চাকৰিয়াল মাতৃ – ভৱানী পেগু

চাকৰিয়াল মাতৃঃ এটা প্ৰত্যাহ্বান আৰু নিৰ্ভৰযোগ্য প্ৰফেচনেল হাউচ কিপিং চাৰ্ভিছ, ক্ৰেচৰ (creche) প্ৰয়োজনীয়তা ইত্যাদি 

পোনতেই মনলৈ আহিছে ছ’চিয়েল নেটৱৰ্কিং চাইটত কেইদিনমান আগতে পঢ়িবলৈ পোৱা এটা কৌতুক৷ এগৰাকী পতিয়ে নিজৰ পত্নীক ধন, সোণ বা দামী বয়- বস্তু, আ-অলংকাৰ উপহাৰ হিচাপে দিয়াতকৈ এজনী বন কৰা ছোৱালী উপহাৰ হিচাপে দিয়ক৷ তেহে পত্নী সন্তুষ্ট৷ পিছে বেচেৰা পতি দেৱ!

পাব ক’ত এতিয়া বন কৰা ছোৱালী? এতিয়া US,কানাডাৰ দৰেই আমাৰ ইয়াতো সচৰাচৰ দেখিবলৈ পোৱা এটা সমস্যা হ’ল বন কৰা মানুহৰ সমস্যা৷ সোণ বিচাৰিলেও কিজানি পোৱা যাব৷ কিন্তু উপযুক্ত বন কৰা মানুহ সহজে বিচাৰি পোৱাতো কঠিন৷ বন কৰা মানুহৰ সমস্যাটো এগৰাকী চাকৰিয়াল মাতৃৰ কাৰণে কিমান এটা ডাঙৰ সমস্যা হ’ব পাৰে সেয়া সহজেই অনুমেয়৷ অৱশ্যে যৌথ পৰিয়ালৰ ক্ষেত্ৰত এই সমস্যা অকণমান হ’লেও নিশ্চয় কম হ’ব৷

চাকৰিয়াল নাৰী এগৰাকীয়ে সুচাৰুৰূপে ঘৰ এখন চলোৱাৰ লগতে অফিচৰ কামতো সমানে মনোযোগ দিবলগীয়া হয়৷ অৱশ্যে কেৱল নাৰীয়ে নহয়, আজিৰ দিনত পুৰুষেও নিজৰ অফিচৰ কামৰ লগতেই নিজৰ পত্নীক ঘৰুৱা কাম কাজ আদিৰ পৰা সন্তান প্ৰতিপালনৰ ক্ষেত্ৰত সমানে সহযোগ আগবঢ়ায়৷ তথাপিও পুৰুষৰ তুলনাত নাৰীৰ সেই দায়িত্ব বহুগুণে বেছি৷ উপযুক্ত ‘চাইল্ড কেয়াৰ টেকাৰ’ৰ অভাৱত ঘৰ আৰু অফিচৰ কামৰ মাজত সমতা বজাই ৰখাটো অসম্ভৱ৷ কেঁচুৱা ঘৰত আলাই আথানি কৰি এৰি থৈ চাকৰিয়াল মাতৃ এগৰাকীয়ে জানো নিজৰ এশ শতাংশ মনোযোগ কৰ্মস্থানত দিব পাৰিব? হাজাৰ কাম, পেপাৰ ৱৰ্কছ, কম্পিউটাৰ ৱৰ্কছ, ক্লাছৰ মাজতো সন্তানৰ কলকলাই থকা নিষ্পাপ মুখখনি, দিনটোত মাতৃৰ দৰ্শনৰ বাবে আতুৰ চকুহাল, দুগ্ধপান কৰিবৰ বাবে আতুৰ গোলাপী ওঁঠযুৰি জানো হাজাৰ ব্যস্ততাৰ নেপথ্যতো ভাঁহি নুঠিব? বহু সময়ত উপযুক্ত ‘চাইল্ড কেয়াৰ টেকাৰ’ৰ অভাৱত সন্তান হাতত ধৰিও নিজৰ কৰ্মস্থানলৈ আহিবলৈ বাধ্য হয় চাকৰিয়াল মাতৃ৷

ফলত সন্তানৰ খোৱা- বোৱা, টোপনি যোৱা ইত্যাদি অতি স্বাভাৱিক কৰ্মসূচীত ব্যাঘাত জন্মে৷ আমি সকলোৱেই জানো যে শিশুৰ শৰীৰ আৰু মগজুৰ বিকাশৰ বাবে সময়ত খোৱা-বোৱা, টোপনি যোৱা, আৰু খেলা-ধূলা কৰা কিমান প্ৰয়োজনীয়৷ এই সমস্যাবোৰৰ পৰাই উদ্ভৱ হয় অন্যান্য সমস্যাবোৰৰ৷ যেনেঃ কৰ্মস্থানলৈ দেৰিকৈ অহা, সোনকালে যাবলৈ বিচৰা, ঘনে ঘনে ছুটি বিচৰা ইত্যাদি৷ যিটো একপ্ৰকাৰ অপৰাধেই৷ কাৰণ দৰমহা পোৱা চাকৰি এটা কৰি থকাৰ পিছত নিজৰ ব্যক্তিগত অসুবিধাৰ বাবে কৰ্মত ব্যাঘাত জন্মোৱাটোও লজ্জাজনক কথাও৷ কিন্তু বহু চাকৰিয়াল মাতৃয়েই হয়তো অনিচ্ছাসত্ত্বেও এনেকুৱা অপৰাধ কৰিবলগীয়া হৈছে নিজৰ কৰ্ম জীৱনত৷ সেয়াই নহয়, নাৰী পুৰুষৰ সম অধিকাৰ, সমান দৰমহা পোৱা সত্ত্বেও বহু চাকৰিয়াল মাতৃয়ে সংসাৰৰ দায়িত্ব আৰু কৰ্মক্ষেত্ৰৰ দায়িত্বৰ মাজত সমতা বজাই ৰাখিব নোৱাৰি চাকৰি বাদ দিবলৈও বাধ্য হৈছে৷ তেনেকুৱা উদাহৰণ আমাৰ সমাজত বিৰল নহয়৷ আৰু, সেয়ে তেনে মাতৃৰ কৰ্ম আৰু ব্যক্তিগত জীৱনত অসমতা আহি পৰিছে৷

ক্ৰমাৎ বৃদ্ধি পাই আহিছে ছোৱালী/মহিলাৰ উচ্চ শিক্ষা, অন্যফালে কিন্তু সেই একেটা হাৰত ভাৰতীয় ৱৰ্ক ফ’ৰ্চত বৃদ্ধি পোৱা নাই মহিলাৰ সংখ্যা৷ “India’s female workforce participation rate at 24% is still very low.” – এয়া হ’ল ‘ইক’নমিক ছাৰ্ভে- ২০১৮’ ত প্ৰকাশ পোৱা এটা তথ্য৷ ইয়াৰ মুখ্য কাৰণ হল গৰ্ভাৱস্থা আৰু সন্তানৰ প্ৰতিপালন৷ এই অসুবিধা সমূহত আৰু ইন্ধন যোগাইছে ক্ৰমাৎ বৃদ্ধি পাই অহা একক পৰিয়াল ব্যৱস্থাই৷ ফলত উচ্চ শিক্ষা গ্ৰহণ কৰিও সন্তানৰ স্বাৰ্থত, পৰিয়ালৰ স্বাৰ্থত নিজৰ সপোন, ইচ্ছা অনিচ্ছাক জলাঞ্জলি দি কেৱল ঘৰৰ কামত মনোনিয়োগ কৰিবলৈ বাধ্য হয় বহু মহিলা৷ ঘঁহি পিহি চাফা কৰি নথ’লে সোণৰ ঔজ্জ্বল্যতাও যেনেকৈ কমি আহে ঠিক তেনেকৈ সঠিক ভাৱে ব্যৱহৃত নহলে উচ্চ শিক্ষাৰ মূল্যও ম্লান পৰি ৰয়, ফলত বহুতৰ ক্ষেত্ৰতে হতাশা, আত্মবিশ্বাস আৰু দৃঢ়তা কমি অহা পৰিলক্ষিত হয়৷

এই পৰ্বত সম সমস্যাৰ সমাধান কি?

– কৰ্মৰত প্ৰতিষ্ঠানখনতেই যদি একোখনকৈ ‘ক্ৰেচ’ আৰু ‘কেয়াৰ টেকাৰ’ থাকে তেতিয়া কেনেকুৱা হ’ব ?
আজিকালি ‘চি চি এল’ৰ সুবিধাও চৰকাৰে দিছে৷ খুব আদৰণীয় সিদ্ধান্ত৷ কিন্তু তাৰ লগতেই প্ৰতিটো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান য’ত মহিলা কৰ্মচাৰী নিয়োগ কৰা হয়, তাত ক্ৰেচৰ সুবিধা দিয়াটো অত্যন্ত প্ৰয়োজনীয় বুলি ভাবো৷ কাৰণ সন্তান সুকলমে কাষতে আছে বুলি জানিলে চাকৰিয়াল মাতৃগৰাকীয়ে কোনো মানসিক চাপ নোহোৱাকৈ এশ শতাংশ নিজৰ কৰ্মত মনোনিয়োগ কৰিব পাৰিব নিশ্চয়৷

তাৰ লগতেই বৃদ্ধি পাওক ‘প্ৰফেচনেল হাউচ কিপিং চাৰ্ভিছ’, নিৰ্ভৰযোগ্য ‘ক্ৰেচ ফেচিলিটি’ ইত্যাদি৷ তেহে সমস্যা বহু পৰিমাণে লাঘৱ হ’ব৷ আৰু নাৰী পুৰুষৰ সমতা প্ৰকৃত অৰ্থত সত্য হ’ব৷

কাৰণ চাকৰি এৰি দিয়াই এই সমস্যাৰ উচিত সমাধান হ’ব নোৱাৰে৷ দেশৰ অৰ্ধেক জনসংখ্যা নাৰীয়ে যদি ঘৰৰ চাৰিবেৰৰ পৰা ওলাই আহি কাম নকৰে, দেশ উন্নতি হ’ব ক’ৰ পৰা? এখন দেশৰ উন্নতিৰ বাবে নাৰী পুৰুষ উভয়ে কৰ্মমুখী হোৱাতো অত্যন্ত প্ৰয়োজনীয়৷ কাম সৰু নে ডাঙৰ, প্ৰতিষ্ঠানখন চৰকাৰী নে বেচৰকাৰী নে ব্যক্তিগত খণ্ডৰ সেয়া জৰুৰী নহয়৷ জৰুৰী হ’ল আমি কিমান কৰ্মমুখী? কাৰণ প্ৰতিটো সৰু বৰ কৰ্মই প্ৰত্যক্ষ বা পৰোক্ষভাৱে দেশৰ অৰ্থনৈতিক উত্তৰণত যথেষ্ট অৱদান আগবঢ়ায়৷ ■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments