চাদৰ – ৰীতা ভূঞা বৰুৱা

পিতায়ে হাটৰ পৰা আনি দিয়া
হেজাৰ পকোৱা
উঘাই বাতি কাঢ়ি
আয়ে তোক বৈছিল
তাঁতত

আইৰ সেওঁতাৰ সেন্দূৰ যেন
ৰঙা পাৰি
কেঁচ বছা আঁচল আৰু
দেহত আকাশৰ তৰা বাছি
আয়ে তোক পিন্ধোতে
পিতায়ে আইলৈ
ৰ লাগি চাইছিল

নিশালৈ বৰষুণ নামিছিল

পিতাই আজি আৰু নাই!
গুচি গ’ল হ’বলৈ আকাশৰ তৰা
আৰু সিদিনাই ওচৰৰে
খুৰী-বৰমাহঁতে খুলি পেলালে তোক
আইৰ দেহৰ পৰা

তেতিয়াৰে পৰা তই আছগৈ
আইৰ পেৰাৰ তলিত
বুকুৰ ভাঁজে ভাঁজে সামৰি
আই আৰু পিতাইৰ
সুখৰ সুৰীয়া দিনবোৰ৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক