‘চাটনি’ৰ সাধু আৰু শৈশৱৰ শিকনি — ৰাজশ্ৰী ধনদিয়া

কিছু আত্মকথা:
মোৰ শৈশৱত এটা সাধুৱে উমলিছিল৷ দেউতাই আলসুৱাকৈ কোলাত বহুৱাই কোৱা সাধু আছিল সেইটো৷ সৰুতে দেউতাৰ মুখত শুনা অলেখ সাধুৰ মাজৰে এটা সাধু আছিল সেইটো৷ অথচ এই সাধুটোৰ প্ৰতি মোহটো আনবোৰ সাধুতকৈ ব্যতিক্ৰম আছিল৷ আজিও মোৰ মনৰ একোনত এটুকুৰা বিশেষ ঠাই দখল কৰি আছে এই সাধুটোৱে৷

“এখন দেশত এজন ৰজা আছিল..”

নহয়, নহয়৷ সেই সাধুটো, সেই বিশেষ সাধুটো, যিটোৰ বাবে দেউতাক এতিয়াও খাটনি ধৰো, যিটো সাধু আমাৰ পৰিয়ালৰ প্ৰতিগৰাকী সন্তানেই নিজৰ শৈশৱৰ পথাৰত সিঁচি দিয়ে, সেই সাধুটো এখন দেশৰ এজন ৰজাৰে আৰম্ভ হোৱা নাছিল৷

সাধুটো আৰম্ভ হৈছিল পাহাৰৰ দাঁতিকাষৰীয়া গাঁও এখনৰ এজন ভেড়াৰখীয়াৰ কথাৰে৷ দেউতাই আৰম্ভ কৰিছিল, “এটা পাহাৰৰ কাষতে এখন সৰু গাঁৱত এজন ভেড়াৰখীয়া আছিল৷”

“ভেড়া কি বস্তু দেউতা?” সাধুৰ মাজত প্ৰশ্ন সোধাটো মোৰ স্বভাৱ আছিল৷

“ভেড়া এবিধ চাৰিঠেঙীয়া জন্তু৷ আমাৰ ছাগলীৰ দৰে৷ পাহাৰীয়া ঠাইত ভেড়াৰ নোমৰপৰা বনোৱা উমাল চুৱেটাৰ পিন্ধে”, সৰু মগজটোৱে ঢুকি পোৱাকৈ আৰু কৌতূহলী কণমানি মনটো ক্ষান্ত হোৱাকৈ দেউতাই যিমান পাৰি সহজকৈ মোক কৈছিল৷

“ওঁ, তাৰপাছত; ভেড়াৰখীয়াজনৰ এপাল ভেড়াছাগলী আছিল৷”

“আৰু এপাল মানে?” মজবুত কাঠৰ চকীখনত দেউতাৰ কোলাত বহি ভৰি জোকাৰি থকা মোৰ আকৌ খু-দুৱনি৷

“এজাক, বহুত”, আকৌ সহজ উত্তৰ, “কিন্তু ভেড়াৰখীয়াজনৰ আটাইকেইটা ভেড়াছাগলী এটা এটাকৈ বাঘে খাই পেলাইছিল৷”

“বাঘটো ক’ৰপৰা আহিল? হাবি আছিল নেকি ওচৰত?” হাবিত থকা জন্তুৰ নাম বাঘ, সিংহ, ঘোং, ভালুক বুলি পঢ়িছিলোঁ, সেয়েহে মাজতে প্ৰশ্নটো সোধাৰ সুবিধা পাইছিলোঁ৷

“কৈ আছোঁ শুন৷ ভেড়াৰখীয়াৰ ঘৰটোৰপৰা অলপ আঁতৰত এখন হাবি আছিল৷ সেই হাবিতে বাঘ আছিল৷ ভেড়াৰখীয়াৰ গোটেই ছাগলীৰ জাকটোৰপৰা এটা এটাকৈ ভেড়াছাগলীবোৰ বাঘে খাই শেষ কৰাত তাৰ বৰ দুখ লাগিল৷ মনৰ বেজাৰতে বহুত দিন লঘোণে থাকিলে৷ এদিন বজাৰলৈ যাওঁতে সি হাটত এটা খুব ধুনীয়া নোমাল ভেড়াছাগলী দেখা পালে৷ তাক দেখা পাই ভেড়াৰখীয়াৰ বৰ মৰম লাগিল আৰু সি মৰমতে ছাগলীটো কিনি আনিলে৷ নামটো ৰাখিলে চাটনি৷”

“ইস্! কিনো কথা কয়! জন্তুৰো নাম থাকে নে? চাটনিটো কিবা নাম হ’ল নেকি?”

“থাকে থাকে৷ মানুহ, জন্তু, চৰাই-চিৰিকটি প্ৰত্যেকৰে নাম থাকে৷ কিয়, আমাৰ গাইজনীৰ নামচোন ’লখিমী’ আছিল, মনত নাই জানো তোৰ?”

দেউতাই আমাৰ ঘৰৰ লক্ষ্মী গাইজনীৰ কথা কৈছিল৷ কি ধুনীয়া বগা-ধোঁৱাবৰণীয়া ডাঙৰ গাই আছিল সেইজনী! সেই লখিমীজনীয়েই এদিন নোহোৱা হৈ গৈছিল৷ লখিমীৰ শোকত মাৰ পেটলৈ ভাত নোযোৱা হৈছিল৷ দেউতাই দিনে ৰাতিয়ে তাইক বিচাৰিছিল৷ মায়ে কৈছিল, কোনোবাই হিংসা কৰি তাইক লৈ গ’ল৷ পাছত গাঁৱৰ মানুহ এজনে খবৰ দিছিল দলনিৰ বোকামাটিত গাভিনী গাইজনী পোত গৈ মৰি আছিল৷ লখিমীৰ কথা দেউতাই সোঁৱৰাই দিয়াত কণমানি বুকুখনত শোকটোৱে খুন্দা মাৰি ধৰে৷

দেউতাই ততাতৈয়াকৈ সাধুটো আগবঢ়াই নিয়ে, “চাটনিক ভেড়াৰখীয়াই বৰ ভাল পাইছিল৷ খুব মৰম কৰিছিল৷ চাটনিক নিজ হাতেৰে খাবলৈ দিছিল, চৰাবলৈ নিছিল৷ নিপোটল দেহাটোৰে চাটনি দেখিবলৈ বৰ শুৱনি আছিল৷ সিয়ো যেন মালিকৰ মন বুজি পাইছিল৷ মালিকে কুমলীয়া ঘাঁহকেইডাল আগবঢ়াই নিদিলে সি নাখাইছিল৷ চাটনিক মালিকে সদায় পথাৰত চৰিবলৈ মেলি দিয়ে, আৰু মৰম কৰি কয়, তেওঁ যেতিয়াই তাক ’চাটনি’ বুলি নাম ধৰি মাতিব তেতিয়াই যাতে সি পথাৰৰপৰা ঘৰলৈ উভতি আহে৷ চাটনিয়েও মালিকৰ কথামতে পথাৰখনত ঘাঁহ-বন খাই দিনটো পাৰ কৰে আৰু আবেলি মালিকে নাম ধৰি মতা শুনিলে উভতি আহে৷ ভেড়াৰখীয়াই চাটনিৰ নাম ধৰি মাতে এনেকৈ, “চা… ট… নি…ই…বে… এ…এ…” আৰু চাটনিয়েও তাৰ উত্তৰত “বে… এ…” বুলি বেবাই লৰ মাৰি আহিছিল৷” দেউতাই ছাগলীৰ দৰে মাত উলিয়াইছিল৷ মই উলাহতে হাত তালি মাৰিছিলোঁ৷ দেউতাই ’চাটনি’ বুলি ভেড়াৰখীয়াৰ মাতটো উলিয়াইছিল, আৰু মই ‛বে… এ…’ বুলি চাটনিৰ হৈ উত্তৰ দিছিলোঁ৷

“এইদৰেই দিনবোৰ পাৰ হৈছিল৷ দিনটো ঘাঁহ খাই চাটনি যেতিয়া মালিকৰ ওচৰলৈ ঘূৰি আহে, তেতিয়া চাটনিয়ে জোঙা শিং দুটা লৰাই মূৰটো জোকাৰি মালিকৰ মৰম বিচাৰে৷ ভেড়াৰখীয়াজনে হাউলি চাটনিক মৰম কৰে, দীঘল নোমখিনিত হাত বুলাই দিয়ে৷”

“অ’ দেতা, জীৱ-জন্তুৱে মানুহৰ কথা বুজে জানো?”

“বুজেতো! কিয় নুবুজে? হৰেন দাইটিৰ ঘৰৰ মতিক দেখা নাই জানো? আহ বুলিলেই আহে, বহ বুলিলেই বহে, খাবলৈ দিলে সন্তুষ্টিত নেজ জোকাৰে৷ হৰেন দাইটিৰ চাইকেলৰ টিলিঙা শুনিলেইচোন নেজ জোকাৰি মৰম বিচাৰি কুঁ-কুঁৱাই উঠে৷” মতি আমাৰ ঘৰৰ সমুখৰ হৰেন দাইটিৰ ঘৰত থকা কুকুৰটোৰ নাম আছিল৷

“হ’লেও! চাটনি ভেড়াছাগলী হে৷ “

“বুজে, মৰমৰ ভাষা প্ৰত্যেকেই বুজে৷ চাটনিয়েও বুজিছিল৷ সেইকাৰণে মালিকে যি কয় তাকে শুনিছিল৷”

দেউতাৰ মুখত চাটনিৰ সাধুটো শুনাৰ হেঁপাহত সৰু বা পঢ়া মেজৰপৰা উঠি আহিছিল৷ দেউতাৰ কোলাৰপৰা দেখা পাওঁ, পাকঘৰৰ ডাঙৰ খোৱা মেজখনত ডাঙৰ বা আৰু মাজু বাক ইংৰাজী ব্যাকৰণ শিকাই থকাৰপৰা মায়ে সাধুটোলৈ কাণ উনাইছে৷

“সৰু পাহাৰটোৰ গাতে লাগি এডৰা কোমল ঘাঁহনি আছিল৷ লহপহকৈ সেউজীয়া৷ দেখিলেই লোভ লগা৷ চাটনিক কিন্তু মালিকে কেতিয়াও সেই কোমল ঘাঁহনিডৰালৈ চৰিবলৈ পঠোৱা নাছিল৷ সদায় ভেড়াৰখীয়াৰ জুপুৰীটোৰ সমুখৰ পথাৰখনতে চাটনি চৰিছিল৷ চাটনিয়ে লুকাই-চুৰকৈ সেই ঘাঁহনিডৰালৈ সদায় চায়৷ দীঘল লহপহীয়া ঘাঁহবোৰ বতাহত হালি-জালি থাকে৷ চাটনিৰ লোভ লাগে৷ দৌৰ মাৰি তালৈ যাবপৰা হ’লে৷ কিন্তু নাই! মালিকে যে নিদিয়ে৷”

“কিয় নিদিয়েনো দেতা?”

“কিয় নিদিয়ে শুন৷ সেই যে বাঘ থকা হাবিখন, পাহাৰটোৰ আনটো পাৰে গাতে লাগি সেই ডাঠ হাবিখন আছিল৷ সেই হাবিখনতে নাহৰফুটুকী বাঘৰ ঘৰ আছিল৷ চাটনিৰ দৰে মঙহাল ছাগলী এটাৰ গোন্ধ পালে বাঘ নাহিব? বাঘে আহি নেফা-নেফ কৰি চাটনিক খাই পেলাব৷ সেয়েহে মালিকে কেতিয়াও চাটনিক তালৈ পঠোৱা নাছিল৷”

“এদিন কি হ’ল শুন৷ শনিবৰীয়া হাটলৈ মালিক যাবলগা হ’ল৷ ঘৰত আন কোনো নাই৷” সাধুটোৰ ঠিক এইখিনিৰপৰা মোৰ ভয় লাগিবলৈ আৰম্ভ কৰে৷

দেউতাই কৈ যায়, “মালিকে চাটনিক পথাৰত চৰিবলৈ মেলি দিলে৷ যাবৰ পৰত, চাটনিক মৰম কৰি দঢ়াই দঢ়াই কৈ গ’ল যে সি যাতে সেই পাহাৰৰ ঘাঁহনিডৰালৈ ভুলতো নাযায় আৰু বেলি লহিয়াবৰ পৰত ঘৰলৈ ঘূৰি আহে৷” মোৰ এধানি মনটোৱে ইতিমধ্যে দেউতাৰ কথা মানি লৈছিল যে পোহনীয়া জীৱ-জন্তুৱে মালিকৰ কথা বুজি পায় আৰু মানি চলে৷

“ভেড়াৰখীয়া মালিকজন বজাৰৰ মোনাটো লৈ হাটলৈ ওলাই গ’ল৷ চাটনিয়েও মালিকৰ কথা মানি পথাৰত চৰি আছে৷ দিনটো বৰ ধুনীয়া আছিল৷ চাটনিৰ চকু বাৰে পতি পাহাৰৰ সেই কুমলীয়া ঘাঁহনিডৰালৈ যাবলৈ ধৰিলে৷ বতাহত ঘাঁহনিডৰাই লহৰ তুলি নাচি আছিল৷ এইপিনে গাঁৱৰ পথাৰত চৰি থকা চাটনিৰ মনটো লক্-লকাই উঠিল৷ আজি কোনে পায়! মালিকো নাই৷ ’অকণমানৰ কাৰণে হ’লেও কুমলীয়া ঘাঁহকেইডালৰ সোৱাদ লৈয়ে ঘৰলৈ গুচি আহিম’ বুলি চাটনিয়ে পাহাৰৰ পিনে আগবাঢ়িল৷

ঘাঁহনিডৰালৈ গৈয়েই চাটনিয়ে ফূৰ্তিমনেৰে প্ৰথমে দুপাকমান আগঠেং দুটা দাঙি জঁপিয়াই ল’লে৷ এনেকৈ চা!” এইবুলি দেউতাই মূৰটো জোকাৰি হাতদুখন দাঙি কিলাকুটিতে ভাঁজ কৰি অংগী-ভংগী কৰি দেখুৱায়৷ মই হাত তালি মাৰি উঠিছিলোঁ তেতিয়া৷ তাৰপাছত দেউতাই কৈ যায়, “ফূৰ্তিৰ জাঁপ দুটা মাৰি চাটনিয়ে মোকোৰা-মোকোৰে কুমলীয়া ঘাঁহবোৰ খাবলৈ আৰম্ভ কৰি দিয়ে৷ বেলি লহিওৱাৰ আগত সি যিমান পাৰে ঘাঁহ পেটত সুমুৱাই ল’ব৷ পৰম আনন্দত মূৰটো লৰাই লৰাই চাটনিয়ে ঘাঁহ খাই গ’ল৷ মালিকলৈ মাজে মাজে খং উঠিল, ইমান সুন্দৰ খাদ্যবস্তুৰপৰা ইমান দিনে বঞ্চিত কৰি ৰখা বাবে৷”

“দেতা আমি ’বঞ্চিত’ শব্দটো কিতাপত পাইছোঁ, কাকো নকৰিবা বঞ্চিত, দিবা কিঞ্চিত কিঞ্চিত৷ নহয় নে দেতা৷” দেউতাৰ মুখৰ টান শব্দ এটা চিনি পোৱাৰ উলাহত মই মাতষাৰ দিওঁ৷

“উম! ভাল ছোৱালী, শুন এতিয়া৷”

“দিনৰ দিনটো চাটনিয়ে ঘাঁহ খালে, কোমল ঘাঁহনিৰ ওপৰত আৰাম কৰিলে, ফূৰ্তিত খেলিলে৷ আবেলি হ’বৰ হ’ল৷ চাটনিয়ে লোভ সামৰিব নোৱাৰি আকৌ ঘাঁহ খাবলৈ আৰম্ভ কৰিলে৷ ঘাঁহ খোৱাৰ মাজে মাজে সি মূৰটো দাঙি পাহাৰটোলৈ চায়৷ বেলিটো কমলাৰঙৰ হৈ পাহাৰৰ সিটো পাৰে লুকাবৰ সময় হৈছে৷ সি ভাবে, আৰু অকণমান খাই লওঁ, আৰু অকণমান বেলিটো নামি লওক, তাৰপাছত যামগৈ৷ এইদৰে মূৰ জোকাৰি জোকাৰি চাটনিয়ে ঘাঁহ খায় আৰু বেলিটোলৈ চায়, ঘাঁহ খায় আৰু বেলিটোলৈ চায়; আৰু এনেকুৱা কৰি থাকোঁতেই বেলিটো এপাকত টপকৈ পাহাৰটোৰ সিটো পাৰে লুকাই থাকিল৷ চাটনিয়ে ভাবিলে, বহুত হ’ল৷ মালিকো আহিবৰ সময় হৈছে৷ এতিয়া যোৱাই ভাল হ’ব৷ এইবুলি ঘাঁহখিনিত শেষ কামোৰটো মাৰে৷ কিন্তু…”

ইয়াৰ পিছৰখিনি আপোনালোকৰ সহজেই অনুমেয়, লিখিবলৈ লৈ আজিও চকু সেমেকি উঠিছে৷ শৈশৱৰ কোমল দলিচাত উমলি থকা এই সাধুটোৱে মনত দকৈ সাঁচ বহুৱাইছিল৷ অৱশ্যে দেউতাৰ অতুলনীয় কাহিনী কথন ভংগীও ইয়াৰ আন এক কাৰক আছিল৷ চাটনিৰ সাধুটোৰ খুব কৰুণ পৰিসমাপ্তি ঘটিছিল৷ মালিকৰ কথা অমান্য কৰি পাহাৰত ঘাঁহ খাবলৈ যোৱা চাটনিয়ে লোভ সামৰিব নোৱাৰি যেতিয়া বেলি লহিওৱাৰ পৰত তৃপ্তিৰে ঘাঁহ চোবাই আছিল, তেতিয়া চাটনিৰ অজ্ঞাতে দাঁতিকাষৰীয়া হাবিখনৰ নাহৰফুটুকীটোৱে আহি জোপোহাৰ আঁৰত চোপ লৈ আছিল৷ বেলি ডুবিবৰ সময়ত আন্ধাৰ নামি অহাৰ সুযোগ লৈয়ে সেই নাহৰফুটুকীটো চাটনিৰ ওপৰত জঁপিয়াই পৰিছিল৷ অৱশ্যে দেউতাৰ ভাষ্যত চাটনি ইমান সহজে হাৰ মনা বিধৰ নাছিল৷ চাটনিয়েও সমানেই ফেপেৰি পাতি লৈ শিং দুটা জোকাৰি নাহৰফুটুকীটোৰ সৈতে সমুখ সমৰত নামিছিল৷ দেউতাই অংগী-ভংগীৰে চাটনি আৰু নাহৰফুটুকীৰ তয়া-ময়া ৰণখন বৰ্ণনা কৰিছিল৷ চাটনিৰ দৰে মূৰ জোকাৰিছিল৷ কিন্তু সেয়ে হ’লেও চাটনিয়ে হাৰ মানিব লগা হ’ল৷ আনপিনে সন্ধিয়া লগাৰ আগে আগে হাটৰপৰা আহি পোৱা ভেড়াৰখীয়া মালিকে চাটনিক বিচাৰি চলাথ কৰি ফুৰিছিল৷ সাধুটো কৈ যাওঁতে দেউতাই আকৌ এবাৰ ভেড়াৰখীয়াৰ দৰে চাটনিৰ নাম ধৰি মাতিছিল, “চা… ট… নি…ই…ই…! বে…এ… এ…৷ “ নাহৰফুটুকীৰ লগত যুঁজি যুঁজি ভাগৰি পৰা চাটনিয়ে মালিকৰ কাতৰ সন্ধানৰ সঁহাৰি দিব পৰা নাছিল৷ মৃত্যুৰ আগমুহূৰ্তত সি মালিকলৈ মনত পেলাইছিল৷ মালিকে মৰমেৰে দিয়া বুজনিলৈ মনত পৰিছিল৷ দুচকুৰে লোটক বাগৰি অহা চাটনিয়ে ডিঙিত জোঙা দাঁত বহুৱাই দিয়া নাহৰফুটুকীটোৰ ওচৰত বশ্যতা স্বীকাৰ কৰি চকু মুদিছিল৷ তাৰপাছত হেনো সেই ভেড়াৰখীয়াজনে মনৰ দুখত কেতিয়াও আৰু ভেৰাছাগলী পোহা নাছিল৷

সাধুটোৰ শেষৰ পিনে মোৰ মনটো ক’লা পৰি গৈছিল৷ ফেঁকুৰি-ফেঁকুৰি চকুপানীৰে গাল দুখন তিতি চপ-চপীয়া হৈ পৰিছিল৷ মনটোৱে খুব বিচাৰিছিল, চাটনি যাতে জীয়াই থাকে৷ কিজানি বা মালিকে চাটনিক জীয়াই থকা অৱস্থাত উদ্ধাৰ কৰি লৈ আহে আৰু চিকিৎসা কৰি হ’লেও পুনৰ জীয়াই তোলে৷ কিজানি বা চাটনিৰ জোঙা শিং দুটাৰ খোঁচ খাই নাহৰফুটুকীটোৱেই পলাই গ’ল! কিজানি বা…!

কিজানিবোৰে, হেঁতেনবোৰে মোৰ মনত উচপিচাই আছিল আৰু চাটনিৰ সাধুটো সিমানতে শেষ হৈছিল৷


বাস্তৱৰ অৱলোকন:

(ক)
: ধনপোনা, তোৰ লগৰ কেইটাৰ মতি-গতি মই বৰ ভাল নেদেখোঁ৷ পঢ়া-শুনাৰ প্ৰতি মন কাণ নাই, তিনিআলিৰ গুমটি দোকানত বহি বেয়া মাত-কথাৰ, বেয়া কামৰ আখৰা৷ সেইদিনা সন্ধিয়া গাৰ নোম নেদেখা হোৱা আন্ধাৰতো সিহঁতৰ অশ্লীল মাত-কথাত মই কান্ধৰ গামোচা খনেৰে মুখ ঢাকিব লগা অৱস্থা! তই অলপ গা এৰাই চিলিবিচোন৷
: দেউতা, তোমাৰ ভয়টো বেছি৷ কিনো বেয়া কাম কৰিছে সিহঁতে? আৰু মই সৰু ল’ৰা নহওঁ তো!
: নহয় হে, তোক লৈ চিন্তা হয়৷ সিহঁতৰ লগত থাকিলে তই কেতিয়াবা বিপদত পৰিবি৷
: একো বিপদত নপৰোঁ দেউতা৷ মই জানো নহয় কি কৰিব লাগে, কি কৰিব নালাগে৷
তাৰ কিছুদিন পাছতে বন্ধুবৰ্গৰ সৈতে পানীটুপি ধৰি বাটৰুৱাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত ধনপোনাও এৰাতিৰ কাৰণে থানাৰ লক-আপৰ আলহী হ’বলগা হ’ল৷

(খ)
: মাতু, পৰীক্ষালৈ পঢ়া ঠিকেই চলিছেনে?
: ঠিকেই চলিছে মা৷
: তোমাৰ বন্ধু-বান্ধৱীহতক এইবাৰ তোমাৰ জন্মদিনটোত ঘৰলৈকে মাতা৷ মই পৰীক্ষা বুলি পায়স অকণো আগ কৰিলোঁ হেতেন৷

: কি যে কথাবোৰ কোৱা মা! সিহঁতে মোক কিমান আউটডেটেড বুলি হাঁহিব৷ আজিকালিতো সবেই হোটেল ৰেস্তোৰাঁতেই বাৰ্থ দে’ পাৰ্টি দিয়ে৷ মই কি ঘৰলৈ মাতি পায়স খুৱাম? ন’ ৱে!
মাকে হুমুনিয়াহ কাঢ়িলে৷ তেওঁলোকৰ দিনবোৰ এনেকুৱা নাছিল৷ এতিয়া তেওঁলোকৰ কথা, পৰামৰ্শ, ৰুচি-অৰুচিবোৰ অলাগতিয়াল হ’ল৷ জীয়েক ম’ৰা পাখি মৰা কাউৰীৰ দৰে হ’ব খুজিছে৷ তেওঁ বাধা দিলেও নৰজে৷
এসপ্তাহৰ পাছত বাৰ্থ দে’ চেলিব্ৰেট কৰিবলৈ যোৱা কিশোৰীজনীৰ নৈৰ দাঁতিকাষৰীয়া ধাবাখনত নিজৰেই বন্ধু প্ৰেমিকৰ হাতত শ্লীলতা হানি হয়৷

(গ)
: হেৰি, আপুনি যে সোণক ইমান দামী বাইকখন লৈ দিলে, উচিত হ’ল জানো কথাটো? ঘৰৰপৰা সৌ কণ দূৰ হে বাট৷ সি চোন কলেজলৈ চাইকেলখনতে অহা যোৱা কৰিব পাৰে৷

: কথাষাৰ ময়ো ভাবিছিলোঁ অৱন্তী৷ তাক কৈ ননোৱাও নহয়৷ কিন্তু যিদিনাই সি বাইক নাপালে ঘৰলৈ ঘূৰি নাহে বুলি জেদ ধৰিলে সেইদিনাই বুজিলোঁ সি আমাৰ হকা-বাধাই বাৰণ কৰি ৰাখিব পৰাটো হৈ থকা নাই!

তাৰ দমুাহৰ পাছত বাইক দুৰ্ঘটনাত সোণ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয় ত ভৰ্তি হ’বলগা হয়৷

(ঘ)
: মাজনী, তোক কথা এটা কওঁ৷ অৰ্ণব ল’ৰাটো ধনীঘৰৰ ল’ৰা৷ তাৰ লগত তোৰ ঘনিষ্ঠতা খুব বাঢ়িছে বুলি মই এই কেইমাহ লক্ষ্য কৰিছোঁ৷ তহঁতৰ মাজত হয়তো ভালপোৱাৰ সম্পৰ্ক এটাই গঢ় লৈ উঠিছে৷ মই তোক সাৱধান কৰি দিব খোজোঁ৷ তাৰ কথা-বাৰ্তা, চেও-কাটলত মোৰ মনটো সমূলি পতিয়ন নাযায় যে সি তোক সঁচাকৈ ভালপাইছে৷ কোনোবাদিনা সি বিশ্বাসঘাতক বুলি প্ৰমাণ পালে তই বৰ আঘাত পাবি মাজনী৷
: তুমি অৰ্ণবক মিছাতে সন্দেহ কৰিছা মা৷ হয়, আমাৰ মাজত ভালপোৱা আৰম্ভ হৈছে৷ সি মোক সঁচাকৈয়ে ভালপায় আৰু ময়ো তাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম মা৷

কিন্তু মাজনী আৰু অৰ্ণবৰ ভালপোৱা কথমপি ছমাহ হে টিকিল৷ অন্য এক ধনীৰ দুলালীৰ প্ৰেমত পৰিবলৈ লোৱা অৰ্ণবৰ বিশ্বাসঘাতকতা শিৱ নোৱাৰি মাজনীয়ে মাকৰ কোলাত মূৰ থৈ কান্দিলে৷


আচলতে ’চাটনি’ৰ সাধুটো যুগে যুগে জী আহিছে৷

আজিও চাটনি আছে, আছে সেই ভেড়াৰখীয়াজন, আছে সেই হিংস্ৰ নাহৰফুটুকীটো৷ কিন্তু ক’ত আছে? উত্তৰ, আমাৰ মাজতে আছে৷ এইখন সমাজতে আছে৷ আজি যেতিয়া মাজে-সময়ে কৈশোৰ-যৌৱনৰ সন্ধিক্ষণত থকাসকলৰ কিছুমান জীৱনশৈলী, জীৱনক গ্ৰহণ কৰাৰ দৃষ্টিভংগী দেখা পাওঁ, তেতিয়াই মোৰ চাটনিলৈ মনত পৰে৷ সৰুতেই দেউতাৰ মুখত শুনা এই সাধুটোৰপৰা আমি শিকিছিলোঁ, মাক-দেউতাকে সদায় সন্তানৰ মংগল কামনা কৰে৷ জ্যেষ্ঠজনৰ হকা-বাধা নামনি কাম কৰিলে নিজৰ হানি হয়৷ কোনো কিতাপত পঢ়িবলৈ নোপোৱা এই সাধুটো দেউতাৰ স্বকীয় আৰু একক সৃষ্টিও হয়তো হ’ব পাৰে৷ কিন্তু যিয়েই নহওক লাগিলে, সাধুটোৱে চিত্ৰিত কৰা নৈতিক শিক্ষাৰ ছবিখনে বুকুত দকৈ সাঁচ বহুৱাই গৈছিল যাৰ কাৰণে পৰৱৰ্তী দিনবোৰত মা-দেউতাৰ অজ্ঞাতে কিবা কৰিবলৈ, ক’ৰবালৈ যাবলৈ সংকোচ হৈছিল৷ কলেজত পঢ়ি থকা দিনবোৰত, ক্লাছ-টিউশ্যনৰ শেষত বা ক’ৰবালৈ ওলাই গ’লে নিৰ্ধাৰিত সময়তকৈ পলমকৈ ঘৰত উপস্থিত হ’বলগা হ’লেই দোষবোধ এটাই হেঁচি ধৰিছিল৷ “ছেহ! ৰঞ্জিতাই ক’লে বুলিয়েনো মই বাৰু কিয় ৰেস্তোৰাঁখনলৈ যাব লাগে!” অথবা “কিহে পাইছিলনো মোক সাংস্কৃতিক সন্ধিয়াৰ শেষলৈকে ৰৈ থাকিবলৈ!” এইধৰণৰ ভাৱবোৰ মনলৈ আহিছিল৷ চিন্তা হৈছিল, মোৰ নিৰাপত্তাৰ কথা ভাবি ঘৰত দুজন মহীৰূহ চিন্তিত হৈ পৰা নাইতো!

কিন্তু আজি যেতিয়া দেউতাকৰ কথা নুশুনি তীব্ৰ গতিত বাইক চলাই দুৰ্ঘটনাগ্ৰস্ত হোৱা ল’ৰাটো দেখোঁ, মাকৰ নিষেধাজ্ঞাক অমান্য কৰি আধা আলো-আধা ছায়াৰ ৰেস্তোৰাঁলৈ গৈ প্ৰেমিক-বন্ধুৰ হাতত বিপৰ্যস্ত হোৱা ছোৱালীজনীৰ ভয়ত বিতত হোৱা কৰুণ মুখখন দেখোঁ, পৰিয়ালৰ মানুহখিনিৰ মৰম-চেনেহকো নেওচি অসৎ সংগৰ প্ৰভাৱত নিষিদ্ধ নিচা লোৱা ল’ৰাটো বা ছোৱালীজনীক দেখা পাওঁ, তেতিয়া ভাৱ হয় এওঁলোকৰ প্ৰত্যেকেই যেন সেই মালিকৰ মৰম-আলাসত ডাঙৰ হোৱা অথচ মালিকৰ কথা অমান্য কৰি নিজৰ সৰ্বনাশ মাতি অনা চাটনিহে৷

চাটনি আৰু ভেড়াৰখীয়াৰ সাধুটো মাথোঁ এটা উদাহৰণহে৷ এই সাধুটোৰ জৰিয়তে সামগ্ৰিকভাৱে শৈশৱত শিশুৰ মানসিক আৰু নৈতিক বিকাশ তথা উত্তৰণৰ কাৰণে অভিভাৱকে হাতত লোৱা বিভিন্ন যত্ন বা কৌশলক সাঙুৰি লোৱা হৈছে৷ আমি শৈশৱতে এনেকুৱা বহুত সাধু পঢ়িবলৈ আৰু শুনিবলৈ পাইছিলোঁ যিবোৰে নৈতিক শিক্ষাৰে উদ্ভাসিত হোৱা বাট এটালৈ আমাক হাতত ধৰি লৈ গৈছিল৷ দৰাচলতে পুথিগত বিদ্যাৰ লগতে শাৰীৰিক, মানসিক, নৈতিক তথা আধ্যাত্মিক উৎকৰ্ষ সাধনৰ আটাইতকৈ উপযুক্ত সময়েই শৈশৱ৷ এই সময়ছোৱাতেই সাধুকথাবোৰে শিশুৰ সৰ্বাংগীণ বিকাশৰ পথ সুচল কৰে৷

আগৰ সাধুকথাবোৰত হিত-অহিত ভাল-বেয়াৰ ইংগিত আছিল৷ পক্ষীৰাজ ঘোঁৰাত সোণৰ তৰোৱাল লৈ ৰাজকুমাৰ উৰি যোৱা কাহিনীটো কাল্পনিক হ’ব পাৰে, কিন্তু বন্দীনী ৰাজকন্যাক অপহৰণ কৰি লৈ যোৱা দস্যুক পৰাভূত কৰাৰ বিজয়ে পৰোক্ষভাৱে শিশুৰ সৰল মনত বিশ্বাস ওপজায় যে ‘বেয়া’ কাম কৰিলে সদায় ‘বেয়া’ ফল পোৱাটো ধুৰূপ৷ ঠিক সেইদৰে জ্ঞানী-মুৰ্খ ছাগলীহালে নিজৰ মাজত কথোপকথন কৰাটো অস্বাভাৱিক হ’ব পাৰে, কিন্তু সাধুটোৱে পোহৰাই দিয়া নীতিশিক্ষা শিশুটিৰ অনাগত দিনবোৰৰ বাবে পাথেয় হৈ ধৰা দিয়ে৷ মানৱীয় প্ৰমূল্যবোধ, শিষ্টাচাৰ, সজ গুণৰ কৰ্ষণৰ জৰিয়তে সজ আচৰণৰ আখৰা, আৱেগ-অনুভূতি-বিবেকৰ সন্তুলিত সমাহাৰ এই আটাইবোৰ উপদানেৰে সম্পদশালী হৈ সাধুকথাবোৰ আচলতে আমাৰ মন-মগজুত সোমাই পৰিছিল৷

ডাঙৰৰ কথা শুনিব লাগে, মা-দেউতাই সদায় ভাল হোৱাটো বিচাৰে, হক কথাত হে হকা-বাধা কৰে-’চাটনি’য়ে দিয়া শিক্ষা আছিল সেয়া৷ “বিশ্বাসে মিলয় হৰি”–মধুসূদনৰ সাধুটোৱে শিকাইছিল৷ যদিও বা আজিৰ তাৰিখত এই কথাষাৰ গুৰুত্বহীন বুলি একাংশই ক’ব খোজে, তথাপি আধ্যাত্মিকতাৰ ভাৱেৰে উদ্বুদ্ধ হৈ মনত সন্তোষ লভিছিলো সেই তেতিয়াই, যেতিয়া বুজিছিলোঁ যে পিয়াহত আতুৰ পথিকক খৰস্ৰোতা তটিনীয়ে কেতিয়াও বিমুখ নকৰাৰ নিচিনাকৈ নেদেখাজনক হৃদয়ৰ সমস্ত সততাৰে আহ্বান কৰিলে তেওঁ নিশ্চয় ধৰা দিব৷ শিশুৰ সৰল মনৰ দৰে নিষ্কলুষ পবিত্ৰতাৰে ঈশ্বৰক আৰাধনা কৰিলে তুষ্ট হয়-এয়া আছিল কণমানি ধ্ৰুৱৰ অমোঘ সত্য৷ আত্মবিশ্বাস আৰু আস্থাৰ খুঁটা শেষ বিন্দুলৈকে হিলিবলৈ নিদিবা, পৰমপিতাৰ ওচৰত যদি নিজকে সমৰ্পণ কৰিছা, তেন্তে তেখেতৰ ওপৰত আস্থা ৰাখা, তোমাৰ হাত কেতিয়াও নেৰে-’সাক্ষীগোপাল’ৰ সাধুৱে তাকে কৈছিল৷ অহংকাৰেই সৰ্বনাশ আনে, দোঁ খাই থকা ফলধাৰী বৃক্ষৰ দৰে বিনয়ী হোৱা-তিনিটা চোৰৰ সেই সাধুটোৱে আজিও বাট দেখুৱায়৷ অতিথি অভ্যাগতৰ সাধ্যানুসৰি সেৱা কৰা-সোণালী এন্দুৰে কয়৷

বীৰবলৰ সাধুৱে উপস্থিত বুদ্ধিমত্তাৰ কথা কৈছিল, বিক্ৰমাদিত্যই কৈছিল তোমাৰ ওপৰত নিৰ্ভৰশীল যি সকল আছে তেওঁলোকৰ প্ৰতি সদয় হোৱা, তেওঁলোকক মৰম দিয়া, তেওঁলোকৰ বিশ্বাস ভাঙিবলৈ নিদিবা; পঞ্চতন্ত্ৰ, জাতক, ইচপৰ প্ৰতিটো পাততে আছিল জীৱন মাৰ্গ উজ্জ্বলাব পৰা নীতিকথা৷

কেৱল সাধুকথাৰ জৰিয়তেই নহয়, শৈশৱত অন্যান্য উপায়েৰে পোৱা শিকনিসমূহ ভৱিষ্যতলৈও নিগাজীকৈ আমাৰ আচাৰ-আচৰণত বহি লয়৷ ক’ব পাৰি, শৈশৱ আচলতে ব্যক্তিৰ সামগ্ৰিক বিকাশৰ কঠীয়াতলি৷ তাত শুদ্ধ চিন্তাসমূহৰ বীজ সিঁচিব লাগে আৰু সজ গুণসমূহৰ কৰ্ষণৰ জৰিয়তে সজ আচৰণসমূহৰ ভূঁই ৰুব লাগে৷ ডাঙৰৰ সৈতে কিদৰে কথা-বাৰ্তা হ’ব লাগে, সৰুক মৰম দিব লাগে, ৰাজহুৱা ঠাইত কেনেকুৱা আচৰণ কৰিব লাগে, শিক্ষকৰ প্ৰতি কি ধৰণৰ ব্যৱহাৰ হ’ব লাগে, সমনীয়াৰ সৈতে কিমান পৰ্যায়লৈকে ঘনিষ্ঠ হ’ব লাগে, কেনেকুৱা মাত-কথা আচাৰ-ব্যৱহাৰ পৰিহাৰ কৰিব লাগে-এইবোৰ আমাক শৈশৱতে আমাৰ পিতৃ-মাতৃ বা জ্যেষ্ঠজনে শিকায়৷ আমাৰ শৈশৱ এনেকুৱা আছিল, য’ত এপেকেট ৰং পেঞ্চিল আনিবলৈ দেউতাক কেইবাদিনো কুটুৰিব লগা হৈছিল৷ আৰু কেইবাদিনৰো ব্যাকুল অপেক্ষাৰ অন্তত হাতত পৰা সেই ৰং পেঞ্চিল বাকচ দুৰ্ভাগ্যবশত হেৰালে বা নষ্ট হ’লে ভয়ে হেঁচা মাৰি ধৰিছিল৷ এইবোৰ শৈশৱে আচলতে অভাৱ অনুভৱ কৰিবলৈ শিকিছিল৷ কিন্তু সেই অনুভৱ অলাগতিয়াল নাছিল৷ ঠিক সেইদৰে কৈশোৰ কালতো আৰু বয়ঃসন্ধিৰ কালছোৱাত কিছুমান শিক্ষা দিয়া হয়৷ পৰৱৰ্তী দিনবোৰত যিবোৰ সন্তানে পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী বা অন্য জ্যেষ্ঠজনৰপৰা পোৱা এই শিকনিসমূহক হৃদয়ংগম কৰি মানি চলে তেওঁলোকৰ কল্যাণ হয়৷ ডাঙৰৰ হিত দিহা-পৰামৰ্শৰ প্ৰতি যেতিয়াই অৱজ্ঞাৰ ভাৱ জন্মে, তেতিয়াই দৰাচলতে নিজৰ বিপদক হাত বাউল দিয়া হয়, লাগিলে সেয়া আংশিক বা নগণ্যই হওক৷ “বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা” বোলা সোণসেৰীয়া কথাষাৰ ইয়াতেই প্ৰযোজ্য৷


উপসংহাৰ:
শিশু আৰু কিশোৰসকলৰ ওপৰত সৰ্বাধিক প্ৰভাৱ বিস্তাৰ কৰে ঘৰখনে আৰু বিদ্যালয়ৰ পৰিৱেশে৷ সেয়েহে সুস্থ চিন্তা আৰু পৰিশীলিত মাত-কথা, আচাৰ-ব্যৱহাৰৰ বীজ তেওঁলোকৰ মন-মগজুত যাতে এই সময়তেই ৰোপণ কৰিবপৰা যায় তাৰ প্ৰতি অভিভাৱক আৰু শিক্ষাগুৰু সচেষ্ট হোৱা উচিত৷ ব্যক্তিৰ সমষ্টিয়েইতো সমাজ৷ সমাজৰ এক চতুৰ্থাংশৰ মাজতো যদি মূল্যবোধৰ অৱক্ষয় ঘটিছে, মানৱীয় অনুভূতিসমূহৰ পতন ঘটিছে তেন্তে ই গোটেই সমাজখনৰ সামগ্ৰিক বিকাশৰ বাবেই অশুভ ইংগিত৷ সেয়েহে, মানৱীয় প্ৰমূল্যবোধৰ আসন্ন ছন্দপতনৰ প্ৰতি সজাগ হৈ মাৰ বান্ধি সাজু হোৱাৰ সময় এয়াই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক