চাকনৈয়া (মৌচুমী বৰি)

“God always has something for you, a key for every problem, a light for every shadow, a relief for every sorrow and a plan for every tomorrow.”

Mousumi Bori -Chaknoiya
অনুৰাগৰ বুকুত সোমাই অৰুন্ধতী উচুপি উঠিল। তাইৰ এনে লাগিল, এই মুহুৰ্ত্তত অনুৰাগেই যেন তাইক দিব পাৰিব অকণমান আশ্বাস আৰু নিৰাপত্তা। অনুৰাগে মৰমেৰে অৰুন্ধতীৰ পিঠিত হাত থলে আৰু হুমুনিয়াহ এটা কাঢ়ি ক’লে- “ নাকান্দিবা, যি হৈ গ’ল, হৈ গ’ল। হৈ যোৱা কথাবোৰ আমিটো ঘূৰাই আনিব নোৱাৰোঁ, অৰু!” অৰুন্ধতীৰ কান্দোনটো এইবাৰ পাৰ ভাঙি উপচি পৰিল। অনুৰাগৰ বগা ছাৰ্টটো অৰুন্ধতীৰ চকুপানীৰে তিতি গ’ল।

অৰুন্ধতীৰ মুখৰ পৰা খবৰটো শুনি অনুৰাগৰ মনটোও সেমেকি পৰিছে যদিও অৰুন্ধতীৰ মনৰ ধুমুহাখিনি অনুৰাগে ভালকৈয়ে উপলব্ধি কৰিব পাৰিছে।
অৰুন্ধতীয়ে বাথৰূমত সোমাই মুখখন ধুই ল’লেগৈ। তাই বাথৰূমৰ আইনাত নিজৰ মুখখন চালে- চকু ৰঙা পৰি উখহি পৰিছে। লৰালৰিকৈ বাথৰূমৰ পৰা ওলাই তাই পাকঘৰত সোমাল। গোৱালে দুপৰীয়া দি যোৱা চচপেনত থকা গৰুগাখীৰখিনিলৈ তাই চাই ৰ’ল। নাই, নাই, এই মুহূৰ্ত্তত অন্ততঃ গৰুগাখীৰৰ চাহ খাব নোৱাৰি। কিবা এক নামহীন দুখত বুকুখন মোচৰ খাই গ’ল তাইৰ। পাউডাৰ গাখীৰেৰে দুকাপ চাহ কৰি তাই অনুৰাগক চাহ খাবলৈ মাতিলে।
এনেবোৰ অসহায় মুহূৰ্ত্তত অৰুন্ধতীৰ মাকলৈ খুব মনত পৰে। কথাবোৰ মাক কোৱাটো ভাল হ’ব জানো? মায়ে যদি তাইৰ বাবে টেনছন লয়! এনেয়ে মাৰ হাৰ্টৰ অসুখ। নাই, নাই, মাক কব নোৱাৰি কথাবোৰ!
“অনুৰাগ, ৰাধা-কৃষ্ণ মন্দিৰৰ পূজাৰীলৈ ফোন কৰাচোন আৰু আজি হৈ যোৱা ঘটনাটোৰ কথা কোৱা।” অৰুন্ধতীয়ে সেমেকা মাতেৰে অনুৰাগক ক’লে। অনুৰাগে অৰুন্ধতীৰ কথামতে পূজাৰীলৈ ফোন কৰিলে। পূজাৰীৰ লগত কথা পাতি উঠি সি অৰুন্ধতীক ক’লে-“ আজি ৰাতিৰ ভাত-সাজ তোমাক খাব মানা কৰিছে। খোৱা যদি গাখীৰ খাব পাৰিবা।” অৰুন্ধতীৰ আজি এনেও ভোক নাই। গাখীৰ শব্দটো শুনাৰ লগে লগে তাইৰ আকৌ মনটো সেমেকি পৰিল। নাই, নাই গাখীৰকণ তাই কোনোপধ্যে মুখত দিব নোৱাৰে।
পাপ! তাই পাপ কৰিলে! কাৰোবাৰ জীৱন কাঢ়ি নিব পৰা হত্যাকাৰী তাই ! আবেলিৰ ঘটনাটো মনত পেলাই তাই চকু দুটা মুদি দিলে। উহ, বৰ কষ্ট, বৰ কষ্ট!
হঠাতে ফোনটো বাজি উঠিল। অফিচৰ কণ্ট্ৰ’ল ৰূমৰ ফোন…তাই ফোনটো ৰিচিভ কৰিলে।
“হেল্ল’”
“বাইদেউ, মই ফুকনে কৈছোঁ। আপোনাৰ খবৰটো পাইছো। পোৱালীটো আমাৰ অফিচৰ পাৰ্ট টাইম লেবাৰ অজিতৰ আছিল। আপুনি একো চিন্তা নকৰিব। এইবিলাক হৈয়েই আৰু। মানৱতাৰ খাতিৰত অজিতক মৰমতে কিবা এটা দিব আৰু! চিন্তা নকৰিব। টেনছন লৈ নাথাকিব দেই বাইদেউ, ৰাখিছোঁ এতিয়া।”
ফুকনে কথাখিনি কৈ ফোনটো কাটি দিলে। অলপ দেৰিৰ পিছত অফিচৰ কোঁৱৰে ফোন কৰিলে-
“বাইদেউ, টেনছন লৈছে নেকি? টেনছন নল’ব। অজিত খঙত আছিল; পিছে মই তাক বুজাইছোঁ পি ডব্লিউ ডি ৰাস্তাত গৰু, ছাগলী, কুকুৰ মাৰিলেও ড্ৰাইভাৰৰ একো দোষ নাথাকে। গতিকে তই বাইদেউক পইচা-পাতি ডিমাণ্ড নকৰিবি, লগতে কোনো বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিবি। কিবা যদি গণ্ডগোল কৰ’, ওলোটাই তইহে ফচিবি। মানৱতাৰ খাতিৰত তাক কিবা দিয়ে যদি দিব আৰু!”
ফুকন আৰু কোঁৱৰৰ প্ৰতি অৰুন্ধতীৰ মনটো কৃতজ্ঞতাৰে ভৰি পৰিল।এনে এক বিপদৰ মুহূৰ্ত্তত সিহঁত দুটাই যেন তাইক সাহস আৰু আশ্বাস দিবলৈ চেষ্টা কৰিছে। “মানৱতাৰ খাতিৰত” কিবা এটা…. এই ‘দুখ”, এই “হানি” টকাৰে জুখিব পাৰি জানো? টকাৰে জীৱন ঘূৰাই আনিব পাৰি জানো? অৰুন্ধতীয়ে ভাবিলে।
গোটেই ঘটনাটো মনত পেলালে তাই। অফিচৰ পৰা ঘূৰি যোৱাৰ পথত তাই দেখা পালে এটা মুগা ৰঙৰ মৰমলগা কণমানি গৰু পোৱালী। কেনেকৈ যে পোৱালীটো দৌৰি আহি তাইৰ চলন্ত গাড়ীৰ সন্মুখত পৰিল আৰু তাই তাক চেপি দিলে। গৰু পোৱালীটো এনেকৈ চেপা খালে যে অকণমান সময় ছটফটাই থাকি একেবাৰে মৰিয়েই থাকিল।

গৰু পোৱালীটোৰ মৃত্যুৰ দৃশ্যই তাইক শিহৰিত কৰি তুলিছে। বুকুত সাবটি মৰম কৰিব মন যোৱা এটি কণমানি গৰু পোৱালী, যি তাই চলোৱা গাড়ীৰ চেপাত মৃত্যুক সাৱটি লব লগা হ’ল। পোৱালীটোৰ মাকে নিশ্চয় পোৱালীটোক বিচাৰি গোটেই ৰাতি হেম্বেলিয়াব। উহ, বৰ কষ্ট, বৰ কষ্ট!!
সেইদিনা এটা যাতনাৰ ৰাতি পাৰ কৰিলে তাই। তাইৰ মনৰ যাতনা যিমান আছিল তাতোকৈ গৰু পোৱালীটোৰ মাকজনীৰ বুকু শুদা হোৱা যাতনাৰ গভীৰতাৰ কথা ভাবি ভাবি তাই এটা বিনিদ্ৰ ৰাতি কটালে।

পিছদিনা অফিচলৈ তাই অনুৰাগকো লৈ আহিল। অফিচত ভৰি দিয়েই তাই কান্দোনটো সামৰি থব নোৱাৰিলে। সকলোৱে বুজালে- “এইখন অসমৰ ৰাস্তাত গাড়ীৰ চেপাত খুন্দা খোৱা কিমান গৰু, কুকুৰ, মেকুৰী মৰি পৰি থাকে, এইবোৰ স্বাভাৱিক ঘটনা। এইবিলাক কথা মনত চিৰিয়াছলি লবই নালাগে।”
অলপ দেৰিৰ পিছত গৰু পোৱালীটোৰ মালিক অজিত আহিল। তাৰ মুখত অসন্তুষ্টি স্পষ্ট। সি আৰম্ভ কৰিলে-
“গৰু পোৱালীটো মৰি মোৰ বহু লোকচান হ’ল। গাখীৰ নষ্ট হ’ল। গাইজনীৰ গাখীৰ বেচি মই যি দুপইচা আৰ্জিলোঁহেঁতেন সেই টকা মোৰ লোকচান হ’ল। মোক আপোনালোকে ইয়াৰ ক্ষতিপূৰণ দিব লাগিব।”
“মইও মনত বহুত দুখ পাইছো। এইটোটো এটা এক্সিডেণ্ট। ক্ষতিপূৰণ তোমাক নিশ্চয় দিম। কিন্তু তোমাৰো ভুল হৈছে- এটা অকণমানি পোৱালী ব্যস্ত ৰাস্তাত কিয় মেলি দিছিলা? সেই ৰাস্তাটোৱেদি ডাঙৰ ডাঙৰ ট্ৰাক, বিক্ৰম, সৰু সৰু গাড়ী, অট’ আদি অনবৰত চলিয়েই থাকে আৰু তুমি নাজানা নেকি গৰু পোৱালীবোৰ কেনেকৈ জপিয়াই থাকে ! নাপায় নহয়, এনেকৈ ৰাস্তাত এৰি দিবলৈ!” অৰুন্ধতীয়ে উষ্মাৰে কৈ উঠিল।
“গৰু মেলা বতৰ কাৰণেই মেলি দিছিলোঁ বাইদেউ।” অজিতে ক’লে।
“বাৰু হ’ব, ক্ষতিপূৰণ তোমাক কিমান লাগিব ?” অনুৰাগে সুধিলে অজিতক।
অজিতে তললৈ চাই ৰুঢ়ভাৱে ক’লে, “মোক আঠ হাজাৰ দিব লাগিব।”
অজিতৰ ডিমাণ্ড শুনি অফিচৰ কোঁৱৰ, দত্তহঁতে তাক মৃদু ধমক দিলে। অৱশেষত সি ৫০০০ টকাত মান্তি হ’ল। টকাখিনি লৈ অজিত যোৱাৰ পাছত অফিচৰ লোকসকলে অৰুন্ধতীৰ পৰা প্ৰয়োজনতকৈ বেছি টকা ললে বুলি ইচ ইচ আচ আচ কৰিলে যদিও তাক তাৰ ক্ষতিপূৰণ দি অৰুন্ধতী পৰাচিত হ’ল বুলি তাইক আশ্বাস দিলে।

অজিতক বিদায় দি অৰুন্ধতীৰ মনটো অলপ পাতল পাতল লাগিল। তথাপি কণমানি গৰু পোৱালীটোৰ দুখৰ স্মৃতি আজীৱন মনৰ মাজত ৰৈ যাব এই কথা ভাবি অৰুন্ধতীৰ এটা দীঘল হুমুনিয়াহ ওলাই আহিল।
সেইদিনা গধূলী ৰাধা-কৃষ্ণ মন্দিৰৰ পূজাৰীয়ে সাত দিনৰ ভিতৰত পূজা ভাগ কৰাৰ কথা ক’লে অৰুন্ধতীহঁতক।

পিছদিনা অফিচত অৰুন্ধতীয়ে কম্পিউটাৰটো অন কৰি মাউছত ক্লিক কৰিছেহে মাথোঁ, তেনেতে ৰিপুণ সোমাই আহিল। সি তাৰ নিৰ্দোষ চিনাকী হাঁহিটোৰে অৰুন্ধতীলৈ চাই ক’লে–
“ বাইদেউ, কালি অজিতহঁতে গধূলি আপুনি দিয়া টকাৰে মদে-গাহৰিয়ে ভোজ-ভাত খালে নহয়!!”
“অজিতহঁতে মানে?” মই তালৈ প্ৰশ্নবোধক চাৱনিৰে সুধিলো।
“ই বাইদেউ, আমাৰ অফিচৰে কেইটামানে অজিতৰ লগত মিলি পাৰ্টি খালে আকৌ! তাক, আপোনাৰ পৰা বেছি টকা ল’বলৈ জেকালে বুজিছে বাইদেউ! গৰু পোৱালী এটাৰ দাম নো কিমান, খুব বেছি ১০০০-১৫০০ টকাহে। ….নামবোৰ পিছত কম বাৰু…” এইবুলি কৈ ৰিপুন সাউতকৈ আঁতৰি গ’ল।

“মৃত গৰু পোৱালী এটাৰ নামত মদে-গাহৰিয়ে ভোজ-ভাত!!” কথাষাৰ শুনি অৰুন্ধতীৰ মনটো কেনেবা কেনেবা লাগিল। তাই পোৱালীটোৰ বাবে হিয়া ঢাকুৰি কান্দি মৰিছে আৰু কোনোবাই হাঁহি-ফূৰ্তি কৰি ভোজ-ভাত খাইছে!!
তাই ঘৰলৈ আহি অনুৰাগক ৰিপুণে কোৱা কথাবোৰ ক’লে।
“হ’ব দিয়া, কোনে কি কৰিছে বাদ দিয়া। আমি আমাৰ কৰিব লগা কৰ্ত্তব্যখিনি কৰিলেই হ’ল।”
“যি খন পৃথিৱীত মানুহ নামৰ দানৱে শাৰী পতাই এজাক শিশুক মূৰত গুলিয়াই নৃশংসভাৱে হত্যা কৰিব পাৰে সেইখন পৃথিৱীত এনেবোৰ কথা হয়তো স্বাভাৱিক আৰু তেনেই নগন্য। প্ৰভু, সকলোকে সুমতি দিয়া, প্ৰভু !”
অৰুন্ধতীয়ে চকু মুদি মনৰ মাজত কথাখিনি কৈ পেলালে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments