”চাঙৰ তলত সেইটো কি?” (প্ৰীতম বৰুৱা)

এই কেইদিন ৰমলাৰ গাত তৎ নাই। নাচি-বাগি গোটেইজনী আগফাল পাছ ফাল কৰি ফুৰিছে। মাজে মাজে ডাঙৰৰ হাক বচন শুনি তাইৰ কাণ-মূৰ গৰম হৈ যায়। কিমাননো আৰু তাই শুনি থাকিব-”ৰমলা সেইফালে নাজাবি। ৰমলা সেইটো নুচুবি। ৰমলা চোতালত গজাল আছে, ফুটিব।”

 

উফ! নাযাবি নুচুবি এই শব্দ কেইটাই যেন তাইৰ কাণৰ পৰ্দা ফালি পেলাব এতিয়া। তাইৰোতো এটি মন আছে। ৯ বছৰীয়া ৰমলাই এসপ্তাহৰ আগৰে পৰা সিহঁতৰ চোতালত ৰভা দিবৰ বাবে অনা বাঁহবোৰ দেখি ভাবিছিল, ঘৰত চাগে’ কিবা অনুষ্ঠান হ’ব। ভালেই হ’ব, মানুহ আহিব। তাৰোপৰি তাই বহুত মিঠাই খাবলৈ পাব। এই দেখি তাইৰ গাত তৎ নাই।

 

চটপ্‌ চটপ্‌ কৈ মাকৰ ভাগৰ চেণ্ডেল যোৰ তাইৰ কণমানি ভৰি দুখনেৰে চোঁচৰাই চোঁচৰাই ইটো কোঠাৰ পৰা সিটো কোঠালৈ ঘূৰি ফুৰিছে। এপাকত তাই চ’ৰা ঘৰৰ পৰ্দাখন দাঙি দিওঁতেই পদূলি মুখত মোমায়েক মামীয়েক ৰিক্সাৰ পৰা নমা দেখি তাই একে লৰে পদূলিমুখ পালেগৈ। আৰু একেজাপে মোমায়েকৰ কোলাত উঠিলগৈ। মোমায়েক মামীয়েকে তাইৰ দুগালত চুমা খাই দুটা লজেঞ্চ হাতত গুজি দি ভিতৰলৈ আহিল। লাহে লাহে মাহী, পেহী, খুড়া-খুড়ী সকলোবোৰে সিহঁতৰ ঘৰ ভৰাই পেলালেহি। হাঁহি খিকিন্দালিৰে সিহঁতৰ ঘৰৰ চাল উৰু উৰু হ’ল। বহু দিনৰ মূৰত আটায়ে লগ পাই সুখ-দুখৰ কথা পাতিছে। ৰমলাৰ বায়েক সুমলাও আহি সকলোৰে লগত কথা পাতিছেহি। সকলোৱে সুমলাক মৰম কৰা দেখি ৰমলাৰ পেটে পেটে হিংসাৰ ভাৱ জাগি উঠিল। তাই ভাবিছে— ”ইচ্ তাইহে ভাল যেন একেবাৰে। তাইলৈহে সকলোৱে কাপোৰ-কানি আনে। মোলৈ মনতেই নপৰে।” চকুকেইটা চলচলীয়া কৰি তাই একে লৰে পাকঘৰত কাম কৰি থকা মাকৰ কোলাত উঠিলগৈ আৰু ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। মাকে আগ গুৰি একো বুজিব নোৱাৰি তাইক বাৰেপ্ৰতি সোধাত এপাকত তাই উচুপি উচুপি হেকটি ফুটাই ক’লে-

 

”মোলৈ কোনেও একোকে নানে, মাত্ৰ লজেঞ্চ গুটি কেইটা দি মোৰ মুখখন বন্ধ কৰি থয়। নেখাওঁ যা এইবোৰ।” এইবুলি কৈ তাই লজেঞ্চ কেইটা ছটিয়াই দিলে। ইফালে পাকঘৰৰ কামৰ হেঁচাত তাইক মাকে কোলাৰ পৰা নমাই অন্য কামলৈ গ’ল। মাকে কোলাৰ পৰা নমাই দিয়াত তাইৰ অভিমান আৰু এখাপ চৰিল। ইফালে বিয়া এখনৰ যা-যোগাৰ কৰাত সকলো ব্যস্ত। উখল-মাখল পৰিৱেশ। তেনেস্থলত তাইক মৰম কৰিবলৈ কোনো নাই। তাই পাকঘৰৰ দৰ্জাৰ চুকত সোমাই উচুপি উচুপি কান্দিবলৈ ধৰিলে। এপাকত তাইৰ ”নেখাওঁ যা” বুলি দলিয়াই দিয়া লজেঞ্চকেইটালৈও মনত পৰিল; কিন্তু লাজত তাই সেইকেইটা বুটলি আনিবও নোৱাৰা হ’ল। কি সতেনো আনে বাৰু, অথনি তায়েইটো দলিয়াইছিল। কিন্তু তাই আৰু কিমান সময় দৰ্জা চুকত সোমাই থাকিব। তথাপি তাই সোমায়ে থাকিল। তাইৰ কণমানি ভৰি দুটা দৰ্জাৰ ফাঁকেদি ওলাই আছিল। এনেতে মোমায়েকৰ ল’ৰাটোৱে চুঁচৰি চুঁচৰি আহি পাকঘৰ পালেহি। তাৰ প্ৰতিও কোনেও কাণসাৰ দিবলৈ সময় নাই। এপাকত সি দৰ্জাৰ ফাঁকেদি ওলাই থকা ভৰিকেইটা দেখিলে। কি বস্তু বুলি তাতে তাৰ দীঘল হোৱা নখ কিটাৰে জোৰেৰে চিকুট এটা মাৰিলে।

 

”আই ঔ, মৰিলো ঔ” বুলি চিঞৰ এটা সকলোৰে কাণত পৰাত সকলোৱে কোনে চিঞৰিছে বুলি দৌৰা দৌৰি কৰিবলৈ ধৰিলে। ৰমলাই মতা যেন পাই সকলোৱে- ”ৰমলা! ৰমলা!” বুলি চিঞৰ বাখৰ লগালে। কোনোৱে পুখুৰীত পৰিল বুলি পুখুৰীৰ পাৰলৈ দৌৰ মাৰিলে, কোনোৱে চোতালত গজালে বিন্ধিছে বুলি চোতাললৈ, কোনোৱে পাকঘৰত গৰম চাহে পুৰিলে বুলি পাকঘৰলৈ। কিন্তু ৰমলা ক’তো নাই! ব্যস্ততাপূৰ্ণ বিয়া ঘৰ এখনত ৰমলা ক’তো নাই! তৎক্ষণাত উৎকণ্ঠা মিশ্ৰিত পৰিৱেশ এটাই বিৰাজ কৰিলে।
এনেতে পুখুৰীৰ পানীত জপংকৈ কিবা এটা পৰাৰ শব্দ শুনা গ’ল আৰু বুৰবুৰণি উঠা দেখা গ’ল। পুখুৰীৰ পাৰলৈ যোৱাটোৱে-”পৰিলে ঐ পৰিলে, ৰমলা পুখুৰীত পৰিল ঐ..” তাৰ চিঞৰ শুনি আটাইজাক উধাতু খাই পুখুৰীৰ পাৰলৈ লৰ মাৰিলে। মেলি থোৱা ট্ৰাংকটো তেনেকৈয়ে এৰি মাক আৰু বায়েক ঢপলিয়াই আহিল। বাপেকেও চাহৰ পিয়লাটো ঠেকেচকৈ মাটিতে থৈ লৰ মাৰি পুখুৰীৰ পাৰ পালেহি। আউল-বাউল চুলিৰে মাক আৰু বায়েকে চিঞৰ চিঞৰি কান্দিবলৈ ধৰিলে-‘ঐ ৰমলা ঔ তই ক’তে আছ’ হঞে….?”

প্ৰবীণ মোমায়েকে একে জাপে পুখুৰীত বুৰ মাৰিলে। বহুত সময় বিচাৰি খোচাৰিও ৰমলাক পুখুৰীত পোৱা নগ’ল। ইফালে সিফালে লক্ষ্য কৰি দেখিলে যে পুখুৰীটোৰ পাৰৰ মাটি খহিছে। তাৰে আৰু এটা চপৰা আকৌ খহি পানীত পৰাত বুবৰণি উঠিছে। সকলোৰে বিশ্বাস হ’ল যে ৰমলা পুখুৰীত পৰা নাই। ইফালে সিফালে বিচাৰি আকৌ হুৱাদুৱা লাগিল। কান্দি কান্দি মাক-বায়েক বেহুচ হৈ গ’ল। দুজনীমানে ধৰা ধৰিকৈ আনি দুয়োকে দুখন বিছনাত শোৱাই দি মূৰত তেল পানী দিলে। এনেতে বিজয়া মামীয়েকৰ ল’ৰাটোলৈ মনত পৰিল। ”অ’ সেইজন মহাপুৰুষ বা আক’ ক’লৈ গ’ল?” তাকো বিচাৰি খুচৰি ফুৰোতেই পাকঘৰত ঘেটেংকৈ শব্দ এটা শুনা গ’ল। মেকুৰীয়ে গাখীৰ উদঙাইছে বুলি তেওঁ পাকঘৰলৈ লৰ মাৰি গৈ দেখে যে তেখেতৰ সুযোগ্য পুত্ৰই চুঁচৰি চুঁচৰি গৈ গাখীৰৰ ঢাকনিখন উদঙাই দিওঁতেই মাটিত পৰিল। একেলৰে মামীয়েকে পুতেকক কোলাত তুলি লৈ ধূলি বালি জাৰি-জোকাৰি দিওঁতেই সি কচালি-মচালি মাকৰ কোলাৰ পৰা নামি আহি এপাকত ৰমলাৰ ওলাই থকা ভৰি কেইটাত আকৌ এবাৰ চিকুট মাৰি দিলে। ”মা” বুলি চিঞৰ এটা মাৰি ৰমলাই দৰ্জাখন জোৰেৰে ঠেলা মাৰি দিয়াত ভায়েকৰ মুখত দৰ্জাখনে খুন্দা এটা মাৰিলে আৰু লগে লগে সি উফৰি গৈ দূৰৈত পৰিলগৈ। এইবাৰ দুগুণ জোৰেৰে টেঁটু ফালি সি কান্দিবলৈ ধৰিলে। পটকৈ যে কি হৈ গ’ল নহয়। মামীয়েকে পুতেকৰ অৱস্থা দেখি লৰালৰিকৈ কোলাত তুলি পুখুৰীৰ পাৰলৈ লৰ মাৰিলে। মূৰত পানী এচলু দি হেঁচা মাৰি ধৰিলে। ভায়েকৰ চিঞৰত ৰমলাই ইমান ভয় খালে যে তাই মাৰ খোৱাৰ ভয়ত একে লৰে গৈ মাক শুই থকা বিছনা খনৰ তলত সোমালগৈ। তাই পিন্ধি থকা চুটি ফ্ৰকটোৰে তাই যিমান পাৰে টানি টুনি গাটো ঢাকিবলৈ যত্ন কৰিলে যদিও চাং তলৰ বোন্দা মহে তাইক দমলা-দমল কৰিলে। বেহুচ হৈ পৰি থকা মাকে এইবাৰ বিছনাখন লৰা যেন অনুভৱ কৰিলে আৰু মাজে মাজে ”থাপ…থুপ…থাপাচ্” শব্দ কিছুমান শুনিলে। এইবাৰ মাক একে জাপে বিছনাত বহি পৰিল। বিছনাখন ঘনে প্ৰতি লৰি থকাত ভূমিকম্প আহিছে বুলি দুপ-দাপ উৰুলি দিয়াত লাগিল। এনেই ঘৰখনত নিমাও মাও পৰিৱেশ তাতে এগৰাকীৰ উৰুলি। উৰুলি শুনি সকলো মাকৰ কোঠালৈ সোমাই আহিল। মাকৰ কাণ্ড দেখি সকলো আচৰিত। এনেতে বীণা মাহীয়েকে মাত লগালে-”ঐ বাইদেউ বলিয়া হৈছ নি? উৰুলি দিছ যে?” ভূমিকম্প ভূমিকম্প আহিছে বুলি মাকে চকু মুদি উৰুলি দিয়াত লাগিল”। এনেতে বিছনাখন আকৌ লৰিল। বীণা মাহীয়েকে বিছনাত বহিছিল হে ….ওৱ সঁচাই ভূমিকম্প ঔ বুলি একে জাপে মাটি পালেহি। এইবাৰ সকলোৱে শুনিলে …”থুপ থাপ থাপাচ্”। তেনেতে কাৰেন্টো গ’ল, বাহিৰত ৰভা দিয়া বাবে ভিতৰখনো এন্ধাৰ। প্ৰবীণ মোমায়েকে হাতত টৰ্চটো লৈ ইফালে সিফালে চাই এইবাৰ বিচনা তললৈ চাওঁতে দেখিলে যে মেল খোৱা জিভা এখন আৰু চকু দুটা জলমলাই আছে। এবাৰ পোহৰ বন্ধ কৰি আকৌ মাৰি পঠিওৱাত তাকেই দেখাত— অ বিছনাৰ তলত কিবা এটা আছে ঔ, ‘ভুত ঔ ভুত বুলি চিঞৰটো মাৰিবলৈহে পালে, গোটেইজাক মানুহ একে সমানে কোঠাটোৰ ঠেক দৰ্জাখনেদি ওলাবলৈ হুৱাদুৱা লগাওঁতেই শকত আবত মামীয়েক আৰু জেঠায়েক দৰ্জাত লাগি ধৰিল। ইকাটিও নহয় সিকাটিও নহয়। এনেতে ভিতৰৰ পৰা দুয়োজনীকে যিহে ঠেলা এটা মাৰিলে দুয়ো কৰ্ফালখাই পৰিলগৈ। ইফালে চাং তল মানে বিচনা তলত সোমাই থকা ৰমলায়ো ভুতৰ নাম শুনি ভয়খাই মোমায়েকৰ ভৰিটোতে থাপ মাৰি ধৰিল। এইবাৰ মোমায়েকে ”অ মৰিলোঁ এইবাৰহে মৰিলোঁ। ভুতে মোক হে পালে ঔ” বুলি চিঞৰাত ৰমলাই ৰাউচি জুৰি কান্দিবলৈ ধৰিল। তেনেতে কাৰেন্ট আহিল। মোমায়েকে পোহৰ পাই ৰমলাক ভৰিতে ধৰি থকা দেখি আচৰিত হৈ মাত লগালে— ”ৰমলা তই!” তাইৰ মহৰ কামোৰত দমলা দমল হোৱা গাটো দেখি আৰু অন্যান্য প্ৰশ্ন তাইক সকলোৱে কৰিব ধৰিলে। কিন্তু তাই একো উত্তৰ নিদি একে জাপে মাকৰ কোচত উঠি উচুপি উঠিল। মাকেও তাইক বুকুত সাৱটি মূৰটোত হাতখন বোলাই দিলে। লাহে লাহে…..

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক