চিকিৎসক আৰু আমি (অভিজিত্‍ কলিতা)

চিকিৎসা বিদ্যা একমাত্ৰ এনে এটা পেছা যি পৃথিৱীৰ প্ৰতিজন মানুহৰ জীৱনতে কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ থাকে, আৰু প্ৰতিজন মানুহৰে চিকিৎসা বা চিকিৎসক সম্পৰ্কীয় কিবা এটা ব্যক্তিগত কবলগীয়া কাহিনী থাকেই। এটা সময়ত বা আজিকালিও চিকিৎসকক ভগৱানৰ লগত তুলনা কৰা হয়, আৰু ই যুক্তিসংগততো। জন্ম, মৃত্যু আৰু জীৱনৰ গুৰুত্ব পূৰ্ণ এনে কিছুমান সন্ধিক্ষণত চিকিৎসকজনেই সকলোতকৈ গুৰুত্বপূৰ্ণ লোক হৈ পৰে। চিকিৎসাৰ সময়ত চিকিৎসক আৰু আমি সাধাৰণ মানুহৰ মাজত এটা অদ্ভূত সম্পৰ্কই গঢ় লৈ উঠে, সেই সম্পৰ্কটোৰ বিষয়ে দুটামান অনুভৱ কব বিছাৰিছো।
এৰিক চিগালৰ “Doctors” উপন্যাসত যেতিয়া নায়ক নায়িকাই মেডিকেল কলেজত প্ৰথম ক্লাছটো কৰে প্ৰফেচাৰ জনে নাটকীয় ভাৱে কয় “ পৃথিৱীত মানুহে জনা প্ৰায় ২০০০ মান ৰোগ আছে, আৰু তাৰ ভিতৰত ২৫ টাৰ পোনপটীয়া চিকিৎসা আছে।আশাকৰোঁ তোমালোকে হয়তো আৰু কিছুমান ৰোগৰ চিকিৎসা উদ্ভাৱন কৰিবা, আৰু হয়তো এনে এটা দিনো আহিব যিদিনা তোমালোকে পানী লগা জ্বৰ (Common Cold) ৰো ঔষধ বিছাৰি উলিয়াব পাৰিবা” । আমোদজনক হ’লও কথা খিনিত বৈজ্ঞানিক সত্য নথকা নহয়, গতিকে অনুমান কৰিব পাৰি এজন চিকিৎসকে ৰোগীক চাঁওতে কি এটা পৰিস্থিতিৰ মাজেৰে যাব লগা হয়। মোৰ এজন চিকিৎসক বন্ধুৱে কেতিয়াবা কয় “তুমি পৃথিৱীৰ আটাইতকৈ জটিল কাৰিকৰী ব্যৱস্থাটোৰ সমূখত বহি থাকিবা, আৰু তাৰ সমস্যা তুমি সমাধান কৰিব লাগিব, লগতে তুমি গম পোৱা যে সেইজনে তোমাক আধাখিনি সত্য লুকুৱাই হে কথা কৈছে, লগতে তোমাৰ সকলো খুলি মেলি চোৱাৰো উপায় নাই, আৰু প্ৰায়বিলাক সমস্যাৰে কোনো ষ্টেণ্ডাৰ্ড সমাধান নাই। কি কৰা কৰা এতিয়া।“
এজন চিকিৎসকে চিকিৎসা কৰিবলে যাওতে চিকিৎসা বিদ্যাৰ জ্ঞানৰ লগতে সামাজিক ব্যৱহাৰ, পৰিবেশ, ৰোগীৰ মানসিকতা, অৰ্থনৈতিক অৱস্থা, ৰোগীৰ ইতিহাস, আদি সকলো বিষয় চালিজাৰি চোৱাৰ প্ৰয়োজন হয়। তাকো সীমিত সময়ৰ ভিতৰত। সেয়ে চিকিৎসক জনক সথিক তথ্য জনোৱাৰ দ্বায়িত্ব ৰোগীজনৰ ওপৰতো থাকে, আৰু তাৰে ওপৰত চিকিৎসাৰ সফলতা বহুখিনি নিৰ্ভৰ কৰে। লগতে এটা প্ৰয়োজনীয় কথা হ’ল চিকিৎসক জনৰ ব্যক্তিত্ব আৰু তেঁওৰ অভিজ্ঞতা। বাক্তিগত অভিজ্ঞতাৰ পৰা এজন ৰোগী হিচাপে কেইটামান চিকিৎসকক জনোৱা অতি প্ৰয়োজন বুলি মই ভাৱো
১। ৰোগৰ ইতিহাস:- ৰোগীজনৰ ৰোগৰ ইতিহাস জনাতো চিকিৎসকৰ বাবে অতি প্ৰয়োজনীয়। পাৰিলে আগতে হোৱা ৰোগৰ লক্ষণ, কি ঔষধ ব্যৱহাৰ কৰা হৈছিল, কিমান দিন চিকিৎসা চলিছিল আদি লিখি ৰাখিব পাৰিলে ভাল। বিশেষকৈ সৰু ল’ৰা ছোৱালীৰ বাবে এই কামটো কৰা প্ৰয়োজনীয়। আজিকালি যেনেকৈ প্ৰতিষেধক চিটাৰ ৰেকৰ্ড ৰখা হয় তেনেদৰে অলপ চেষ্টা কৰি ৰোগৰ ইতিহাস লিখি ৰাখিব পাৰিলে ভৱিষ্যত চিকিৎসাত যথেষ্ট সহায় হব।
২। সথিক তথ্য:- এইটো বৰ প্ৰয়োজনীয় কথা, কেতিয়াবা আমি চিনাকী চিকিৎসক হ’লে কিছুমান কথা কবলে স্বাভাৱিকতে সংকোচ কৰো। এইটো বৰ সমস্যাৰ কথা। গতিকে পাৰিলে এনে এজন চিকিৎসকৰ ওচৰলে যাব লাগে, যাৰ আগত সকলো কথা খুলি কব পাৰি।
৩। সময়:- কোনো কোনো ক্ষেত্ৰত চিকিৎসাৰ বাবে দীৰ্ঘ সময়ৰ প্ৰয়োজন হয়, চিকিৎসা আৰম্ভ হোৱাৰ লগে লগে নাটকীয় ভাৱে কিবা উন্নতি হব বুলি আশা কৰা ভুল। এই বিষয়টো লৈয়ো চিকিৎসকৰ লগত আগতীয়াকৈ আলোচনা কৰিব লাগে।
৪। বিশ্বাস :- “বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ” এই কথাটো চিকিৎসাৰ ক্ষেত্ৰত সম্পূৰ্ণ সত্য। চিকিৎসাৰ ওপৰত বিশ্বাস ৰাখিলে শৰীৰটোৱেও চিকিৎসাত সহযোগীতা কৰে। চিকিৎসক জনক পৰীক্ষা কৰিব খোজাতো মাৰাত্মক কথা। যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে, আপুনি সেইজন চিকিৎসকৰ ওচৰলেহে যাব। কিছুমান সাধাৰণতে দেখা পোৱা ৰোগক Psycho-Somatic ৰোগ বুলি কোৱা হয়, অৰ্থাৎ এইবিলাকত শাৰীৰিক আৰু মানসিক দুয়ুটা কাৰকৰে প্ৰভাৱ থাকে।
৫। স্ব-চিকিৎসা:- আজিকালিৰ বোধহয় আটাইতকৈ কঠিন ব্যাধি। ৰোগ বা লক্ষণ একে হলেও চিকিৎসা প্ৰণালী ৰোগী ভেদে বেলেগ হব পাৰে। টি ভি ত দেখি বা আগৰ অভিজ্ঞতাৰ পৰা দীৰ্ঘসময়ৰ বাবে ঔষধ ব্যৱহাৰ কৰিলে ভয়ংকৰ পৰিনাম হবগৈ পাৰে। ৰোগীৰ যিমানেই চিকিৎসা শাস্ত্ৰৰ জ্ঞান নেথাকক কিয়, তেঁও জনা উচিৎ কেৱল দৰৱ কেইটামান দিয়াই চিকিৎসা নহয়, ই এক জটিল শাৰীৰিক আৰু মানসিক প্ৰক্ৰিয়া, আৰু ইয়াত সকলোতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হ’ল চিকিৎসক জন। এই ক্ষেত্ৰত অধুনা জনপ্ৰিয় অগতানুগতিক চিকিৎসা প্ৰণালী বিলাকৰ বিষয়েও উনুকীয়াব পাৰি। এইবিলাক কোনো কোনো ক্ষেত্ৰত সফল নোহোৱা নহয়, কেতিয়াবা সাধাৰণ চিকিৎসাতকৈ বহু বেছি ভাল ফলাফল দেখুৱাৰ প্ৰমাণো আছে। কিন্তু ইয়াৰ প্ৰায়বিলাক উপাদানেই চিকিৎসাশাস্ত্ৰৰ মানক পৰীক্ষাবিলাক নকৰাকৈ ব্যৱহাৰ কৰা হয়। এটা নতুন ঔষধ আৱিস্কাৰ হোৱাৰ লগে লগে তাক ৰোগীক খুৱাই দিব নোৱাৰি, বিভিন্ন পৰীক্ষণৰ মাজেৰে ইয়াৰ কাৰ্যকৰীতা আৰু পাৰ্শ্চক্ৰিয়া বহুদিন ধৰি পৰীক্ষা কৰা হয়, বিভিন্ন জন্তু আৰু শেষত স্বেচ্ছাসেৱকৰ গাত ব্যৱহাৰ কৰি; তাৰ পাছতহে এইবিলাক ৰোগীৰ বাবে মুকলি কৰা হয়। কিন্তু বজাৰত মাইক বজাই বিক্ৰী কৰি থকা বিষৰ তেলবিধ বা ওলোটা বাঁহৰ চুঙাত ভৰাই দিয়া জণ্ডিছৰ “গাৱলীয়া ঔষধ” পালি ব্যৱহাৰ কৰাৰ আগতে এই কথাখিনি ভাৱি চোৱা প্ৰয়োজন।
৬। ডাক্তৰে কৰিবলৈ দিয়া পৰীক্ষাবিলাক:- এইটো এটা জটিল বিষয়, প্ৰায়ে অভিযোগ শুণা যায়, এই ডাক্তৰজন বেয়া, কমিছনৰ বাবে এগাল মান টেষ্ট কৰায়। অভিযোগবোৰ হয়তো অলপ অচৰপ সত্যতাও নথকা নহয়, কিন্তু এটা কথা ঠিক, যিমানে বেছি পৰীক্ষা কৰিব, ৰোগীজনৰ অৱস্থাৰ বিষয়ে ডাক্তৰে সিমানে বেছি কথা গম পাব, ফলত চিকিৎসা সহজ হব। বহু ক্ষেত্ৰত দেখা যায় আমাৰ ইয়াত চিকিৎসা কৰি কৰি ভাগৰি পৰা ৰোগী, এপ’ল’ বা মেক্সত গৈ একেবাৰতে ভাল হৈ অহাৰ মুল কাৰণ এইটোহে। তাত উন্নত পৰীক্ষণৰ ব্যৱস্থা আছে, আৰু আমি যাওতেও মানসিক ভাৱে পইচা খৰছ কৰিবলৈ সাজু হৈ যাও, সেয়ে চিকিৎসা ভাল হয়।

এনে দুটামান কথাৰ প্ৰতি লক্ষ্য ৰাখিব পাৰিলে চিকিৎসক আৰু ৰোগীৰ সম্পৰ্কটো সহজ হয় আৰু যাৰ বাবে চিকিৎসাও সজহসাধ্য হয়। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত ইয়াৰ বিপৰীত কিছু কথাহে দেখা পোৱা গৈছে, যি শুভলক্ষণ বুলি কব নোৱাৰি। বিশেষ একো নজনাকৈয়ে চিকিৎসক জনক ব্যক্তিগত ভাৱে আক্ৰমণ কৰা, সমগ্ৰ চিকিৎসা ব্যৱস্থাটোৰ প্ৰতিয়েই বিৰোধ ভাৱ কৰা, ই কেতিয়াও ভাল কথা হব নোৱাৰে। যোৱাবাৰ প্ৰান্তিকত ভৃংগেশ্বৰ শৰ্মাৰ ‘গাফিলতি’ গল্পটোৱে এই বিষয়টো ওপৰত এক সামগ্ৰিক অৱলোকন কৰিছে।
মোৰ চিকিৎসা বিদ্যাৰ জ্ঞান একেবাৰে সীমিত, কিন্তু বিভিন্ন ৰোগীৰ লগত সহায়কাৰীৰ ভূমিকা পালন কৰিব লগা হওতে মোৰ জ্ঞানে বুজি পোৱা দুটামান কথা লিখিলোঁ, ভুল হোৱা সম্ভাৱনা প্ৰচুৰ। শেষত এটা অভিজ্ঞতাৰ কথা লিখি সামৰিব বিছাৰিছো। যোৱা ৫ জানুৱাৰীত আমাৰ প্ৰকল্পত এটা ভয়ংকৰ দুৰ্ঘটনা হ’ল, প্ৰায় ৩০ জন লোক গুৰুতৰ ভাৱে আহত, চিকিৎসক মাত্ৰ এগৰাকী, পেৰা-মেডিক’জ চাৰিজন। এনে ৰোগীৰ চিকিৎসাৰ সুবিধা থকা আটাইতকৈ ওচৰৰ ঠাই হ’ল গুৱাহাটি, ইয়াৰ পৰা সাত ঘণ্টাৰ বাট। এম্বুলেন্স দুখনেই। বাকীসকলক বলেৰ’ , চুম’ আদি গাড়ীত পথাব লগা হ’ল। এজনে বাটতে শেষ নি‍শ্বাস ত্যাগ কৰিলে। সেই সাত ঘণ্টা মোৰ জীৱনৰ কঠিনতম সময়ৰ অন্যতম। প্ৰায় সকলোৰে হেড ইনজুৰি, কাৰোবাৰ মুৰ ফাটি তেজ ওলাই থকা অৱস্থাতে লৈ যাব লগা হ’লে। সেইদিনাহে গম পালোঁ, মুৰত দুখ পোৱা লোকক তেজ বন্ধ হোৱা বেজী সহজে দিব নোৱাৰি, মগজুৰ ভিতৰত তেজ গোট মাৰিলে আগতেই মৃত্যুৰ আশংকা আহি পৰে। এই সকলোবোৰ সিদ্ধান্ত এগৰাকী চিকিৎসকে লব লগা হৈছিল, কোন বেছি ক্ৰিটিকেল, কাক কি চিকিৎসা দিব পাৰি..আৰু লগতে চিলাই, চেলাইন, দৰৱ ..কাক কি লাগিব, কোনটো সকলোতকৈ ভাল হব? সকলো সিদ্ধান্ত। সীমিত জ্ঞানেৰে উপলদ্ধি কৰিবলৈ চেষ্টা কৰিছিলো, এজন চিকিৎসকৰ সমস্যা আৰু সীমাবদ্ধ সুবিধাৰ বিষয়ে। আৰু তাৰেই পৰিণতি এই প্ৰচেষ্টা।
বি. দ্ৰ. আৰু দুটামান কথা লিখাৰ মন আছিল, যেনে এণ্টিবায়টিকৰ অপব্যৱহাৰে কিদৰে মানৱসমাজৰ ক্ষতি কৰে, পিছে মোৰ দক্ষতা নাই বুলি এৰিলো, অকবত থকা চিকিৎসক সকলে এই বিষয়ত আলোকপাত কৰিলে সূখী হম।

 

উদ্ধব শৰ্মা : ধুনীয়া ,সঁচাকৈ ভাল হৈছে।

উদ্বীপ তালুকদাৰ: ধুনীয়াকৈ লিখিছে। মাত্ৰ, অকণমান কথা যোগ দি থওঁ, “কিছুমান সাধাৰণতে দেখা পোৱা ৰোগক Psycho-Somatic ৰোগ বুলি কোৱা হয়,” আচলতে কিছূমান নহয়, প্ৰায় সকলো ৰোগৰে মানসিক দিশ এটা থাকেই। ৰোগটোৰ ঠিক নহয়, লক্ষণসমূহ কিমান গুৰুতৰ ভৱে দেখা দিব, সেইটো মানসিক অৱস্থাই বহু দূৰলৈ নিৰ্দেশ কৰে। একেবাৰে সহজ উদাহৰণ: ৰাতিপুৱা উঠি আপুনি অনুভৱ কৰিলে মূৰটো টিঙটিঙাই আছে, কিন্তু সেইদিনা যদি পিক্‌নিক আছে, আপুনি যাবই যাব, আনহাতে অফিচ থাকিলে (যদি খুব জৰুৰী কাম নাই) সে্দিনা চি.এল. লোৱাৰ সম্ভাৱনা বেছি। 🙂

অভিজিত্‍ কলিতা : কথাটো বুজিছো, পিছে সকলো ৰোগতে মানসিক প্ৰভাৱ থাকে বুলি একে আষাৰে কৈ দিয়াৰ সাহস নাই, লগতে অধিকাৰো নাই! 🙂

প্ৰদ্যুত জ্যোতি শ‍ইকীয়া : (y)

ভগত্‍-লাল দত্ত : ভাল লাগিল। বাকী পাঙি থোৱাখিনিও অনুগ্ৰহ কৰি লিখি পেলাওকচোন।

অভিজিত্‍ কলিতা : এজন উপযুক্ত লোকক মই পাঙি থকা কথা খিনি লিখিবলৈ হেঁচা দি আছো ৰব, কিবা এটা হবগৈ!!

সনত্‍ দত্ত : যিহেতু পৃথিৱীৰ প্ৰতিজন মানুহৰ জীৱনৰ কোনোবা নহয কোনোবা সমযত চিকিৎসাৰ বাবে এজন চিকিৎসকৰ প্ৰযোজন আহি পৰে, সেযে চিকিৎসক সম্পৰ্কে এটা শুদ্ধ ধাৰণা ৰখাটো আপোন স্ৱাৰ্থতে প্ৰযোজনীয বুলি ভাবো। ভগবান বুলি নকলেও অন্ততঃ ‘কামৱালী বাই’ক দিযা সন্মানকন দিলেও চিকিৎসকলে আজিৰ পৰিস্থিতিত বহুত পোৱা বুলি ভবাৰ থল আছে। আপোনাৰ ৪ নং দফাৰ আত ধৰি কব খুজিছো যে ‘বিশ্বাস’ নামৰ এই যুগজযী-কালজযী সম্পদকন যেন যিকোনো প্ৰৰোচনা, প্ৰলোভন অথবা ভাবুকীৰ প্ৰভাবত হেৰাই নাযায সেযা আপোন স্ৱাৰ্থতে প্ৰতিজন মানুহে চোকা দৃষ্টি ৰাখিব লাগে। আপোনাৰ অথবা হোমেন বৰগোহাই ডাঙৰীযাৰ দৰে এনে নিৰপেক্ষ লিখনীযে চিকিৎসকক ব্যক্তিগত ভাৱে কৰা আক্ৰমণৰ দৰে অপমানজনক পৰিবেশ হ্ৰাস কৰাই নহয, সকলোটিৰে ৰোগ-শোক নাশ কৰাতহে সহাযক হ’ব বুলি দাঠি কব পাৰি।

সঞ্জয় আগৰৱালা : (y)

অলি ভুঁঞা : সুন্দৰ তথা ব্যতিক্ৰমী লেখা…চিকিৎসকৰ আত্মীয় হোৱাৰ বাবে সদায় তেওঁলোকক ভোক-পিয়াহ -টোপনি আওকাণ কৰি , দিন-ৰাতি নিজৰ কৰ্তব্য কৰি যোৱাই দেখি আহিছো ৷তথাপি তেওঁলোকক বহুতেই কৰ্মত গাফিলতি কৰাবুলি কেৱল সমালোচনা কৰি থকাই দেখা যায় ৷ ৰোগী তথা তেওঁলোকৰ আত্মীয়ই বহুসময়ত তেওঁলোকে কৰিবলগা সহযোগীতা খিনিৰ কথা পাহৰি যায় বা বুজি নাপায় ৷আপোনাৰ এই লেখাই কিছু সজাগতা আনিব বুলি আশাকৰিছো ৷

ড০ ভূপেন্দ্ৰ শ‍ইকীয়া : লিখনিটোৰ বাবে অনেক ধন্যবাদ৷

গকুল ফুকন: সুন্দৰ আৰু সঠিক অনুভৱৰ বাবে ধন্যবাদ ৷ এনে অনুভৱ লৈ অহা এজন ৰোগীক চিকিৎসকে যথেষ্ট আত্মবিস্বাসেৰে চিকিৎসা কৰাৰ সুবিধা পায় ,যি ৰোগীৰ বাবে প্ৰয়োজনীয় ৷ এটা কথা সত্য যে কোনো চিকিৎসকেই ৰোগীক জানি-শুনি ভুল চিকিৎসা নকৰে কাৰণ তাৰ পৰা তেওঁৰ কোনো লাভ নহয় বৰঞ্চ ক্ষতিহে হয় ৷ কিন্তু বর্ত্তমান মানুহৰ যি হিংসাত্মক আৰু প্ৰতিশোধ পৰায়ণ ব্যৱহাৰ তাৰ বাবে চিকিৎসক সকলেও নিৰাপদ অৱস্থানত থাকি চিকিৎসা কৰিব বিছাৰে যাৰ ফলত ৰোগীৰ ক্ষতি হয় ৷ অৱশ্যে ব্যতিক্ৰম সকলোতে আছে ৷ চিকিৎসা বিদ্যা কিছুৰ বাবে এতিয়া যে কেৱল অর্থ আহৰণৰ আহিলা হৈছে তাকো নুই কৰিব নোৱাৰি ৷ সুচিকিৎসাৰ বাবে যেনেকৈ ৰোগী আৰু ৰোগীৰ আত্মিয়ৰ চিকিৎসকৰ ওপৰত আস্থাৰ প্ৰয়োজন তেনেকৈ চিকিৎসকৰো ৰোগীজনৰ মানসিক তথা অর্থনৈতিক অৱস্থা অনুধাৱন কৰি যথাযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰাটো প্ৰয়োজনীয় ৷

উত্তম অসম : সুন্দৰ আৰু তথ্যসমৃদ্ধ। এইখিনিতে কিছু কথা কওঁ। আমাৰ মে’ডিকে’ল কলেজ কেইখনৰ যথেষ্ট নাম আছে আৰু তাত আসন পোৱাতো যথেষ্ট কঠিন। সেইকাৰণে সন্মানো বেছি তাত পঢ়াসকলৰ প্ৰতি আমাৰ মাজত। তাৰ পৰাই যথেষ্ট সংখ্যক ভাল চিকিৎসক ওলায় আৰু বহুতেই অহৰ্নিশে সেৱা আগবঢ়াই যায়। তথাপি এনে বোধ হয় চিকিৎসক সকলে অসমৰ ৰাইজৰ হৃদয় জিনিবলৈ সক্ষম হোৱা নাই। বহুত সময়ত আমি শুনিবলৈ পাওঁ চিকিৎসা সঠিক নহয় আৰু ৰাইজ চিকিৎসাৰ বাবে বাহিৰৰ চহৰ কিছুমান যেনে চ্চেনাই, বেংগালোৰ আনকি কিছুমান বিশেষ চিকিৎসা যেনে হাড়ৰ কাৰণে বিহাৰ, চকুৰ কাৰণে নে’পাল আদিলৈ যায়। আৰু সামৰণিত তেওলোকে কয় চিকিৎসা তাত বহুত ভাল আৰু অসমত চিকিৎসা মুঠেই ভাল নহয় বা ভুল চিকিৎসা কৰা হৈ আছিল। বহুত সময়ত বেমাৰ বেলেগ বুলি কোৱা হয় যিটো বাহিৰত বেলেগ বুলি চিনাক্ত হয়। গতিকে মোৰ সঘনাই মনলৈ প্ৰশ্ন আহে যে কেনাটো ক’ত, কি ভুল আছে ব্যৱস্থাত! এইবিষয়ে ৰাইজৰ মত জানিব বিচাৰিলো। [মই এল’পেথিক চিকিৎসাৰ পৰা যিমান পাৰো দুৰত থাকো (বনৌসধিৰে যথাসম্মভৱ মষিমূৰ কৰিবলৈ চেষ্টা কৰো), কিন্তু বহুত সময়ত তাৰ পৰা সহায় নোলোৱাকৈ থাকিব পৰা অসম্ভৱ।)]

অমিতাভ মহন্ত : বৰ ভাল লাগিল পঢ়ি৷

 

বিঃদ্ৰঃ সমূহ মন্তব্য অসম্পাদিত ৰূপত দিয়া হৈছে | এই মন্তব্যসমূহ মন্তব্য দিওঁতাসকলৰ, সাহিত্যৰ সম্পাদনা সমিতিৰ নহয়

ওপৰৰ আলোচনাৰ লিংক ৰ বাবে ইয়াত ক্লিক কৰ’ক |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক