স্পোকত নালাগে
সভ্যতাৰ এলান্ধু,
পেডেলত নাথাকে
প্ৰকৃতিক ভেদ কৰি আগুৱাই যোৱাৰ
পুঁজিবাদী মোহ ।
চাইকেল সেয়েহে আধুনিক মানুহৰ
সম্প্ৰীতিৰ অসম্পূৰ্ণ ৰূপ ।
যদি চাইকেলে হ’লহেঁতেন
মোৰ আৰু সকলোৰে
ইফাল সিফাল কৰা
ইতিহাসৰ মাথোঁ একমাত্ৰ বাহন,
মানুহৰ আদিম প্ৰেম জীপাল হ’লহেঁতেন
আৰু আমাক আমুৱাব নোৱাৰিলহেঁতেন
আভিজাত্যৰ আৰামে ।
অভাৱী ঈশ্বৰে মন্দিৰ-মছজিদ-গীৰ্জা এৰি
মাটিত পৰিলহেঁতেন হাইঠাৰ দৰে,
আৰু উভতি নগ’লহেঁতেন
পংকিল আলিৰ বুকুত চাইকেলৰ চকাই
এৰি যোৱা কোমল ভিজা চিনবোৰৰ দৰে ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments