চাইড এফেক্ট ( পিনাক পি)

ৰাজুৰ ৰুমমেট অসীমে ৰাজু বাথৰুমত আছে বুলি কোৱাৰ বাবে মই বেলকনিতে বহি অপেক্ষা কৰিলো সি ওলাই অহালৈ৷ অসীমে ভিতৰতে বহিবলৈ দুবাৰমান অনুৰোধ কৰিছিল যদিও মই বাহিৰত বহাটোকে উচিত বুলি ভাবিলো৷ প্ৰথমবাৰ লগ পোৱা অসীমৰ লগত চিনাকি হৈ ফৰ্মেল কথা পতাৰ ইচ্ছা সেই সময়ত সমূলি নাছিল৷ অন্যহাতে ৰাজু মোৰ অন্তৰ্ংগ বন্ধুবোৰৰ মাজত এজন, কিবা বিপদ আপদ হ’লে প্ৰথমে মনত পৰা ধৰণৰ বন্ধু৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একেটা হোষ্টেলতে চাৰিটা বছৰ কটোৱাৰ পাছত এতিয়া দুয়ো ব্যস্ত মহানগৰীত চাকৰি এটাৰ সন্ধানত৷ হোষ্টেল এৰি ঘৰলৈ অহাৰ পাছত যোৱা ডেৰ বছৰে অকলশৰে চাকৰিৰ সন্ধান কৰি আমনি লগাত ৰাজুকো মাতি পঠালো মহানগৰীলৈ৷ শিবসাগৰৰ কোনো ভিতৰুৱা গাঁৱত গৈ সোমাই থাকি বিৰক্ত হৈ পৰা ৰাজুৱেও একে কোবেই মান্তি হ’ল আৰু আজি দুই মাহমান পূৰ্বে সি টালি টোপোলা লৈ মই আগতিয়াকৈ থিক কৰি থোৱা ঘৰটোত থাকিবলৈ ললেহি৷ হাইৱেৰ কাষতে থকা এচাৰ অইলৰ পেট্ৰল পাম্পটোৰ সন্মূখৰ ঘৰটো বেলতলাত অবস্থিত মোৰ ঘৰৰ পৰা তিনি কিল’মিটাৰমান নিলগত৷ মই ওচৰতে থাকিলে তাৰ সুবিধা হ’ব বুলি ভাবিয়ে ঘৰটো থিক কৰিছিলো যদিও ভাড়াটো সি ভবাতকৈ অলপ অধিক হোৱা বাবেহে সৰুকৈ সমস্যা এটাৰ সৃষ্টি হৈছিল৷ সেই সমস্যাৰ সমাধানৰ খাতিৰতে লখৰাত অকলে ঘৰ ভাড়া কৰি থকা অসীমক ৰাজুয়ে মাতিলে তাৰ লগত থাকিবলৈ৷ এক সপ্তাহ মান পূৰ্বে ঘৰ সলনি কৰি ৰাজুৰ লগত থাকিবলৈ অহা অসীমৰ লগত এয়ে মোৰ প্ৰথম সাক্ষাৎ, তাৰ ঘৰ ৰাজুহঁতৰ ঘৰৰ ওচৰতে বুলি জনাৰ বাদে মই তাৰ বিষয়ে অন্য একো নাজানো৷ সি কি কৰে বুলি সুধোতেও ৰাজুয়ে এনেই কিবা কিবি কৰি চলি আছে বুলি কৈ থলে আৰু পছত ময়ো বিশেষ জনাৰ ইচ্ছা নকৰিলো৷
বাকী কেইদিনমান বিৰতিৰ পাছত কাইলৈৰ পৰা পূনৰ আৰম্ভ কৰিম ৰাজু আৰু মোৰ চাকৰি সন্ধানৰ যাত্ৰা৷ পুৰ্বেটো সপ্তাহটোত দুই তিনিটা ইণ্টাৰভিউত চেহেৰাটো দেখাই আহোয়েই নিজৰ৷ প্ৰ্থমে প্ৰথমে প্ৰত্যাখিত হৈ লাজ লাগিছিল, আজিকালি পিছে সেই ভাব আৰু নাই৷ পাম নে নাপাও চিন্তা নকৰাকৈ বিন্দাস যাও৷
পিছে বিৰক্ত লাগে একে ধৰণৰ প্ৰশ্নবোৰ শুনি শুনিহে, পাঁচ বছৰ পিছত তুমি নিজকে ক’ত দেখা পোৱা? হেৰ’ কাইলৈৰ কথা নাজানো পাঁচ বছৰৰ কথা সুধিব’ আহ বুলি মনতে ভাব হয় যদিও উত্তৰ দিও সম্পূৰ্ণ বিপৰীত সুৰত৷ দ্বিতীয় প্ৰশ্ন আহিব তুমি আমাৰ কম্পেনীতে কিয় জইন কৰিব বিচাৰিছা? মনৰ উত্তৰ – ‘চাকৰি নাই বাবে৷ কোম্পানী বাচ-বিচাৰ কৰি চাকৰি ল’ব পৰা ক্ষমতা থকা হ’লেটো কথাই নাছিল৷ ’ নিজকে বাধা দি ৰাখো যদিও কেতিয়াবা অতিষ্ঠ হৈ কৈয়ে দিম চাগে তেনেকৈ৷
ভয়ো লাগে মাজে মাজে, যেতিয়া মনে প্ৰ্শ্ন কৰে, এনেদৰে আৰু কিমান দিন? কিমান দিন আৰু নিবনুৱাৰ ভিৰত সোমাই দৌৰি থাকিম এটা অফিচৰ পৰা আনটো অফিচলৈ৷ বেছি ভয় লাগে তেতিয়া যেতিয়া আমাতকৈ দহ বাৰ বছৰ পূৰ্বে ডিগ্ৰী লোৱা মানুহবোৰকো দেখা পাও সেই ভিৰৰ মাজত…
ৰাজুহঁতৰ বেলকনিত বহি একেবোৰ চিন্তাকে পাগুলি থাকোতেই চকুৰ সন্মূখত ঘটি থকা ঘটনা এটাই মোক আকৰ্ষিত কৰিলে৷ আজি এক সপ্তাহমান পূৰ্বে মহানগৰ ট্ৰেফিক পুলিচে চহৰৰ পেট্ৰল পাম্প সমূহক কঠোৰ নিৰ্দেশ দিছে যে হেলমেট নিপিন্ধা আৰোহীক পেট্ৰল দিব নালাগে৷ যদি কোনো পেট্ৰল পাম্পে সেই নিয়ম উলংঘা কৰি ধৰা পৰে তেন্তে অৰ্নিদিষ্ট কাললৈ বাতিল হ’ব সেই পেট্ৰল পাম্পৰ অনুজ্ঞাপত্ৰ৷ গতিকে কথা মতেই কাম, আজি এক সপ্তাহমানৰ পৰা মহানগৰীত হেলমেট নাই মানে তেলো পোৱা নাযায়৷ ভগা চিঙা চুজুকী চামুৰাই বাইক এখন আছে বাবে সেই কথা মই আগৰ পৰাই জানিছিলো, আজি অবশ্যে সেই সম্পৰ্কীয় অন্য এটা কথাইহে মোৰ চকু কপালত তুলিলে৷
ৰঙা পালচাৰ এখন লৈ পাম্পটোলৈ সোমাই যোৱা ল’ৰাজনৰ মূৰতো নাছিল হেলমেট, গতিকে বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো পাম্পৰ কৰ্মচাৰীজনে তেঁওৰ দিশত নানিলে পেট্ৰল ভৰোৱা পাইপদাল,
“নোৱাৰো বুলি কলো নহয় তেল দিব, দেখা নাই সৌটো কেমেৰা লাগি আছে৷ ”-চি চি কেমেৰাটোৰ দিশত আঙুলিয়াই ৰঙা পোছাক পিন্ধা কৰ্মচাৰীজনে কলে, “কৰবাৰ পৰা লৈ আনাগৈ হেলমেট এটা৷ ”
মূৰটো দুবাৰমান খজুৱাই ল’ৰাজনে ষ্টাৰ্ট নকৰাকৈয়ে বাইকখন বাহিৰ কৰি আনিলে পাম্পটোৰ পৰা৷ হয়তো পৰবৰ্তি পেট্ৰল পাম্প গৈ পাবলৈও পৰ্য্যাপ্ত তেল নাছিল বাইকত৷ পেট্ৰল পাম্পটোৰ বাহিৰত ৰৈ কি কৰো কি নকৰো ভাবি থাকোতেই এটা সৰু ল’ৰা কাষ চাপি আহিল,
“দহ টকা, দহ টকা৷ ”-হাতত থকা হেলমেটটো দাঙি ল’ৰাটোৱে কলে৷
“দে৷ ”-বুলি দহ টকা এটা দি ডেকা ল’ৰাজনে হেলমেটটো পিন্ধি পূনৰ সোমাই গ’ল পেট্ৰল পাম্পৰ ভিতৰলৈ৷ পাম্পটোত প্ৰবেশ কৰা অন্য বাটটোৰ কাষত আৰু এটা সৰু ল’ৰা ৰখি আছিল হাতত দুটাকৈ হেলমেট লৈ৷ তাৰ দায়িত্ব আছিল সেই দিশৰ পৰা অহা সকলক হেলমেট ভাড়াত দিয়া আৰু বিপৰীত দিশৰ পৰা অহাসকলৰ হেলমেট সংগ্ৰহ কৰা৷ মই বেলকনিত বহি থাকোতেই পাঁচটা হেলমেট ভাড়া দি ওভতাইও ললে ল’ৰা কেইটাই, মানে প্ৰায় পোন্ধৰ মিনিটত পঞ্চাছ টকা উপাৰ্জন হৈ গল দুয়োটাৰে৷ এইটো হাৰত গলে দিনটোত অতি কমেও এক হাজাৰমান উপাৰ্জন হোৱাটো খাটাং৷
“কি চাই আছ ইমান মন দি? ”-বেলকনিৰ ৰচীদালত টাৱেলখন মেলি ৰাজুয়ে মোক সুধিলেহি পাছফালৰ পৰা৷
“সৈকেইটাৰ কাণ্ড চাছোন৷ কি কি যে বুদ্ধি বিচাৰি ওলিয়াই আৰু মানুহবোৰে টকা ঘটাৰ৷ ”-মই সন্মূখৰ ফালে আঙুলি টোৱাই কৈ গলো, “ বাইক চলাই অহা মানুহবোৰো কম নহয়, কিবা এটা ভাল হওক বুলি নিয়ম এটা বনাইছে তাকো পালন কৰিব নিবিচাৰে৷ ৰাইজ এনেকুৱা হ’লে প্ৰশাসনক দোষ দি কি লাভ৷ ”
“পিছে আইডিয়াটো বেয়া নহয়৷ ”-ৰাজুয়ে কাষতে বহি হাঁহি হাঁহি কলে৷
“সেইটো মানিছো, পিছে এইবোৰ অনৈতিক কামত নিজৰ মগজটো লগোৱাটকৈ কিবা ভাল কামত লগালেনো কি লোকচান হয়? ”-মই সুধিলো৷
“লোকচান নাই, পিছে লাভোটো নাই৷ ”-পাছফালৰ পৰা অসীমে হাতত চাহৰ কাপ তিনিটা আনি থাকি কৈ গ’ল, “টকা ঘটিব পৰাকৈ নৈতিক কাম উপলব্ধ নাই বাবেইটো মানুহে এনে কাম কৰিবলৈ বাধ্য হৈছে৷ বুজিছা? ”-মোৰ ফালে চাই অসীমে সুধিলে৷ মই লাহেকৈ মোৰ দুপিয়ালো, কাষতে বহি অসীমে পূনৰ কৈ গল,
“এইবোৰ সমস্যা নহয় বুজিছা, চাইড এফেক্টহে৷ চাইড এফেক্ট অৱ’ দ’ জাইগাণ্টিক পপোলশ্বন দেট উই হেভ৷ যেতিয়ালৈকে দেশ এখনত খোৱা বস্তুতকৈ খোৱা মানুহ বেছি হৈ থাকিব তেতি্যালৈ ঠগি খোৱা মানুহ ওলাইয়ে থাকিব৷ কিমানক বাধা দিব চৰকাৰে? কিমানক জেলত ভৰাব পুলিচে? ভাল কাম কৰি উপাৰ্জন কৰিবলৈ ৰখি থাকি লঘুণে কোন মৰিব বিচাৰিব’? ”
“ মই পিছে অলপ বেলেগ ধৰণৰেহে ভাবো কথাটো৷ ”-অসীমৰ যুক্তিত সম্পূৰ্ণৰুপে মান্তি নহৈ মই কৈ গলো, “জনসংখ্যা বেছি হলেও ইমান এটা সমস্যা নহয় যদি অৰ্থনৈতিক এটা ভাৰসাম্যতা থাকে দেশখনৰ নাগৰিক মাজত৷ কাৰণ তুমি যদি জনসংখ্যাৰ ঘনত্বৰ দিশৰ পৰা চোৱা তেন্তে ভাৰত বহুত পিছত, ভাৰততকৈ বহুত বেছি জনসংখ্যা ঘনত্ব থকা দেশো আছে যি দুৰ্নীতিৰ তালিকাত কিন্তুু ভাৰততকৈ বহুত তলত৷ ”
“ তেন্তে সমস্যাটো ক’ত বুলি ভাবা তুমি? ”
“ টকা পইচাৰ সমান বিতৰণ নাই ন’৷ ধনীবোৰ বহুত বেছি ধনী আৰু দুখীয়াবোৰ বহুতেই বেছি দুখীয়া৷ দেশখনৰ আধা সম্পদ কিযানি আম্বানি, বিৰলা আদি মানুহকেইটাৰ মাজতেই ভাগ হৈ পৰি আছে৷ ”
“থিক, থিক৷ এশ শতাংশই সঁচা কথা৷ পিছে সমস্যা যিয়েই নহওক সমাধান নোহোৱালৈকে চাইড এফেক্টবোৰটো থাকিবই চলি৷ নৈতিকতাইটো আৰু পেট নভৰাই, নে কি কোৱা? ”-বুলি সুধি অসীম উঠি গল চাহ কাপ হাতত লৈ৷ বেলকনিৰ ৰেলিংদালতে চাহৰ কাপটো থৈ ৰাষ্টাত হেলেমেটৰ ব্যবসায় চলাই থকা ল’ৰা কেইটাৰ ফালে চাই সি চিঞৰিলে,
“অই, আহ আহ৷ হ’ব আজিলৈ৷ ”-বুলি কোৱাৰ লগে লগেই ল’ৰাকেইটাই দৌৰি পাৰ কৰিলে ৰাষ্টাটো আৰু পলকতে আমাৰ সন্মূখত আহি ঠিয় হ’লহি৷
“হেলমেট কেইটা থ’ তাতে৷ ”-বুলি কৈ অসীমে বেলকনিৰ এটা চুকত থকা টেবুলখন আঙুলিয়াই দেখুৱালে৷
ল’ৰা কেইটাই হেলমেট কেইটা থৈ জেপৰ পৰা দহ টকা, বিশ টকাৰ জাপ বোৰ ওলিয়াই অসীমৰ হাতত দিলে৷ অসীমে চাহৰ কাপটো এৰি লগে লগে হিচাব কৰাত লাগিল৷
“কিমান উঠিল আজি? ”-ৰাজুয়ে সুধিলে অলপ পৰ পিছত৷ কাষতে মই ‘হে ভগবান’-ধৰণৰ মনৰ ভাব এটা লৈ চাই থাকিলো অসীমৰ কাণ্ড-কাৰাখানা৷
“আঠশ ত্ৰিশ টকা৷ ”-বুলৈ কৈ অসীমে এশ টকা ল’ৰা কেইটাৰ হাতত দি ক’লে, “ভগাই লবি আৰু ৰাতিপুৱা আহি যাবি সোণকালে৷ ”
অসীমে ল’ৰা কেইটাক বিদায় দি আমাৰ কাষলৈ অহালৈকে মই তাৰ ফালে একে থৰে চাই আছিলো৷
“কি চাই আছা? ”-সি সুধিলে, “চাকৰি বিচাৰি বিচাৰি আমনি লাগিলে কবা, টকা ঘটাৰ এনেকুৱা উপায় ধেৰ আছে মোৰ লগত৷ ”
মই কি কম ভাবি নাপালো৷ মনতে সোণকালে চাকৰি এটা দিয়া আৰু বুলি ভগৱানকে মনত পেলালো নীৰব হৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments