চিকাৰ — উৎপলা কৌৰ

 

গ্ৰীষ্মৰ ৰ’দেৰে জিলমিল পুৱা এটাত গুৱাহাটী মহানগৰীৰ হাজাৰ-বিজাৰ গলিৰ যিটোত নেইনাৰ পুৰণা অসম আৰ্হিৰ ঘৰটো অৱস্থিত, সেই গলিৰ নেইনাৰ ঘৰৰ সন্মুখতে স্কুটীখন ৰখাই ৰিয়াই স্কুটীৰ ৰিয়েৰ ভিউ মিৰ’ৰখনত নিজকে তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি হৰ্ণটো একেলেঠাৰিয়ে বজাই থাকিল৷ ৰিয়াৰ চুটি চুলিখিনি হেলমেট পিন্ধি থাকিলে ভাঁজ লাগি বেয়াই হৈ যায়৷ হেলমেট নিপিন্ধাকৈ আকৌ ৰকীয়ে তাইক ক’তো যাবলৈ নিদিয়ে৷ সেয়ে চুলিক বাদ দি তাই নিজৰ মুখখন বিভিন্ন কোণত ঘূৰাই-পকাই লিপষ্টিক, আইলাইনাৰ আদি নিৰীক্ষণ কৰি থাকোঁতেই নেইনা আহি তাইৰ পিছৰ ছীটত বহি লাহেকৈ তাইক ঢকা এটা দিলে-

ঐ! ইমান হৰ্ণ বজাইছ কিয় তই.. সদায় মাদাৰ ইণ্ডিয়াৰ গালি খাব লাগে তোৰ কাৰণে

-হ’ব দে! উঠ.. দেৰি হৈছে৷ তিনিবাৰ ফোন আহিলেই ক্লাইণ্টৰ

ৰিয়াই তাইৰ কথাত কোনো গুৰুত্ব নিদিয়াত নেইনাইও একো নক’লে৷ কেৱল ল’ৰাৰ দৰে ৰিয়াৰ স্কুটীত দুইখন ভৰি ছীটৰ দুয়োফালে প্ৰসাৰিত কৰি বহি ল’লে৷

তীব্ৰ ৰ’দত জিলিকি থকা ব্যস্ত, দীঘলীয়া ৰাস্তাকেইবাটাও অতিক্ৰমি স্কুটীখন এটা আহল-বহল চৌহদৰ সন্মুখত ৰ’লগৈ৷ হেলমেটটো খুলি হেণ্ডেলত ওলমাই থৈ ৰিয়াই হাতেৰে এইবাৰ চুলিখিনি ঠিক কৰি ল’লে৷ তাৰ পাছত কান্ধত কোণীয়াকৈ ওলমাই লোৱা কণমানি বেগটোৰ পৰা মোবাইলটো উলিয়াই গুগল মেপত ঠাইখিনিৰ ল’কেচন পৰীক্ষা কৰি ল’লে, হয়.. এইটোৱেই সেই ঠিকনা৷ দুইজনী নামি স্কুটীখন ষ্টেণ্ড কৰি থ’লে৷
ওখ আৰু প্ৰকাণ্ড গেইটখনৰ সন্মুখত ৰৈ ৰিয়াই এবাৰ পুৰণা বস্তু বেচা-কিনা হোৱা ৱেবছাইটোত বিজ্ঞাপনটো পুনৰ পঢ়ি চালে৷ “দুমাহ পুৰণা iphoneৰ $#@ মডেল কেৱল চল্লিছ হাজাৰ টকাত!”

সঁচাকৈ লোভনীয় অফাৰ- বজাৰৰ দামৰ প্ৰায় আধা৷ এনেকুৱা অত্যাধুনিক বস্তুৰ প্ৰতি ৰিয়া আৰু নেইনা, দুইজনীৰে সাংঘাটিক মোহ আছে৷ কিন্তু সিহঁতৰ আৰ্থিক দৈন্যই এইবোৰ সপোন সিহঁতক সহজে পূৰণ হবলৈ নিদিয়ে৷ সিহঁতৰ বাবে সকাহৰ উপায় হ’ল এই পুৰণা বস্তু বেচা-কিনা কৰা চাইটবোৰ৷ বহু ধনী মানুহে কিছুদিন ব্যৱহাৰ কৰি আমনি লাগিলেই ভাল ফোনবোৰ বিক্ৰী কৰি দিয়ে৷ সিহঁত তেনেকুৱা সুযোগৰ সন্ধানত থাকে৷

ৰিয়াই ওখ গেইটখনৰ সিফালে থকা দালানটো ডিঙি মেলি চালে৷ এটা ‘ব’ম্বে’ ডিজাইনাৰ সুন্দৰ ঘৰ, গেইটখনৰ পৰা বহু পিছফালে থকা যেন লাগে৷ হয়তো সন্মুখত ডাঙৰ লন আছে৷ গুৱাহাটীত ইমান ডাঙৰ লনসহ এনেকুৱা অত্যাধুনিক ঘৰত বাস কৰা মানুহৰ প্ৰতি ৰিয়াহঁতৰ এক আচৰিত দুৰ্বলতা আছে! নেইনা ৰিয়াৰ ভাল বান্ধৱী, কিন্তু তাইৰ নিজা ঘৰ আছে গুৱাহাটীত৷ পুৰণা ঘৰ৷ এলেকাটোৰ বাকী ঘৰবোৰৰ তুলনাত সিহঁতৰ ঘৰটো ধুনীয়া শিশু এটিক মুখ নালাগিবলৈ দি থোৱা কাজলৰ ফোঁটটোৰ দৰেই বিসদৃশ৷ তাইৰ বিধবা মাকৰ সৈতে থকা অকণমানি সংসাৰখন নেইনাই টুকটাককৈ চলাই আছে৷ ককায়েকে নিজৰ প্ৰেমিকাক ঘৰ সুমুৱাই এমাহ নহওঁতেই ভাতৰ চৰু বেলেগ কৰা কেইবাবছৰ হ’ল৷

ঘৰটো দেখি ৰিয়াৰ লিপষ্টিকৰঞ্জিত পুৰঠ ওঁঠহালত হাঁহি এটা বাগৰি গ’ল৷

আজি নেইনাক সাংঘাটিক ধুনীয়া লাগিছে৷ তাই এটা শ্লিভলেছ ৰঙা ফ্ৰক পিন্ধিছে৷ চুটি ফ্ৰকটোৰ তলেৰে তাইৰ কোমল পচলাৰ দৰে বগা, পিছল ভৰিহাল জিলিকি আছে৷ দামী চানগ্লাছযোৰেৰে তাইক কোনোবা চিনেমাৰ নায়িকা যেন লাগিছে৷ ৰিয়াই তাইলৈ সন্তুষ্টিৰ দৃষ্টি এটি নিক্ষেপ কৰি ক’লে,
“ব’ল৷ দেৰি হৈছে৷”

নেইনাই তাইৰ চকুৰেই ইংগিত দি সহাঁৰি দিলে৷ ৰিয়াই ডাঙৰ গেইটখনৰ কাষৰ সৰু গেইটখন খুলিবলৈ হাত আগবঢ়াই দিয়াৰ লগে লগে তিনিটামান কুকুৰে ভিতৰত সমস্বৰে চিৎকাৰ কৰি উঠিল৷ কুকুৰৰ গমগমীয়া মাত শুনি তাই থমকি ৰৈ নেইনাৰ ফালে ভয়াৰ্ত দৃষ্টিৰে চালে৷ কিন্তু পিছ মুহূৰ্ততে সৰু গেইটখন খোল খালে আৰু এজন লগুৱাধৰণৰ সাজ-সজ্জাৰ মানুহে ভূমুকি মাৰিলে৷
-কাক লাগে?
-অৰ্ণৱ চলিহা আছেনে ঘৰত? আমাৰ এপইণ্টমেণ্ট আছিল তেওঁৰ লগত৷ মনৰ ভীতি মুখত প্ৰকাশ হ’বলৈ নিদিলে দুইজনীয়ে৷

সিহঁতক ভৰিৰ পৰা মূৰলৈ এবাৰ নিৰীক্ষণ কৰি লগুৱাজনে একো নোকোৱাকৈ লাহেকৈ গেইটখন খুলি দিলে
-একো নকৰে আহক৷ বন্ধা আছে৷

ৰিয়াই চৌহদত ভয়ে ভয়ে ভৰি দি ইফালে-সিফালে চালে৷ দুটা প্ৰকাণ্ড এলচিছিয়ান কুকুৰ সুসজ্জিত ফুলনিখনৰ মাজত থকা সৰু টিনৰ ঘৰৰ তলত বান্ধি থোৱা আছে৷ সিহঁতৰ মূৰৰ ওপৰত এখন ফেন তীব্ৰগতিত চলি আছে৷ ঘৰটোত চাৰিখন মিহি লোৰ চকী লোৰ ফ্ৰেমৰ এখন আইনাৰ টেবুলৰ চাৰিওফালে সজোৱা আছে৷ ৰিয়াহঁতক দেখি প্ৰথমে সিহঁতে এনেকৈ ভুকিছিল যেন শিকলি ছিঙিহে আহিব৷ পাছলৈ লগুৱাজনে কিবা ইংগিত দিলে, সিহঁত একান্ত বাধ্যৰ দৰে চুপ হৈ বহি পৰিল৷

দুইফালে সতেজ কাৰ্পেট গ্ৰাছৰ মাজেৰে থকা ফ্ল’ৰ টাইলছ লগোৱা পথছোৱাৰে দুইজনী মূল ঘৰলৈ আগবাঢ়িল৷

লগুৱাজনে সিহঁতক বহিবলৈ দি ভিতৰ সোমাই গ’ল৷ মূলঘৰৰ ড্ৰয়িং ৰুমৰ ডিজাইনাৰ চোফাত বহি দুয়ো ইফালে-সিফালে চালে৷ অতি সুসজ্জিত, আধুনিক আৰু প্ৰকাণ্ড চৰাঘৰ৷ দেশ-বিদেশৰ বিভিন্ন গৃহসজ্জাৰ বস্তুক বঞ্চিত কৰি এখন বেৰত কেৱল এখন ডাঙৰ ফটোফ্ৰেম ওলমি আছে৷ মৃদুস্মিতা, ৰুচিসন্মতভাবে সজ্জিতা, সালঙ্কৃতা, মনোৰমা এক বিবাহিতা যুৱতীয়ে চন্দনৰ মালা পৰিধান কৰি ফটোফ্ৰেমখন অধিকাৰ কৰি আছে৷ ৰিয়াই চালে আৰু নেইনাকো খোচ মাৰি দেখুৱাই দিলে৷ অইনফালে আশ্চৰ্যচকিত, কৌতূহল দৃষ্টি ফুৰাই থকাৰ পৰা নেইনাই সেইফালে ঘূৰি চালে৷ শাৰী-সেন্দূৰ পৰিহিতা নাৰীগৰাকীৰ কমনীয় মুখখনে তাইৰ ফালে চায়েই মিচিকিয়াই থকা যেন লাগিল তাইৰ৷ নাৰীগৰাকীৰ ফটোৱে ঘৰখনৰ এক মুখ্য ঠাই অধিকাৰ কৰি থকা, ৰিয়াই কোৱাৰ দৰে ৰহস্যজনক ভাবে তেওঁৰ মৃত্যু হোৱাৰ কথা আৰু অৰ্ণৱ চলিহাৰ নাৰী প্ৰীতি- এই আটাইবোৰ কথাৰ কোনো সামঞ্জস্য নাই যেন লাগিল তাইৰ৷
.. আৰু সেই অসামঞ্জস্যতাই সামান্য ভয়ৰ ৰেশ এটা হৈ তাইৰ মন-মগজুত সুৰসুৰণি তুলি গ’ল৷

দুবছৰ মানৰ আগতে অসমৰ আটাইবোৰ সংবাদ পত্ৰ, নিউজ চেনেল তোলপাৰ কৰিছিল খবৰ এটাই৷ গাৰ পৰা মাহ-হালধিৰ গোন্ধ নাযাওঁতেই ৰহস্যজনকভাৱে নিজৰ শোৱনি কোঠাত উদ্ধাৰ হৈছিল যুৱ ব্যৱসায়ী অৰ্ণব চলিহাৰ পত্নীৰ মৃতদেহ আৰু যথাৰীতি সন্দেহৰ আঙুলি উঠিছিল চলিহা আৰু তেওঁৰ পৰিয়ালৰ ওপৰত৷ এই ‘হাই প্ৰফাইল’ কেচটো পাছলৈ আত্মহত্যাৰ ৰূপ দিয়া হৈছিল৷ নতুন খবৰ অহাৰ লগে লগে মানুহে কথাবোৰ পাহৰি পেলাইছিল৷

এনেকুৱা ধৰণৰ শিহৰণকাৰী খবৰবোৰ আকৌ ৰিয়াই নাপাহৰে৷ সৰুৰে পৰা এনেকুৱা খবৰে সদায় তাইক আকৰ্ষিত কৰে৷ সেয়ে তাইৰ সেই হত্যাকাণ্ডৰ খলনায়কক চাবলৈ বৰ উদগ্ৰীৱ হৈ পৰিল৷

এনেকুৱা ঘৰ-দুৱাৰ, ঐশ্বৰ্য-বিভূতিৰ প্ৰতি তাইৰ মনত দুৰ্বাৰ আকাংক্ষা আছে৷ কেইবাটাও সন্তানৰ মাজৰ এজনী জীয়ৰী হোৱাৰ বাবে বহুতো উচ্চাকাংক্ষা মনতে গাপ দি দি ডাঙৰ হোৱা ছোৱালী তাই৷ গাঁৱৰ কলেজত পঢ়া-শুনা সাং কৰি চাকৰিৰ সন্ধানত আহিছিল গুৱাহাটী৷ তাতেই তাইৰ বন্ধুত্ব হৈছিল ৰকীৰ সৈতে৷ ৰকীৰ ঘৰৰ অৱস্থা ভাল যদিও তাৰ দেউতাকৰ দ্বিতীয় পত্নীৰ বাবে সি ঘৰখনত তেনেই অনাহুত৷ কোনোবাখনিত ৰিয়া আৰু ৰকীৰ জীৱনৰ যেন সাংঘাতিক মিল আছে যি দুয়োকে পৰস্পৰৰ কাষ চপাই আনিছিল৷

ঘৰ-দুৱাৰ দেখি ফটোত থকা মানুহজনীৰ প্ৰতি তাইৰ অলপ ঈৰ্ষা উপজিল৷ মানুহ কিমান ভাগ্যবান হ’লে এনেকুৱা ঐশ্বৰ্যৰ অধিকাৰিণী হ’ব পাৰে? তাৰ পাছতো কোনোবাই এই বৰণীয়া জীৱন ত্যাগ কৰি গুচি যাবগৈ পাৰেনে! নিজৰ স্বামীৰ অইন নাৰীৰ প্ৰতি আসক্তিও এনে কঠোৰ সিদ্ধান্তৰ কাৰণ হ’ব পাৰে নে ? ৰিয়া আচৰিত হয়৷ কি লাগে কিছুমান মানুহক জীয়াই থাকিবলৈ? এনেকুৱা ঘৰ, বিলাসী জীৱন, অলংকাৰ, দামী ফোন, ফৰেইন ট্ৰিপ হাতৰ মুঠিতে পোৱাৰ পাছতো? সঁচাই আচৰিত!

ঘৰৰ ভিতৰৰ পৰা ক্ৰমাৎ কাষ চাপি অহা পদধ্বনিত সিহঁত গহীন হৈ বহিল৷ ভিতৰৰ পৰা পৰ্দা দাঙি প্ৰকট হ’ল হাফপেণ্ট আৰু স্পৰ্টিং পিন্ধা পেশীবহুল শৰীৰৰ এক সুদৰ্শন পুৰুষৰ আৰু সিহঁতৰ সন্মুখৰ চোফাখনত বহি নেইনাৰ ফালে চাই সুধিলে “মোক কোনে ফোন কৰিছিল?” নেইনাক লগত লৈ ফুৰাৰ এয়াই সাৰ্থকতা৷ তাই অতি সহজে মানুহৰ দৃষ্টি আকৰ্ষণ কৰি লয়৷

-মই কৰিছিলোঁ৷ এইষাৰ শুনিহে চলিহাই ৰিয়াৰ ফালে চকু ঘূৰালে৷
-অহ আচ্ছা৷
উত্তৰত দুইজনীয়ে মিচিকিয়াই হাঁহি মাৰিলে৷

-কি পঢ়ি আছা তোমালোকে? কিয় ইমান দাম দি ফোন লোৱানো? তাকো চেকেণ্ড হেণ্ড?

ৰিয়াই তাইৰ কলেজৰ নাম, ঘৰৰ ঠিকনা মুখস্থ মতাৰ দৰে ক’লে যদিও মূল প্ৰশ্নটোৰ উত্তৰ নিদিলে৷
-আচ্ছা! গুৱাহাটীৰ চব কলেজতে ইউনিফৰ্ম দিলে ন আজিকালি? আমাৰ দিনত নাছিল৷ পাতিবলৈ একো কথা নথকাৰ বাবেহে যেন চলিহাই কথাষাৰ ক’লে এনে লাগিল আটাইৰে৷

এইবাৰ তেওঁ নেইনাৰ লগত কথা পাতিবলৈ ধৰিলে৷ মাজতে চলিহা ভিতৰলৈ উঠি গ’ল আৰু পিছমুহুৰ্ততে ঘূৰি আহি নেইনাৰ কাষতে একেখন চোফাতে বহি পৰিল৷ একেখন চোফাৰ সিফালে ৰিয়া বহি আছে৷ মহিলা এগৰাকীয়ে দুগিলাছ শীতল পানীয় আৰু প্লেটত কিবাকিবি খুৱাবস্তু টিপয় এখন টানি নি সিহঁতৰ সন্মুখত থৈ গ’ল৷

চৰবতত শোহা দি থকা অৱস্থাতে চলিহাই আগবঢ়াই দিয়া ফোনটো দেখি ৰিয়াৰ চকু দুটা জিলিকি উঠিল৷ তাই ‘ফোনটো এবাৰ চাব পাৰিম’ নেকি বুলি সুধিম বুলি ভাবিছিল হে৷ ইমান দেৰি হৈ গ’ল সিহঁত অহাৰ৷ সোনকালে অহাৰ উদ্দেশ্য পূৰণ কৰি যাবগৈ লাগে৷ এনেও ৰকীয়ে বেছি পৰ বেলেগৰ ঘৰত বহি থাকিবলৈ মানা কৰে তাইক৷ ক’ত কোন শত্ৰুৱে খাপ পিটি থাকে ধৰিব নোৱাৰি!

ফোনটো হাতত লৈ তাই ঘূৰাই পকাই চালে৷ পিছফালে থকা ক’লা, আধাখোৱা আপেল সদৃশ ল’গ’টোত তাইৰ আঙুলিকেইটা ফুৰাই দি এক অদ্ভুত সুখ অনুভৱ কৰিলে৷ ‘অন’ কৰি চালে এইবাৰ৷ কেমেৰা অন কৰি মুখখন জোঙা কৰি ফটোও উঠিলে৷ দিলিট কৰিলে আকৌ উঠিলে…৷ এবাৰ নেইনাহঁতলৈ চালে৷ নেইনা আৰু চলিহা চলিহাৰ নতুন মোবাইলটোত কিবা চোৱাত ব্যস্ত! মাজে মাজে তাই খিলখিলাই হাঁহি উঠিছে৷ তাইৰ কল পচলাৰ দৰে পিছল ভৰি আৰু চলিহাৰ হাফপেণ্টৰ তলেৰে ওলাই থকা ৰোমশ ভৰিৰ মাজত বেছি দূৰত্ব নাই৷ তাৰ মানে ৰিয়াই গম নোপোৱাকৈ সিহঁত কিছু কাষ চাপি গৈছে৷ তাইৰ মনে মনে হাঁহি উঠিল৷ এ.চি চলি থকাৰ পাছতো মুখখন ঘামি যোৱাৰ দৰে অনুভৱ হৈছে তাইৰ৷ কাষতে থৈ দিয়া সৰু বেগটোৰ পৰা ৰুমাল এখন উলিয়াই তাই আলফুলে থপথপাই মুখখন মছিলে৷ তাৰ পাছত চেপা মৰা গলখেকাৰি এটা মাৰি লাহেকৈ চলিহাৰ ফালে চাই সুধিলে,
-হেৰি.. মানে দামটো নকমাই নেকি অকণ? মানে মোৰ বাজেটৰ বাহিৰৰ অলপ দামটো৷ জানেই আমি ষ্টুডেণ্ট৷ পকেট মানি বচাই বচাই থোৱা পইচাৰে কিনিবলৈ আহিছিলো৷ যদি পাৰে বিছমান ল’ব দিয়ক

-চলিহাই অলপ আগুৱাই বহি নেইনাৰ মুখৰ কাষতে মুখখন ৰাখি ৰিয়ালৈ চালে৷
– কি যে কোৱা নহয়! ক’ত চল্লিছ আৰু ক’ত বিছ! ইমান কমাব পাৰি জানো?

“ই এটা পক্বা বেপাৰী চাল্লা৷ ছোৱালী চিকাৰী হৈয়ো ইমান ধুনীয়াকৈ দাম কমাবলৈ ৰিকুৱেষ্ট কৰাৰ পাছতো তাৰ বেপাৰী যেন কথা!” সাধাৰণতে ধুনীয়া ছোৱালী কিছুমানে নিজৰ ৰূপেৰে কোনো পুৰুষক ধৰাশায়ী কৰিব নোৱাৰিলে হতাশ আৰু ক্ৰোধিত হয়৷ ৰিয়াও অলপ অপ্ৰস্তুত হ’ল চলিহাৰ কথাত, তায়ো খুউব ধুনীয়া যদিও নেইনাৰ দৰে নহয়!

-খুব বেছি বাইছ হাজাৰ দিব পাৰিম৷ দিব?
-নাই নাই.. অলৰেদি বহুত কমাই দিছো৷ খুব বেছি দুই-তিনিহাজাৰ কমাব পাৰিম৷ তাতকৈ নোৱাৰিম৷ ছৰী!
-উপায় নাই নহ’লে৷ ইমান পইচা নাই৷ হ’ব দিয়ক নলওঁ৷ আমি উঠোঁ তেনেহ’লে… শেঁতা হাঁহি এটা মাৰি তাই শেষ চেষ্টাটো চলালে৷
-অ’ ঠিক আছে বাৰু!

কথাষাৰ কৈ চলিহাই নেইনালৈ চালে৷ তাই বৰ আবেদনময় দৃষ্টিৰে চলিহাৰ চকুলৈ চালে৷ মুখত মিচিকিয়া হাঁহি৷ চলিহাই মুগ্ধ হৈ তাইৰ মুখলৈ চাই থাকিল৷ ইতিমধ্যে ৰিয়াই ৰুমালেৰে মুখ মচি মচি লনখন পাৰ হৈ গেটৰ ওচৰ পালেগৈয়ে৷ বাহিৰত ৰ’দ বিৰাট৷ নেইনাই সৰু স্কাৰ্ফ এখন নিজৰ বেগৰ পৰা উলিয়াই মুখখনত ৰ’দ লাগিব নোৱাৰাকৈ ঢাকি লৈ চলিহাক ‘বাই’ বুলি কৈ ওলাই গ’ল৷ চলিহাৰ চেকেণ্ড হেণ্ড ফোনটো চোফাখনত পৰি থাকিল, নিৰলে৷ বাৰাণ্ডাত থিয় হৈ নেইনা ওলাই নোযোৱালৈকে তাইকে চাই থাকিল চলিহাই, আশা কৰিছিল তায়ো ঘূৰি ‘বাই বাই’ দি যাব৷ কিন্তু তাই এবাৰো ঘূৰি নোচোৱাকৈ চৌহদৰ বাহিৰত ভৰি দিলেগৈ৷
**
চলিহাৰ ঘৰৰ নিকটতম থানাখনত মাজত এখন ডাঙৰ টেবুল লৈ এফালে চলিহা আৰু আনফালে থানাখনৰ অ.চিজন বহি আছে৷
-আপোনাৰ ওচৰতে সৰু ছোৱালী এজনীয়ে আপোনাৰ চকুত ধূলি মাৰি আচল ফোনৰ ঠাইত নকল ফোন থৈ গ’ল৷ আপুনি গমেই নাপালে নে?

-নাই হে! কোন তলকত তাই এই কাম কৰিলে মই গমেই নাপালোঁ৷

কথাষাৰ কওঁতে নেইনাৰ চকুহাল, উদ্ধত ওঁঠযোৰ আৰু কল পচলাৰ দৰে পিছল ভৰিহাল চলিহাৰ চকুৰ আগৰে চেলুলয়দৰ দৰে পাৰ হৈ গ’ল৷ কৃত্ৰিম গাম্ভীৰ্য মুখখনত বজাই ৰাখি চলিহাই ক’লে, চিচিটিভি ফুটেজত চাব পাৰিব সিহঁতক৷ মোৰ কেম্পাছত সকলোতে কেমেৰা লগোৱা আছে৷

– আমাৰ তাত কেইবাটাও কেচ আহিছে৷ ধুনীয়া ধুনীয়া ছোৱালীয়ে হেলমেট পিন্ধি, ৰুমালে-স্কাৰ্ফৰে মুখ ঢাকি ইণ্টাৰনেটত এডভাৰটাইজ চাই মতা মানুহক ‘উল্লু’ বনাই দামী দামী মোবাইল চুৰ কৰি ফুৰিছে৷ একেই টেকনিক আটাইকেইটা কেচতে৷

‘ধুনীয়া ধুনীয়া ছোৱালী’ শব্দকেইটাত জোৰ দি অ.চিজনে কোৱা কথাখিনি শুনিহে চলিহাৰ নেইনাৰ স্কাৰ্ফ মেৰিয়াই লোৱা মুখখন মনত পৰি বুকুখন খালী খালী লাগিল৷ চলিহাৰ সমুখৰ অচিজনৰ টেবুলখনত প্লাষ্টিকৰ ‘আইফোন’টোৱে চলিহাৰ ফালে চাই বেঁকা হাঁহি এটা মৰা দেখি লাজতে কাণ দুখন গৰম গৰম লাগিল চলিহাৰ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক