চিকটা পুৰাণ – দেৱজিত শইকীয়া

খণ্ড-১

ভৌ ভৌ ভৌঔঔঔ ভৌ…..

গেটখন খুলিছিলোহে মাত্ৰ৷ ভিতৰৰ পৰা অহা ভৌ ভৌ মাতটোত আকৌ গেটখন বন্ধ কৰি দিলো৷ মনতে ভাবিলো, ইমান চিকটা এটাই কুকুৰ পুহিছে৷ কাহিনী কি?

টৰ্চটো মাৰি গেটখন চালো…..হয়, ডাঠ কাগজ এখনত এঙাৰৰে ডাঙৰ ডাঙৰকৈ লিখা আছে “কুকুৰৰ পৰা সাৱধান৷” গেটত শিকলি এডালো ওলমি আছে৷

মই গেটখনত ঘটঘটাই দিলো৷

ভৌ ভৌ ভৌঔঔঔ ভৌ….ও ভৌ

এইবাৰ আৰু খঙত ভুকিব ধৰিলে৷ মই বোলো হেৰৌ এইটোক বান্ধি থোৱা আছেনে? মই আহিছিলো অ’…

এনেতে দৰ্জাখন খুলি বোলে-  ‘অ’ দাদা আপুনিহে, আহক আহক৷ মই আকৌ বেলেগ বুলিহে ভুকি আছিলো৷’

‘মই ভুকি আছিলো মানে?’

‘হে হে দাদা কুকুৰ পোহা কিমান খৰচি কাম৷ সেয়ে মইয়েই ভিতৰৰ পৰা মানে….’

মই বোলো “বুজিলো৷ পিছে এই ফুট গধুলিতে দৰ্জা মাৰি আন্ধাৰে মুন্ধাৰে সোমাই আছ’ যে?”

“নাই পুৰ্ণিমা যে, সেয়ে ভেণ্টিলেচন আৰু খিৰিকীখন খুলি থৈছো৷ চন্দ্ৰৰ পোহৰত আকৌ লাইট জ্বলাইনো পইচাকেইটা কিয় খৰচ কৰো? আমি মাহটোৰ এসপ্তাহ লাইট নজ্বলাওৱেই!”

“ভালেই কৰিছ৷ পিছে আজিৰ খানা কি বনাইছে?”

“খানা মানে, আমাৰ প্ৰতিসাজতে মাছ সদায় থাকেই, জানেই নহয় আৰু৷”

“তোৰ দৰে চিকটা এটাই সদায় মাছ খাৱনে?”

“আমাৰ মানে মাছ খোৱাৰ এটা নিয়ম আছে৷ শনিবৰীয়া বজাৰৰ পৰা শুকান মাছ ছয়টা কিনি আনো৷ প্ৰতিটোৰ নাম দি লও ক্ৰমে সোম, মঙল, বুধ এনেকৈ৷ সোমবাৰে জোল বনাই মাছটোক ৰচিৰে বান্ধি জোলত অলপ সময়ৰ বাবে ডুবাই দিও৷ জোলত অলপ মাছৰ গোন্ধ আহিলেই সেইটোক জোলৰ পৰা ডাঙি আনি আকৌ কলপাতত নুৰিয়াই থৈ দিও৷ ফ্ৰীজত নথও, আফটাৰ অল কাৰেণ্টৰ কথা আছে যে৷ মঙলবাৰে মঙল নামৰ মাছটো, বুধবাৰে বুধ বুলি মাছটো৷ এনেকৈয়েই প্ৰতিদিনে আমি ফ্ৰেচ মাছ খাওঁ৷”

“ছয়টা কলি যে? সপ্তাহৰ বাৰ দেখোন সাতটা?”

“সেইদিনা আমি মুৰ্গী মাংস খাও৷”

“বাহ! তই মুৰ্গী মাংসও খাৱ?

মাংস মানে সোণটোহঁতৰ মুৰ্গীজনীক কণী পাৰিবলৈ আমাৰ জুহালৰ কাষতে ভাল ঠাই এডোখৰ দি দিছো৷ কণীবোৰ থৈ দিও, ৰবিবাৰে খাও৷

“হেৰৌ মুৰ্গী মাংস খাওঁ বুলিহে কৈছিলি? তই দেখোন মুৰ্গীৰ কণীহে খাৱ?”

“অ’ দাদা, কণীটো মানে মুৰ্গীৰ “চন’গ্ৰাফী ষ্টেজ” নহয় জানো? গতিকে মুৰ্গী খোৱাই হ’ল দেখোন! অৱশ্যে হাঁহৰ মাংস খাবলৈ মন গ’লে, হাঁহৰ কণী দুটা কিনি আনি মই নিজেই উমনি দি লওঁ!

☆ ☆ ☆

খণ্ড-২

“হেৰি শুনিছে? আপুনি যে কৈছিল, চাউল দাইল নহয়, প্ৰথমতে দোকানীক দাইল লাগে ক’বা, তাৰ পিচত চাউল লাগে ক’বা৷ প্ৰথমতে দাইল জোখাটোৰে চাউল জুখিলে চাউলৰ লগতে দাইল কেইটামানো আহি যায়৷ আৰু যদি এক কেজি দাইল কিনা কমেও পাঁচখন দোকানৰ পৰা কিনিবা, তেতিয়া প্ৰতিবাৰ জোখোতে অলপকৈ হ’লেও বেছিকৈ আহে, এককেজি দাইলত কমেও এক কেজি এশগ্ৰাম পাবা৷ আজি মই তেনেদৰেই কিনি এতিয়া চাউল বাচোতে এবাটি দাইল পালো৷”

“ভালেই হ’ল দে এমাহলৈ তই এতিয়া আৰু মোক দাইল নাই নাই বুলি কেটকেটাই এনাৰ্জী লচ কৰি থাকিব নালাগে৷

“তোৰ চাউল বচা হ’ল যদি চচমাজোৰ দেচোন মই দিয়াচলাই কেইটা কাটো৷”

“কোনটো চকুৰে কাটিব?”

“চকুৰে কাটে নেকি হেৰৌ, সীতাৰামৰ চেলুনৰ পৰা ব্লেড এখন আনিছো, ব্লেডৰেহে কাটিম৷”

“নহয় অ’ আপুনিযে যে কয় যে একেটা বস্তুকে দুইটা চকুৰে চাই কিয় দুগুণ এনাৰ্জী লচ কৰিব লাগে ….সেয়ে ক’লো৷ এটা চকু বন্ধ কৰি যদি এটা চকুৰে চায় তেন্তে চচমাৰ সোফালৰ গ্লাছখন আপুনি পিন্ধক, বাওফালৰখন মই পিন্ধি দাইল বান্ধি দিয়া খবৰ কাগজৰ টুকুৰাকেইটা পঢ়ো৷ অলপ দেশ দুনীয়াৰ খবৰো ৰাখিব লাগে নহয়!”

“ঠিকে আছে, তই পঢ়ি মোক কৈ দিবি, মই আকৌ পঢ়ি চচমাজোৰৰ পাৱাৰ নকমাও৷”

“পিছে দিয়াচলাই কেইটা কাটি কি কৰেনো?”

“হেৰৌ তইয়েই দেখোন কৈছিলি চলাই নাই বুলি সেয়ে মই অথনি হৰেণৰ দোকানতগৈ বোলো হৰেণ কাণখন বৰ খজুৱাইছে অ’ চলাই কাঠি দুটা দেচোন৷ সি বোলে চিগাৰেট জ্বলাবলৈ ৰখা টেমাটোতে আছে লৈ লওক৷ মই ইটো বেঁকা সিটো বেঁকা বুলি চাৰিটা কাঠি আনিলো৷ পিছে চলাই মাৰোতে কাঠিটোৰ এটা চাইড হে ঘঁহনি খায়, আনটো চাইড এনেই মিছাতে অনিষ্ট হয়৷ সেয়ে আহোতে সীতাৰামৰ চেলুনৰ পৰা ব্লেড এখন লৈ আনিলো বোলো চলাই কাঠি কেইটা দীঘলে সমানে সমানে ভাগ কৰিলে এটা কাঠিৰ পৰাই দুটা হ’ব৷”

“আপুনিযে ইমান ইচমাৰ্ট!”

“হ’ব হ’ব এতিয়া দিন দুপৰতে তোক টুপুকটো দিব নোৱাৰো৷ তাৰ সলনি তোক আৰু এটা সুবিধাহে কৰি দিও ৰ’৷”

“কি সুবিধা?”

“সিদিনা দোকানৰ পৰা ফুটা থকা ফটা বস্তা এটা আনোতে যে তই সুধিছিলি এইটো আকৌ কিয় আনিলে? মৰাপাটৰ আঁহখিনি উলিয়াই বেণী গুঠি ৰচী এডাল বনাই আগটো জ্বলাই দিও৷ দুদিনমান জ্বলি থাকিব৷ তই আৰু প্ৰতিবাৰ চলাই মাৰি মাৰি এনাৰ্জী লচ কৰি থাকিব নালাগে৷”

“এইখন লওক আপোনাৰ চচমাৰ বাওঁফালৰ গ্লাছখন আৰু চাও গালখন… আপুনি ইমান ইচমাৰ্ট…..টুপুক!”

☆ ☆ ☆

খণ্ড -৩

“হেৰৌ ডিমটো ধুই লৈ সিজাইছিলিনে? ডিমটো সিজিলে গৰম পানীখিনিতে চাহপাত অকণ দি চাহ অকণ বনাই দিবি অ’৷ নহ’লে গৰমপানীখিনি আৰু গৰম কৰিবলৈ খৰচ কৰা গেছখিনি এনেই খৰচ হয়৷”

“ধুই লৈছো৷ আপুনি কেবল চাই থাকক যাতে ডিমটো নাভাঙে, নহ’লে ডিম ধোৱা পানীখিনিও অথলে যাব৷”

“এটা চকু মেলি চাই আছো ৰ’৷ ভাগৰ লাগিলে ইটো চকুৰে চাম৷ পিছে তই কি কৰিছ?”

“ৰ’ব, মই অথনি চাৰ্ফত ডুবাই ৰখা পানীখিনিৰ পৰা কাপোৰখিনি উলিয়াই ফিল্টাৰত দিছো৷ ফিল্টাৰত লেতেৰাখিনি থাকি যাব আৰু চাৰ্ফপানীখিনিত আকৌ নতুনকৈ কাপোৰ ডুবাই থব পাৰিম৷”

“বাৰু, কেৱল মোৰ গেঞ্জী আৰু চুৰিয়াখন ধুব নালাগে৷ মই কালি টু-ইন-ৱান ধুইছিলো৷”

“টু ইন ৱান মানে?”

“হেই এইজনী! চুৰিয়া গেঞ্জী পিন্ধিয়েই ঢেলা চাবোন মাৰি গা ধুইছিলো৷ কাপোৰো ধোৱা হ’ল, গাত চাবোন মাৰি ধোৱাও হ’ল৷ টু-ইন-ৱান আকৌ!

“পিছে গেঞ্জীত নীল নিদিলে নহয়! মই যোৱাবাৰ কাপোৰত নীল দিয়া পানীখিনি গেলন এটাত থৈ দিছিলো৷ তাৰেতো এমগ ঢালি ল’ব পাৰিলে হয়৷”

“হ’ব দে নীলৰ কথা থ’৷ চাহপাতখিনিৰ ৰং নাইকিয়া হৈ বগা হৈ গ’ল৷ এইখিনি গোলাপফুলৰ গুৰিত দি দিবি৷”

“আপুনিনো চাহপাতৰে কি কৰিছে?”

“এহ! তই কাম কৰি থকা দেখি বোলো ডিমটো সিজিল যেতিয়া পানীকণত চাহকণ ময়েই বনাই তোক দিও৷”

“আয়ৌ মোৰ কলিজাতো৷ এতিয়াই নেপেলাব, থৈ দিয়ক৷ মই কালি বাগানৰ মাজত খৰি আনিব যাওতে কেঁচা চাহপাত কেইটামান আনি পিচি ৰ’দত শুকুৱাই থৈছো৷ শুকান চাহপাতৰ লগত মিহলাই ৰ’দত শুকুৱাই দিম ৰ’ব৷ আকৌ গ্ৰীণ টি লেখিয়া ৰং আহি যাব৷”

“পিছে এতিয়া কেনেকৈ খাম?”

“ইহ! চাহ কাপলৈ চাই থাকি খালেহে হয় নেকি? চাহকাপলৈ নাচাই ইফালে যিফালে চাই খাই থাকক৷”

“পিছে চাহৰ টেষ্টটো নহ’ব যে?”

“মনতে জ্বৰ চৰ্দি হৈছে বুলি ভাবি লওকচোন৷ জ্বৰ চৰ্দি হ’লে দেখোন একোতেই টেষ্ট নাপায়৷ সেই বুলি একো নোখোৱাকৈ থাকে নে?”

“হেৰৌ ভালকে চাহকণ খাও বুলিয়েই সিদ্ধেশ্বৰৰ ঘৰৰ ক’লী ছাগলীজনীক গেট খুলি ভৰাই থৈছো৷”

“এটা কথা কওঁকচোন৷ এই ভাল চাহকাপৰ লগত আকৌ সিদ্ধেশ্বৰদাৰ ছাগলীজনীৰ কি কানেকচন? মই ফিৰিতে ঘাঁহখাই থকা দেখি খেদি দিলো আকৌ৷”

“ইচ্ ইচ্ ইচ্! ঘৰলৈ অহা লখিমীজনী তই খেদি দিলি!”

“আপুনিয়েই দেখোন কৈছিল ফ্ৰীতে কাকো একো খাব নিদিবি৷ ছাগলীজনীয়ে দুডাল মান ঘাঁহ খাইছিল সেয়ে তাইক অলপ সময় বান্ধি থৈ দিলো৷ এতিয়া লাদখিনি লাও পুলিত দি তাইক খেদি থৈ আহিছো৷ “

“হেৰৌ সিদ্ধেশ্বৰৰ ছাগলী নহয় সেইজনী সাক্ষাৎ কলি লখিমী৷ তই ক’ত বুজিবি? মই কিমান দিনৰ পৰা টংকৰ দোকানৰ আগৰ পেলনীয়া কলৰ বাকলি সোপা আনি আনি তাইক খুৱাই খুৱাই ঘৰ লগাইছো৷”

“আপুনি ক’বটো পাৰিলে হয় এবাৰ৷”

“হেৰৌ তোক কৈ শক্তিকণ খৰচ কৰা নাছিলো আকৌ৷ কিমান দিন হ’ল গাখীৰ চাহ একাপ নোখোৱা৷ কোনেও নেদেখাকৈ ছাগলীজনী ধৰি গাখীৰ অকণ খিৰাই চাহকাপ খাম ভাবিছিলো আজি৷”

“এয়া চা, চাহৰ লগত খাবলৈ ৰসগোল্লাও আনিছিলো আজি৷”

“ইচ ৰাম ইমান সোপা ৰসগোল্লা কিনিছে?”

“ধেই৷ মই আৰু ৰসগোল্লা কিনি খাম নেকি? অথনি চেণ্টাৰত জীৱনদাই দুৰ্গা বাবুৰ হোটেলৰ পৰা ৰসগোল্লা কিনি থকা দেখিলো৷ তেনেতে খেলাল নহয় বুদ্ধিতো! জীৱনদা ঘৰ গৈ পাই চাহ খাব লৈছিল হে৷ মই জীৱনদাৰ ঘৰৰ বাহিৰতে চাইকেলখন বেৰত আউজাই লৈ বোলো জীৱনদা ডিম্বেশ্বৰৰ খবৰ পাইছেনে? জীৱনদাই বোলে ডিম্বেশ্বৰৰ আকৌ কি হ’ল?”

মই বোলো লগৰ এটাৰ মুখত শুনিলো দুৰ্গা বাবুৰ হোটেলৰ ৰসগোল্লা খাই তাৰ বোলে ফুড পইজনিং হৈ টান হাগনি! শুনা কথাহে পিছে৷

জীৱনদাই বোলে ইচ্ ৰাম ৰাম! তই মোক ভাল বচালি৷ ময়ো আজি কিনি আনিচিলো নহয়৷ ৰ’ মই এতিয়াই পেলাই দিওগৈ৷

মই বোলো পেলাই দিব নালাগে৷ মোকে দিয়ক মোৰ ঘৰৰ মেকুৰীজনীকে দি দিম৷ এই বুলি কৈ লৈ আনিলো৷ পিছে গাখীৰ চাহ খাবলৈ তই ছাগলীজনীয়েই খেদি দিলি৷

“হ’ব দিয়ক একো নাই সাউতকৈ কলৰ বাকলিটো দেখুৱাই তাইক পুনৰ মাতি দিছো৷ আপুনি বাতিটো আনক৷”

“হেৰৌ ছাগলীজনী খীৰাওতে বেবাব পাৰে, সেয়ে মানুহে যাতে গম নাপায় সেয়ে তয়েই খীৰাবলৈ ল’৷ মই সোণটোহঁতৰ বাৰীৰ ফালে গৈ বেবাই থাকোগৈ!” ■■

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments