চাইকেল, মোৰ ৰেলী চাইকেল- খজেন ডেকা

আন খেলা-ধূলাৰ লগতে মোৰ শৈশৱ আৰু কৈশোৰ কালত যি কেইটা যান্ত্ৰিক বস্তুৱে মোক সততে আকৰ্ষণ কৰিছিল, সেই তিনিটা বস্তু আছিল – ঘড়ী, ৰেডিঅ আৰু চাইকেল৷ তাৰ ভিতৰত অন্যতম আছিল চাইকেলখন৷ তিনিওটা বস্তু একেলগে সংগ্ৰহ কৰাৰ মোৰ নিজাকৈ কোনো সামৰ্থ্য নাছিল৷ ঘৰখনৰো নাছিল তেনে সামৰ্থ্য৷ সেয়ে প্ৰথম দুটা সামগ্ৰীৰ কথা মনৰ পৰা বাদ দিছিলো যদিও এখন নতুন চাইকেল কিনাৰ সপোন এটা সদায় লগত কঢ়িয়াই লৈ ফুৰিছিলোঁ৷ হওঁতে আমাৰ ঘৰত এখন চাইকেল আছিল৷ ২৬ ইঞ্চি ওখ হাৰকিউলিছ চাইকেল৷ চাইকেলখন যথেষ্ট ওখ বাবে সেইখন চলাই ফুৰা আমাৰ বাবে ইমান সহজ কথা নাছিল৷ চাইকেলখন আছিল আমাৰ পিতাইৰ দিনতে কিনা৷ নতুন এখন কিনাৰ সামৰ্থ্য যিহেতু আমাৰ নাছিল, সেয়ে মই সেই পিতায়ে এৰি থৈ যোৱা পুৰণি বুঢ়া চাইকেলখনকে যথেষ্ট আদৰ যত্ন কৰি ৰাখিছিলোঁ৷ ককাইদেৱে ইফালে-সিফালে ঘূৰি বা বজাৰ-সমাৰ কৰি আহি ঘৰৰ বেৰত আওজাই থৈ দিয়াৰ পিছত তাৰ পৰিচৰ্য্যাৰ দায়িত্ব মই সদায় লৈছিলোঁ৷ ফটা কাপোৰেৰে চাইকেলখন চাফা কৰাৰ পিছত এটুকুৰা সৰু কাপোৰত নাৰিকল তেল আৰু কেৰাচিন তেল লগাই গোটেই চাইকেলখনতে ঘঁহি দিছিলোঁ৷ বৰ্তমান যুগত গাড়ী-মটৰ ধুই পলিছ কৰাৰ দৰে৷ সেইদৰে চাইকেলখন সদায় চিকচিকিয়া কৰি ৰাখিছিলোঁ৷ চাইকেলখনৰ ৰিং দুটা যাতে অনবৰতে পৰিষ্কাৰ হৈ থাকে তাৰ বাবে মাডগাৰ্ডক ধৰি ৰখা সৰু লোহা দুডালত পুৰণি টিউব ফুলৰ দৰে মিহিকৈ কাটি ৰিং দুটাত লাগি থকাকৈ বান্ধি দিছিলোঁ৷ প্ৰথমতে মই তলতহে চাইকেল চলাবলৈ শিকিছিলো৷ বহুদিন চেষ্টা কৰাৰ মূৰত চলাব পৰা হৈছিলোঁ৷ তাৰ বাবেও কমখন কষ্ট কৰিবলগীয়া হোৱা নাছিল৷ গাঁৱৰ ৰাস্তাৰ দুয়োকাষে থকা গড়খাৱৈত কিমানবাৰ পৰিছিলোঁ, গড়খাৱৈত পৰি কিমানযে চোৰাত পাতৰ ডকা খাইছিলো তাৰ হিচাপ নাই৷ অৱশ্যে এই অৱস্থা অকল মোৰেই হোৱা নাছিল৷ নতুনকৈ চাইকেল চলাবলৈ শিকা আমাৰ লগৰ সকলোৰে হৈছিল৷ কিন্তু আজিকালিৰ ল’ৰাই দুই-এদিনতে একেবাৰে ওপৰত চাইকেল চলাবলৈ শিকে৷ কথাবোৰ দেখিয়েই আচৰিত লাগে৷

সেই সময়ত গাঁৱলৈ কোনোবাই নতুন চাইকেল আনিলেই আমি বেঢ়ি বেঢ়ি চাওঁ৷ গৰাকীক অনুৰোধ কৰি কিবা প্ৰকাৰে চাইকেলখন এবাৰ চলাব পাৰো নেকি তাৰে চেষ্টাত থাকো৷ চলাব নাপালেও নতুন চাইকেলখন এবাৰ চুই চাব পাৰিলেই নিজকে ধন্য মানিছিলো৷ চলাই চাব পাৰিলেতো নিজকে স্বৰ্গজয় কৰা যেন অনুভৱ হৈছিল৷ চলাবলৈ নোপোৱা লগৰবোৰৰ মাজত নিজকে এজন নায়ক যেন লাগিছিল৷ চাইকেলখন কোন ব্ৰেণ্ডৰ – ৰেলী নে হাম্বাৰ – এই লৈ আমাৰ মাজত সৰৱ আলোচনা হৈছিল৷ কোন ব্ৰেণ্ডৰ চাইকেলৰ গতি বেছি এই সম্পৰ্কে আমি প্ৰত্যেকেই একোজন বিজ্ঞৰ দৰে মন্তব্য দিছিলোঁ৷ যেন আমি একো একোজন চাইকেল বিশেষজ্ঞহে৷ আন ব্ৰেণ্ডৰ চাইকেলৰ প্ৰতি আমাৰ হাবিয়াস নাছিল৷ কাৰণ সেইবোৰ চাইকেলৰ গতি ৰেলী বা হাম্বাৰৰ দৰে নাছিল৷ এতিয়াও মই মোৰ পুৰণা ৰেলী চাইকেলখনৰ দৰে আন চাইকেল চলাই জুতি নাপাওঁ৷ আমাৰ বুঢ়া হাৰকিউলিছ চাইকেলখনক লৈ দুই-এজন লগৰীয়াই মন্তব্য কৰিছিল — সেইখন এখন গাধা চাইকেল, কেৱল বোজা কঢ়িওৱা চাইকেল বুলি৷ সেই কথাই মোৰ বুকুত খুন্দা মাৰি ধৰিছিল৷ মনতে ভাবিছিলো — হওক বুঢ়া হাৰকিউলিছ চাইকেল, তথাপি সেইখন মোৰ আপোন চাইকেল৷ উত্তৰাধিকাৰ সূত্ৰে পিতাইৰ পৰা পোৱা হাৰকিউলিছ চাইকেল৷ আজিৰ যুগত এখন বাইক বা এখন গাড়ী কিনাটো এজন ব্যক্তিৰ বাবে যিমান আনন্দৰ কথা, যিমান গৌৰৱৰ কথা, যিমান আভিজাত্যৰ কথা, সেই সময়ত আমাৰ বাবে এখন ৰেলী বা হাম্বাৰ চাইকেল কিনিব পৰাটোও একে আনন্দ, গৌৰৱ আৰু আভিজাত্যৰ কথা আছিল৷

১৯৭৭ চনৰ কথা৷ আমি গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰিছো৷ মোৰ লগতে গাঁৱৰে আৰু ভালেকেইজন ল’ৰা-ছোৱালী৷ আৰ্থিক অনাটনৰ বাবে আৰু অজ্ঞতাৰ বাবে ছোৱালী কেইজনীৰ পঢ়া সিমানতে ইতি পৰিছিল৷ আমাৰ গাঁৱৰ ওচৰতে এখন নতুনকৈ প্ৰতিষ্ঠা কৰা মধ্য ইংৰাজী বিদ্যালয় আছিল৷ আমি সেইখন বিদ্যালয়ত নাম নলগাই ৬ কিঃমিঃ দূৰৈৰ চহৰৰ লগত হাইস্কুল থকা এখন মধ্য ইংৰাজী বিদ্যালয়তহে নাম লগাবলৈ মন মেলিলোঁ৷ এইক্ষেত্ৰত দুটা কাৰকে কাম কৰিছিল৷ সেই সময়ত আমি কোনো টাউন-চহৰলৈ গৈ পোৱা নাছিলোঁ৷ গতিকে চহৰৰ বিদ্যালয়ত পঢ়াৰ সুবিধা পাইছো যেতিয়া তাক এৰিম কিয়? আনটো কাৰক আছিল — দূৰৈৰ স্কুললৈ পঢ়িবলৈ যাম যেতিয়া, নিশ্চয় ঘৰৰ পৰা এখন নতুন চাইকেল কিনি দিব৷ এই আশা৷ কিন্তু এই আশা মোৰ পূৰণ নহ’ল৷ কাৰণ ঘৰৰ মানুহে লগৰ ল’ৰাবোৰক এৰি চাইকেল লৈ মোক স্কুললৈ যাব নিদিয়ে৷ মোৰো সত নগ’ল গাঁৱৰ লগৰ কেইজনক এৰি যাবলৈ৷ ইফালে, আমাৰ গাঁৱৰ পৰা আৰু তিনি কিঃমিঃমান দূৰৈৰ আৰু কেইজনমান ল’ৰা আমাৰ স্কুলখনতে নাম লগাইছিল৷ সিহঁতে আৰম্ভণিৰে পৰাই নতুন নতুন ৰেলী আৰু হাম্বাৰ চাইকেল লৈ স্কুললৈ আহিছিল৷ সিহঁতে যেতিয়া আমাৰ কাষেৰে নতুন চাইকেল চলাই পাৰ হৈ গৈছিল, মোৰ মনটো কেনেবা কেনেবা লাগিছিল৷ আমি সিহঁতৰ চাইকেল কেইখন চুই চাব খুজিলে বা অলপ সময়ৰ বাবে চলাই চাব খুজিলে নিজে চাইকেল কিনিব নোৱাৰাৰ বাবে সিহঁতে আমাক নানা ঠাট্টা-মস্কৰা কৰিছিল৷ সেই সময়ত এক অনামী বেদনাৰে মোৰ অন্তৰখন সিক্ত হৈ উঠিছিল৷ অৱশ্যে সিহঁতে যে আমাক একেবাৰে চলাব দিয়া নাছিল তেনে নহয়৷ কেতিয়াবা কেতিয়াবা অলপ সময়ৰ বাবে চলাই চাবলৈ দিছিল৷

ইতিমধ্যে আমাৰ গাঁৱৰ দুজনমান ল’ৰাই ঘৰুৱা দুৰৱস্থাৰ বাবে স্কুল এৰিছিল৷ আনহাতে সপ্তম শ্ৰেণীত থাকোঁতেই লগৰ এজনে এখন ৰেলী চাইকেল কিনিছিল৷ শেষত থাকিলোগৈ মই আৰু আমাৰ খুড়াৰ ল’ৰাজন৷ ‌ সপ্তম শ্ৰেণীৰ বছৰটোও আমি খালী ভৰিৰে হাফপেণ্ট পিন্ধি ৬ কিঃমিঃ ৰাস্তা খোজকাঢ়ি স্কুললৈ অহাযোৱা কৰি থাকিলোঁ৷ অষ্টম শ্ৰেণীলৈ প্ৰমোশ্বন পোৱাৰ সময়তে খুড়াৰ ল’ৰাজন পঢ়ো-নপঢ়োঁ কৰি থাকিল৷ ককাইদেৱে ক’লে যে, তাক অকলে এৰি মই চাইকেল লৈ স্কুললৈ যাব নালাগে৷ আকৌ এবাৰ মোৰ চাইকেল পোৱাৰ সপোন বিফল হোৱাৰ পথত৷ মনটো আকৌ বেয়া লাগি গ’ল৷ মনে মনে মই খুড়াৰ ল’ৰাজনে স্কুল এৰাটোকে কামনা কৰিলোঁ৷ শেষত সেইটোৱেই হ’ল৷ সি স্কুল এৰিলে৷ কথাটো ভাবি আজি মোৰ অনুশোচনা হয় যে, এখন চাইকেল পোৱাৰ তাড়নাত মই কিমান স্বাৰ্থপৰ হৈ পৰিছিলো৷ ককাইদেৱে মোক নতুন চাইকেল এখন কিনি দিব নোখোজাৰ আন এটা কাৰণো আছিল৷ কাৰণটো হ’ল — নতুন চাইকেল এখন পালে মই পুৰণি বুঢ়া চাইকেলখন অনাদৰ কৰো বুলি৷ অৱশ্যে ককাইদেউৰ এই আশংকা আংশিক পৰিমাণে সত্যত পৰিণত হৈছিল৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ওপৰত মই গাঁৱৰ যিসকল ল’ৰা-ছোৱালীয়ে আৰ্থিক অনাটনৰ বাবে স্কুল এৰাৰ কথা উল্লেখ কৰিছো, তেওঁলোক প্ৰত্যেকেই পঢ়া-শুনাত একো একোজন চোকা ল’ৰা-ছোৱালী আছিল৷ সেই সময়ৰ প্ৰাথমিক বিদ্যালয়ৰ চাৰসকলে দিয়া একনিষ্ঠ শিক্ষাৰে শিক্ষিত আছিল তেওঁলোক৷ আমাৰ বাইদেউহঁতেও ঘৰুৱা অনাটনৰ বাবেই প্ৰাথমিক বিদ্যালয়তে শিক্ষা সাং কৰিছিল৷ মই প্ৰাথমিক বিদ্যালয়ত থাকোতে চুটি নিয়মৰ হৰণ অংক কৰিব নোৱাৰি যেতিয়া কান্দিছিলো তেতিয়া আমাৰ দ্বিতীয়জনী বাইদেৱে মোক নিৰহ-নিপানীকৈ সেইবোৰ অংক বুজাই দিছিল৷ বিদ্যালয় এৰাৰ পিছত সেইসকল ল’ৰা-ছোৱালীয়ে এসাঁজ ভাত, পিন্ধিবলৈ এসাঁজ কাপোৰৰ বাবে কি যে হাড়ভঙা পৰিশ্ৰম কৰা নাছিল৷ কিছুমান ল’ৰাই পঢ়া এৰি মহাজনৰ ঘৰত গৰখীয়া, হালোৱা হিচাপে জীৱন কটাইছিল৷ এক অসহনীয় জীৱন৷ কলিতে মৰহি গৈছিল একো একোটা সম্ভাৱনাময় জীৱন৷ মোৰ বাবে সৌভাগ্যৰ কথা আছিল যে, মই সদায় শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উত্তীৰ্ণ হৈছিলো৷ শ্ৰেণীটোৰ বিভিন্ন গাঁৱৰ দুশ ডেৰশ ছাত্ৰ-ছাত্ৰীৰ মাজত মই ভিতৰুৱা গাঁৱৰ ল’ৰাই প্ৰথম বা দ্বিতীয় হৈছিলোঁ৷ এই কথাই মোৰ কৃষিজীৱী ঘৰখনকো গৌৰাৱান্বিত কৰা বুলি মোৰ অনুভৱ হৈছিল৷ সেয়ে আৰ্থিক অনাটন সত্ত্বেও মোক পঢ়োৱাৰ পৰা এৰোৱাৰ কথা চিন্তা কৰা নাছিল৷ আজি প্ৰতিখন বিদ্যালয়ৰ ঘৰ পকী হ’ল, বিনামূলীয়া পাঠ্যপুথি হ’ল, মধ্যাহ্ন ভোজনৰ ব্যৱস্থা হ’ল, কিন্তু নিস্বাৰ্থভাৱে শিক্ষা দিয়া শিক্ষকৰ অভাৱ হ’ল৷ গাঁৱৰ পূৰ্বৰ শান্তিময় নিৰিবিলি পৰিৱেশ নোহোৱা হ’ল, নোহোৱা হ’ল গাৱঁৰ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ মতি-গতি৷

মোৰ এই জাৱৰুৱা জীৱনটোত দুটা দিনেই আটাইতকৈ স্মৰণীয় আৰু আনন্দৰ দিন৷ এটা হ’ল এখন ৰেলী চাইকেল কিনাৰ দিনটো আৰু আনটো হ’ল বি এচ চি ফাইনেল পৰীক্ষাত ফেল বুলি ঘোষণা কৰাৰ পিছত দুই-তিনিমাহ যুঁজ-বাগৰ কৰাৰ অন্তত গুৱাহাটী বিশ্ববিদ্যালয়ে মোক পুনৰ উত্তীৰ্ণ বুলি ঘোষণা কৰা দিনটো৷ সেয়া এক বেলেগ অধ্যায়৷ অষ্টম শ্ৰেণীত উঠিলে মোক এখন ৰেলী চাইকেল কিনি দিব – এই ভাবনাৰে আয়ে এটা মতা গাহৰি পুহিছিল৷ গাহৰিটো শ্বিলঙৰ এজন খাচিয়া বেপাৰীক সাত শ টকাত বিক্ৰী কৰা হৈছিল৷ তাতে আৰু চৈধ্য টকা যোগ কৰি চহৰৰ দাস চাইকেল ষ্টোৰ্চৰ পৰা সাতশ চৈধ্য টকাত মোৰ বাবে ক’লা ৰঙৰ ৰেলী চাইকেল এখন কিনি অনা হৈছিল৷ দিনটো আছিল ১৯৮১ চনৰ ২০ জানুৱাৰী৷ দীৰ্ঘদিন ধৰি কঢ়িয়াই লৈ ফুৰা এটা সপোন, এটা তেনেই সাধাৰণ সপোন, অথচ মোৰ কৈশোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সপোনৰ সফল পৰিসমাপ্তি ঘটিছিল৷ সেই দিনটোত মই মনত যি আনন্দ, যি প্ৰশান্তি লাভ কৰিছিলো, পিছৰ জীৱনত এখন নতুন ভেচপা, এখন নতুন বাইক কিনাৰ সময়তো তেনে আনন্দ লাভ কৰা নাছিলোঁ৷ আনকি চাকৰিৰ মহঙা দিনত চাকৰি এটা লাভ কৰাৰ সময়তো মই তেনে আনন্দ লাভ কৰা নাছিলোঁ৷ তাৰ পিছত স্কুলীয়া জীৱনৰ বাকী তিনিটা বছৰ, কলেজৰ পাঁচটা বছৰ আৰু চাকৰি জীৱনৰ ১৯টা বছৰ মোৰ ২১.৫৬৭ নম্বৰৰ ৰেলী চাইকেলখনেৰে পাৰ কৰিছোঁ৷ প্ৰতিটো মুহূৰ্তত চাইকেলখনে মোক সংগ দি আহিছে৷ মোৰ জীৱনৰ প্ৰতিটো ঘটনাৰ সাক্ষী মোৰ ৰেলী চাইকেলখন৷ কলেজীয়া জীৱনত চাইকেলখনত উঠিয়েই লগৰীয়াবোৰৰ সৈতে ৰাসমেলা চোৱা, ভাওনা চোৱা, থিয়েটাৰ চোৱা, নাটক চোৱা কামবোৰ কৰিছিলোঁ৷ আজিও মই সযতনে ৰাখিছো মোৰ ৰেলী চাইকেলখন৷ টায়াৰ, ৰিং সলনি কৰাৰ বাদে চাইকেলখনৰ মূল বস্তুৰ কোনো পৰিৱৰ্তন এতিয়াও কৰা নাই৷ সেই ফুল চেইন কভাৰ, সেই কেৰিয়াৰ বৰ্তমানেও একে আছে৷ যিমানবোৰ চাইকেলৰ মাজতে নাথাকক কিয়, মই মোৰ ৰেলী চাইকেলখন চিনি পামেই৷ আন্ধাৰতো খেপিয়াই, স্পৰ্শ কৰি মই মোৰ ৰেলী চাইকেলখন চিনি উলিয়াব পাৰো৷ চাইকেল লৈ থকা এজাক মানুহৰ মাজত মই মোৰ ৰেলী চাইকেলখন থিয় কৰাই আজিও এক অনামী আনন্দ লাভ কৰোঁ, গৌৰৱ অনুভৱ কৰোঁ৷ কাৰণ মোৰ দৰে বেগী ৰেলী চাইকেল এখন কাৰো নাই৷ ৰেলী চাইকেল চলাই জুতি পোৱা বহুতে আকৌ মোৰ ৰেলী চাইকেলখন বিক্ৰী কৰিম নেকি সোধে৷ দামো দিব খোজে ডেৰ হাজাৰ দুহেজাৰ টকা৷

কিন্তু যুগৰ পৰিৱৰ্তন হ’ল৷ দুখীয়া শ্ৰেণীৰ মানুহৰ বাবেহে চাইকেল – এনে ধাৰণাই মানুহৰ মনত ঠাই পোৱা পৰিলক্ষিত হৈছে৷ অলপ টকা-পইচা থকা মানুহে চাইকেল চলাই যোৱা দেখিলে মানুহে হেয় চকুৰে চায়৷ বিয়াই-সবাহে, সভাই-সমিতিয়ে চাইকেল চলাই যোৱাজনৰ স্থান সদায় পিছত৷ বহুতে ভাৱে চাইকেল চলাই যোৱাজন এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক৷ স্কুললৈ যোৱাৰ সময়ত মোৰ চাইকেলৰ হেণ্ডেলত সদায় থাকে এটা মোনা, য’ত থাকে
এটা পানীৰ বটল, দুখন দৈনিক কাকত, এখন গামোচা আৰু এটা ছাতি৷ এই ৰূপত দেখি বহুতে ভাৱে মই এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কিম্বা ভেঞ্চাৰ স্কুলৰ শিক্ষক৷ যেন এই ৰূপটো তেওঁলোকৰহে প্ৰাপ্য৷ বহুতে আকৌ ইমান টকা দৰমহা পোৱাৰ পিছতো বাইক এখন নিকিনাৰ বাবে মৃদু ককৰ্থনা কৰিছিল কৃপন বুলি৷ বাইক লোৱাৰ পিছতো স্কুললৈ চাইকেল চলাই যোৱাৰ বাবে বহুতে মোক ঠাট্টা কৰি কৈছিল – ‘তোৰ বাইকখন ঘৰৰ ভিতৰত আঠুৱা তৰি সুমুৱাই থৈ দিবি৷’ মই সকলো কথা হজম কৰোঁ৷ এইক্ষেত্ৰত মোৰ ক’বলগীয়া একো নাই৷ কাকতে পত্ৰই মাজে মাজে পঢ়িবলৈ পাওঁ বিদেশত হেনো পেট্ৰলৰ মহঙা দিনত আৰু প্ৰদূষণ প্ৰতিৰোধৰ বাবে চাইকেল বেচ জনপ্ৰিয় হৈছে৷ দিনে দিনে বাঢ়ি গৈছে চাইকেল চলোৱা মানুহৰ সংখ্যা৷ চাইকেল এখন চলোৱাৰ সুবিধা বহুত৷ ৰ’দে-বৰষুণে ইয়াক চলাব পাৰি৷ লগত মাথোঁ ছাতি এটা হ’লেই হ’ল৷ ইয়াক চলাবলৈ যিকোনো এটা ৰাস্তা হ’লেই হ’ল৷ ৰাস্তাত দ’ পানী পালেও কোনো সমস্যা নাই৷ সাউৎকৰে কান্ধত তুলি ল’লেই হ’ল৷ টকা খৰচ কৰি ইন্ধন ভৰোৱাৰো কোনো প্ৰয়োজন নাই৷ চাইকেল চলালে কিছু পৰিমাণে শাৰীৰিক পৰিশ্ৰমো কৰা হয়৷ বহুমূত্ৰ ৰোগীৰ বাবে ই উপকাৰী৷ কিন্তু আমাৰ ইয়াত এইবোৰ কথা ক’ব নোৱাৰি৷ এইবোৰ কথা ক’লেই হ’ব লাগিব বুৰ্বক, কৃপন আৰু আউটডেটেড৷ সেয়ে মই চাইকেল চলাওঁ বাবেই আজি মই কৃপন, বুৰ্বক আৰু আউটডেটেড৷ কিন্তু মই এইবোৰ কথা নকৰো পৰোৱাই, ৰ’দ নাই, বৰষুণ নাই, মোৰ ৰেলী চাইকেল চলি যায়৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বাবু
1 year ago

বহুুত ভাল লাগিল আপোনাৰ লিখনি খনি,তাৰে মোৰ দুটা কথা মনত পৰি গল ,যেতিয়া মই পঢ়ি আছিলো তেতিয়া চাইকেল বুলিবলৈ মোৰ নাছিল,খালি ভৰিৰে নীলা হাফপেণ্ট পিন্ধি নৱম মান শ্ৰণীলৈ গৈছিলে,সচাঁই সেই দিনবোৰ সোণালী দিন আছিল..আজিকালি নাই সেই দিনবোৰ….

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক