চামটকা (  উজ্জ্বল ফুকন )

Samtoka_Ujjal Phukon

 

 

 

 

বাঁহীৰ সুৰটো চিনাকি চিনাকি লাগিল সিহঁতৰ৷ ৰাজেন আৰু সত্যেন দুয়োটাই পথাৰৰ এটা মূৰত থকা বৰগছজোপাৰ তলত বহি পথাৰৰ ফালে চাই আছে৷

“প্ৰতিধ্বনি শুনোঁ মই — প্ৰতিধ্বনি শুনোঁ– মোৰ গাঁৱৰে সীমাৰে — পথাৰৰ সিপাৰৰ — নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনোঁ–“বাঁহীৰ সুৰৰ পিছপিনৰ গানটো লাহে লাহে স্পষ্ট হৈ আহিল৷

গৰু – ম’হৰ জাক আৰু সিহঁতৰ পিছে পিছে ধেমালি কৰি আহি থকা ল’ৰাৰ জাকটোকো মনিব পৰা হ’ল৷ একেবাৰে মাজত ম’হৰ পিঠিত বহি বাঁহীত সুৰ তোলা মানুহটোও লাহে লাহে স্পষ্ট হৈ আহিল৷

“সেইটো ডেকাই হ’ব’’ সত্যেনে ক’লে৷

“তাৰ গানটো শুনিয়েই গম পাইছোঁ৷ ডেকাৰ বাহিৰে আন কোনো হ’ব নোৱাৰে৷’’ ৰাজেনে হয়ভৰ দিলে৷

দ্বিজেন ডেকা সিহঁতৰ সৰুকালৰ বন্ধু৷ পঢ়াত সৰুৰে পৰাই ভাল আছিল৷ জ্ঞানৰ ফালৰ পৰা আজিও সিহঁতে তাক সন্মান কৰে৷ কিন্তু গাঁৱৰ খেতি-খোলা এৰি বেলেগ ক’ৰবালৈ যোৱাৰ তাৰ কাহানিও হেঁপাহ নাছিল৷

ল’ৰা বুঢ়া সকলোৱে তাক ডেকা বুলিয়েই জানে৷ দ্বিজেনৰ দেউতাক গোটেই গাঁৱৰ ডেকা বৰদেউতা আৰু দ্বিজেন, ডেকা দা৷

দূৰৰ সূৰুযটো গোটেই দিনটোৰ কামৰ হেঁচাত লাহে লাহে নিস্তেজ হৈ পৰিছে৷

“পথাৰৰ শেষত দিগন্তই সূৰুযটো গিলিবলৈ মুখখন বহলকৈ মেলি দিয়া যেন লগা নাই নে?’’ ৰাজেনে সত্যেনলৈ চাই ক’লে৷

“বাহ, কংক্ৰিটৰ জংঘল খনৰ পৰা আহি একেবাৰে পথাৰ সূৰুয সকলো একাকাৰ কৰি গৈছ৷ অফিছত থাকিলে খিৰিকীৰ সিপাৰৰ প্ৰকৃত পৃথিৱীখন নো তই ক’ত দেখা পাৱ?’’ সত্যেনে উত্তৰ দিলে৷

“অ’ সেই বক্সটোৰ সৰু খিৰিকীখনে দেখুওৱা ভাৰ্ছুৱেল পৃথিৱীখনত ইটোৱে সিটোক ছটিওৱা বোকাবোৰৰ মাজত থাকি আচল বোকানো কেনেকুৱা পাহৰিয়েই গলো জাননে?’’ ৰাজেনে কথাকেইটা কৈ পেণ্টটো কোঁচাই পথাৰৰ বোকাখিনিলৈ নামি গ’ল৷

“অই কি কৰ? তোৰ মোজা পিন্ধা ভৰিয়ে বোকাৰ জোটা পিন্ধিব পাৰিবি জানো?’’ সত্যেনে হাঁহি হাঁহি ক’লে৷

“এই বোকাত নমাটো সুপন্দি নহয়নে? আৰু তন্ত্ৰী তই কেতিয়া আহিলি?’’ ডেকাই হাঁহি এটা মাৰি সত্যেনক সুধিলে৷

“অই, তই এতিয়াও টিংকল খন এৰিব পৰা নাই ন’? মই কালি আহিলো৷ তোৰ খবৰ কেনে?’’ ৰাজেনে বোকা ফেনেকি সুধিলে৷

“মোৰ আৰু কি নতুন খবৰ৷ মোৰ বাবে বোকা পানী সকলো একেই আছে৷ সেই একেই পথাৰ, একেই আঘোন, মাঘ আৰু বহাগৰ বতৰ৷ অলপ শীত বা গৰমৰ সালসলনি হৈছে৷ কিন্তু সেয়া মোৰ বয়সৰ দোষো হ’ব পাৰে৷ কিন্তু প্ৰকৃতি আৰু মোৰ বাহিৰে হয়তো আশে পাশে থকা পৃথিৱীখন বহুত সলনি হৈছে৷

মোৰ বাদ দে৷ তহঁতৰ ক’৷ সেই বাহিৰৰ কোম্পানীৰ ধুনীয়া টি-চাৰ্টটোৰ ভিতৰত গাঁৱৰ পুৰণা ’মই’ টো জীয়াই আছে নে নাই তাকে বিচাৰি আহিছ চাগৈ৷’’ ৰাজেনে পিন্ধি থকা তাৰ কোম্পানীৰ টি-চাৰ্টটোলৈ চাই ডেকাই ক’লে৷

“জীৱনটো গৈ আছে৷ সেই হাই-স্পীডত গৈ থকা গাড়ীখনৰ দৰে৷ কেতিয়াবা ঘপককৈ ঘূৰি বেলেগ এটা দিশত গতি কৰে৷ পথটোও আমাৰ অসম চৰকাৰৰ পথৰ দৰে৷ ক’ত গাঁত আছে কোনেও নাজানে৷ কেতিয়াবা ফুল-স্পীডত গাঁতত পৰি আকৌ উঠোঁ৷ কৰ’বাত দুখ পাওঁ বা মন বেয়া হয়৷ কিন্তু যিমান পাৰোঁ নিজক সংযত কৰি আকৌ আগবাঢ়োঁ৷ নিজৰ বুলিবলৈ অলপো সময় নাই৷ কিয় ইমান দৌৰিছোঁ নিজেই নাজানো৷ হয়তো জানিবলৈ কেতিয়াও চেষ্টাও কৰা নাই বা আহৰিও নাই৷ সূৰ্য্যৰ পোহৰ তীব্ৰ হোৱাৰ আগতেই অফিছত সোমাওঁ আৰু সূৰ্য্যই বিছনাত দীঘল দিয়ালৈ অফিছৰ পৰা ওলাও৷ দিনৰ দিনটো শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ ভিতৰত থাকি এটা ছাবি দিয়া পুতলাৰ দৰে হৈছোঁ৷’’ অসমৰ পৰা হাজাৰ যোজন দূৰত দেশৰ বাহিৰত থাকি কাম কৰা ৰাজেনে বহুদিনৰ মূৰত মনৰ দুৱাৰখন খুলি দিলে৷

“কিয় তই কাম কৰি ভাল পোৱা নাই নেকি? এয়াইতো কাম কৰাৰ বয়স৷ নতুন নতুন কথা শিকাৰ বয়স৷’’ সত্যেনে ক’লে৷

“কাম কৰি ভাল পোৱা বা বেয়া পোৱাটো সমস্যা নহয়৷ নতুন কিবা এটা শিকাৰ আগ্ৰহ কমি গৈছে সেয়াও নহয়৷ কিন্তু হাজাৰ হওক দিনটোত নিজৰ বাবে অলপ সময় লাগে য’ত তই নিজকে বিলাই দিব পাৰ৷ যেনেকৈ ডেকাই সেই বাঁহীটোৰ মাজেৰে নিজক বিলাই দিছে৷

আমাৰ মাজত সেইবোৰ হেৰাই গ’ল বুজিছ৷ মই বা তই তেনেকুৱা কিবা এটা কৰিবলৈ হ’লে এবাৰ হ’লেও ভাবিম ‘কি লাভ হ’ব এইটো কৰি’৷ মানে সকলোতে লাভ লোকচান৷ মোৰ কথা হ’ল সকলো কথা লাভ-লোকচানৰ তুলাচনীত জুখি আমি জীৱনটো এখন বেলেন্স ছীটৰ দৰে কৰি পেলোৱা নাই নে?’’ ৰাজেনে সত্যেনেলৈ চাই ক’লে৷

“সেইটো হয়৷ কিন্তু তাৰ উপায় একো নাই৷ তই বিশেষ একো কৰিব নোৱাৰ’৷ মায়াৰ বান্ধোন৷ আৰু এইবোৰ জীৱনৰ জঁট৷ যিমানে খুলিবলৈ যাবি সিমানে বান্ধ খাবি৷ এদিন হয়তো সেইটো জঁটৰ শেষ গাঁঠিটোৱে তোক মুক্তি দিব৷’’ সত্যেনে ক’লে৷

“মই ইমান গভীৰলৈ যোৱা নাই৷ কিন্তু এইকেইদিন সম্পূৰ্ণ নিজক পাহৰি গৈছোঁ৷ যি মন যায় তাকে কৰিছোঁ৷ মোবাইল – ইণ্টাৰনেট পৰাপক্ষত বন্ধ কৰি ৰাখিছোঁ৷ সৰুতে এৰি অহা ঠাইবোৰ চাবলৈ গৈছোঁ৷ পথাৰৰ মাজত ডেকাই গোৱাৰ দৰে গান ময়ো গাবলৈ চেষ্টা কৰিছিলোঁ৷ কোনেও দেখা নাছিল৷ তথাপিও মোৰ লাজ লাগিছিল৷ লাহে লাহে লাজবোৰ পথাৰত দৌৰি ফুৰা বতাহ জাকে উৰাই লৈ গ’ল৷ উৰুৱাই লৈ গ’ল মোৰ বছৰটোৰ ভাগৰবোৰো৷ কি গান গালো সেয়া জৰুৰী নহয়৷ জৰুৰী হ’ল মই মন খুলি কিবা এটা কৰিলোঁ৷’’ ৰাজেনে দূৰলৈ চাই ক’লে৷

“চাওঁ টি-চাৰ্টটো কোঁচাই দে চোন৷ পাৰিলে খুলিয়েই দে৷’’ ডেকাই দুয়োটালৈ চাই ক’লে৷

“কিয়?’’ সত্যেনে সুধিলে৷

“তন্ত্ৰী তোৰ প্ৰশ্ন কেতিয়াও শেষ নহয় ন’? খোল টি-চাৰ্ট৷ আকৌ পিন্ধি ল’বি৷’’ ডেকাই সত্যেনলৈ চাই ক’লে৷

দুয়োটাই টি-চাৰ্ট খুলি কাষত থ’লে৷

“সুপন্দি তই ব্লেক এণ্ড ধোৱাইট৷ তন্ত্ৰী তই ফুল হোৱাইট৷ আৰু মই ফুল ব্লেক৷’’ ডেকাই দুয়োটালৈ চাই ক’লে৷

দুয়োটাই এইবাৰ নিজৰ নিজৰ গাটো চালে৷ ৰাজেনৰ টি-চাৰ্ট পিন্ধা অংশটো সম্পূৰ্ণ বগা আৰু হাতৰ আন অংশ ধৰিব পৰাকৈ ক’লা হৈ আছে৷

“কি বুজিলি?’’ ডেকাই দুয়োটালৈ চাই সুধিলে৷

“চানবাৰ্ণ হৈছে এইটোৰ৷ দিনৰ দিনটো অলৌ টলৌ ঘূৰি ফুৰিলে হ’বই৷ আৰু বডী দেখুৱাই টি-চাৰ্ট পিন্ধি ফুৰিলে আৰু হ’ব৷’’ সত্যেনে ৰাজেনেলৈ চাই ক’লে৷

“ঠিকেই কৈছ৷ কিন্তু আচল কথাটো হৈছে তই অসমত থাকিও যেন অসমৰ পৰা দূৰত আছ৷ আৰু সি বাহিৰত থাকিও অসমখন ভিতৰত লৈ আছে৷ মই টো বাৰু খাটিখোৱা মানুহ৷ মই অসমক বা ইয়াৰ মাটি-পানীক ভাল নাপালে ভাত মাছ খাব নোৱাৰিম৷ কথা হ’ল আমি আৰু সৰুতে এৰি যোৱা সমাজখন আকৌ কেতিয়াও ঘূৰাই নাপাওঁ৷ যুগ সলনি হ’ল৷ মানুহো সলনি হ’ল৷ এজাক আছে যি নিজৰ ঠাই এৰি ক’লেও নাযায়৷ পিতৃ পুৰুষৰ মাটি খামুচি খেতি কৰি বা ব্যৱসায় কৰি জীয়াই আছে৷ যি পাইছে তাতে সুখী৷ এই মানুহখিনিৰ ভিতৰত মই পৰোঁ৷

আন এচাম আছে যি নোৱাৰাত পৰি অসমত আছে৷ ‘ইয়াত থাকি একো লাভ নাই৷ কিন্তু উপায় নাই৷ ইয়াতে থাকিব লাগিব৷’ এই চামে অসমৰ বিষয়ে কেৱল গালি দিয়ে৷ নিজে একো নকৰে৷ সত্যেন তই সম্পূৰ্ণ এইটো চামত নপৰ যদিও তোৰ এটা ভৰি এই বোকাখিনিত সোমাইছে৷’’ ডেকাই ক’লে৷

সত্যেনে একো উত্তৰ নিদিলে কাৰণ সি জানে ডেকাক সি যুক্তিত কেতিয়াও হৰুৱাব নোৱাৰে৷ আৰু সি নিজেও অনুভৱ কৰিছে সকলো কথাতে ভুল দেখাটো তাৰ লাহে লাহে অভ্যাসত পৰিণত হৈছে৷

“আৰু অসম বা দেশৰ বাহিৰত থকা দুটা চাম আছে৷ এটা যি অসম কিমান পিছ পৰি আছে তাক আঙুলিয়াই ভাল পায়৷ কিন্তু পাহৰি যায় আঙুলিয়াই দেখুৱাওঁতে বাকি তিনিটা আঙুলিয়ে তেওঁৰ নিজৰ ফালে মূৰ কৰি থাকে৷ পাহৰি যায় তেওঁ যে এজন অসমীয়া৷

আনটো চাম হ’ল ‘যাৰ বাহিৰত থাকি আমুৱালে৷’ বা তেওঁলোকে কেতিয়াও বাহিৰৰ জগতখন আকোৱালি ল’ব নোৱাৰিলে৷ ঘূৰি আহিব বিছাৰে কিন্তু মূল প্ৰশ্ন হ’ল ‘ঘূৰি গৈ কি কৰিম?’ হয়তো সেই পঢ়াশালিৰ দিনৰ আটাইতকৈ কঠিন প্ৰশ্নটোতকৈও কঠিন এই প্ৰশ্ন৷’’ ডেকাই কথাখিনি কৈ সিহঁতৰ পিনে চালে৷

অলপ সময় গোটেই কেইটা মনে মনে থাকিল৷ যেন ডেকাৰ কথাখিনি শুনি প্ৰত্যেকেই নিজ নিজ ভাৱত বিভোৰ৷

“তই ঠিকেই কৈছ৷ কিন্তু তই কিয় ক’লি আমি আকৌ সেই আগৰ সমাজখন কেতিয়াও ঘূৰাই পাব নোৱাৰিম বুলি৷’’ ৰাজেনে সুধিলে ডেকাক৷

“সৌ ফালে চা’’ ডেকাই দুয়োটাৰ ফালে চাই বিপৰীত দিশত আঙুলিয়াই দেখুৱালে৷

“এটা চৰকাৰী অফিছৰ নিমাওমাও পৰিবেশ৷ চকীদাৰ জন বহি আছে অফিছ খুলি৷ আৰু কোনো জনপ্ৰাণী নাই ১১ বজালৈ৷ বাৰাণ্ডাৰ ঘড়ীটো ঘূৰি আছে৷ ১২ বজাৰ ওচৰে পাজৰে দুজনমান ওলালহি৷ ৩ বজালৈকে যেনে তেনে থাকি এজন এজন কৈ আকৌ নোহোৱা হ’ব ধৰিলে৷ ৪ বজাত অফিছ শূন্য৷’’

ৰাজেন সত্যেন দুয়োটাই হতবাক হৈ ডেকালৈ চালে৷ ডেকাই ক’লে “আকৌ চা অফিছটোৰ ফালে৷ এইবাৰ অন্য এক দিন৷’’ দুয়োটাই আকৌ চাব ধৰিলে৷

“একেটাই অফিছ৷ কিন্তু আজি ১০ বজাতে বিৰ দি বাট বিচাৰি নোপোৱা অৱস্থা৷ এক ব্যস্ত অফিছ৷ কাৰণ এটাই চেণ্ট্ৰেলৰ পৰা নতুন কিবা প্ৰজেক্টৰ নামত ফাণ্ড আহিছে৷ এসপ্তাহৰ ভিতৰত সকলো পইচা মিলিজুলি খাব লাগে৷ মহৰীৰ পৰা ওপৰৱালালৈ সকলো ব্যস্ত৷ কাগজে পত্ৰই সকলো কাম প্ৰায় সম্পূৰ্ণ হ’লেই আৰু!’’

“৩ মাহতে নতুন ৰাস্তা ভাঙি মাছ পুহিব পৰা খাল ওলোৱা এইবোৰ সাধাৰণ উদাহৰণ৷ সকলোকে গান্ধীক পকেটত লাগে কিন্তু গান্ধীক হৃদয়ত কোনেও ৰাখিব নিবিচাৰে৷ কৰ্ম সংস্কৃতি ধোঁৱাচাঙত৷’’ ডেকাৰ মাতত সিহঁত দুটাই আকৌ তাৰ ফালে চালে৷

দুয়োটাৰ মুখৰ মাত নাই৷

“আকৌ চা৷ এইবাৰ আন এটা পৰিৱেশ৷’’ ডেকাই ক’লে৷ তিনিওটাৰ চকুবোৰ আকৌ ঘূৰিল৷

“এইবাৰ এখন কলেজৰ পৰীক্ষাৰ পৰিৱেশ৷ পৰীক্ষাৰ গাৰ্ড হিচাপে থকা বাইদেউ শ্ৰেণীকোঠাৰ একাষে থকা চকী এখনত বহি আছে৷ হাতত ‘প্ৰিয় সখী’৷ চকু ‘প্ৰিয় সখী’ৰ পাতত৷ চকুৰ পাছপিনে নকলৰ অবাধ বেহা৷ কিতাপ উলিয়াই ধুনীয়াকৈ লিখি আছে৷’’

“সেই পুৰণা পুৰিয়াৰ দিন গ’ল৷ জ্যামিতি বক্সৰ ভিতৰত লিখি অনাটো বুৰঞ্জী হ’ল৷ কিয় সেই গাৰ্ড হিচাপে থকা বাইদেউ গৰাকীয়ে একো বাধা দিয়া নাই৷ তহঁতৰ মনত চাগৈ সেই প্ৰশ্নটোৱে খেলা কৰি আছে৷ তহঁতৰ চাগৈ সেই বাইদেউ গৰাকীক কুকুৰ মেকুৰীৰ দৰে গালি দিবৰ মন গৈছে৷ কিন্তু তাৰ আগতে এবছৰৰ আগৰ দৃশ্যটো চাই ল’৷’’ ডেকাই দুয়োটালৈ চাই ক’লে৷

সিহঁতে ডেকাৰ কথাকেইটা শুনি আকৌ সিফালে চাবলৈ ধৰিলে৷

“আকৌ সেই একেই দৃশ্য৷ পৰীক্ষাৰ পৰিৱেশ৷ কিন্তু বাইদেউৰ হাতত ‘প্ৰিয় সখী’ নাই৷ এটা নকল কৰি থকা ল’ৰাক হাতে-লোটে ধৰি অধ্যক্ষৰ কোঠালৈ লৈ গৈছে৷ অধ্যক্ষই গোটেই ঘটনাটো শুনি ল’ৰাটোক কলেজৰ পৰা উলিয়াই দিয়াৰ সিদ্ধান্ত ল’লে৷ ল’ৰাটোৱে ইমান পৰে তললৈ মূৰ কৰি ম’বাইলটো পিটিক পাটাক কৰি আছিল৷ অধ্যক্ষই তাক আকৌ গালি দিব খোজোঁতেই তেওঁৰ অফিছৰ ফোনটো বাজি উঠিল৷

“চাৰ, আপুনি এইমাত্ৰ ধৰা ল’ৰাটো, আমাৰ সন্থাৰ ল’ৰা৷ জানেই চাৰ আমাৰ ল’ৰাই সমাজৰ বাবে যুঁজ বাগৰ কৰি থাকে৷ পঢ়িবৰ বাবে ক’তনো সময় পায়৷ এৰি দিয়ক চাৰ৷ আপুনিও সুখত থাকিব৷ ডেকা ল’ৰা এজাকৰ লগত এই বয়সত যুঁজ বাগৰ কৰি আপুনি নো কি পাব৷

আশা কৰিছোঁ আপুনি কথাখিনি বুজি পাইছে৷’’ সিফালৰ পৰা ফোনটো কাটি দিলে৷

খং, লাজ, অপমান সকলো মিলি অধ্যক্ষৰ মুখখন ৰঙা হৈ আহিল৷ “ইয়াক এৰি দিয়া৷’’ লাহেকৈ শব্দকেইটা ওলাই আহিল অধ্যক্ষৰ মুখৰ পৰা৷

ল’ৰাটোৱে হাঁহি এটা মাৰি কেৰাহিকৈ দুয়োজনলৈ চাই লাহেকৈ ওলাই গ’ল৷

“চাৰ, মোক আজি যাবলৈ দিয়ক৷ মই আৰু আজি কলেজত থাকিব নোৱাৰিম৷’’ লাজ অপমানত কথাকেইটা কৈ বাইদেউ গৰাকী অধ্যক্ষৰ কোঠাৰ পৰা ওলাই আহিল৷

ঘৰলৈ ঘূৰি যোৱাৰ বাটত বাইদেউক এজাক যুৱকে আগচি ধৰিলে “বাইদেউ, আগলৈ যেন এইবোৰ ভুল নকৰে৷ জানেই আপুনি ছোৱালী মানুহ৷ আৰু আমি ডেকা ল’ৰা৷ আমিও আপোনাক সন্মান কৰিব বিচাৰোঁ৷ কিন্তু এনেকুৱা কাম কৰিলে আপোনাক কেনেকৈ সন্মান কৰিম কওক৷ আপুনি চোকা মগজৰ মানুহ৷ কথাখিনি বুজি পাইছে চাগৈ৷’’ হাঁহি আৰু অশ্লীল মাতবোৰ নেওচি বাইদেউ যেনে তেনে ওলাই আহিল৷

“এয়াই আজিৰ ছাত্ৰ আৰু এয়াই শিক্ষা ব্যৱস্থা৷ আৰু সেইবোৰেই আমাৰ সংগঠন৷ গোটেই ৰাজ্যখনত পাবত গজা অসংখ্য সংগঠন৷ সকলো সমাজৰ প্ৰহৰী৷ কি পহৰা দিয়ে কোনেও নাজানে৷ সমাজখনৰ উন্নতিৰ কাৰণে কি কৰিছে কোনেও নাজানে৷

কোনোবাই সুধিলে কয় ‘আমি চৰকাৰ আৰু ভাৰতীয় প্ৰশাসন যন্ত্ৰৰ প্ৰতিটো হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতি আহিছোঁ৷ কিন্তু ক’ত মাত মাতি আহিছে আপোনালোকে? যোৰহাটত, গুৱাহাটীত, নলবাৰী বা তিনিচুকীয়াৰ কোনোবা পথত টায়াৰ জ্বলাই অসম বন্ধ ঘোষণা কৰিছে৷

ক’ৰবাত শিলগুটি দলিয়াই গাড়ীৰ আইনা ভাঙিছে বা গাড়ীখনেই জ্বলাই দিছে৷ ডিঙিৰ সিৰা ফুলাই ভয় খুৱাইছে৷ কিন্তু কাক? ইমানেই যদি সাহিয়াল তেন্তে দিল্লীলৈ গৈ পথবন্ধ কৰি দেখুওৱাক৷ নিজৰ মানুহখিনিক বাৰে বাৰে হাৰাশাস্তি কৰি কি পায়৷

আৰু জধেমধে চান্দা বা গুণ্ডা টেক্স সংগ্ৰহ কৰা প্ৰত্যেক জনক সুধিছোঁ “আপোনালোকৰ লাজ নালাগে নে? বলধ গৰুৱেও হাল বোৱাৰ পিছতহে ঘাঁহ বা দানা অলপ খাবলৈ পায়৷’’ ডেকাই ক’লে৷

“ইমান বেয়া পৰ্যায়লৈ গৈছে নে? কেনেকৈ ঘূৰি আহিবি অই ইয়ালৈ?’’ ৰাজেনে ক’লে৷

“সেইটোৱেই আচল কথা৷ তোৰ মুখৰ পৰা ক’ব নোৱাৰাকৈয়ে যেনেকৈ এই শব্দকেইটা ওলাই আহিল ঠিক তেনেকৈ সকলোৰে মুখত আজিকালি এই শব্দবোৰ ওলাই আহে৷ কাৰণ ৰাতিয়ে দিনে আমি নিউজ চেনেলকেইটাত বেয়া বাতৰিয়েই দেখি থাকো৷ অনৱৰত মনত নিগেটিভ চিন্তাই বাহ ল’লে

বেয়া ভাৱ অহাটো স্বাভাৱিক৷ তাৰ মাজতে বহুতে ভাল কাম কৰি আছে৷ সেইবোৰ দেখুৱাবলৈ আহৰি নাই৷ ভাল খবৰ যদি কম হৈছে তেন্তে যি কেইটা পাইছে সেই কেইটাকে বাৰে বাৰে দেখুৱাওক৷ যেনেকৈ বেয়া নিউজ এটা গোটেই দিনটো ‘ব্ৰেকিং নিউজ’ হিচাপে দেখুৱায়৷ তেতিয়াহে মনবোৰ ভাল হ’ব৷

কোনোবাই হাজাৰ কষ্ট নেওচি পৰীক্ষাত ভাল ফলাফল দেখুৱাইছে সেয়া বাৰে বাৰে দেখুৱাওক৷ কৰ’বাত এজাক নিবনুৱা যুৱকে মিলি শাক-পাচলিৰ খেতি কৰি স্বাৱলম্বী হৈছে৷ বা ক’ৰবাত এটা চুবুৰিৰ মানুহে নিজৰ চুবুৰিটোৰ পৰিষ্কাৰ কৰিবৰ বাবে আন্দোলন সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে৷ বা কেইজনমান যুৱকে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে চলচিত্ৰ নিৰ্মাণ কৰি অসমীয়া চলচিত্ৰ উদ্যোগটোক পুনৰ জীৱিত কৰিবলৈ চেষ্টা কৰিছে৷ এইবোৰ বাৰে বাৰে দেখুৱাবলগীয়া বিষয়৷ বা কোনোবা এজনে লোককলা কৃষ্টি জীয়াই ৰাখিবৰ বাবে বহু বছৰৰ পৰা অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে৷ সেইবোৰ মানুহৰ জীৱন সংগ্ৰামক সমাজৰ মাজলৈ উলিয়াই অনাত সহায় কৰক৷ কষ্ট কৰি জীৱনটো গঢ় দিয়া মানুহ অসমতো চাগৈ কোনো গুণে কম নহ’ব৷ সেই মানুহবোৰক বিচাৰি উলিয়াই তেওঁলোকক ধনাত্মক বাতৰি হিচাপে পৰিৱেশন কৰিবলৈ নিউজ চেনেল কেইটাই অলপ কষ্ট কৰিব নোৱাৰেনে? হয় সঁচা অৰ্থত আমাৰ এচাম মানুহে ‘কষ্ট’ শব্দটো পাহৰি গৈছে৷ বন্ধ সংস্কৃতিয়ে কৰ্ম সংস্কৃতি নোহোৱা কৰিছে আৰু তাৰেই সুবিধা লৈ এচামে ‘ইজি মানি’ৰ পিছত নিগনি দৌৰ দিছে৷ আজিৰ দিনত কিবা এটা বেয়া দেখিলে মাত মাতিবৰ হ’ল৷ মই দুদিন মানৰ আগতে এটাক দুচৰ মান দিছিলোঁ৷ সেইফালে চা৷’’ ডেকাই ক’লে৷

তিনিওটাৰ চকুবোৰ আকৌ ডেকাৰ আঙুলিয়াই দিয়াৰ পিনে ঘূৰিল৷

“এজন যুৱক৷ বাইক এখনত ষ্টাইলত বহি আছে৷ এজাক সৰু ল’ৰাই তাক আৱৰি আছে৷ সি মাজে মাজে সিহঁতক বাইকখনত উঠিবলৈ দিছে৷ তাৰ চানগ্লাচযোৰ সিহঁতক পিন্ধিব দিছে৷ পকেটৰ পৰা ৰজনীগন্ধা, গুটখা আৰু চাধাৰ পেকেট সিহঁতক হাতৰ টিপতে খাব দিছে৷ ম’বাইলত অশ্লীল ভিডিঅ দেখুৱাইছে৷’’

“এইবোৰ হৈছে এজাক কম বয়সীয়া ল’ৰাক বেয়া কৰাৰ আৰম্ভণি৷ তাক চাগৈ তহঁতে চিনি পাইছ৷ সি আমাৰ লগৰ চম্পক মানে মই মাতো ‘চামটকা’ বুলি’’ ডেকাই ক’লে৷

“অই সেইটো তই নহয়নে? তই দেখোন সিহঁতৰ ওচৰলৈ গৈ আছ৷’’ ৰাজেনে ডেকাক ক’লে৷

“অ’ মই৷ চাই থাক৷’’ ডেকাই ক’লে৷

“চামটকা, কি দিছ ইহঁতক৷’’ ডেকাৰ কঠিন মাতটো ভাহি আহিল৷

“অ’ ডেকা, নাই একো নাই৷ ইহঁতে কিবা খাব বিচাৰিছে আৰু মই দি আছোঁ৷ তইতো জানই মোৰ অন্তৰখন কিমান বহল৷’’ দাঁতকেইটা নিকটাই চামটকাই হাঁহি দেখুৱালে৷ গুটখাই তাৰ দাঁত দুপাৰিত এটা বেলেগ তৰপ সৃষ্টি কৰিছে৷

ডেকাক দেখি সৰু সৰু ল’ৰাবোৰ দৌৰি পলাব খুজিলে৷ “য’তে আছ ত’তে থাক৷ কোনো নপলাবি৷’’ ডেকাই ল’ৰাবোৰক উদ্দেশ্যি ক’লে৷

গুটখা, ৰজনীগন্ধা, চাধা সকলো সিহঁতৰ হাতৰ পৰা কাঢ়ি নিজৰ হাতলৈ আনিলে৷ আন খন হাতেৰে চামটকাক প্ৰচণ্ড চৰ এটা শোধালে৷ চামটকাৰ চানগ্লাচ মাটিত পৰিল আৰু মুখখন বিষত ফুলি আহিল৷ এইবাৰ আনখন হাতত থকা গুটখা, ৰজনীগন্ধা আৰু চাধাৰ মিক্সাৰটো ডেকাই থেচি থেচি চামটকাৰ মুখত ভৰাই দি ক’লে “আজিৰ পৰা তোক যদি এনেকৈ এইবোৰ বিলোৱা দেখোঁ তেন্তে এইবোৰ সিখন মুখেৰে ভৰাই দিম৷’’ চামটকাই যেনে তেনে বাইক ষ্টাৰ্ট কৰি তাৰপৰা উধাও হ’ল৷

ল’ৰাবোৰৰ মুখত হাঁহি বিৰিঙি উঠিল৷ দুটামান কিৰিলিও ভাহি আহিল৷

ৰাজেন আৰু সত্যেনৰ চকুত ডেকাৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ৷ সিখন মঞ্চৰ পোহৰ লাহে লাহে নাইকিয়া হ’ল৷ সম্পূৰ্ণ পোহৰ এইবাৰ ডেকাৰ ওপৰত পৰিল৷ দূৰৰ গেলাৰীৰ পৰা কিৰিলি চিঞৰ বেছি হৈ আহিব ধৰিলে৷

ডেকাৰ বলিষ্ঠ কণ্ঠটো আকৌ গৰজি উঠিল “তহঁতো একো একোটা শিয়াল৷ একো একোটা চামটকা৷ যি জুমৰ মাজৰ পৰা চিঞৰি ভাল পায়৷ যি মুখ লুকুৱাই উকিয়াই ভাল পায়৷ সেই ঘোচখোৰ বিষয়াজন কোন? আপুনি নহয়৷ ঠিক আছে৷ আমাৰ মাজৰে চাগৈ হাজাৰজন আছে যি কাৰোবাক নহয় কাৰোবাক ঘোচ দিছে৷ ঘোচ লোৱা জন যদি চামটকা আমি তাতকৈ ডাঙৰ চামটকা৷ কোনোবা সংগঠনৰ নেতা পালিনেতা বা তেওঁলোকৰ অঙহী বঙহী আমাৰ মাজতে আছে চাগৈ৷

এই শিয়াল বোৰে দিয়া বন্ধবোৰত ফূৰ্তি কৰি আমনি লগা নাই নে? আৰু শিয়ালৰ হোৱা শুনি? ভিন ভিন সংগঠনৰ হুৱা-দুৱা চিঞৰৰ বাদে আজিৰ দিনত একো নাই হোৱা৷ লোকক দোষ দিয়াৰ আগতে নিজক এবাৰ চিকুটি চাওঁ আহক৷ মই বা আপুনি কিবা বেয়া হোৱা দেখিলে নিজে সিংহৰ দৰে অকলে গুজৰিব পাৰিমনে? কোনোবাই বিনা কাৰণত চান্দাৰ নামত দাবী ধমকি দিলে আমি সমূহীয়াকৈ প্ৰতিবাদ কৰিছোঁনে? কোনোবা পাবত গজা সংগঠনে অসম বন্ধ দিলে আমি তাৰ প্ৰতিবাদ কৰিব শিকিছোঁনে?

যদি কৰা নাই তেন্তে কৰিবৰ হ’ল৷ নহ’লে হাজাৰ খন নতুন চৰকাৰ আহিও আমাৰ মানসিকতা সলনি কৰিব নোৱাৰে৷ আমাৰ মানসিকতাৰ পৰিৱৰ্তন ন’হলে লাহে লাহে যি দুই এটা সিংহ আছে সিহঁতৰ মুখবোৰো শিয়ালৰ ৰূপ ল’বলৈ বেছি দিন নাই৷ তেতিয়া সেই চিঞৰবোৰ আৰু বহু বাঢ়ি যাব৷ আমি তেতিয়া সকলোৱে মিলি চিঞৰিম ‘হোৱা-হোৱা’ আৰু টকাৰ পিছত ঘূৰা এজাক চামটকাৰ মাজত আমি নিজেও হৈ পৰিম একো একোটা শিয়াল৷ একো একোটা চামটকা৷ ক’লা, কুৎচিত আৰু শিয়ান চামটকা৷ “

শেষৰ ফালে ডেকাৰ কথাৰ জোৰ বেছি হৈ আহিব ধৰিলে৷ গেলাৰীৰ ফালৰ পৰা অহা কিৰিলিবোৰ নোহোৱা হ’ল৷

আঁঠু-কাঢ়ি বহি পৰা ডেকাক লাহে লাহে মঞ্চৰ আঁৰ কাপোৰখনে আৱৰি ধৰিলে৷ হাজাৰ মানুহৰ হাত চাপৰিয়ে বুজাই দিলে ভ্ৰাম্যমান থিয়েটাৰে আৰু এখন সফল নাটক দৰ্শকক উপহাৰ দিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments