চাৰ (অনন্ত বৰা)

চাৰ মানে পূৰ্ণ চাৰৰ কথা কৈছো৷ স্কুলীয়া দিনৰ পৰা বিভিন্ন সময়ত চাৰ বুলি ক’ব লগা মানুহ বহুতেই লগ পালো৷ কিন্তু কিয় ক’ব নোৱাৰো, চাৰ শব্দটো মনলৈ আহিলেই কেৱল পূৰ্ণ বুঢ়া গোহাঁই চাৰৰ মুখ খনহে মনলৈ আহে৷ বগা চোলা পিন্ধি তামোলৰ পিকেৰে ওঁঠ ৰঙা কৰি চাৰ যেতিয়া শ্ৰেণীকোঠালৈ সোমাই আহে আমাৰ সকলোৰে বুকু কঁপি উঠে৷ অনবৰত কমেডি কৰি থকা প্ৰকাশৰ মুখখনৰ পৰা হাঁহি নাইকিয়া হয়৷ গ্ৰামাৰ পঢ়োৱাইছিল চাৰে আমাক৷ ফিউচাৰ পাৰফেক কণ্টিনিউআচ পঢ়োৱাৰ দিনটো মোৰ আজিও মনত আছে৷ ক্লাছটোৰ সময় শেষ হৈ গ’ল, চাৰে আমাক এৰি দিয়া নাই৷ স্কুল চুটি হ’ল, বাকী ল’ৰা ছোৱালী বোৰ ঘৰ পালেগৈ৷ নাই চাৰে আমাক এৰি দিয়া নাই৷ শেষত সিদ্ধান্ত হ’ল৷ দহটা ট্ৰেঞ্চলেচন দিব চাৰে, তাৰে যি আঁঠটা শুদ্ধকৈ লিখিব সি ঘৰলৈ যাবলৈ পাব৷ ক্লাছ চিক্সৰ বছৰেকীয়া পৰীক্ষালৈ বেছি দিন নাই৷ নাই আমি ভালকৈ একো আয়ত্ত কৰিব পৰা নাই৷ চাৰৰ খং, টেবুলত কুমলীয়া বাঁহৰ এচাৰি এডাল আছেই৷ আজি মৰিলো৷ আৰু এটা চুক্তি কৰিলে চাৰে, ভুল হ’লেও যাব পাৰিব কিন্তুু এটা ভুলত দহ চাটকৈ এচাৰিৰ কোৱ খাব লাগিব৷ প্ৰকাশ, নিৰঞ্জনৰ মুখ শুকাই গৈছে৷ পৱিত্ৰইটো কান্দিবলৈহে বাকী৷ ৰতন পাছবেঞ্চৰ পৰা ডিঙি মেলি সাজু হৈ আছে, মই লিখা আৰম্ভ কৰিলেই যি লিখো তাকে সি লিখি যাব৷ সকলো নিৰৱে বহি আছে৷ চাৰে আটাইকেইটা টেঞ্চ ভিত্তি কৰি দহটা ট্ৰেঞ্চলেচন কৰিবলৈ দিলে৷ বহু সময় চেষ্টা কৰি মই প্ৰথমেই বহীখন নি চাৰক দিলো৷ বহীখন চায়েই চাৰে মোক লগে লগে দহ কোৱ বেট দি বহি থাকিবলৈ ক’লে৷ তাৰমানে এটা ভুল হৈছে! কিন্তুু চুক্তি মতে মোকতো যাবলৈ দিব লাগিছিল৷ অৱশেষত চাৰ কিছু নৰম হ’ল৷ সকলোকে বহীবোৰ জমা দিবলৈ ক’লে, আৰু ঘৰলৈ যাবলৈ অনুমতি দিলে৷ আজি ভাল বাচিলো ভাৱত সকলোৰে মুখলৈ পানী আহিল৷ কিন্তু কথা হ’ল পাছৰ দিনাটো আমাক নেৰিব৷ হ’লেও সেই দিনটোৰ বাবে আমি বাচিলো৷ পাছৰ দিনাও চাৰে আমাক মাৰ পিট নকৰিলে, বহীবোৰ সকলোকে দি চাৰে ক’লে আজিৰ পৰা তেওঁ আমাক স্কুল চুটীৰ পাছত কিছুসময় গ্ৰামাৰ পঢ়াব৷ আৰু সেই মতে চাৰে আমাক সেই বছৰ বছৰেকীয়া পৰীক্ষাত সকলোকে ভাল নম্বৰ পাব পৰাকৈ সক্ষম কৰি তুলিছিল৷ মই আজি অনুভৱ কৰো চাৰে চাগৈ সিদিনা আমাৰ অক্ষমতাৰ কাৰণ বিশ্লেষণ কৰি শেষত কিছুসময় অধিক শিক্ষাদান দি হ’লেও আমাক সক্ষম কৰি তুলিবলৈ সিদ্ধান্ত লৈছিল৷ এইয়াও চাগে এজন শিক্ষকৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা দায়িত্ববোধৰ এটা সৰু উদাহৰণ৷ চাৰৰ সেই ত্যাগ আৰু দায়িত্ববোধৰ বাবেই হয়তো ভৱিষ্যত জীৱনত মই বা আন বহুতেই ইংৰাজী বিষয়ত কিবা এটা পঢ়িব লিখব পৰাকৈ কিছু হ’লেও সক্ষম হ’ব পাৰিলো৷ চাৰৰ সেই ক্লাছ কেইটা মই চাগে কোনোদিন পাহৰিব নোৱাৰিম৷ সেইদিনাৰ দহটা ট্ৰেঞ্চলেচনৰ প্ৰথমটো আছিল সদায় সঁচা কথা ক’বা, আৰু মই লিখিছিলো নেভাৰ টেল এ লাই৷ মোৰ প্ৰতি চাৰৰ এটা বিশ্বাস আছিল যে মই কিছু আয়ত্ত কৰিব পাৰো৷ কিন্তুু যেতিয়া মই এনেকুৱা এটা চুড়ান্ত ভুল কৰিলো, ( আৰু দুটামান ভুল হৈছিল ) তাৰ পাছত চাৰে মোক বহু কথা কথা কৈছিল৷ যিবোৰ কথাৰ মূল্য হয়তো মই সিদিনা অনুভৱ কৰিব পৰা নাছিলো৷ চাৰে এতিয়া অৱসৰ ল’লে৷ কেতিয়াবা লগ পাওঁ৷ আমাৰ ঘৰলৈ আহে, কিবা ভাল কিতাপ আনিছো নেকি শুধে৷ কিতাপ পঢ়ি ভালপোৱা চাৰে বুলে বহুদিন ভাল কিতাপ এখন পঢ়িবলৈ পোৱা নাই৷ ছমাহতে চাৰিটা এডিচন ওলোৱা ৰঙা বেটুপাতৰ কিতাপখন সেইদিনা চাৰক দিম বুলিয়েই কিনিব খুজিছিলো৷ দিয়া নহ’ল নিদিলো, আকৌ নেভাৰ টেল এ লাই হ’ব যেন লাগিল৷ এই কেইদিনতে চাৰক কিতাপ এখন দিব লাগিব৷ চাৰে পঢ়ি ভালপোৱা ধৰণৰৰ কিতাপ এখন বজাৰত আহিছে৷ তেওঁ সেইখন ভাল পাৱ৷ কাৰণ মই জানো চাৰ যদিও অলপ খঙাল, বুকুৰ অনুভৱত তেওঁ সদায় কঢ়িয়াই ফুৰে জীৱনবোধৰ কিছু আলাপ কিছু মিঠা অনুৰাগ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments