চাৰি মাইক্ৰন (- বিকাশ শইকীয়া)

সেউজীয়া চাহ বাগান । বাগানৰ মাজত তেল কোম্পানীৰ সুউচ্চ ৰীগ আৰু ৰীগৰপৰা দৃশ্যমান অটব্য নগা পাহাৰ ,অৰ্থাত গেলেকী । গেলেকীৰ ৰীগ এটাত উিউটি পৰিছে ।
ৰীগলৈ গ’লো, ড্ৰিলিং চলি আছে । ৰীগত মই ড্ৰিলিং ফ্লুইডৰ গুণাগুণৰ ওপৰত চকু ৰাখিব লাগে । কেমিকেল ঢালিবলৈ মোৰ তলত তিনিজন কন্টিজেন্ট লেবাৰ থাকে, লেবাৰকেইজনক চম্ভালিব লাগে । নিৰ্দিষ্ট সময়ত লেবাৰ তিনিজন আহিল ।
-নাম কি…… প্ৰথমজনক সুধিলোঁ,
-দুদুল ওৰাং ।
– বাগানীয়া ?
– হয় ছাৰ ।
– কিমানলৈকে পঢ়িছিলা ?
– চেভেন পাছ কৰিছোঁ ।

দ্বিতীয়জনলৈ চালো, একেবাৰে হাড়ে-ছালে লগা বয়সস্থ মানুহ এজন ।
– কি নাম…… মই সুধিলোঁ
– ৰমজান আলি, লিখা-পঢ়া নাজানো ।

তৃতীয়জনলৈ চালো, ডেকা ল’ৰা এজন ।
– তোমাৰ ?
– আব্দুল হালিম ।
– পঢ়া-শুনা ?
– অলপ কৰিছিলোঁ ।

এইটোৱেই প্ৰবলেম । পিচপৰা অঞ্চলৰ এই মানুহখিনিৰ শিক্ষা-দীক্ষা কম, খুব বেছি মেট্ৰিক, তাৰ পাছত একো নাই । গতিকে সচেতনতা কম আৰু তাৰ সুবিধা লৈ এচামে সদায়েই এওঁলোকক শোষণ কৰি আহিছে ।

– আজি প্ৰথমতে বাংক হাউচটো চফা কৰিম, তাৰ পাছত কেমিকেল ঢালিম ।দুদুল গৈ মেচিনকেইটাত পানী মাৰা গৈ, বাকী দুজনে বাংক হাউচটো চফা কৰাত লাগি যোৱা….. মই ক’লো ।

মোৰ কথামতে দুদুল টেংকৰ ওপৰলৈ গ’ল, ৰমজান আৰু হালিমে ঝাৰু লৈ চাফাকৰাত লাগিল, মই ছানগ্লাছযোৰ পিন্ধি বাহিৰলৈ ওলালোঁ ।
আধাঘন্টামান পাছত ঝাৰু দিয়া শেষ হ’ল, ৰমজান আৰু হালিম মোৰ ওচৰলৈ আহিল ।
– ছাৰ, ঝাৰু দি বেৰ আৰু মজিয়া সাৰিলোঁ ।
– ঠিক আছে, এতিয়া কেমিকেল ঢালিম, বেন্টনাইট ১০০ বেগ । তাৰ পাছত হালিম, তুমি বাংক হাউচৰ মজিয়াখন পানীৰে মচি পুৰা চিকচিকীয়া কৰি দিবা, অলপো মাটি নাথাকে যেন ।
– হ’ব ছাৰ…… হালিমে উত্তৰ দিলে ।

দুদুল আৰু ৰমজানে ৫০ কিলো ওজনৰ বেন্টনাইটৰ বেগবোৰ টানি আনি দিছে, হালিমে বেগবোৰ কাটি তাৰ ভিতৰত থকা পাউদাৰ জাতীয় বেন্টনাইট ক্লেৰ চাৰি মাইক্ৰণ চাইজৰ হালধীয়া গুৰিবোৰ টেংকত ঢালিছে । ঢালোতে বেগটোৰ কিছুমান গুৰি বতাহত উৰিছে, লেবাৰকেইটাৰ নাকে মুখে সোমাইছে, কিন্তু সিহঁতে ঢালি আছে ।

– আৰামত লাহে লাহে ঢালা, নহ’লে চব নাকে-মুখে সোমাব…… মই ক’লো ।
– নাই ছাৰ , পটাপট ঢালি আজৰি হৈ লওঁ, আমাৰ অভ্যাস হৈ গৈছে….. দুদুলে ক’লে ।
বেন্টনাইটৰ গুৰিবোৰ বতাহত ভাহি মোৰ ফাললৈও আহিছে, মই অলপআঁতৰলৈ গ’লো । কিছুসময় পাছত ঢলা শেষ হ’ল, তিনিওজন লেবাৰে হাত-মুখ ধুই ল’লে ।
– টেংকৰপৰা অলপ মাদ লৈ আহাচোন, ৱেইটটো চাওঁ…….. মই হালিমক ক’লো ।

হালিমে এমগ মাদ টেংকৰপৰা আনিলে, তাৰ পাছত বেলেঞ্চখন লৈ নিজেই জোখাত লাগিল ।
– ছাৰ, মাদৰ স্পেচিফিক গ্ৰেভিটি ১.০৯, মানে ৯.০৮ পিপিজি….. হালিমে ক’লে ।

বেলেঞ্চখন চালো, ঠিকেই কৈছে……. কিমানলৈকে পঢ়া বুলি কৈছিলা তুমি….. মই হালিমক সুধিলোঁ
– ছাৰ আচলতে মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ, আইডলৰপৰা অসমীয়াত ।

বেলেঞ্চৰপৰা চকু আঁতৰাই মই হালিমৰ ফালে চালো ।
– ২০০৪ চনতে বি.এ পাছ কৰিছিলোঁ, জেবি কলেজৰ পৰা । জানেই চৰকাৰী চাকৰি আমাৰ দৰে মানুহে নাপায়েই । তাৰ পাছত প্ৰাইভেট স্কুল এখনত সোমালোঁ, দৰমহা বহুত কম, খাটনি বেছি, চলিবলৈ নোপোচে, এৰি দিলোঁ । তাৰ পাছত ইয়াত সোমালোঁ, ৰীগত লেবাৰ কাম কৰি প্ৰাইভেট স্কুলতকৈ দুগুণ টকা পাওঁ, টিউচন কেইটামানো কৰোঁ…….হালিমে কৈ গ’ল ।

মই নিৰ্বিকাৰভাৱে শুনি গ’লোঁ । ইংগিতেৰে বেলেঞ্চখন ধুবলৈ কৈ মই টেংকৰ ওপৰৰপৰা নামি আহিলোঁ ।
চানগ্লাছযোৰ খুলিলোঁ, গ্লাছ দুখনৰ ওপৰত সামান্য ধুলি লাগিছে, বোধহয় আব্দুল হালিমহতে অলপ আগতে ঢলা বেন্টনাইটৰ ধূলিকণা । পকেটৰপৰা ৰুমালখন উলিয়াই চানগ্লাছযোৰ মচিলোঁ । বেন্টনাইটৰ পাৰ্টিকল চাইজ…….. চাৰি মাইক্ৰণ….চাৰি মাইক্ৰণ খালী চকুৰে মনিব নোৱাৰি ।

ওচৰতে থকা বাগানখনত বাগানীয়া মজদুৰ তিৰোতাবোৰে চাহপাত তুলি আছে । ড্ৰিলিঙৰ ইঞ্জিনিয়াৰ ৰাকেশ কুমাৰে কাণত ফোনটো লৈ গালফ্ৰেণ্ডৰ লগত কথা পতাত ব্যস্ত । অলপ দূৰত মেকানিকেলৰ ইনচাৰ্জ দত্তই এজনক গালি পাৰিছে । চি.আই.এছ.এফৰ জোৱান এজনে কাৰ্বাইনটো কান্ধত ওলোমাই গেটৰ সমুখত পায়চাৰি কৰি আছে, আৰু …..জেবি কলেজৰ স্নাতক আৰু আইডলৰ পৰা অসমীয়াৰ স্নাতকোত্তৰ আব্দুল হালিম বাল্টি এটাত পানী লৈ বাংক হাউচলৈ সোমাই গৈছে………..
…….মোৰ অধীনত কাম কৰা আব্দুল হালিম নামৰ কন্টিজেন্ট লেবাৰজনক মই বাংক হাউচৰ মজিয়াখন চিকচিকীয়াকৈ মচিবলৈ অৰ্ডাৰ দিছিলোঁ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments