চিকিৎসা কক্ষৰ খিৰিকীৰে সমাজ অসমৰ সুৱদি মাত – ৰমেন হাজৰিকা

দিনটোৰ চৌব্বিশ ঘণ্টাই পেছাগত ব্যস্ততাৰ মাজত কটাবলগা হোৱাৰ বাবে চিকিৎসক সকলে পাৰিবাৰিক আৰু সামাজিক সম্পৰ্কবোৰ সন্তুলিত ভাবে বাহাল ৰখাত প্ৰায়ে আহুকালত পৰে, সমাজৰ কিছুমান খবৰ কেতিয়াবা ব্যস্ত চিকিৎসক সকলৰ অজ্ঞাতেই থাকি যায়৷ সামাজিক অনুষ্ঠানবোৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব নোৱাৰিলেও ৰোগীৰ কথা-বতৰাৰ প্ৰতি অকণমান সজাগ হলে কিন্তু চিকিৎসাকক্ষৰ ভিতৰতে কেতিয়াবা আমি সমাজৰ একোটা অতি স্পৰ্শকাতৰ বিষয়ৰো উমান পাব পাৰো৷
অলপতে মোৰ চেম্বাৰত চকু পৰীক্ষা কৰাবলৈ অহা দম্পতী এযোৰাৰ কথা কবলৈ লৈছো৷ সেইদিনা মই চেম্বাৰত সোমাবৰ পৰত হিন্দীভাষী মানুহ হালে জীয়েক যেন লগা প্ৰায় পোন্ধৰবছৰীয়া ছোৱালীজনীৰে আপোনমনে কথাপাতি আছিল৷ ভিতৰলৈ মাতি মই ’বহক’ বুলি কওঁতে মহিলা গৰাকীক প্ৰথমে চাবলৈ আগবঢ়াই স্বামীয়ে হিন্দীতে মোক ৰোগীৰ অসুবিধা বোৰ বৰ্ণাবলৈ ধৰিলে৷ গতিকে ভদ্ৰমহিলাক নিৰ্দিষ্ট আসনত বহুৱাই ময়ো স্বাভাৱিকতে হিন্দিতে প্ৰয়োজনীয় কথাবোৰ সুধিবলৈ ল’লো৷ খন্তেক সময় হিন্দী আৰু ইংৰাজীত উত্তৰ দি মহিলা গৰাকীয়ে অস্বস্তি পোৱাযেন কৰি যন্ত্ৰৰ পৰা হঠাতে মূৰ ডাঙি মোৰ মুখলৈ চাই কৈ উঠিল- – “Will you mind me speaking Assamese sir? “ … … কি আশ্চৰ্য! মোৰ অন্তৰ খলকনি তোলা আৱেগখিনি ঢাকি ৰাখি হাঁহিমুখে মানুহ গৰাকীক ক’লো – – “ মই অসমীয়া মানুহজনে আপুনি অসমীয়া ক’লে কিয় বেয়া পাম; কওক৷ “
“ নহয় ছাৰ, কিছুমানে বেয়া পায়, মই অভিজ্ঞতাৰ পৰা কৈছো৷ মই আক’ অসমীয়া কৈহে ভাল পাওঁ, ৰাজস্থানলৈ গ’লে মোৰ এই কথাটোতে আমনি লাগে৷ “ তেওঁ ক’লে৷
“ তাই অচমীয়া মিডিয়ামত অনাৰ্চ ৰাখি পঢ়া ছোৱালী ছাৰ “ – – এইবাৰ গিৰীয়েকে পাছফালৰ পৰা মাত দিলে৷
“ মোৰ ইয়াতে জন্ম ছাৰ, আমগুৰিৰ স্কুলত ’ক – শ্ৰেণীৰ’ পৰা পঢ়িছো৷ “ ’আগৰৱাল’ উপাধিটো নাজানিলে হুবহু উজনিৰ ঠাঁচত কথা কৈ থকা মিঠা-বৰণীয়া, সুগঢ়ি মানুহজনীক অসমীয়া নহয় বুলি জানিবৰ কাৰো সাধ্য নাই৷ মানুহগৰাকীৰ প্ৰতি ঔৎসুক্য জাগিছিল যদিও সেয়া কথা পতা সময় নহয়৷ গতিকে “আপোনাৰ চকুহাল ভালকৈ চাই লওঁ নেকি? “ বুলি প্ৰগলভা মহিলা গৰাকীক সেই সময়ত আমাৰ কৰণীয়খিনি সোঁৱৰাই দিলো৷ মোৰ ইংগিত ধৰিব পাৰি তেৱোঁ কথা নবঢ়াই মোক সহযোগ কৰিলে৷ স্বামী-স্ত্ৰীৰ বাদে সেইদিনা আৰু মাত্ৰ দুজন ৰোগীহে আছিল৷ সেই দুজন চাই মই আজৰি হোৱালৈ তেওঁলোকে বাহিৰৰ দোকানত চশমাৰ ফ্ৰেম পছন্দ কৰা হৈছে মাথোঁন৷ শেষৰজন ৰোগী ওলাই যোৱাৰ লগে লগে “ সোমাব পাৰোনে ছাৰ“ বুলি মানুহ গৰাকীয়ে জীয়েকক আনি মোক চিনাকি কৰাই দিলে৷ নমস্কাৰৰ পৰিৱৰ্তে সম্ভ্ৰমৰে দুয়োহাতে মোৰ ভৰি স্পৰ্শকৰা নৱম শ্ৰেণীত পঢ়া ছোৱালীজনীৰ শিৰত স্বতঃস্ফূৰ্ত ভাৱে মই হাত থলো৷
“ মন আছিল যদিও ইহঁতক মোৰ দৰে অসমীয়া কৰিব নোৱাৰিলো ছাৰ৷ ক’ব পাৰে, কিন্তু অসমীয়া ভালকৈ লিখিব নোৱাৰে৷ ইংলিচ মিডিয়াম স্কুলত দিব লগা হ’লযে! মোৰ চৰকাৰী স্কুলতে পঢ়োৱাৰ মন আছিল, কিন্তু দেউতাক, বৰদেউতাকহতে ক’লে যে অসমীয়া ভাষাটোৰ কাৰণেই চৰকাৰী স্কুলত পঢ়াই ৰিজাল্ট ভাল নহলে পস্তাৱ লাগিব৷ আজিকালি চৰকাৰী স্কুলৰ কথা জানেই নহয় ছাৰ “- – মানুহজনীয়ে আক্ষেপৰে ক’লে৷
“অচমীয়া ময়ো ভালপাও ছাৰ, মই বাহিৰত পঢ়িলে ভি গুৱাহাটীত আমাৰ তিন পুৰুচ হ’ল৷ কিন্তু আজিকালি চৰকাৰী স্কুলৰ গেৰান্তী নাইনা! ল’ৰাটো ইংলিচ মিডিয়ামত দিয়া কাৰণে ভাল ৰিজাল্ট কৰি এতিয়া কোটাত কচিং কৰিছে৷ আগৰ মাহত তাক ভি আপনাকে দেখাইছো৷ মনত আছেনা ছাৰ? এইবাৰ মেডিকেলত চীট পাবলে তাক আচিৰ্বাদ কৰিব৷ “ অলপ হেনা-হুচা যদিও মানুহজনে ’অসমীয়া ভালপাওঁ’ বুলি অসমীয়া ক’বলৈ লোৱাত মোৰ ভাল লাগিল৷ ল’ৰাটো মনত নপৰিল যদিও মনে মনে আশীৰ্ৱাদ দিলো৷ তেনেতে ছোৱালী জনীৰ ফোনটো বজাত “excuse me “ বুলি তাই বাহিৰলৈ গৈ সুন্দৰ অসমীয়াত কাৰোবাৰে কথা পাতিবলৈ ল’লে৷ “ আপোনাৰ ছোৱালীয়েও আপোনাৰ দৰেই ধুনীয়াকৈ অসমীয়া কব পাৰে দেখোন৷ “ – মই ক’লো৷
“ক’ব পাৰে, কিন্তু অসমীয়াত চিঠি এখনো লিখিব নোৱাৰে৷ ল’ৰা-ছোৱালী দুইটাৰে একে অৱস্থা; সেইটোৱে মোৰ দুখ ছাৰ৷ আমি আটাইকেইটা ভাই-ভনীয়ে চৰকাৰী স্কুলত অসমীয়াত পঢ়িয়ে ভালকৈ কলেজতো পঢ়িলো, কিন্তু আজিকালি চৰকাৰী স্কুলৰ ৰিজাল্ট ইমান বেয়া হয়৷ সেইকাৰণে ইহঁতক ইংলিচ মিডিয়ামৰ প্ৰাইভেট স্কুলত পঢ়াবলগা হ’ল৷ প্ৰাইভেট স্কুলত ’অসমীয়া’ চাবজেক্টটো আছে যদিও বৰ গুৰুত্ব নিদিয়ে, আপুনি জানেনে চাৰ? “
“এতিয়া মোৰ স্কুলীয়া ল’ৰা-ছোৱালী নাই যে, ভিতৰুৱা কথাবোৰ বৰকৈ নাজানো৷ কিন্তু আপোনাৰ উপৰিও আৰু দুই এজনৰ মুখত এই কথাটো শুনিছো৷ “ – – মই ক’লো৷
“ সঁচা কথা ছাৰ, ইংলিচ মিডিয়াম স্কুলৰ পৰা অসমীয়াত ভাল কৰিবলৈ হ’লে গাৰ্জেনে কষ্ট কৰিব লাগিব৷ ইপিনে ল’ৰাটোৱে চাইঞ্চ পঢ়িম বোলাত বাকীবোৰ বিষয়ত জোৰ দিবলগীয়া হ’ল; গতিকে অসমীয়া তেনেকৈয়ে থাকিল আৰু! ছোৱালীজনী এইবাৰ নাইনত, তাইক অসমীয়া এতিয়ালৈকে ঘৰত ময়ে চাই দিছো, কিন্তু এইবাৰ মাষ্টৰ এজন ধৰিব লাগিব৷ ঘৰত অসমীয়া পেপাৰ, ’প্ৰান্তিক’ৰ উপৰিও মালিক ছাৰ, লক্ষ্মীনন্দন বড়া, মামণি ৰয়চম, ভবেন্দ্ৰনাথ শইকিয়া আদি বেচিভাগৰে গল্প-উপন্যাসৰ কিতাপ আছে যদিও তায়ো সেইবোৰ পঢ়িবলৈ ইচ্ছা নকৰে দেখোন ছাৰ৷ লগৰ বন্ধুৰ লগত বেচিকৈ ইংৰাজীতহে কথা পাতে৷ এতিয়া কাৰ ফোন আহিল জানো, তাইতো অসমীয়া ভালকৈ ক’ব পাৰে তথাপিও কিতাপ পঢ়িবলৈ মন নকৰে – – এই মবাইলটোৱেই ইহঁতৰ স্বভাৱ বেয়া কৰি পেলালে৷ “ মূলতঃ হিন্দীভাষী ৰোগী এগৰাকীৰ মুখত ইমানবোৰ অসমীয়া সাহিত্যিকৰ নাম শুনি মই আচৰিত হলো৷ বাহিৰত আৰু ৰৈ থকা ৰোগী নোহোৱাত এইবাৰ মই মুকলিকৈয়ে তেখেতৰ ঘৰুৱা আৰু স্কুলীয়া জীৱনৰ বিষয়ে দুই এটা প্ৰশ্ন কৰিলো৷ আমাৰ বিশ মিনিটমানৰ চমু কথোপকথনত কমেও তিনিবাৰ নিজকে ’অসমীয়া’ বুলি উল্লেখ কৰা মানুহ গৰাকীয়ে মোক যিখিনি জনালে তাৰ সাৰমৰ্ম হ’ল – –
দেউতাকৰ এখন স্থায়ী দোকান সূত্ৰে আমগুৰিৰ প্ৰাথমিক বিদ্যালয়তে তেওঁৰ দুজনী বায়েক আৰু এজন ভায়েকৰে সকলোৰে শিক্ষা আৰম্ভ হৈছিল৷ মাকৰ স্কুলীয়া শিক্ষা তেনেকৈ নাছিল; নিজৰ ল’ৰা-ছোৱালীক বৰ্ণ-পৰিচয় কৰাব পৰাকৈ দেউতাক শিক্ষিত আছিল যদিও পুৱাৰ পৰা নিশালৈকে গোলাত ব্যস্ত থকা কাৰণে সন্তানৰ কাষত বহিবলৈ তেওঁৰ সময়ৰ অভাৱ৷ গতিকে ঘৰত ৰাজস্থানী ভাষা চলে যদিও হিন্দী আখৰ তেওঁলোকে স্কুলৰ ৫ম শ্ৰেণীতহে শিকিছিল৷ স্কুলৰ সমনীয়াৰে জ্যোতি সংগীত, ৰাভা সংগীত গোৱাৰ উপৰি চাদৰ-মেখেলা পিন্ধি বিহুনচা, হুচৰি গোৱা, গাঁৱৰ ভাওনা চোৱা আদি সকলো স্থানীয় উৎসৱ-পাৰ্বনত ভাগ লৈছিল৷ তেওঁ স্কুলীয়া শিক্ষা সাং কৰি স্থানীয় কলেজতে শিক্ষা বিষয়(Education)ত অনাৰ্চসহ স্নাতক হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এম, এ কৰিলে৷ মুঠতে তেওঁৰ মতে দেউতাকৰ দোকান থকা সৰু ঠাইখনৰ কৃষিজীৱি সমাজৰে মিলি পৰা তেওঁলোকৰ সৰু পৰিয়ালটি নিজৰ অজানিতে স্বতঃস্ফূৰ্তভাবেই এটি নিৰামিষাহাৰী অসমীয়া পৰিয়ালত পৰিণত হ’ল৷ তথাপিও অসম-আন্দোলন আৰু পৰৱৰ্তী উগ্ৰবাদী অভ্যুত্থানৰ সময়ত তেওঁলোকৰ পৰিয়ালটোৱেও কিছু দুৰ্যোগ নোভোগা নহয়৷ কিন্তু তেনে দুৰ্যোগ সেইসময়ত বহু খাঁটি অসমীয়া ব্যৱসায়ীয়েও ভুগিবলগা হৈছিল৷ সেয়ে বন্ধু-বান্ধৱ আৰু শুভাকাঙ্ক্ষীয়ে ৰাজস্থান বা আন ঠাইলৈ ব্যৱসায় স্থানান্তৰৰ বাবে দিয়া প্ৰস্তাৱ দেউতাকে নাকচ কৰিছিল – – – ইয়াৰ মূলতে আছিল তেওঁলোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰে অসীম অসম প্ৰীতি আৰু ’আমি অসমীয়া’ মনোভাৱ৷ এই ভাব তেওঁৰ অন্তৰত এনেদৰে প্ৰোথিত হৈ পৰিল যে এতিয়া শিপাৰ সন্ধানত গৈ ৰাজস্থানত এমাহ কটাবলগা হলেও দিনটোত এষাৰো অসমীয়া কথা শুনিবলৈ নাপায় তেওঁৰ অন্তৰ হাহাকাৰ কৰি উঠে৷ “সাহিত্যৰথীয়ে সঁচাই লিখিছে ছাৰ; আমাৰ অসমীয়াৰ দৰে সুৱদী মাত পৃথিৱীতে নাই! “ আৱেগিক ভাৱে কথাষাৰ কৈ তেওঁ নীৰৱ হৈ পৰিল৷ আমাৰ আলোচনা দীঘলীয়া হোৱাৰ উপৰি ইতিমধ্যে কেইবাটাও ফোনকল অহাত মানুগৰাকীৰ স্বামী কিছু অস্বস্তিত পৰা যেন লগাত – “ আপোনাৰে কথা হৈ ভাল লাগিল, আকৌ কেতিয়াবা লগ পাম “ বুলি মই মোখনি মাৰিলো৷ তেওঁৰ সৈতে আগ্ৰহৰে কথা পতাৰ বাবে ধন্যবাদ জনাই মোলৈ ফোন কৰি পুনৰ এদিন আহিব বুলি মাত লগাই পৰিয়ালটিয়ে বিদায় ল’লে৷
এইকেইদিন মানুহগৰাকীৰ কথাবোৰেই অহৰহ মোৰ কাণত বাজি আছে৷ এৰা, এসময়ত ৰাজ্যখনৰ শিক্ষানুস্থান মানেই আছিল মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়৷ আমিবোৰ, আমাৰ অগ্ৰজ-অনুজ সকলো এইবোৰ বিদ্যালয়তে গঢ়লোৱা নাগৰিক৷ এইবোৰ বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰি অনেকে কৃতিত্বৰে ৰাজ্যিক, সৰ্বভাৰতীয় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজিও সেৱা আগবঢ়াই আছে৷ কৃতিমান সকলে কিম্বা আমাৰদৰে সাধাৰণ প্ৰতিভাৰ মানুহেও মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ কাৰণে ৰাজহুৱা সেৱা প্ৰদান কৰাত কিবা বিঘিনি হৈছে বুলি পতিয়নযোগ্য কোনো উদাহৰণ আমি পোৱা নাই৷ অথচ আশীৰ দশকৰ শেষ ভাগৰ পৰাই অসমত নগৰ-চহৰৰ পৰা আৰম্ভকৰি পৰ্যায়ক্ৰমে গাঁৱে-ভূঞে সকলোতে ব্যক্তিগত খণ্ডত ইংৰাজী মাধ্যমৰ শিক্ষানুস্থান গঢ় লৈ উঠিল আৰু ৰাইজেও আগ-পাচ নুগুনি নিজৰ সন্তানক এইবোৰ অনুষ্ঠানত ভৰ্তি কৰাত হাত উজান দিলে৷ আপাততঃ সৰ্বভাৰতীয় প্ৰতিযোগিতা সমূহত অধিক সাফল্যৰ সম্ভাৱনা, গোলকীকৰনে আনি দিয়া বিশ্বৰ বৃহৎ বৃহৎ কোম্পানী সমূহত নিযুক্তিৰ সুবিধা আদিকে ইয়াৰ কাৰণ বুলি কোৱা হ’ল যদিও চৰকাৰী শিক্ষানুস্থানৰ নিম্নমুখী শৈক্ষিক পৰিবেশহে ব্যক্তিগত শিক্ষানুস্থানৰ জনপ্ৰিয়তাৰ মুখ্য কাৰণ বুলি সময়ত প্ৰতীয়মান হ’ল৷
শ্ৰীমতী আগ্ৰৱালে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ’অসমীয়া’ বিষয়টোক গুৰত্ব নিদিয়া বুলি কৰা অভিযোগটিও ভিত্তিহীন যেন নালাগে৷ কাৰণ Spoken English ত অত্যধিক গুৰুত্ব দি বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীৰ মাজত মাতৃ-ভাষাৰ কথা-বতৰা নিষিদ্ধ কৰা বিদ্যালয়ৰ বাতৰি আমি কাকতে পত্ৰই পঢ়িবলৈ নোপোৱা নহয়৷ অত্যুৎসাহী এচাম অভিভাৱকে আক’ সন্তানক ’স্মাৰ্ট’ কৰাৰ আকাঙ্ক্ষাৰে ঘৰতো ল’ৰা-ছোৱালীৰে ইংৰাজীতহে কথা পাতে৷ এনে পৰিবেশত মাতৃভাষাৰ প্ৰতি অনীহা হোৱাৰ বাবে আমি নৱ-প্ৰজন্মক জগৰীয়া কৰিব পাৰো জানো?
যোৱা শতিকাৰ শেষ দশকৰ পৰা গঢ় লৈ উঠা অসমীয়া মানুহৰ ’ইংৰাজী মাধ্যম’ প্ৰীতিয়ে আজি এনে এক পৰ্যায় পালেহি যে আজি চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত তলা লগাব লগা হ’ল৷ এচামৰ মাতৃভাষা মাধ্যমলৈ অনীহা, বা চৰকাৰী বিদ্যালয়ৰ পঁয়ালগা শৈক্ষিক পৰিবেশ; যি কাৰণেই নহওক লাগে, বৰ্তমানৰ পৰিস্থিতিয়ে যে অসমীয়া ভাষালৈ দুৰ্ঘোৰ সংকট মাতিছে সেয়া সত্য৷ এই সংকট মোচনৰ বাবে চৰকাৰ আৰু জনতাই সমন্বয়ৰে কাম কৰিব লাগিব৷ শিক্ষানুস্থানৰ আন্তঃগাথনি উন্নত কৰি যোগ্যতা সম্পন্ন নিষ্ঠাৱান শিক্ষক আৰু কট-কটীয়া শৈক্ষিক-পঞ্জী আৰু অনুশাসনৰে সময়মতে পাঠদান নিশ্চিত কৰাতো চৰকাৰৰ অৱশ্য কৰ্তৱ্য৷ তেহে চৰকাৰী বিদ্যালয়ত ছাত্ৰৰ সংখ্যা বাঢ়িব৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চৰকাৰী শিক্ষা- নীতিৰ শ-শতাংশই প্ৰয়োগ হব লাগিব৷ আনহাতে চৰকাৰী কাৰ্যালয়ত মাতৃভাষাৰ প্ৰচলনে ৰাইজৰ মাজত ইয়াৰ চৰ্চা নিশ্চয় বৃদ্ধি কৰিব৷ চৰকাৰলৈ অভিযোগৰ আঙুলি টোঁৱালেই ৰাইজৰ কৰ্তৱ্য শেষ নহয়৷ ব্যক্তিগত খণ্ডত ইতিমধ্যে দুই এটা মাতৃ-ভাষা মাধ্যমৰ স্কুলীয়া শিক্ষানুষ্ঠান অসমত গঢ় লৈ উঠিছে৷ স্থানীয় চৰকাৰী বিদ্যালয় আস্থাভাজন নহলে ৰাইজে এনে মানবিশিষ্ট অসমীয়া মাধ্যমৰ শিক্ষানুস্থানক অগ্ৰাধিকাৰ দিয়া উচিত৷ ইংৰাজী মাধ্যমত সন্তান পঢ়োৱা অভিভাৱক সকল সংশ্লিষ্ট স্কুলৰ মাতৃভাষা শিক্ষা সম্পৰ্কে অধিক সচেতন হোৱা প্ৰয়োজন৷
বৰ্তমান সামাজিক মাধ্যমে আমাৰ ভাষা চৰ্চাত ভালেখিনি অৰিহণা যোগাইছে৷ নবীন-প্ৰবীন সকলোৰে উমৈহতীয়া অনেক গোটে নিৰন্তৰ মাতৃভাষাৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি আছে৷ নৱ-প্ৰজন্মক আকৃষ্ট কৰিবৰ বাবে সম্প্ৰতি সামাজিক মাধ্যম উত্তম পন্থা৷ বিভিন্ন কৌতুক আৰু বিভিন্ন উৎসৱ, উপলক্ষ্যৰ বাবে প্ৰস্তুত কৰা শুভেচ্ছা/ অভিনন্দন পত্ৰবোৰ যুৱক-যুৱতী সকলৰ মাজত বেচ জনপ্ৰিয় হোৱা দেখা গৈছে৷ কিন্তু আমি উদ্বেগৰে লক্ষ্য কৰিছো যে অনেক ভুল বানানৰেই এই পূৰ্ব-প্ৰস্তুত বাণীবোৰ ইজনে সিজনৰে বিনিময় কৰে৷ সেইবোৰ বিনিময়ৰ প্ৰাকক্ষণত শুধৰাই লোৱাৰ এলাহ আৰু নিস্পৃহতাই আমাৰ আইৰ মুখৰ ভাষাটিৰ বিস্তৰ ক্ষতি সাধিছে৷ সামাজিক মাধ্যমৰ অনেক অসমীয়া লেখকে ’ও’ আৰু ’উ’ ৰ ব্যৱহাৰত ভুল কৰা পৰিলক্ষিত হয়৷ লেখক সকলৰ মাতৃভাষা চৰ্চাৰ শলাগ লোৱাৰ আপাহতে এনে ভুলৰ প্ৰতি সজাগ হবলৈ আমি সকলোকে বিনম্ৰ গোহাৰি জনালো৷ লেখা একোটি প্ৰকাশ কৰাৰ আগতে মাতৃ-ভাষাৰ নামত মাথোঁন আৱেগৰে পৰিচালিত হোৱাতকৈ আমি সচেতন, অধ্যৱসায়ী আৰু কৰ্তৱ্যনিষ্ঠ হোৱা ভাল; তেহে আমি “অসমৰ সুৱদী মাত“ সুৰীয়া কৰি ৰাখিব পাৰিম – – – ৰূপকোঁৱৰৰ বংশৰ (আগ্ৰৱাল) শ্ৰীমতী আগৰৱালে সেই বিশমিনিটৰ আলাপত মোক যেন এই কথাকে সঁকীয়াই গ’ল৷ তেখেতক আন্তৰিক ধন্যবাদ জনালো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক