চাকৰি বিচৰাৰ যন্ত্ৰণা (-দিগন্ত ভট্টাচাৰ্য)

চাকৰি বিচৰাৰ যন্ত্ৰণা (-দিগন্ত ভট্টাচাৰ্য)

ইয়াৰে গৰিষ্ঠসংখ্যকে চাগে চাকৰি বিচৰাৰ যন্ত্ৰণা ‘উপভোগ’ কৰি হাবাথুৰি নোখোৱাকৈ থকা নাই জীৱনত, নহয় জানো?

ইঞ্জিনিয়াৰিং ডিগ্ৰীটো ফাইলত সোমোৱাই লোৱাৰ এবছৰ পাৰ হৈ যোৱাৰ পিছত আৰু গুৱাহাটীত থাকি একো নোহোৱাত, চাকৰিৰ সন্ধানত এদিন ‘গুৱাহাটী-বাঙ্গালোৰ’ এক্সপ্ৰেছত উঠিলো এটি সৰু বেগ কান্ধত ওলোমাই । নলবাৰীৰ হৰি মন্দিৰটোলৈ চাই মনতে ক’লো ‘এইবছৰৰ ৰাস পূজা যেন ফূৰ্তিৰে চোৱাৰ সুবিধাকণ কৰি দিয়া, প্ৰভূ!’ নলবাৰী, পাঠশালা, বৰপেটা…..ট্ৰেইন আগুৱাই গৈ থাকিল। লালচাহ বিক্ৰী কৰিব অহা হকাৰজনৰ ভাষা ‘দাদা, আজি নেমু নাই দিয়ক’ৰ পৰা ‘নিম্বু নেহি হ্যে, চা’ব’লৈ সলনি হ’ল। অচিনাকি ঠাইবোৰ ইখনৰ পিচত সিখনকৈ আহি আহি দুচকু সিক্ত কৰিলে। কাণ দুখনত ওলোমাই ল’লো শিলিগুড়িত কিনা সস্তীয়া ‘ৱাকমেন’টো। কাণত ‘তেৰে নাম’ৰ ‘দর্দ’ভৰা গান, মনত অসম এৰি অহাৰ দুখ, মগজুত চাকৰিৰ চিন্তা – সকলোৱে মিলি ৰাতিপুৱা বাইদেউৰপৰা লৈ ঘঁহি অহা ‘ফেয়াৰ এণ্ড লাভলী’ ক্ৰীমখিনি টিয়াই দুগাল তেলেতীয়া কৰি পেলোৱাত সফল হ’ল ।

বাঙ্গালোৰ পালো। থাকিলো ছিনিয়’ৰ এজনৰ লগত। তেওঁ কেইদিনমান আগতে সৰু চাকৰি এটাত সোমাইছে । ৰাতিপুৱাই ওলাই যায়। দিনটো অকলে বহি মই হামিয়াই হিকটিয়াই c, c++ চেষ্টা কৰো । প্ৰথম কেইদিনমান ঠিকেই চলিছিল সকলো । লাহে লাহে অশান্তি, বিৰক্তি, দুখ সকলোবোৰ আহি ল’গ দিলে ।

দুপৰীয়া সদায় ওচৰৰে নেট-কাফে’ এখনলৈ যোৱাটো নিয়ম হ’ল। কাফে’ৰ কান্নাডা ল’ৰাজন চিনাকি হ’ল। গম পালে অসমৰ পৰা চাকৰি বিচাৰি যোৱা বুলি। তাক অসম ‘কি, ক’ত, কিয় বিখ্যাত’ বুজাওতে দুঘন্টা লাগিছিল। গ’লে এটাই প্ৰশ্ন কৰে ‘আভি তক নেহি মিলা ক্যা Job?’। পিচলৈ ‘নাই পোৱা চাকৰি’ বুলি সদায় সদায় ক’বলৈ বেয়া লগা হ’ল। তাক মুখৰ ভিতৰতে গালি দি তালৈ যোৱা বন্ধ কৰিলো। বেলেগ কাফে’ বিচাৰিলো ।

সদায় ঘৰলৈ ফোন কৰো এবাৰকৈ। প্ৰতিবাৰ মাৰ এটাই প্ৰশ্ন: খোৱা-লোৱা ভালকৈ কৰিছোনে নাই? ইফালে চাকৰিৰ টেনশ্যন, আনফালে মাৰ খোৱাৰ চিন্তা । টিঙিচকে উঠা খঙটো ৰখাব নোৱাৰি মাক বকি কওঁ কিবাকিবি। পিচত বেয়া লাগি আকৌ ফোন কৰো হাঁহি-মাতি। মনৰ দুখবোৰ লুকুৱাই ৰাখো টেলিফোনৰ ইটো মূৰত।

আমি থকা ৰুমটোৰ কাষতে এখন বেকাৰী আছিল । তাত চাহ-স্নাকচ’ৰ পৰা আৰম্ভ কৰি চাউল-দালিলৈ সকলো পায় । ৰাতিপুৱা সদায় তাত ‘ব্ৰেক-ফাষ্ট’ কৰো, মানে চাহ আৰু ক্ৰীম ৰ’ল এটা। দিন যোৱাৰ লগে লগে ঘৰৰ পৰা নিয়া পইচা শেষ হৈ আহিল । মাই সদাই সোধে পইচা পঠাব নেকি । মোৰ মনত অভিমান- চাকৰি নোপোৱালৈ ঘৰত নোখোজো একো । মাহৰ শেষ, ধাৰ কৰিবলৈ লগৰজনৰও পকেট খালী । দুটকা লগত লৈ পুৱা বেকাৰী খনত খাই মিছাতে পকেটত হাত ভৰাই দোকানীজনক সোধো পাচঁশ টকাৰ খুচুৰা আছে নেকি । সি আমাক চিনি পায়, পিছত দিব কয় । মই সকাহ পাওঁ । এনেকৈ চলি থাকিল কেইদিনমান । এদিন দুপৰীয়া চাউল নাই । গৈ আকৌ সুধিলো পকেটত হাত ভৰাই ‘বচ্, পাচঁ চ’ কা চুট্টা তো নেহি হোগা না?’ সি কৈ দিলে নহয় সিদিনা ‘মিলেগা না, ভায়া’। মৰি গ’লো। ভাবিলো- কি কৰা যায় এতিয়া । ঘৰত দালি আছে নে নাই চাই আহো বুলি কৈ পলকতে নোহোৱা হ’লো তাৰ পৰা । ৰুম আহি দেখিলো তিনি চামুচ মান চাউল আছে, এক মুঠি ভাত হ’ব কিবাকৈ। লগৰজন ও নাই। উপাইহীন হৈ তিনি চামুচ চাউল উঠাই দিলো কুকাৰ’ত । সৰু বাটি এটাত লৈ ‘চেৰেল্যাক’ খোৱাদি খালো পণীয়া ভাত । চকুপানীখিনিও ঠান্ডা হোৱা চেৰেল্যাক’ৰ দৰেই গোট মাৰিলে, ওলাই নাহিল । জীৱনত প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলো, বুজি পালো এমুঠি ভাতৰ মূল্য!!

………………………………………..

এতিয়া ঘৰুৱা আড্ডাত এইবোৰ কথা কওঁ কেতিয়াবা, সকলোৱে ‘ৰস’ পায়। মায়ো হাঁহে সেমেকা চকুৰে। মই নুবুজাকে নাথাকো মাৰ মনৰ অনুভৱ॥

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 years ago

আজিৰ সফল ব্যক্তি সকলৰ বেছিভাগেই—জন্মতে সোণৰ চামুচ মুখত লৈ অহা নাই। দুখ কষ্ট সহি সহি অভ্যাসত পৰিনত হোৱা আপোনাৰ দৰে বহুতৰে জীৱন এনেকৈয়ে আৰম্ভনি হয় এদিন, মাথো আপুনি প্ৰকাশ কৰিছে। হয় তেনে দিনবোৰ পাহৰিব নোৱাৰি, আপোনাৰ লেখাটি পঢ়ি মোৰো জীৱনৰ এনে ঘাট বোৰৰ কথা মনলৈ আহিল আজি, দুচকু সেমেকি গৈছে। ভাল লাগিছে, এনেকৈয়ে লিখি যাওঁক আপোনাৰ জীৱনৰ সকলো অভিজ্ঞতা, এনে লেখাবোৰেই হতাশে চানি ধৰা আন বহুজনৰ বাবে প্ৰেৰণা হৈ ৰ’ব। যি সঞ্জীৱনীৰ দৰে কাম কৰিব। ধন্যবাদ, ভট্টাচাৰ্য্য কাইটি। (Y)