চাওদাংসকলৰ ৰাতিবিহু : এটি আলোকপাত :: অৰূপ জ্যোতি বৰা

অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভিতৰত চাওদাং জনগোষ্ঠী অন্যতম। অসমৰ সোণসেৰীয়া সংস্কৃতিৰ বৰপেৰালৈ চাওদাংসকলৰ অৰিহণা অনস্বীকাৰ্য। প্রকৃতাৰ্থত পূৰ্বতে চাওদাং বুলি কোনো এটা জাতি বা সম্প্রদায় নাছিল। আহোম স্বৰ্গদেওসকলৰ দিনত যিসকল লোকক ৰাজকাৰেং, ৰজাৰ নাচনীশাল, বিভিন্ন চকী বা চাওনি(Out-posts) আদিৰ সুৰক্ষাৰ অৰ্থে নিয়োগ কৰিছিল সেইসকল লোককে ৰজাঘৰৰ ফালৰ পৰা চাওদাং বুলি কোৱা হৈছিল। বৰ্তমান আৰক্ষী বিভাগটোক চাওদাংসকলৰ কৰ্মৰ লগত ৰিজাব পাৰি। আহোমসকলক বাদ দি ৰজাঘৰীয়াসকলে পিছলৈ কছাৰী, চুতীয়া, মৰাণ, বৰাহী, নৰা আদি সম্প্রদায় লোকসকলক এই কৰ্মত নিয়োজিত কৰিছিল। সেয়ে বৰ্তমানৰ চাওদাং সম্প্রদায় এই আটাইবোৰ সম্প্রদায় মানুহৰ সংমিশ্রণত গঢ়ি উঠা বুলিও ক’ব পাৰি।
‘চাও’ শব্দৰ অৰ্থ বিষয়া বা গৰাকী আৰু দাং মানে টাঙোন, শাস্তি। অৰ্থাৎ দোষীক শাস্তি দিবৰ নিমিত্তে যিসকল লোকক নিয়োগ কৰা হৈছিল সাধাৰণ অৰ্থত সেইসকলেই হৈছে চাওদাং। আহোমসকলৰ শেষ ৰাজধানী যোৰহাট হোৱা হেতুকে নগৰৰ দক্ষিণ দিশ লিচুবাৰীৰ পৰা তিতাবৰৰ সীমা পৰ্যন্ত মুঠ একৈশখন গাঁৱত চাওদাংসকলে এতিয়াও বসবাস কৰি আছে। লোক-সংস্কৃতিৰ দিশত বিশেষভাৱে চহকী চাওদাংসকলে পাৰস্পৰিক আদান-প্রদান আৰু সমন্বয়ৰ মাজেৰে সংস্কৃতিৰ বিশিষ্ট ৰূপ দিবলৈ সমৰ্থ হৈছে।
চাওদাংসকলৰ ৰঙালি বিহু অতি আদৰৰ। চাওদাংসকলৰ ৰাতিবিহু আৰু দিনবিহু বৰ জনপ্রিয় আছিল বুলি জনা যায়। চ’ত মাহৰ দ্বিতীয় পক্ষত গাভৰুসকলে গাঁৱৰ ওচৰৰ মুকলি বাকৰিত ৰাতিবিহু পাতিছিল। ইয়াত কেৱল পেঁপা আৰু টকাহে ব্যৱহৃত হৈছিল। ৰাতিবিহু গাভৰুসকলে পতা বিহু যদিও ইয়াত নিজ গাঁৱৰ ডেকাসকলে অংশগ্রহণ নকৰিছিল। কিন্তু অন্য চিনাকি গাঁৱৰ ডেকাসকলে অংশগ্রহণ কৰিব পাৰিছিল। ৰাতিবিহুত ডেকা-গাভৰুৱে তেওঁলোকৰ মনৰ কথাবোৰ গীতৰ মাধ্যমত বা অন্য প্রকাৰে প্রকাশ কৰিবলৈ সুযোগ পাইছিল। লগতে সেই সুযোগতে তেওঁলোকৰ হিয়া-দিয়া-নিয়া হৈ ভৱিষ্যৎ জীৱনৰ লগৰী বাচি লবলৈ সুবিধা পাইছিল। ৰাতিবিহুত কোনো ব্যভিচাৰ অথবা সংযমহীনতাৰ নাম-গোন্ধ নাছিল। বিহুৰ মাধ্যমত গীত-মাতেৰে, চকুৰ ঠাঁৰেৰে বা নাচোনৰ ভঙ্গীমাৰে নিজৰ পচন্দৰজনক হিয়াৰ বতৰা দিছিল আৰু সেইসূত্রে কোনোবা কৰোবাৰ বাগদত্তা হৈছিল। এই সকলোবোৰ ডেকা-গাভৰুসকলৰ সন্মতি, বুজা-বুজিৰ মাজেৰে আগবাঢ়িছিল আৰু তেওঁলোকৰ মাক-দেউতাকৰ সন্মতি অনুযায়ী তেওঁলোকে যুগ্ম-জীৱনৰ পাতনি মেলিছিল। ৰাতিবিহুৰ এটা অতি তাৎপৰ্যপূৰ্ণ আৰু মন কৰিবলগীয়া দিশ হ’ল –একে গাঁৱৰ ডেকা-গাভৰুৱে লগ হৈ ৰাতিবিহু নাপাতে। এখন গাঁৱৰ ডেকাই অন্য এখন বা একাধিক গাঁৱৰ গাভৰু সকলৰ লগতহে বিহু মাৰিছিল। সেয়ে ৰাতিবিহুৰ ফলশ্রুতিত হোৱা প্রায়বিলাক বিয়া একেখন গাঁৱৰ ডেকা-গাভৰুৰ মাজত নহৈ ভিন্ন গাঁৱৰ ডেকা-গাভৰুৰ মাজতহে হৈছিল। লগতে আৰু এটা মনকৰিবলগীয়া দিশ হ’ল ৰাতিবিহু চ’তমাহৰ শেষৰ ফালে আৰম্ভ হোৱা হেতুকে শতকৰা নব্বৈ শতাংশৰ বিয়া ব’হাগ মাহতে হৈছিল।
সময়ৰ বিবৰ্তনৰ লগে লগে ৰাতিবিহুৰ পৰম্পৰা এতিয়া লুপ্তপ্ৰায়। সৌ-সিদিনা চাওদাং গাঁও এখনত উপস্থিত হওঁতে বহুতে এই বিহু দেখাই নাই বুলিহে জনালে। যুগৰ পৰিবৰ্তন, প্রগতি, বৰ্দ্ধিত নগৰীকৰণ ইত্যাদিবোৰে ৰাতিবিহুক হেৰুৱাই পেলালে। বৰ্তমান ভৈয়ামৰ ৰঙালি বিহু মঞ্চকেন্দ্রিক হোৱা হেতুকে বিহু উদযাপনত সীমাবদ্ধতা আহিল। তথাপিও আঞ্চলিকতাৰ কিছু ছাপ এতিয়াও আছে। খিলঞ্জীয়া চাওদাং সকলো ইয়াৰ ব্যতিক্ৰম নহয়। আজিকালি ৰঙালি বিহুৰ পূৰ্ণাংগ হুচৰি দল নাইকিয়াৰ হোৱাৰ দৰে হ’ল। বিশ্বায়নৰ যুগত এইটোক স্বাভাৱিক বুলি মানি লোৱাৰ বিকল্পও নাই যেনেই অনুভৱ হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক