চাকৰি বিচৰাৰ যন্ত্ৰণা ( দিগন্ত কুমাৰ ভট্টাচাৰ্য)

প্ৰথমে সকলো ঠিকেই আছিল যদিও বাংগালুৰুত চাকৰি বিচৰা প্ৰক্ৰিয়াই দুই-তিনিমাহ অতিক্ৰম কৰাত ক্ৰমাৎ নিৰাশাই ছানি ধৰিবলৈ আৰম্ভ কৰিলে মন। ঘৰৰপৰা লৈ যোৱা টকা-পইচাও শেষ হৈ আহিল লাহে লাহে। মাহঁতে সদায় সোধে, মই নালাগে বুলি কওঁ। চাকৰি নোপোৱালৈ ঘৰত পইচা নোখোজো – অভিমান মোৰ!
এটা ৰুমৰ ভাড়াঘৰ। লগৰজনে কিবাকৈ সৰু কোম্পেনী এটাত চাকৰি পালে। দিনটো মই থাকো ৰুমত অকলে। মোবাইল-লেপটপ এইবোৰ নাছিল তেতিয়া। ইন্টাৰনেট কে’ফে এখন ঘৰৰ ওচৰতে আছিল কিন্তু কে’ফেৰ কান্নাডা মালিকজনে সদায় সদায় সোধা ‘নৌকৰি নেহি মিলা ক্যা আভি তক?’ প্ৰশ্নটোৰ মুখামুখি হ’বলৈ খঙ উঠা হ’ল। দুই কিল’মিটাৰমানৰ দূৰৰ এখন নতুন কে’ফে বিচাৰি ল’লোঁ।

 

আমি থকা ঘৰটোৰ মালিক ওপৰমহলাত থাকিছিল পৰিয়ালসহ। সিদিনা আছিল দেওবাৰ। তেওঁলোকৰ ঘৰত বহু মানুহ অহাৰ উমান পালোঁ। গম পালোঁ কিবা সৰু উৎসৱ পাতিছে। দুপৰীয়া চিকেন-মটন কাৰীৰ সুগন্ধি উৰি আহিল আমাৰ কোঠালৈ। ভাবিলোঁ বহুদিনৰ মূৰত ভালকৈ এসাঁজ খাবলৈ পাম। আমাক কেতিয়া নিমন্ত্ৰণ কৰে খাবলৈ তাৰ অপেক্ষাতে ৰৈ থাকিলো বহু দেৰি। আবেলি তিনি বাজি গ’ল। আমাক নামাতিলে। আমাৰ ঘৰৰ সন্মুখতে আছিল এখন সৰু ‘কেৰালা মেছ’। দহটকাত ভাত-ডাইল পাইছিল তেতিয়া। দুখে-ভোকে আমি তালৈকে গ’লো সেইদিনা।
‘আজি চিকেন খাওঁ দে.. বৰকৈ আশা কৰি আছিলো’ – লগৰজনে ক’লে।
সুধি গম পালোঁ চিকেন প্ৰতি প্লেট পঞ্চাশ টকা। বিফ দহটকা।
‘বিফ ফ্ৰাইকে দে দুই প্লেট ভাতৰ লগত’
‘আৰে মই বামুণ ভাই!! বিফ কেনেকৈ খাম?’ – মই চিঞৰিলোঁ।
‘একো নহয় লগুণডাল খুলি থৈ দে…’
‘মই অৱশ্যে লগুণ লোৱা নাই এতিয়ালৈকে’
‘তেন্তে টেনছন কিহৰ?’
ভাবিলোঁ ঠিকেই কৈছে ই…..বিফ ফ্ৰাই মুখত দিলোঁ। বেছি খাব নোৱাৰিলোঁ। মনে মনে ভগৱানক খাটিলোঁ- ‘প্ৰভূ, এটলিষ্ট মাজে মাজে চিকেন খাবলৈকেই চাকৰি এটাৰ ব্যৱস্থা কৰি দিয়া আৰু!!’

 

সেইদিনা সন্ধিয়া অঞ্জন আহিল আমাৰ ৰুমলৈ। সিও আমাৰ কলেজৰে। সি তিনিমাহমান আগতেই চাকৰি পালে। খুউব ভাল চাকৰি। চেহেৰা-পোচাক দেখিয়েই ধৰিব পাৰিলোঁ যে তাৰ দৰমহা পাতি যথেষ্ট ভাল। সি লগ ধৰিলে শ্ব’পিং মল এখনলৈ। কিবা কিনিব। বাংগালুৰুত তেতিয়া নৱেম্বৰ মাহ। ঠাণ্ডা পৰিছে অলপ-চলপ। ছুয়েটাৰ-জেকেট অসমৰপৰা আহোতে আনিবলৈ পাহৰি থাকিলো। ভাবিলোঁ মললৈ যাম যেতিয়া জেকেট এটাকে কিনি থও। ৰুমমেটজন নগ’ল।

 

উইলছ লাইফ ষ্টাইল – জীৱনত প্ৰথম ইমান ডাঙৰ শ্ব’পিং মল দেখিছিলো সেইদিনা। চকু দুটা ডাঙৰ হৈ গ’ল। অলপ ভয় খালো যদিও বাহিৰত লিখা আছিল -‘ফিফটি পাৰ্চেন্ট অফ’..বৰ সকাহ পালো। এটা জেকেট দেখি খুব পচণ্ড হ’ল। দাম বাৰশ টকা। ডিচকাউন্ট পোৱাৰ পিছত ছশ টকাত পাই যাম। জেকেটৰ কাৰণে প্ৰায় ছশমান টকা থৈয়ে দিছিলোঁ বেলেগকৈ। আস: একেবাৰে বাজেটৰ ভিতৰতে! খুব ভাল লাগিল। পইচা দিবলৈ যাওঁতে ‘কেচ কাউন্টাৰ’ত বহি থকাজনে ক’লে -কিছুমান কাপোৰতহে হেনো ডিচকাউন্ট আছে, সেই জেকেটটোত হেনো নাই, দাম -পুৰা বাৰশ!
মই ক’লো- ‘নাই, নালাগে জেকেট, মোৰ পচণ্ড হোৱা নাই’
‘লৈ ল আকৌ, ভাল লাগিছিল বোলে তোৰ’- অঞ্জনে ক’লে।
‘নাই নাই, ফিটিং হোৱা নাই ভালকৈ…আঠুৰ ফালে টাইট হৈছে..নহয় আঠুৰ নহয়, কঁকালত টাইট..ওহো নহয়..ডিঙিৰ ফালে কিবা লুজ যেন লাগিছে…’।
সিও কিবাকিবি কৈ থাকিল। মই জেকেটটো তাতে এৰি দৌৰ দিলোঁ বাহিৰলৈ। পিছে পিছে অঞ্জন। লাইনত ৰৈ থকা মানুহবোৰে ঘূৰি ঘূৰি চালে আমাক। অঞ্জনে ক’লে-‘তোৰ লগত লাজত পৰিব লাগে দেই কেতিয়াবা’।
‘মই যাওঁ…ছ’ৰি দোষ্ট’! তাক তাতে এৰি মই নিজৰ ৰুম অভিমুখে বাচত উঠিলোঁ। খিড়ীকিৰে সোমাই অহা শীতল বতাহছাটিয়ে কঁপাই গ’ল শৰীৰ। খুউব মনত পৰিল জেকেটটোলৈ। কোনোবা এজনে কান্ধত হাত এখন থলে। বোধকৰো সেয়া বাছখনৰ কনডাক্তৰ! মই তেওঁক মনিব পৰা নাছিলো, চকুপানীৰে ভৰি উঠিছিল মোৰ দুচকু!

 

(এনেকুৱা দুটামান অভিজ্ঞতাৰ বিষয়ে আগতেও লিখিছিলোঁ..আৰু আছে। পিছলৈ লিখিম কেতিয়াবা)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক