চামাৰ কেম্প আৰু ফচং (মাধুৰিমা ঘৰফলীয়া)

ভাদমহীয়া টিকাফটা ৰ’দ এজাকে গোটেই গোটেইখন ডেইপুৰি নিছে৷ খেতি উঠি নাঙল ধোৱা পিঠা খাইও ৰাইজ আজৰি হ’ল৷ গতিকে ৰ’দজাকৰ বাবে কোনেও সূৰ্য দেৱতাক গালি নাপাৰিলে৷ ৰাইজৰ কোনোবাই ভাত ঘুমটি মাৰিছে, কোনোবাই তাঁত-শালত বহিছে আকৌ কোনোবাই কোনোবাই শাৰী পাতি ওকণী মাৰিছে৷ আমাৰ ফচঙে আক’ ৰাতিয়েই ডালশলিয়া এটা চিকাৰ কৰিছিল৷ এবেলা বিছনাৰ তলত পৰি সেইটো খাই শেষ কৰি লাহেকৈ বাহিৰলৈ ওলাই আহিছে৷ ভাগ্যই সি যে বিছনাৰ তলত মাংস ভোজন কৰি আছিল বুলি আইদেৱে গম নাপালে নহ’লে তাৰ ফালে ফৰ্মুঠি এটা ওফৰি আহিলেইহেঁতেন৷ গেঁঠেলাটোহৈ ফচং কঁঠালজোপাৰ তলত ৰ’লহি৷ ইতিমধ্যে বাকী ৰাইজে তাতে মেল মাৰি আছিল৷ ফচং গৈ পখৰাৰ গাতে গা লগাই লেপেটা কাঢ়ি বহি হেৰি নহয়…বুলি মাত এষাৰ লগালে৷ ইমানপৰে মেলৰ মুখ্য বক্তাৰ ৰূপে টেপটেপাই থকা বগীবুঢ়ীয়ে ফচঙৰ হেৰিটো শুনিয়েই জকজকাই উঠিল
-আহিল আমাৰ ডোং পিন্ধা শিয়ালটো৷ ক’ব এতিয়া কিবা এতিয়া কিবা এটা৷
-বুঢ়ী, তোৰ চকুত চানি পৰিছে বুজিছ৷ চকুত কিবা কিবি লগাবি৷ মই হেন এই মস্ত মেকুৰীটোক শিয়াল বুলিছ যেতিয়া তোৰ দিন কাষ চাপিছে৷ …. বাৰু ৰাইজ বুঢ়ীৰ কথা বাদ দিছোঁ.. হেৰি নহয় চামাৰ কেম্পৰ কথা কিবা ভাবিছনে?
-চামাৰ কেম্প! ! এইটো আক কি বস্তু! খায় নে পিন্ধে! ! !
ফচঙৰ মুখত শব্দটো শুনিয়েই সকলোৰে মুখত প্ৰশ্নবোধক চিনডাল ট টকৈ জিলিকি উঠিল৷ তাকে দেখি ফচং খেক্-খেকাই হাঁহি উঠিল
-ইছ ৰাম ময়েই মূৰ্খ৷ তহঁত অজ্ঞানী, নিৰক্ষৰ সোপাই ক’ৰ চামাৰ কেম্পৰ বিষয়ে জানিব আক৷ শুন চামাৰ কেম্প মানে এই যে গৰমৰ দিনত মানুহৰ পোৱালিবোৰে কিছুমান ঠাইলৈ গৈ বনভোজ খাই খেল ধেমালি কৰে সেইটোৱেই চামাৰ কেম্প৷
-সেইটোৱেই যদি চামাৰ কেম্প আমি সেইটোৰ কথা ভাবিম কিয়? সেইটোৰ কথা মানুহে যি ভাৱে ভাবি থাকক৷
চাটৰিয়ে কাষতে থকা ধূলি এখিনিত সাউৎকৰে নখটো মাৰি ক’লে৷ চাটৰিৰ উফাইদাং মৰা কথা শুনি খঙ উঠিছিল যদিও যিমানপাৰে কোমল মাতেৰে ফচঙে বুজাবলৈ চেষ্টা কৰিলে৷
-হেৰৌ কেৱল মানুহেই চামাৰ কেম্পলৈ যাব পাৰে নে আমিবোৰেও পাৰোঁচোন৷
-তাৰমানে আমিবোৰেও এতিয়া মানুহৰ দৰে ক’ৰবালৈ গৈ চামাৰ কেম্পনে ফামাৰ কেম্পক খাবগৈ লাগে…হিঃহিঃহিঃ
বগীবুঢ়ীয়ে ফচঙৰ কথাত বৰ ডাঙৰ কিবা এটা ৰসপোৱাৰ দৰে পেটত ধৰি হাঁহিবলৈ ধৰিলে৷ তাকে দেখি ফচঙৰ স্বাভাৱিক খঙটো উঠি আহিল৷
-চুপ বুঢ়ী৷ মই তোক এনেই কওঁ নে তই হাঁহহৈয়ে যি জনম ল’লি আৰু হাঁহৰ মুৰটো অলপো বিকাশ নকৰাকৈয়ে মৰিবি৷ গোবৰ এসোপা সোমাই আছে যে৷ শুন মই অকলেও চামাৰ কেম্পলৈ যাব পাৰোঁ কিন্তুু ঘৰৰ পৰিয়াল বুলি তহঁতক লগ ধৰিছিলোঁ৷ ভাবিছিলোঁ তহঁতিও জীৱনটো অলপ উপভোগ কৰিবি৷ নাই তহঁতৰ সেইবোৰত কিবা মন কাণ থাকিলেহে৷
-তই খং নকৰিবিচোন ফচং৷ ইহঁতি নাজানে কাৰণেহে তেনেকৈ কৈছে৷ বাৰু তোৰ পৰিকল্পনাটো কচোন৷
পখৰাই ঘোপা চকুৰে সকলোকে মনে মনে থাকিবলৈ কৈ ফচঙক বুজালে৷ পখৰাৰ বুজনিত ফচং শান্ত হ’ল৷ সি তাৰ পৰিকল্পনাৰ কথা কলে৷ এইবাৰহে সকলোৰে মন উচপিচ্ লাগিল৷ ৱাহ্ কিমান মজা পৰিকল্পনা! কিন্তুু…প্ৰথমে জেতুকিয়েই মাত লগালে
-মোৰ যে শুনিয়েই যাওঁ যাওঁ লাগিছে কিন্তুু নতুন পোৱালি দুটালৈ ক’ৰবালৈ গলে আইদেৱে ফলা খৰিৰে কোবাব৷ মই পাছৰ বাৰতে যাম দে৷ এইবাৰ তহঁতিয়ে যা৷ মই বাৰু কিবা কিবি খোৱা বস্তু যোগাৰ কৰি দিম৷
ৰংমনে ময়ো যাম বুলি ক’বলৈ ঠোঁটটো মেলিছিলহে ফঙচক একেবাৰেই দেখিব নোৱাৰা ৰঙিলিয়ে মাৰিলেই নহয় খোঁটটো-বৰষুণ নহাৰ আগতেই ঘৰৰ ভিতৰখন ঠিক-ঠাক কৰাৰ কথা পাহৰিলা নেকি..খবৰদাৰ কলৈকো যাব নোৱাৰা৷
ৰঙিলীৰ ধমকত ৰংমন চুপ-চাপ থাকিল৷ টুকুলুৱে আক’ জাঁপ দুটা মাৰি ময়ো যাম বুলি ক’বলৈ পালেহে ফচঙে নিজেই ডবিয়াই উঠিল- থ থ তই যাব নালাগে৷ ক’ৰবাত হেৰাবিগৈ আৰু ভাইটিয়ে ঔকিল শোধাব আমাক৷ মুঠতে যোৱাৰ নামত কেৱল ফচং আৰু পখৰাৰ নামহে থাকিলগৈ৷ অৱশ্যে হাঁহৰ পৰিয়ালটোৱেও তেতিয়াও নিজৰ মাজতে টেপটেপাই আলোচনা কৰি আছিল৷ অৱশেষত হাঁহৰ আলোচনা শেষ হ’ল৷ বগীবুঢ়ীয়ে গল-খেকাৰি এটা মাৰি ডিঙিটো পৰিষ্কাৰ কৰি যিমান পাৰে সিমান মিহিকৈ মাতষাৰ উলিয়াই ক’লে-বুজিছ ফচং আমিবোৰে বহুত আলোচনা কৰিলোঁ৷ নতুনকৈ পোৱালি ওলোৱা বোৱাৰীকেইজনী যাব নোৱাৰে৷ দুজনীমান উমনিত বহিছে৷ ডেকাকেইটাৰ ওপৰত আক ঢেৰ দায়িত্ব …
-বকলা মেলিব নালাগে বুঢ়ী কোনোবা যাবনে নাযায় সেয়া ক৷
-মানে আমাৰ ফালৰ পৰা ময়ে যাম৷ তয়ে দেখোন কৈ থাক মৰাৰ আগতে হাঁহৰ জীৱনৰ উপৰিও বেলেগৰ জীৱনটোৰ দৰেও জীৱন উপভোগ কৰি চাব লাগে গতিকে ময়ে…
-হ’ব দে বকলা মেলিব নালাগে৷ তই যাবি বাৰু৷
অনিচ্ছা স্বত্বেও ফচঙে বুঢ়ীক সন্মতি জনালে৷ দিন বাৰ ঠিক হল৷ আৰু নিৰ্দিষ্ট দিনটোত পখৰাৰ গাত খোৱা বস্তবোৰ বান্ধি দি তিনিওটা ওলাল৷ আগে আগে ফচঙ, মাজত বুঢ়ী আৰু একেবাৰে শেষত পখৰা৷ বুঢ়ীয়ে ঘৰতে যি মুখ মেলিলে সেইখন বন্ধ নকৰাই হ’ল৷ পখৰা আৰু ফচঙে শুনক বা নুশুনক বুঢ়ীয়ে নিজৰ মতে টেপটেপাই গ’ল৷ বুঢ়ীৰ টেপটেপনীত কাণ ঘোলা হোৱাৰ আগতেই সিহঁত গৈ ফচঙে চাই থোৱা ঠাইটুকুৰা পালেগৈ৷
ঠাইটুকুৰা মানে পথাৰৰ মাজৰ এখন কঠীয়ানী৷ কঠীয়ানীখনৰ এফালে এটা ডাঙৰ পুখুৰি আছে আৰু পুখুৰিটো পাৰতে এজোপা ঔটেঙা গছ৷ আনফালে এখন বেতনি৷ বৰ বেছি ঘন নহয় যদিও একেবাৰ পাতলো নহয়৷ আৰু এই সকলোবোৰকে আগুৰি আছে পথাৰখনে৷
-অ’ আই তই এইডোখৰ ঠাইৰ কথাই কৈছিলি! ! এনেকুৱা কত ঠাই আমাৰ ঘৰৰ কাষতে আছে!
-সেইয়া তোৰ খেচখেচনি আৰম্ভ হলেই নহয়, তোৰ চকুৰে কিবা এটা ভাল দেখ জানো৷ সেইবাবেইটো তোক আনিবলৈ মন নাযায়৷ পাগলী বুঢ়ী৷ চা ইমান ঠাণ্ডা ঠাই৷ কাষতে সেইটো পুখুৰী৷ ছাঁত বহিবলৈ এইজোপা গছ৷ ইফালে বতাহজাকৰ কথা ক’বই নালাগে৷ আৰু সকলোতকৈ ডাঙৰ কথা ইয়াত আমাৰ ভুল ধৰিবলৈ কোনো মানুহ নাই৷ ইয়াতকৈ আৰু সুখৰ ঠাই তোক লাগে নে?
ফচঙৰ বকনি শুনি বগী বুঢ়ী অলপ সময় তভক মাৰি ৰ’ল৷ তাৰ পাছত ক’লে
-তই ঠিকেই কৈছে ফচং৷ সঁচাইটো ইয়াতকৈ আৰু সুখৰ ঠাই হ’ব নোৱাৰে৷ এতিয়া বাৰু সেইবোৰ কথা বাদদে৷ জীৱন উপভোগ কৰোঁ৷
কথাষাৰ কৈ বুঢ়ীয়ে ৰৈ নাথাকিল পাখি দুখন ধপধপাই পুখুৰীত নামিলগৈ৷ বুঢ়ীক দেখি পখৰাও নামিলগৈ৷ তইও আহ আক ফচং বুলি পখৰাই কেইবাবাৰো মাতিলে যদিও ফচঙে মোৰ গাত অলপ জ্বৰ জ্বৰ ভাৱ এটা আছে বুলি পানীত নমাৰ পৰা আঁতৰি থাকিল৷ পানী বুলিলেই সাত জাঁপ মৰা ফচঙৰ অজুহাততো দুয়োটিয়ে বুজি পালে যদিও কোনোধৰণ মন্তব্য নকৰি দুয়োটিয়ে পানী খেলাত ব্যস্ত হ’ল৷ ফচঙে পাৰতে বহি সিহঁত দুটাৰ আলে-লেখ চাই থাকিল৷ অলপ দেৰি সাঁতোৰাৰ পাছত বগীবুঢ়ীৰ চাগৈ ভাগৰ লাগিল তাই আহি পাৰত বহিলহি৷ পখৰা কিন্তুু তেতিয়াও পানীৰ মাজত৷ বুঢ়ীয়ে পাৰত বহিয়েই চকু দুটা মুদি নিজৰ বকলা মেলিবলৈ লাগি গ’ল৷ অতদেৰি শান্তিৰে বহি থকা ফচঙৰ মূৰটো গৰম হৈ গ’ল৷ সি গৈ ঔটেঙাজোপাৰ ডাল এটাত বহিলগৈ৷ এইফালে বুঢ়ীয়ে তাইৰ যৌৱনকালৰ কথা ক’বলৈ লাগিল সিফালে ফচঙো অলীক কল্পনাত মগ্ন হল৷ হওতে ফচঙে আগতেও কল্পনাৰ মাজত ডুব নোযোৱা নহয় কিন্তুু আজি অলপ দিনৰ পৰা তাৰ কল্পনাবোৰ অলপ সলনি হৈছে৷ এজনী ৰূপহী জাঁই তাৰ কল্পনাত অহা যোৱা কৰিবলৈ ধৰিছে৷ আজি ৰিব্ ৰিবকৈ বলি থকা বতাহজাকে ফচঙৰ কল্পনাত ঘিউ ঢলাৰ দৰে কাম কৰিলে৷ তাৰ চকু দুটা জাপ খাই আহিল৷ শূন্যৰ মাজৰে জাঁই এজনীয়ে তাৰ ফালে হাতোৰা এখন আগবঢাই দি ক’লে-আহা….
ফচঙে নিজৰ হাতোৰাকেইখন জাঁইজনীৰ ফালে আগবঢাই দিলে৷ আৰু সিও শূন্যত ভাঁহি উঠিল….
এই গোটেই কাণ্ডবোৰ আন এটি জন্তুৱেও লক্ষ্য কৰি আছিল৷ বেতনিৰ মাজত সোমাই বগীবুঢ়ীক লক্ষ্য কৰি থকা সেই হেপাটোৱে তাৰ তিনিদিনীয়া লঘোনীয়া পেটটোক সান্তনা দি কৈ আছিল-ৰহ নিচিঞৰিবি৷ আজি তেলাল মাংস পাবি৷ মাত্ৰ সেই শতৰু কেইটা অলপ আঁতৰ হওক৷
পখৰা পানীৰ মাজত, ফচং গছৰ ডালত, তাতে বগী বুঢ়ীয়ে টোপনিয়াই আছে এনে এক সুবৰ্ণ সুযোগ সি এৰি দিব নে৷ হেপাটোৱে মনে মনে কাষলৈকে আহি বগীবুঢ়ীৰ ডিঙিলৈ বুলি জাঁপ এটা মাৰিলে…
হেপাটোৱে জাঁপ মাৰি এই বগী বুঢ়ীৰ গাত পৰেই আৰু ঠিক তেনে সময়তে কল্পনাৰ ৰাজকুমাৰীজনীলৈ হাতোৰা মেলি দিয়া ফচং আহি হেপাটোৰ গাতে পৰিলহি৷ এটা পল হেপা, বগী বুঢ়ী আৰু ফচং কোনোও তত ধৰিব নোৱাৰিলে আচলতে হ’ল কি! হেপাটোৱে তাৰ গাত কেনেবাকৈ পখৰা পৰিলহি বুলি বিকট চিঞৰ এটা মাৰি ফচঙক আছাৰ মাৰি পুখুৰীত পেলাই বতাহৰ দৰে পলাই পত্ৰং৷ বগীবুঢ়ীৰ মাতবোল বন্ধ হৈ জলকা লাগি ঠাইতে পৰি ৰ’ল৷ আনহাতে শূন্যত ভাঁহি উঠা ফচঙে মাত্ৰ এটা কথাই অনুমান কৰিলে তাৰ গাতো তিতা তিতা লাগিছে৷ তাৰ পাছত সকলো আন্ধাৰ৷
ফচঙে যি সময়ত জ্ঞান ঘূৰাই পালে সেই সময়ত বগীবুঢ়ীয়ে পৰিয়ালৰ লগতে ওচৰ-চুবুৰীয়া সকলোকে ফচঙে কেনেকৈ তাইৰ জীৱন ৰক্ষা কৰিলে তাকে কৈ আছিল৷ তাইৰ কথা চিন্তা কৰি সি হেপাটোৰ গাত জঁপিয়াই পৰিল আৰু হেপাটোও ভয় খাই তাক পানীলৈ দলিয়াই দিলে৷ পাছত পখৰাইহে তাক পানীৰ পৰা উদ্ধাৰ কৰি চোঁচোৰাই চোঁচোৰাই কোনোমতে ঘৰলৈ আনিলে …মুঠতে গোটেইবোৰ বিতং ভাৱে বৰ্ণনা কৰি আছিল৷

সকলোৱে ফচঙৰ সাহস আৰু শক্তিৰ শলাগ ল’লে৷ নিজৰ প্ৰশংসা শুনি মেলো নেমেলোকৈ ফচঙে চকু দুটা মেলিলে৷ সি যে টোপনিৰ জালতহে হেপাটোৰ গাত পৰিছিলগৈ সেইটো কথা কোনেও গম নোপোৱাৰ বাবে মনটো ভাল লাগি গ’ল৷ আনন্দ মনেৰেই সি নিজলৈ চালে, জিভাৰে চেলেকি চেলেকি চিকুণ কৰি থোৱা দেহাটো বোকাই পানীয়ে একাকাৰ৷ হয়তো পখৰাই তাক চোঁচোৰাই ঘৰলৈ আনোঁতে লাগিল৷ প্ৰশংসাখিনিৰ আগত সেইটো কোনো ডাঙৰ কথা নহয় বুলি ভাবি ফচঙে গাতো লৰাবলৈ চেষ্টা কৰিলে৷ এই প্ৰথমবাৰৰ বাবে সি অনুভৱ কৰিলে তাৰ সোঁ কাণখন খুব বিষাইছে৷ বাওঁ কাণখন অতীততেই হেৰুৱাই থৈছে এইবাৰ এইখনো কিবা হ’ল নেকি বুলি সি লাহেকৈ চুই চালে আৰু লগা লগ সি চিৎকাৰ কৰি উঠিল-বুঢ়ী ঐ তই নমৰিলি কিয়৷ তই মৰাহলে মই বৰ ভোজ খালোঁহেঁতন ঐ বুঢ়ী৷ তই মোৰ চামাৰ কেম্পটোটো খালিয়েই মোৰ বাচি থকা কাণখননো খালি৷ মই এতিয়া মোৰ জাঁইজনীৰ আগত কেনেকৈ ওলাম! বুঢ়ী তই মৰ মৰ…
মিয়াওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওও

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments