চাকনৈয়া (মল্লিকা কলিতা)

ফোনটো অমলে কাটি দিলে। কাটি দিলে মানে সি যে বিৰক্তই হৈছিল বায়েকৰ কথাবোৰ শুনি শুনি। ঘৰলৈ গৈ সুমনাক এইবোৰ কথা নকোৱাৰ সিদ্ধান্ত ল’লে সি। মিচামিচি তাইও মানসিক আঘাত হে পাব। পুৰণা ঘা ডোখৰ খুচৰিবলৈ মন নাই তাৰ। চিগাৰেট এটাৰ প্ৰয়োজন অনুভৱ কৰিলে এইমুহূৰ্তত। চিগাৰেটটো জ্বলাই ল’লে। দুটামান মেইল চেক কৰিবলৈ লেপটপটো অন কৰিলে। নাই…. মন বহা নাই। মানে বহুৱাব পৰা নাই অমলে। চিগাৰেটটো দুই টান মান মাৰিয়ে দলিয়াই দিলে। ধুৰঃ… সকলোৱে কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ হে বিচাৰে!

পুখুৰীটোৰ পাৰত কণমানি কেইটামানে খেলি আছে। দুদিন হ’ল গাইজনীৰ বৰ মৰমলগা দামুৰী এজনী জাগিছে। সিহঁতে তাইৰ সৈতেও উমলি আছে। কাষলৈ গৈ বৰকৈ মৰম কৰিব পাৰা নাই, গাইজনীয়ে যে একপ্ৰকাৰ খেদি আহে সিহঁতক। পোৱালীৰ কিবা অনিষ্ট কৰিব বুলি খুবেই সৰ্তক হৈ থাকে মাক গাইজনী। আলহী ল’ৰা-ছোৱালী চাৰিটাও যোগ দিছে সিহঁতৰ সৈতে। কি খেলিছে বাৰু! ‘অলং-দলং কৰিছে / ৰজা-ৰাণী আহিছে…’, লুকা-ভাকু আৰু মাজে মাজে ‘আইতা আমাৰ…’। খুৱ ৰ্ং লাগিছে প্ৰফুল্ল, গীতাঞ্জলী আৰু বিনুৰ। ইমান দিনৰ মূৰত ঘৰলৈ কোনোবা আহিছে। আজি তাতে আকৌ স্কুলো বন্ধ, দেওবাৰ। কৰ্দৈ আৰু মধুৰী জোপাৰ পৰা সৰি পৰা ফল খিনি মাজে মাজে বুটলিছে। কৰ্দৈ জোপাৰ যে কৰ্দৈবোৰ ইম্মান মিঠা। নেপালী ল’ৰা-ছোৱালীবোৰ ৰাতিপুৱাই আহে। চেগ বুজি গোটেইখন পিটপিতাই ফুৰে। পিতাকে আটাইকে কুঁহিয়াৰ তলিৰ পৰা সোঁৱৰাই আছে খেজুৰৰ কাইটে বিন্ধিব, চাবি বুলি। যোৱা মাহত খেজুৰৰ কাঁইটে বিনুহঁতৰ পিতাকৰ ভৰিত সোমাই কি যে কাণ্ড আৰু! ইমানখিনি বুজন হৈছে আটাইকেইটাৰে, পুখুৰীত যে নামি যাব নালাগে! নাৰিকল দুজোপাৰ তলৰ পৰা আঁতৰত খেলিবলৈ আইতাকেও হোলাৰ পৰা মাছ লৈ উভতি আহোঁতে চিঞৰিছে। সিহঁতেও বুঢ়ীৰ আটাহ শুনি দৌৰ লগালে কুঁহিয়াৰ তলিলৈ। তাত পিতাকে বন চিকুণাই আছে, গতিকে এইবাৰ আৰু চিন্তা নাই।
মাকে আলহীৰ বাবে চাহ তপতাইছে। শাহুৱেক আহি পালেহিয়েই মাছ এগাল লৈ, বুঢ়ী এনেও বৰ খৰ। হাত পাতি ল’লে খালৈটো, ‘মায়ে খালী হাতে কোনো দিনেই ওভতা নাই’, মনে মনে ভাবিছে পবিত্ৰীয়ে। কাপোৰ গাল কেতিয়া থুকুচিব বাৰু? – একে সময়তে তাৰো হিচাপ কৰিছে মনে মনে। ননদ বীণাই যেন কিবা এটা বুজিলে আৰু মাছখিনি লৈ পুখুৰীৰ পাৰ পালেগৈ। বুঢ়ীয়ে আলহীৰ সৈতে বহিবলৈ এতিয়াহে সময় পালে। কথাৰ পাগ উঠিবলৈ লাগিল। পবিত্ৰীয়ে তাৰে মাজতে চোতালত তুঁহৰ জুইখিনিৰ ওপৰত ধান সিজাবলৈ থালীটো পাতি দিলে। এইখন ঘৰত কামৰ আদি-অন্ত নাই। বুঢ়ীক অলপ ধানখিনিৰ ফালেও মন কৰিবলৈ কৈ দুপৰীয়াৰ সাজ যোগাৰ কৰাত লাগিল। পিতাকে ধন টোপনিৰ পৰা উঠা দেখি আইতাকৰ কোচত দি গৰুক পানী খুৱাবলৈ পথাৰলৈ গ’ল। আইতাকৰ কোঁচত ধনে আমনি পাইছে, থেনথেনাইছে। ভোকো লাগিছে চাগে, টোপনিৰ পৰা সাৰ পাইছে। আইতাকেও মাছৰ পৰা আহি ভাগৰকণ আঁতৰাবলৈ বহিছিল হে মাত্ৰ। তামোল এখন খাবলৈ বটাটো বিচৰাত লাগিল। এই চেগতে ধনেও আইতাকৰ কোঁচৰ পৰা নামি আহিল। বিচাৰি বিচাৰি গোটেই ঘৰ চলাথ কৰিও বটাটো পোৱা নগ’ল। আইতাকৰ বাকীকেইটা নাতি-নাতিনীৰ ওপৰত খ্ং, মুখেৰে গালিও বৰষিছে সিহঁতৰ ওপৰত। ধনে আঠু কাঢ়ি কাঢ়ি তুঁহ জুইৰ কাষ পাইছে। আৰু কোনোৱে টলকিব নৌ পাওঁতেই বাওঁহাতখন জুইৰ ভিতৰলৈ ভৰাই দিলে। অকণমানি সুকোমল হাতখনৰ কেঞা আৰু অনামিকা আঙুলি দুটা মুহূৰ্ততে অৰ্ধেক অংশ নাইকিয়া হৈ পৰিল। ধনৰ গগন ফলা চিঞৰত সকলোৱে যেন সাৰ পালে। তেতিয়ালৈ বহু দেৰি হৈ গৈছিল। গুৱাহাটীলৈ অহা বাট পথ চাৰি দশক আগত আৰু বেছি দুৰ্বিষহ আছিল। সৰু খুড়াক যিজন ঘৰৰ একমাত্ৰ চাকৰিয়াল আছিল, তেওঁৰ যৎপৰোনাস্তি চেষ্টাৰ ফলত গুৱাহাটীৰ ডাক্তৰৰ চেষ্টাত হাতখন সুস্থ হ’ল। কিন্তু…., আঙুলি দুটা আৰু ঘূৰাই নাপালে।
অমলৰ আঙুলি কেইটাৰ ফালে চকু গ’ল। সুমনাই কোৰ্টত তাৰ হাতখন দেখি আত্ংকিত হৈ পৰিছিল। বিয়াৰ পিছত সোনকালে কোৱাৰ্টাৰ পাবলৈ সিয়ে সুমনা আৰু তাৰ ঘৰত কোৰ্ট মেৰেইজ কৰাৰ কথা উলিয়াইছিল। কিন্তু আঙুলি কেইটাৰ কথা সুমনাৰ আগত ক’বলৈ তাৰ স্ংকোচ হৈছিল, সি সাহস গোটাব নোৱাৰিলে। তেনেকৈ দুয়োৰে বিয়া হৈ গৈছিল। সুমনাইয়ো কোনো দিন তাৰ আঙুলি কেইটাৰ কথা তাৰ আগত নুলিয়ালে, সি আঘাত পাব বুলি। এদিন কথাই কথাই তাই মাথোঁ কৈছিল, সি চহী কৰিবলৈ লওঁতে কোৰ্ট মেৰেইজৰ দিনাখন আপোনা-আপুনি বাওঁহাত খন এক বিশেষ ভংগিমাত পিছফালে ককাঁলৰ ওপৰত ৰাখিছিল। তাইৰো চকু নিবদ্ধ হৈ ৰৈছিল হাতখনত। তাই আঘাত পাইছিল এই কাৰণেহে যে অমলেও তাইক কথাখিনি খুলি নক’লে। সি মাথো এবাৰ বিয়াৰ আগত তাইক ফোনত কৈছিল, জীৱনৰ এটা পৰীক্ষাত সি ফেইল কৰিছে বুলি…।
তাৰ আঙুলি কেইটা পোৰাৰ দিনা খুড়াকে তাক নতুন জীৱন দিছিল। মেডিকেললৈ দৌৰা-দৌৰি কৰি লৈ যোৱা মানুহজন আছিল তাৰ সৰু খুড়াক। ডাক্তৰৰ পিছে পিছে ঘূৰি ফুৰিছিল সেইকেইদিন দিন-ৰাতি একাকাৰ কৰি। গাওঁৰ নিৰক্ষৰ, হোজা পিতৃ-মাতৃয়ে কিয়ে বা ভূ পাই বাৰু গুৱাহাটীৰ? এই ঘটনাৰ পিছৰ পৰাই খুড়াক আৰু তাৰ মাজত এটি আত্মিক টান প্ৰকট হৈ পৰিছিল, যিটো বাকী তিনিটা ভতিজাৰ প্ৰতি দেখা নগৈছিল খুড়াকৰ।
খুড়াকৰ দুজনী ছোৱালী জন্মৰ কেইবা বছৰ পিছতো ল’ৰাৰ মুখ নেদেখি খুড়ীয়েক, মানে আটাইৰে কইনা-মা, একপ্ৰকাৰ হতাশ হৈ পৰিছিল। সেই সময়ত তাৰ পিতাকে তাক একপ্ৰকাৰ গতাই দিছিল সৰু খুড়াকক। চিৰদিনৰ বাবে লৈ যাবলৈ কৈছিল খুড়ীয়েকক নিজ পুত্ৰ ৰূপে। খুড়ীয়েকে নোৱাৰিলে সেই কাম কৰিবলৈ। কিন্তু, কলেজৰ শিক্ষা ল’বলৈ তাক নিজ ঘৰত ঠাই দিলে। হাইস্কুলৰ দেওনা পাৰ হৈ সি আজীৱন খুড়াকৰ ঘৰলৈ গুছি আহিল। সিয়ো ভৱা নাছিল এই অহাই অহা— গাঁও এৰি! খুড়াকে অমলৰ কলেজৰ পঢ়া খৰছ বহন কৰিব নোৱাৰিলে, খুড়ীয়েক হেঙাৰ হৈ থিয় হ’ল এই ক্ষেত্ৰত। বাহিৰত কিন্তু তাৰ প্ৰতি খুৱেই মৰম, আদৰ, যত্ন। দুটা বছৰৰ তাৰ বাছৰ অহা-যোৱা পইছাখিনি খুড়াকে কি ভাবি জানো তাক দিছিল, সি আজিও চিন্তা কৰি নাপায়।
সি অহাৰ পিছৰ বছৰতে খুড়ীয়েকে এটি ল’ৰা সন্তান জন্ম দিয়ে। মেডিকেলৰ পৰা সি নিজে কণমানি ভায়েকক কোঁচত লৈ আহিছিল ঘৰলৈ। তাৰ কোলাই বোকোচাই খুড়াকৰ নয়নৰ মণি ডাঙৰ হ’বলৈ লৈছিল। খুড়ীয়েকেও অমলৰ প্ৰতি ভাল ভাৱ ৰাখিবলৈ লৈছিল, অন্তৰৰ পৰাই। কিন্তু নিয়তিয়ে কূটিল হাঁহি মাৰিছিল সকলোৰে অগোচৰে। অমলৰ ইঞ্জিনিয়াৰিং পঢ়াৰ আৰম্ভণিতেই খুড়াকে মৃত্যুক সাবটি লৈছিল, কোনো আগজাননী নিদিয়াকৈ। আনদিনাৰ দৰে সেইদিনাও খুড়াক অফিচলৈ গৈছিল, আৰু পিয়নজনক পানী এগিলাচ অনাৰ কথা কৈ বহি থকা চকীতেই ঢলি পৰিছিল। শণিবাৰ আছিল সেইদিনা, তাক অভিভাৱক হিচাপে অফিচৰ সহকৰ্মীবোৰে খবৰ পঠিয়াইছিল। সিও ক্লাচৰ পৰা ল’ৰি আহিছিল পাণবজাৰ মেডিকললৈ, পোষ্টমৰ্টেম কৰা হৈছিল তাৰ মৰমৰ খুড়াকৰ। অফিচত অবাঞ্চিত পৰিৱেশত মৃতদেহ পোৱা হৈছিল বাবেই ইয়াৰ আৱশ্যকতা আহি পৰিছিল। ডাক্তৰে তাক মাতি খুড়াকৰ হাৰ্টটো কাটি উলিয়াই দেখুৱাইছিল। তাৰ এতিয়াও মনত পৰিলে গা-মন হমহমাই যায়। ডাক্তৰে যে খঙতে কৈছিল হাৰ্টটো দেখুৱাই, ‘এইটো কিবা মানুহৰ হাৰ্ট হ’লনে! গৰুৰহে হ’ব লাগিছিল’। খুড়াকৰ হাৰ্টটো ডাঙৰ হৈ ফাটি গৈছিল। সি জানিছিল খুড়াকৰ এজমা থকাৰ কথা, কিন্তু হাৰ্টৰ বিষয়ে মুঠেও জনা নাছিল।
অৱধাৰিত ভাৱে সিয়ে খুড়াকৰ কাজ-কৰ্ম কৰিছিল, চুলি খুৰাইছিল। তেতিয়া অকণমানি ভায়েক দুবছৰীয়া, অমলৰ শোকে খুন্দা মাৰি ধৰিছিল যেতিয়া খুড়াকৰ শিশু পুত্ৰৰো চুলি খুৰাই পেলোৱা হৈছিল। খুড়ীয়েকে খুড়াকৰ চাকৰিটো পাইছিল, কিন্তু তলৰ পদবীত। কাৰণ খুড়ীয়েকে মাত্ৰ মেট্ৰিকৰ দেওনাহে পাৰ কৰিছিল।
 
সময়ে গতি লৈছিল। সিও আশা কৰা ধৰণেই ইঞ্জিনিয়াৰিঙত ভাল ফলাফল দেখুৱাইছিল। কিন্তু চাকৰিৰ মুখ দেখিছিল পাছ কৰাৰ তিনি বছৰ পিছতহে। সি এই আঠ বছৰ খুড়ীয়েক আৰু তিনিও ভায়েক-ভনীয়েকৰ সকলোখিনি সম্ভৱপৰ দায়িত্বই পালন কৰিছিল। খুড়াকৰ বৰ-জীৰো এজমা আছিল। সি কিমান দিন খুড়ীয়েকৰ সৈতে কিমান জন ডাক্তৰৰ দুৱাৰ মুখ গৰকিছিল আজি আৰু তাৰ হিচাপ নাই। খুড়াকৰ একমাত্ৰ পুত্ৰৰ নামভৰ্তিৰ কাৰণে চহৰৰ নামজ্বলা প্ৰাইভেট স্কুলৰ প্ৰ-পত্ৰৰ বাবে দীঘলীয়া লাইন ধৰাৰ কথাও আৰু সি মনত ৰখা নাই। খুড়ীয়েকক কিমান দিন অফিচ ছুটিত আগবঢ়াই আনিবলৈ খুড়াকৰ স্কুটাৰ খন ৰ’দে বৰষুণে লৈ গৈছিল, নাই সেয়াও সি মনত পেলাবলৈ যত্ন কৰা নাই। সি তাৰ উপকাৰৰ পুৰস্কাৰ পাইছিল সুমনাক বিয়া কৰোৱাৰ পিছত।
প্ৰথমবাৰ সুমনাক তাৰ সন্মুখতে খুড়ীয়েকে তাইক তাচ্চিল্য কৰিলে, ‘আমি বিয়া কৰাই ননা হ’লে, তুমি গাতত সুমাই থাকিব লাগিল হেতেঁন! …আমিহে তোমাক উদ্ধাৰ কৰিলোঁ’। সি একো প্ৰ্ত্যুত্তৰ কৰিবলৈ নোৱাৰিলে। খুড়ীয়েকৰ সন্মান বজাই ৰাখিলে। কিন্তু লাহে লাহে সি দেখিলে সুমনাৰ চুড়িদাৰ পিন্ধাক লৈ, তাইৰ ঘৰখনক, আনকি সি তাইৰ লগত ফুৰিবলৈ যোৱাক লৈয়ো খুড়ীয়েক আৰু ভনীয়েক দুজনীয়ে ঠাট্টা মস্কৰা কৰা হ’ল। তাৰ নিজৰ ভনীয়েক নাছিল, কিন্তু খুড়াকৰ ছোৱালী দুজনীক নিজ ভনীতকৈ কোনো গুণে কম ভবা নাছিল অমলে। সুমনাক সিহঁতে বহ বুলিও নকয়, তাৰ লগত গ’লে। সি আতঁৰি আহিল খুড়ীয়েকহঁতৰ পৰা, নাম পালে তিৰোতা-সেৰুৱা।
আজি বায়েকে ফোন কৰি তাক খুড়াকৰ ডাঙৰ জীয়েক মানে তাৰ ভনীয়েকৰ বিয়া ঠিক হোৱাৰ বতৰা দিলে। লগতে পুৰণা ক্ষোভবোৰ আতঁৰাই তাকে আৰু সুমনাক খুড়ীয়েকৰ ঘৰলৈ যাবলৈ পৰামৰ্শ দিলে। খুড়াকৰ তাৰ আঙুলি পোৰোতে কৰা কষ্টৰ কথা, পঢ়াৰ দিনত খুড়াকে গুৱাহাটীত আশ্ৰয় দিয়াৰ কথাও অনুকিয়ালে। সেই ঋণ তাৰ পৰিশোধ কৰাৰ সময় এয়া! সি ভাবিছে, সেই আঠটা বছৰ খুড়াকৰ অবিহনে চাৰিটা প্ৰাণী শোকে তাপে জৰ্জৰিত হৈ পৰোতে কোনে বটগছৰ দৰে আকোৱালি ধৰিছিল। খুড়াকৰ আকস্মিক বিয়োগত সিও কম মৰ্মাহত হোৱা নাছিল। নিজৰ মাক-দেউতাক জীয়াই থকা অৱস্থাতো সি চুলি খুৰাইছিল, কাজ-কৰ্ম হাতত লৈছিল। আচলতে বায়েকে ক’ব নালাগে, সি নিজেও কথাবোৰ বৰকৈ ধৰি থাকিবলৈ বেয়া পায়। ছমাহ আগত সি সকলোৰে অজানিতে খুড়ীয়েকলৈ ফোন কৰিছিল, সুমনাৰ মিচকেৰেইজ হৈ যোৱা কথাটো ক’বলৈ। সি কিয় ফোন কৰিছিল, নিশ্চয় খুড়ীয়েকৰ প্ৰতি তাৰো এটা মাতৃৱৎ টান আছিল। খুড়ীয়েকে কি ভাৱ লয় তাৰ প্ৰতি সি গুৰুত্ব নিদিয়ে। সি কিন্তু নিজ মাতৃৰ পিছতে স্থান দিছিল খুড়ীয়েকক। খুড়ীয়েকে সেইদিনা তাক ফোনত যিখিনি ক’লে তাৰ পিছত স্বয়ং ভগৱান আহি ক’লেও সি আৰু নাযায়, এই সম্বন্ধ যোৰা লগাবলৈ। ইমান নিষ্ঠুৰ ভাবে কেনেকৈ ক’বলৈ পালে খুড়ীয়েকে! তাৰ সকলো অতীতৰ অনুগ্ৰহ ভৰিৰে মোহাৰি পেলালে নিমিষতে।…. সিহঁতৰ লগত ভগবানে ভালেই কৰিছে যি কৰিছে! সি হেনো কেতিয়াও ল’ৰা-ছোৱালীৰ মুখ নেদেখে।” তাৰ ‘কইনা-মা’কৰ প্ৰতি সেইদিনা ঘৃণা উপজিছিল।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments