চানাৱালাৰ কাগজ (অভিজ্ঞান ফুলকোঁৱৰ)

(তাত থকা সেই আকৰ্ষণ আৰু ৰোমাঞ্চ মই হয়তো কোনো গল্পকাৰৰ কোনো গল্পতে নেপাম। আজিলৈকে এটাও কাহিনী মই পূৰাকৈ পঢ়িবলৈ পোৱা নাই, অথচ চানা বা খাবলৈ দিয়া বস্তুবোৰতকৈ সেইবোৰ বান্ধি দিয়া কাগজ টুকুৰালৈহে মোৰ বেছি হেঁপাহ থাকি গ’ল।)

বহুত সৰুৰে পৰা এটা অভ্যাসে মোৰ লগ লৈছিল। আখৰ পঢ়াৰ অভ্যাস। আজিও যি মোৰ আশেপাশে ঘূৰি ফুৰে। অধ্যয়ন শূন্য হ’লে মোৰ মাজত মই বহুখিনি পৰিৱৰ্তন দেখা পাওঁ। আচৰিতভাৱে সেয়া অসহ্যকৰ বেয়া হয়। অলপতে খং উঠে, কাৰোবাক এনেই গালি পাৰোঁ, তেনেই সৰু কথাতে স্বাভিমানত বেয়াকৈ প্ৰভাৱ পৰে। মোৰ ওচৰে-পাঁজৰে থকা বহুত মানুহ, যি মোক ভাল পায়, তেওঁলোকৰ কথা অলপো চিন্তা নকৰো।
আচলতে মই ক’বলৈ যোৱা কথাটো অলপ বেলেগ। মোৰ বাবে এয়া এক নিচা। যাৰবাবে বহু সময়ত মই আচল কামটো পাহৰিয়েই থাকো। কেতিয়াবা বাটৰ কাষত চানা খাওঁতে, কোনোবা সকাম-সবাহত প্ৰসাদ বা আন বস্তু লওঁতে, তাত ব্যৱহাৰ হোৱা টুকুৰা-টুকুৰ বাতৰি কাকত বা আলোচনীৰ প্ৰতিখিলা পাত, য’ত লিপিবদ্ধ সেই হাজাৰটা আধৰুৱা কাহিনী মই গোগ্ৰাসে পঢ়ি শেষ কৰিছিলোঁ। তাত থকা সেই আকৰ্ষণ আৰু ৰোমাঞ্চ মই হয়তো কোনো গল্পকাৰৰ কোনো গল্পতে নেপাম। আজিলৈকে এটাও কাহিনী মই পূৰাকৈ পঢ়িবলৈ পোৱা নাই, অথচ চানা বা খাবলৈ দিয়া বস্তুবোৰতকৈ সেইবোৰ বান্ধি দিয়া কাগজ টুকুৰালৈহে মোৰ বেছি হেঁপাহ থাকি গ’ল। আখৰ পঢ়াৰ এক দুৰন্ত ইচ্ছাক সম্বৰণ কৰিব নোৱাৰাৰ ফলশ্ৰুতিত মই সেইসকল লেখকৰ বহু লেখা আধৰুৱাকৈ পঢ়ি থ’লো যাৰ নাম অথবা পৰিচয়ো নেজানো। আচলতে মোৰ বিশ্বাস হয়, মই যদি সম্পূৰ্ণ লেখাটোও পালোহেঁতেন সেইকণ সোৱাদ কেতিয়াও উপভোগ নকৰিলোহেঁতেন। আজিও মোৰ লোভৰ তাপ কমা নাই। হয়তো মই নিজেই নজনাকৈ অফিচৰ পৰা উভতি যাওঁতে সেই বাবেই চানাৱালাটোৰ ওচৰত ৰৈ যাওঁ!!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments