“চাহিত্য চভা – জয় হো” (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

জাতীয় সাহিত্য সভাৰ মুখ্য সম্পাদক আনন্দ বৰ্মন কেলকুটেৰটো লৈ কিবা হিচাপ-নিকাচত ব্যস্ত। বহুসময় হিচাপটো মিলাব নোৱাৰি এক অশান্তিৰ ছাপ ফুটিউঠিছে তেওঁৰ মুখমণ্ডলত।
‘ছাৰ, কথাবোৰ অলপ বেয়া হৈছে নেকি? বহুকেইজন সভাৰপৰা আঁতৰিল। পেপাৰ-টিভি সকলোতে আমাৰ বদনাম।’- সেয়া কণ্ঠিৰাম বৈশ্য, বৰ্মনৰ সোঁহাতস্বৰূপ।
‘কি বেয়াডাল হ’ব? মিডিয়াই গণ্ডগোল কৰিবই, চকুচৰহা মখা! আৰু, মানুহ আহিব, যাব। কোননো চিৰদিনৰ কাৰণে থাকিব? বাদ দিয়াহে এইবোৰ…মোৰতো গঁড়ৰ ছাল!’
‘আমি কেইটামান ভাল কামত হাত দিব পাৰো দেখোন..’।
‘কেনেকুৱা কাম?’
‘বিটিএডি এলাকালৈ গৈ দুই-এখন মিটিং কৰি শান্তিৰ বাণী প্ৰচাৰ…’

‘ফাল্টু কথা নকবা হে। বিটিএডিত এতিয়াও শান্তি ঘূৰি অহা নাই। এতিয়া তাত গৈ মৰিলেহে হ’ব। পৰিস্থিতি অলপ শাম কাটক, যাব লাগিব এবাৰ…’।
‘নহ’লে দুখনমান ভাল অসমীয়া গ্ৰন্থ…’
‘কৰিয়ে আছো দেখোন, মানুহেহে নেদেখে। আৰু শুনা, সেই যে ৰহাৰ ওচৰৰ গাওঁখনৰ কবিজন আছিল..কি নাম আছিল হে?’
‘নৰহৰি শইকীয়া?’
‘অ, অ…তেওঁৰ এবছৰীয়া মৃত্যুবাৰ্ষিকীখন সভাৰ বেনাৰতে কৰিম। কালি পুতেকে ফোন কৰিছিল। পাঁচলাখ টকাৰ যোগাৰ কৰিছে বোলে..।’
‘কি সুন্দৰ কথা! কেনেকৈ কৰিলে??’
‘আৰে বৈশ্য, কৈছিলোঁ তাক যে দেউতাক জীয়াই থাকোতেতো তেওঁক বা তেওঁৰ লিখনি গাঁৱৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিল। এতিয়া আমি জাতীয় সভাই তেওঁৰ সাহিত্য কৰ্মকস্বীকৃতি দিলে এটলিষ্ট মৰাৰ পিছততো অসমে জানিব, মাত্ৰ আমাৰ সভাৰ নামত অলপদান-বৰঙণি দিলেই হ’ল। হা: হা:, গাঁৱৰ হোজা মানহ, মাটি বিক্ৰী কৰি পইচাগোটালে বোলে..।’
‘বৈশ্য, আৰু এটা কথা..। ভাল পইচা দিছে, সৰুকৈ স্মৃতিগ্ৰন্থ এখনো উলিয়াব লাগিব। সভাপতি ছাৰৰ শুভেচ্ছা বাণী থাকিব ফাৰ্ষ্টপেজত। যোৱামাহত হাজোৰ সেই গল্পকাৰ এজনৰ স্মৃতিগ্ৰন্থ উলিয়াইছিলো যে, সেইটোৰ কাৰণে লিখা শুভেচ্ছা বাণীটো আছেই। নামটো চেঞ্জ কৰি, ‘গল্পকাৰ’ৰ ঠাইত ‘কবি’ কৰি দিলে। বাকী প্ৰশংসা বাণীতো আমাৰ ক-ফলাৰ দৰে একেই থাকে, চবতে একে।’
‘ছাৰ, এনেকুৱা ‘কেছ’ মাহে-দুমাহে দুই-এটা পাই থাকিলে বৰ ভাল হয়..হে: হে:।’

দুপৰীয়া বৰ্মন আৰু বৈশ্য ফাঁচীবজাৰলৈ গ’ল।
‘আৰে জৈন চাহাব, আপোনালোকে ইমান কোৱাৰ পিছতো চাইনবোৰ্ডখনত দোকানৰ নামটো অসমীয়াত নিলিখিলে?’
‘চাহিত্য চাভাৰ চিঠি পাইছে আমি। ছোটা কে লিখি দিছে না চাইডতে। লাষ্ট হপ্তাহত বনাইছে বোৰ্ডটো। পুৰা বিছ হাজাৰ খৰচা..এতিয়া আকৌ বদলাব নক’বদাদা…’।
‘হেহ, ছোটা কে লিখিলে নহ’ব না..। ঠিক আছে চাইন বোৰ্ডৰ আধা দাম মানে দহহাজাৰ চভাৰ নামত বৰঙণি দিয়ক..আৰু এবছৰ দিগদাৰি নকৰোঁ।’
‘দাদা, দহহাজাৰ বহুত হয় হে। আমাৰ পৰা দিনটোত ছান্দা ল’বা মিনিমাম দুটা ‘হন্থা’টো আহিব’ই। আপোনালোকৰ চাহিত্য চাভাৰ নামতো শুনাই নাছিলোঁ..’।
‘কি চাহিত্য চভাৰ নাম শুনা নাই..আমি চভাৰ মানুহে তহঁতৰ দোকান বন্ধ কৰি দিবপাৰোঁ, জান? আৰু আমি ছান্দা নোতোলোঁ, মানুহে মৰমেৰে দিয়া বৰঙণিহে লওঁ…।’ বৰ্মন খঙত ফোঁপাইছে। এটা সময়ত বৰঙণিৰ মিত-মাত হ’ল।

ফাঁচীবজাৰৰ দোকানবোৰ ঘূৰাৰ পিছত বৰ্মনহঁত আমিনগাঁৱলৈ গ’ল। সিঙৰ ধাবাত ৰুটি-মাংস খালেউদৰ পুৰাই। বিল উঠিল তিনিশ টকা। বৈশ্যই তিনিশ টকাৰ বৰঙণিৰ ৰছিদ এখন উলিয়াইদিলে। দুয়ো কাষতে থকা সৰু পাণদোকানখনলৈ তামোল খাবলৈ গ’ল।

পাণদোকানৰ ওচৰ পাই বৰ্মনে চিঞৰি উঠিল, ‘ইচ ইচ, ‘ৰাতুল পাণ শ্ব’প’। হৌৰা, তোমাৰ দোকানৰ নামটো ইংলিছত লিখিলা যে? গম নোপোৱা আমি চাহিত্য চভাই এইইংলিছ-চিংলিছ বন্ধ কৰি পিউৰ অসমীয়াত লিখাৰ বাবে কৈ আছোঁ অতদিন? তুমি নামানা কাৰণে চাহিত্য চভাই তোমাৰ পৰা জৰিমনাও ল’ব পাৰে, জানা? মই চভাৰ মুখ্য সম্পাদক..।’
‘ছাৰ, সাহিত্য সভাৰ কথা কৈছে নেকি বাৰু?’-দোকানীজনে সুধিলে।
‘হয়, হয় সাহিত্য সভা’- বৈশ্যই ক’লে আৰু মুখৰ ভিতৰত ভোৰভোৰালে -‘এইডালে জৈন, জালানৰ লগত লেন-দেন কৰি কৰি উচ্চাৰণেই পাহৰিছে!’
‘ছাৰ, বহুবছৰ আগত সাহিত্য সভা চাইছিলোঁ, নলবাৰীত। আমি সৰু সৰু। লোকেলোকাৰণ্য। সভাপতি-সম্পাদকক চাবৰ বাবে মানুহৰ দৌৰা-দৌৰি, ঠেলা-ঠেলি। আমিতেওঁলোকক দেখাৰ পিছত ভগৱান দেখাৰ দৰে লাগিছিল।…আৰু তেনে সম্পাদক এজন আজিমোৰ দোকানত! মোৰ কি ভাগ্য!!..ঐ ৰাতুল, ছাৰৰ ভৰিত পৰি আশীৰ্বাদ ল…।’ দোকানীৰ পুতেক ৰাতুলে সম্পাদক বৰ্মনৰ ভৰি চুই সেৱা কৰিলে।
‘আৰু ছাৰ, আমাৰ এই সৰুটো -ৰাতুল। এইবাৰ নতুনকৈ ইংৰাজী শিকিছে। টিন এচটাত এঙাৰেৰে দোকানৰ নামটো ইংৰাজীতে লিখি ইয়াত ওলোমাই থৈছিল। ভুল হ’ল, দায়-দোষ নধৰিব আকৌ। জৰিমণা কিবা দিব লাগিলে কওঁক। উৰুকাৰ নামত গাৱঁৰ ডেকাকেইটাক মদ খাবলৈছান্দা দিয়াতকৈ সভাৰ নামত বিছটা টকা দিবলৈ বেছি ভাল পাম…’।
‘এহ, তোমাৰ পৰানো কি বৰঙণি ল’ম হে?হ’ব দিয়া পাঁচখন তামোলকে বান্ধি দিয়া..’।
বৈশ্যই লাহেকৈ মাত দিলে – ‘মোক দুখনমান ১২০ পানকে দিয়াহে বান্ধি। জৰ্ডাঅলপ বেছিকৈ দিবা। মিঠা পাট্টি দিবা, জাতীয় সাহিত্য সভাৰ মানুহ, বাংলাপাট্টি নাখাওঁ নহয়, হে: হে:।’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক