চাইবাৰ মায়াজাল (দীপাঙ্ক বৰা)

চাইবাৰ মায়াজাল

দুদিন ধৰি সোমাই থকা মজলীয়া ধৰণৰ হোটেল খনৰ দুজনীয়া কোঠাটোৰ চিলিঙ ফেনখনৰ পাঙ্খাত শাৰীখনৰ এটা মুৰ যেনে তেনে বান্ধি আনটো মুৰেদি ডিঙিত গাঁঠি এটা দি বিচনাখনত বহি স্বপ্নালী কান্দোনত ভাঙি পৰিল। আৰু মাথো কেইটামান মুহুৰ্ত্ত। তাৰ পাছত নাথাকিব একো সুখ-দুখ, পোৱা-নোপোৱা, ভুল-শুদ্ধৰ হিচাপ-নিকাচ । শেষ কৰি পেলাব তাই সকলো । ৰঙীন জীৱনৰ মৰীচিকা খেদি ফুৰা স্বপ্নালীৰ সপোনবোৰ আজি বিধ্বস্ত। মৰমৰ দেউতাকৰ সপোন আছিল কাৰণে তাইৰ নাম স্বপ্নালী ৰাখিছিল। কিমাননো বয়স হৈছিল তাইৰ তেতিয়া ? যেতিয়া স্বপ্নালীয়ে মাক-বাপেকৰ বাধা নেমানি ফেচবুক আৰু মবাইলৰ যোগেদি নিজেই সপোন ৰচিবলৈ আৰম্ভ কৰিছিল। খুউব বেছি ওঠৰ ..। প্ৰলোভিত হৈছিল নে প্ৰতাৰিত ! প্ৰেম হৈছিল নে অপ্ৰেম ! মেট্ৰিক পৰীক্ষা ভাল হওঁতে পোৱা কম্পিউটাৰটোত দেউতাকক কুটুৰি কুটুৰি পঢ়াত সহায় হ’ব বুলি সংযোগ কৰি লোৱা ইন্টাৰনেটৰ যোগেদি খোজ দিছিল তাই চাইবাৰ জগতৰ সেই অদৃশ্য মায়াজাল খনত। নিজকে মকৰাজনী বুলি ভাবি থাকোতেই তাইক জালখনে সংগোপনে বান্ধি পেলাইছিল। দিনবোৰ বৰ সুন্দৰ হৈ পৰিছিল। ফেছবুকৰ কমেন্ট,লাইক আৰু টেগ্, ম’বাইলৰ চুটি চুটি মেছেজ, দীঘলীয়া বাৰ্তালাপে জীৱনটো ৰঙীণ কৰি তুলিছিল। মিঠা মিঠা ভাল লগা সময়বোৰে স্বপ্নালীৰ বুকু ভৰাই পেলাইছিল। ঘৰুৱা পুৰণা চিনাকী মানুহবোৰৰ সংগ আমনি লাগিছিল। কাৰণ তেওঁলোকেতো নাজানিছিল তাইৰ প্ৰত্যেকটো কথাকেই ‘লাইক’ কৰিবলৈ, তাইক ধুনীয়া বুলি ক’বলৈ । নাইবা মাজৰাতি মবাইলত ‘মিছ ইউ…..’ বুলি মেছেজ দিবলৈ। ভাল লগা, ভাল পোৱা সময়ৰে দিনবোৰ ভৰি পৰিছিল। আস.. জীৱনটো এটা সুন্দৰ সপোন আৰু তেওঁ…আন কোনো নহয়…. স্বপ্নালীৰ সপোন ৰচা সপোনকোৱঁৰ। ঘৰৰ মানুহবোৰ পৰ যেন লগা হৈছিল। মাক-দেউতাক যেন তাইৰ সপোনৰ আলফুলীয়া আকাশ খনিৰ কলীয়া ডাৱৰ। সপোনকোৱঁৰৰ জোনাকী কাৰেঙলৈ যাব খোজা পথৰ হেঙাৰ হৈ পৰিছিল স্বপ্নালীয়ে অকণমান দুখ পালেই কান্দি পেলোৱা, পানী লগা জ্বৰ হ’লেও ৰাতি উজাগৰে কটোৱা মাকজনী। শত্ৰু যেন লগা হৈছিল সৰুতে কোঁচত লৈ নিচুকণি গীত গাই, সাধু কৈ তাইক আকাশৰ জোন তৰা দেখুওৱা দেউতাকটোক। সুধিছিল স্বপ্নালীয়ে কিয় জন্ম দিছিল তাইক যদি তাইৰ সুখবোৰ সহিব নোৱাৰে। এসময়ত অফিচলৈ যাব ওলালেও ভৰিত খামোচ মাৰি নাযাবা বুলি কোৱা দেউতাক ঘৰত নাথাকিলে স্বপ্নালীয়ে উশাহ লৈছিল…মুক্তিৰ। মাক-দেউতাক ঘৰত নথকা সময়খিনি প্ৰাণভৰি উপভোগ কৰিছিল…ফোনত নহ’লে কম্পিউটাৰত। উন্মনা যৌৱনৰ মিঠা বতৰাবোৰ বিয়পি পৰিছিল তাইৰ সুকোমল দেহাটোত। চঞ্চল হৈ পৰিছিল তাইৰ গাত লগা বতাহ জাক । পোহৰো পৰিছিল নপৰিবলগীয়া ঠাইত।
সোনকালেই ঘৰৰ অমতত গুছি গৈছিল স্বপ্নালী চাইবাৰ জগতৰ যোগেদি চিনাকী হোৱা সেই অচিনাকী সপোন কোঁৱৰৰ লগত। মিঠা মিঠা ভাল লগা ৰাতিবোৰ শেষ হওঁ নৌহওঁতেই সপোনবোৰে বিদায় মাগিছিল। খালী ঠাই পূৰাইছিল ৰুঢ় কঠিন বাস্তৱে। আৰু দামী ৰেস্তোঁৰাৰ অনুজ্জল পোহৰত দেখা সপোনবোৰে চিৰদিনৰ বাবে বিদায় লৈছিল। প্ৰেমৰ কবিতাবোৰে অশ্ৰাব্য গালি গালাজৰ ৰুপ লৈছিল। সপোনৰ ঘৰখনৰ দেৱালবোৰ ভৰি পৰিছিল দুখ আৰু হতাশাৰ ক’লা ক’লা ৰঙৰে। দিনতে এন্ধাৰ যেন লগা ঘৰটোত ইটোৱে সিটোৰ ছাঁবোৰ সহিব নোৱৰা হৈ পৰিছিল। কোলাত কান্দিছিল চাইবাৰ প্ৰেমৰ বাস্তৱ সাক্ষী এধানমাণি কেচুৱাটোৱে। যাৰ চিঞঁৰত বিৰক্ত হৈছিল স্বপ্নালীৰ এসময়ৰ সপোনকোৱঁৰ । কাৰণ তেওঁ তেতিয়াও সপোনকোৱঁৰ। কুৱঁৰী মাথো বেলেগ। দামী মবাইলটোৰ কী-পেডত আঙুলি বুলাই তেওঁ সপোন ৰচিছিল নকুৱঁৰীৰ বাবে।
আৰু শৰীৰত অপ্ৰেমৰ ক’লা ক’লা দাগ পিন্ধি লৈ স্বপ্নালীয়ে মুক্তি বিচাৰিছিল সেই ভয়ংকৰ নৰকৰ পৰা। দেউতাকৰ ওচৰলৈ ঘুৰি যাবলৈ মন গৈছিল । পৰা নাছিল লাজ, ভয় আৰু সংকোচৰ বাবে । অৱশেষত জীয়াই থকাৰ এটা অৱলম্বন বিচাৰি পুণৰ সেই অদৃশ্য মায়াবী চাইবাৰ জগত খনতেই ভৰি দিছিল। অভাৱ নাছিল শুভাকাঙ্খীৰ। আবেগেৰে আকোৱালি লৈছিল স্বপ্নালীৰ মৰম পিয়াসী অপৈণত মনটোক কোনোবা অজান শুভাকাঙ্খীয়ে । নিবিড় নিৰিবিলি ক্ষণবোৰ স্বপ্নালীৰ অগোচৰে বন্দী হৈ ৰৈছিল দামী মবাইলৰ কেমেৰাৰ লেন্সত। বিনিময়ত ভাঙিছিল তাইৰ নতুনকৈ গঢ়িব খোজা স্বপ্নৰ সৌধ। ধুনীয়া মুখা পিন্ধা কিছুমান মানুহে তাইৰ ওচৰত মুখা খুলিছিল হোটেলৰ বন্ধ কোঠাত। সিহঁতৰ সপোনৰ ঘৰটোত এধানমাণি কেচুৱাটোৱে পিয়াঁহত চিঞঁৰি চিঞঁৰি কান্দিছিল আৰ স্বপ্নালীয়ে কান্দিছিল চছিয়েল নেটওৱৰ্কিঙ চাইট আৰু মবাইলত অজস্ৰ বন্ধু থকা কিন্তু কাহানিও ওচৰ চুবুৰীয়াক মাত এষাৰ নিদিয়া চাইবাৰজালত চোপ লৈ থকা মানুহ ৰূপী কেইটামান মকৰাৰ বিষাক্ত কামোৰত। হোটেলৰ বন্ধ কোঠাৰ বিচনাত ৰস চুহি পেলাই দিয়া কুহিঁয়াৰৰ সিটাৰ দৰে পৰি ৰৈছিল স্বপ্নালীৰ দেহ…মন।
চিলিঙফেনখনত বান্ধি লোৱা শাৰী খনৰ গাঁঠিটো মজবুট হৈছে নে নাই চাই লৈ ডিঙিৰ বান্ধটো টান কৰি শেষবাৰৰ বাবে দেউতাকক মেছেজ এটা দিবলৈ তাই দুদিন ধৰি বন্ধ কৰি ৰখা মবাইলটো অন কৰিলে…তাইৰ অনুপস্থিতিত কেচুৱাজনী চাবলৈ। পুণৰ বন্দী হৈ পৰিল তাই মায়াজাল খনত।
মনত পৰিল দেউতাকে সৰুতে গোৱা… “আমাৰে মইনা শুব এ..বাৰীতে বগৰী ৰুব এ, বাৰীৰে বগৰী পকি সৰিব, আমাৰে মইনাই বুটলি খাব…..”
দেউতাকৰ একাধিক মেছেজৰে স্বপ্নালীৰ মবাইলৰ ইনবক্স ভৰ্তি । “ মাজনী ……..মাইনাজনীক লৈ ঘৰলৈ ঘুৰি আহ…নহ’লে তই ক’ত আছ ক, আমি গৈ আছো তোৰ কাৰণে….. ।” মাথো কেইটামান মুহুৰ্ত্ত….।
লৰালৰিকৈ ডিঙিৰ গাঁঠিটো খুলি ফেনত ওলমি থকা শাৰীখন নমাই গাত মেৰিয়াই লৈ ধাপলি মেলিলে স্বপ্নালীয়ে মাইনাটোৰ ওচৰলৈ। ৰিক্সাত বহি দেউতাকলৈ বুলি লিখি পঠিয়ালে…. “ দেউতা…বেগতে আহিবি…আহোঁতে (মাইনালৈ) জুনুকা আনিবি ।”
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments