চিকৰা (ভাস্কৰজ্যোতি দাস)

চিকৰা

(১)

“মৰিবলৈ যোৱাহঁত, বখলিয়াই যা এফালৰ পৰা। পিথবীখন তহঁতেই শেষ কৰিবি। মৰাহঁতে টেঙেচীডৰা তেনেই চুচিলে ঔ”-কলিয়াহঁতে পুতলি আইতাৰ গালিবোৰ শুনিও নুশুনাৰ ভাও জুৰিলে আৰু কোৰেৰে ঠাইখিনি চাফ কৰাত লাগি থাকিল।

পুতলি আইতাৰ সমান বয়সৰ মানুহ কাঠপাৰাতো বাদেই দুৰৰ দীঘল দৰিয়লি গাঁৱলৈকে দ্বিতীয় এগৰাকী নাই। ভাৰত ত্যাগ আন্দোলনৰ কথাবোৰ আইতাই অলপ বেছিকৈয়ে কয়। নকবয়েই বা কিয়! আইতা সেই সময়ত গোটেই এলেকাটোৰে লিডাৰ আছিল। আইতাই গাঁৱৰ শুই থকা মানুহবোৰক জগাইছিল। তেওঁলোকৰ মাজত বিপ্লবী সত্বা এটাৰ জন্ম দিয়াইছিল। আইতাৰ ভাষাৰে ক’বলৈ গ’লে বৃটিছ শাসনৰ গমেন্টী মানুহবোৰ কম চয়তান আছিল নে! আৰু ঢেৰ কিবাকিবি কৈ থাকে আইতাই। সমস্যা কেৱল এটাই। সেইবোৰ শুনিবলৈ গাওখন বাদেই ঘৰখনতো মানুহ এটা নাই। দাঁত দুটামান সৰিলেও পুতলি আইতাই এতিয়াও খালী চকুৰেই খবৰ কাগজখন পঢ়ে। কলিয়া হ’ল পুতলি আইতাৰ     পু-নাতি। একমাত্ৰ পুতেক কেশৱৰ মাজু ল’ৰা। কলিয়াক পুতলি আইতাই চিকৰা বুলি মাতে। তাৰো হয়তো কিবা কাহিনী আছে। চিকৰাই ওচৰৰ কলেজ এখনৰ পৰা বি.এ. পাচ কৰি এতিয়া ইলেক্ট্ৰিচিয়ানৰ কাম কৰে। পুতলি আইতা আৰু চিকৰাই সদায়েই সৰু সৰু কথাবোৰত কথাৰ কটা-কটি চলাই থাকে। দিনটোত এখুন্দা নালাগিলে যেন সিহঁত দুয়োৰে মনলৈ শান্তি বোলা বস্তুপদ নাহিবই। তাৰ অৰ্থ এয়া নহয় যে এজনে আনজনক বেয়া পায়। এজনৰ আনজনৰ প্ৰতি খুব মৰম আছে। কেতিয়াবা কলিয়াৰ জ্বৰ আদি হ’লে ওৰেৰাতি পুতলি আইতাই সাৰে থাকে আৰু তাক বিচনীখনেৰে বিচি থাকে। কলিয়াৰ মাক পোন্ধৰ বছৰমানৰ আগতেই সিপুৰীলৈ গ’ল।

ওচৰৰ গাওঁবোৰলৈ যোৱা দুবছৰমানৰ ভিতৰতে কাৰেন্ট আহিল যদিও সিহঁতৰ গাঁৱত যেনিবা সেইভাগিয়ে এতিয়ালৈকে ভৰি থোৱাহি নাই। চিকৰাৰ চিন্তাবোৰ অলপ আধুনিক। আধুনিক মানে ওচৰৰ টাউনৰ মানুহৰ চিন্তাধাৰাৰ ওচৰে পাঁজৰে তাৰ চিন্তাধাৰাবোৰ ঘুৰি ফুৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী কোন বুলি সুধিলে সেয়ে তৎক্ষণাতে উত্তৰ দিয়ে- ধুৰৰ্, সেইবোৰ চোৰহে। এই প্ৰভাৱটো সি তাৰ আইতাকৰ পৰাই পাইছে যদিও আইতাকে কিন্তু তাক সদায়েই গমেন্টি মানুহ মানে চয়তানৰ লগতে ৰিজাই।

(গল্পত উপৰুৱা চৰিত্ৰৰ আগমন ঘটিব পাৰে। সেইবোৰ চৰিত্ৰই গল্পটোৰ মুল বিষয়বস্তুত কিবা প্ৰভাৱ পেলাব পাৰেনে?  বা লাগেনে?  প্ৰভাৱ থাকিব লাগে। অন্যথাই গল্পই চন্দ হেৰুৱাই অ’ত ত’ত ঘুৰি ফুৰে। এইটো গল্পত সেই চৰিত্ৰটোৰ কোনো প্ৰভাৱ নাই। হ’লেও কিবা এটা চিন্তা কৰি সংযোজন ঘটোৱা হ’ল)

(২)

কলিয়াৰ দেউতাক কেশৱ হ’ল আৰ্মীৰ পৰা ৰিটায়াৰ কৰা মানুহ। মানুহ মানে সাংঘাটিক মানুহ। সকলো সময়তে দুটা কুকুৰ লৈ ফুৰে এইজনা কেশৱ গগৈয়ে। কুকুৰো কুকুৰহে|  তাতে ফপৰা। সকলো সময়তে কেশৱৰ কথা শুনিব বুলিও কোনো কথা নাই। তাৰ মতে নচলিলে তেওঁ প্ৰকাণ্ড মোচকোঁছাৰ তলেৰে গলগলীয়া মাতেৰে কুকুৰকেইটাক কয়- “কামাণ্ড , চেইতানি নাহি”  গাঁৱৰ বুঢ়ামেথাই তাক এনেদৰে কোৱা দেখিলে নিজৰ চেলাউৰিৰ ওপৰত হাতখন থৈ অবাক হৈ চায়। কেশৱ গগৈৰ বয়স পঞ্চাছ বছৰমান হৈছে। গাঁৱত ৰিটায়াৰ্ড মানুহ বুলিলেই ভকত। নিজৰ কামৰপৰা আজৰি পোৱা ভকত দুই চাৰিজনে গাঁৱৰ দুই চাৰিঘৰত একগোট হৈ ভাগৱত দুই চাৰি অধ্যায় মাজে মধ্যে চলায়। কিন্তু আমাৰ কেশৱ গগৈ পৃথক। ক’বলৈ গ’লে পেন্দুকণা বয়সতে গাওঁ এৰি ফৌজী হ’ল। সেয়ে,  এইবোৰৰ লগত কোনো সম্পৰ্ক নহ’ল। অৱশ্যে,  মাজে মধ্যে লাডাখৰ ফৌজি কেম্পত য়ু.পি., বিহাৰৰ ফৌজীবোৰৰ কীৰ্তন চলাইছিল আৰু তাত ডিউতিৰ মাজত সময় পালে  কেশৱেও যোগদান কৰিছিল।

কেশৱ গগৈ আৰ্মিৰ পৰা এক্স আৰ্মি হোৱাৰ পাচৰ এটা দিনৰ কথা। তেওঁ ভাগৱত পাঠ আছে বুলি দুই চাৰিজন ভকতক মাতি পঠিয়ালে। সন্ধ্যাৰ আগে আগে দুই চাৰিজন ভকত গোট খালে। চাহ একাপ আৰু বিস্কুট দুই-এখন খাই আটাইকেইজন ভকত মুকলি কোঠাটোত বহি পৰিল। চাকি বন্তিগচ জ্বলাই ধুপ দুডালমান মাটিত গুজি কিছুসময়ৰ পাচতে এজন ভকতে কেশৱক ভাগৱতখন আনিবলৈ ক’লে। সেইমৰ্মে কেশৱে ভাগৱতখন এজনৰ হাতত ভক্তিসহকাৰে দিলেহি। পাঠেকীয়ে মুৰত গামোচাখন লৈ চাকিটো ওচৰলৈ চপাই ভাগৱতখন মেলি আচৰিত হ’ল। ওৱা এয়া কি! এইবোৰ কি আখৰ লিখা আছে। ওপৰৰ বেটুপাতৰ ফ’ট’খন ঠিকেই আছে। কিন্তু ভিতৰৰ আখৰবোৰ!

পাঠেকীয়ে সুধিলে- কেশৱ, এইখন আকৌ কি দিলি ?

কেশৱ- দেখা নাই নেকি?  এইখন শ্ৰীমদ্ভাগৱতগীতা।

পাঠেকী- কিন্তু এই আখৰবোৰ আকৌ কিবা বেলেগ ধৰণৰহে দেখুন!

কেশৱ- বেলেগ একো নহয়। এইখন হিন্দীত আছে।

পাঠেকীৰ এইবাৰ খং উঠি গ’ল আৰু কেশৱক ক’লে- ধৰ্মক লৈ ধেমালি কৰিবলৈ আহিছ। সোনকালে অসমীয়া ভাগৱতখন লৈ আহ ।

কেশৱে চকুকেইটা কোচাই প্ৰায় খঙতে উত্তৰ দিলে- “মই কি ধেমালি কৰিছো! ভাগৱত ভাগৱতেই। অসমীয়া হওক, হিন্দী হওক বা বঙালী হওক। ভগৱন্ত এজনেই। ঔৰ ৱ’ হ্যেই হৰি ঔম। অসমীয়া ভাগৱত মোৰ ওচৰত নাই। আজি এইখনেই পঢ়িব লাগিব। নেচনেল লেংগুৱেজক সন্মান কৰিব লাগে।ক’ই ছক্‌ ?”

কিছুসময় দুয়োপক্ষৰ মাজত কথাৰ কটাকটি চলাৰ পাচতে পৰিৱেশটো ক্ৰমাৎ গৰম হৈ আহিল আৰু এজন দুজনকৈ চাৰিওজন ভকত কোঠাটোৰ পৰা গালি পাৰি পাৰি ওলাই গ’ল। গাঁৱলীয়া পৰিৱেশত কেশৱৰ সৈতে ধৰ্মৰ প্ৰথম আৰু অন্তিম পৰিচয় বৰ এটা সুখৰ নহ’ল। সকলোৱে তাক নাস্তিক বুলিয়েই কয়।

(জেনেৰেশ্যন গেপ । এইটো চিন্তা কৰিবলগীয়া বিষয় । প্লটটো যদি সেইধৰণৰে হয় তেন্তে গল্প এটাৰ স্বাৰ্থত ইয়াৰ চৰিত্ৰবোৰে চিন্তা কৰিবলগীয়া বিষয় এয়া)

(৩)

কেশৱৰ পুতেক মানে কলিয়াক তেওঁ টানকৈ একো কথা নকয়। তেওঁ ফৌজত থাকোতেই কলিয়াৰ জন্ম। আনহাতে, ওচৰৰ চাৰিওখন গাঁৱৰ ভিতৰত সিয়েই একমাত্ৰ বি.এ. পাচ ল’ৰা। যি কি নহওক এনেদৰেই কেশৱ গগৈৰ সুখৰ সংসাৰখন উজুটি খাই খাই হ’লেও ভালদৰেই চলি আছে। আনে কি কয় সেয়া জনাৰ প্ৰয়োজন পুতলি আইতা, কেশৱ বা কলিয়াৰ মাজৰ কোনেও নকৰে।

আচলতে কলিয়াৰ এটা ডাঙৰ সপোন পুৰ হ’বলৈ গৈ আছে। সেয়ে তাৰ ভাষাত ক’বলৈ গ’লে বুঢ়ীয়ে কোৱা কথাবোৰৰ গুৰুত্ব দিয়াৰ কোনো কাৰণ নাই। মুঠতে সোনকালে ঠাইখন চাফা কৰিলে চিমেন্টখিনি তাতেই থব পৰা যাব। ঘৰৰ গাতে লাগি থকা দেউতাকে দিয়া মাটিত এটা ম’বাইলৰ টাৱাৰ বহিব। গাঁৱত কাৰেন্টে ভৰি থবহি। টাৱাৰটোৰ পৰা কলিয়াই মাহিলী ভাড়া পোৱাৰ লগতে চকিদাৰীৰ বাবত মাহে ২০০০ টকা পাব। কিন্তু তাৰ কাৰণে মুল্যবান গছ দুই চাৰিজোপা কাটিবলগীয়া হৈছে। সেয়ে পুতলি আইতাৰ গালি শুনি থকাৰ পাচতো তাৰ মনটো এইকেইদিন সাতখন আঠখন হৈ আছে। শাওনমাহত একেৰাহে বৰষুণ দিয়া দিনকেইটাত ঠাণ্ডাদিনৰ দৰে বতৰ হয়। কিন্তু যিকেইদিন ৰ’দ দিয়ে সেইকেইদিন গৰমত থাকিব নোৱাৰা অৱস্থা এটা হয়। এইকেইদিন বৰষুণ নাই। সেয়ে দিনে ৰাতিয়ে কেৱল গৰম আৰু উৎকত গৰম। কলিয়াই আইতাক থকা কোঠাৰ কাষৰ লাগতিয়াল গছকেইজোপা কাটি পেলোৱাৰ পাচত পুতলি আইতাৰ ঠাণ্ডা কোঠাটোত গৰমে ভৰি থোৱাৰ পাচৰেপৰা তাৰ প্ৰতি থকা খঙটো আইতাৰ অলপ বাঢ়িছে। বাঢ়িছে মানে দিনে ৰাতিয়ে সমানে বাঢ়িছে। সকলো সময়তে নাতিয়েকক শাও দিয়েই পাৰ কৰিছে পুতলি আইতাই ।

যেনেকৈয়ে নহওক সময়মতে চিমেন্টকেইবেগ পৰিল। শিলকেইগাড়ীও পৰিল। তৰ্জাবেৰৰ অস্থায়ী ঘৰত চিলেটীয়া মিস্ত্ৰী যোগালী এসোপামানে থাকি লৈ কাম আৰম্ভ কৰিলে। মাজেমধ্যে শইকীয়া ঠিকাদাৰ আৰু দুই এজন লগুৱা লিকচৌ আহি কামবোৰ চাই গ’ল। সমানে চলিল বিদ্যুত বিভাগৰ কুচকাৱাজ আৰু আন আন কামবোৰ।

কলিয়াই চহৰৰ হাৰাধনৰ দোকানৰ পৰা কেবল, চুইটচ্ ইত্যাদিবোৰ কিনি ৱায়াৰিংৰ কামবোৰ কৰে। লেনদেন ভাল। সেয়ে হাৰাধনৰ পৰা কমিচনো ভালেই পায়। ওচৰৰ গাওঁবোৰলৈ বিদ্যুতযোগান হোৱাৰ পাচৰেপৰা মনটো অলপ আশাবাদী হৈছে তাৰ। সেয়ে চাৰিখনকৈ চিলিং ফেন কিনি থৈছে সি। তাৰে সকলোতকৈ ভালখন সি আইতাকৰ কোঠাতে লগাব। হাজাৰ গালি পাৰক লাগিলে, আইতাকলৈ তাৰ টান এটা আছে। অন্তত: ফেনকেইখন চলাৰ পাচৰ দিনকেইটাত সকলো সময়তে গালি পাৰি থকা অভ্যাসটো আইতাকৰপৰা অলপ অচৰপকৈ হ’লেও আঁতৰিব। বহু আশা বুকুত বান্ধি সি ফেনকেইখন কোঠাকেইটাত লগালে। দুই এদিনতে কাৰেন্ট আহিব। তাৰ পাচত আৰু তাক কোনে পায়। আইতাকৰ বিচনাৰ ওচৰতে সি অন্তিমখন চুইচ ব’ৰ্ড বহুৱালে। সময় গধুলি প্ৰায় সাতটামান বাজিছে। ভাগৰ লগাৰ বাবে সি ভাতকেইটা গো-গ্ৰাসে গিলি নিদ্ৰাদেৱীৰ কোলাত সোমাই দিলে। কাষৰ কোঠাটোৰপৰা আইতাৰ গালি কিছুমান উৰি আহিল – “ঔ চিকৰা, গছবোৰ কাটি তহিলং কৰিলি। ইয়াত এতিয়া গৰমত শুব নোৱাৰা অৱস্থা আৰু তই ফস্তি মাৰি শুই দেখুৱাইছ! নৰাধম ক’ৰবাৰ……..” কিছুপৰৰ পাচতে কলিয়াৰ নাকে ঘেৰঘেৰাবলৈ ধৰিলে আৰু আইতাৰ কোঠাৰপৰা অহা গালিবোৰো নাইকীয়া হ’ল।

ৰাতিপুৱা ঘৰৰ কুকুৰকেইটা মানে দেউতাক কেশৱৰ কামাণ্ড কেইটাৰ ভুকভুকনিত সি সাৰ পাই বাহিৰলৈ ওলাই তাৰ ঘৰৰ আগত তিনিখন ডাঙৰ ট্ৰাক থিয় হৈ থকা দেখা পালে । লগত এসোপামান বনুৱা। কিনো হৈছে তাকে জানিবলৈ সি তাৰে ড্ৰাইভাৰ এজনক কথাটো সুধিলে। উত্তৰত যিখিনি শুনিলে সেইখিনি শুনাৰ পাচত তাৰ মনটো থানবান হোৱাৰ দৰে হ’ল। টাৱাৰটো নবহে। লোহা-লঙ্গৰ যিখিনি লগোৱা হৈ গ’ল সেইখিনি খুলি লৈ যাবলৈ মালিকে গাড়ীকেইখন পঠাইছে। কাষতে থকা নোমলৰ ঘৰত থকা ভিলেজ পাবলিক টেলিফ’নটোৰ ওচৰলৈ সি প্ৰায় চেকুৰি গ’ল। ঠিকাদাৰ শইকীয়াৰ নম্বৰটোত বহুবাৰ চেষ্টা কৰিলে আৰু অৱশেষত যোগাযোগ স্থাপন হ’ল। শইকীয়াই কথাবোৰ তাক ভাঙিপাতি ক’বলৈ ধৰিলে- “চাওক, আমি এতিয়া একো কৰিব পৰা অৱস্থাত নাই। হাইক’ৰ্টৰ অৰ্ডাৰ। এ.এচ.ই.বি.ৰ লাইনটো নদী পাৰ কৰি আপোনালোকৰ গাঁৱত সেমোৱাত বিভিন্ন মহলে বিভাগৰ এচ.ডি.অ’ক আপত্তি দিছিল। তেওঁলোকে বহুদুৰ ঘুৰাই নিবলৈ টকা নাই বুলি ৰাইজক জনালে। ৰাইজে হাইক’ৰ্টত কেচ দিছে। হাইক’ৰ্টে ষ্টেটাচ্ কুৱ মেইনটেইন কৰিবলৈ কৈছে। আৰু আমি হ’লো ব্যৱসায়ী মানুহ। এইটো টাৱাৰত পইচা এগালমান খৰছ কৰিলোৱেই। এতিয়া লোহাৰ বয়বস্তুবোৰ খুলি লৈ গ’লে আন টাৱাৰত লগাব পাৰিম । আপুনি নিৰাশ নহ’ব । হাইক’ৰ্টৰ অৰ্ডাৰ আহিলেই আকৌ কাম আৰম্ভ কৰি দিম”

ঠিকাদাৰে কোৱা প্ৰতিটো বাক্যই  কলিয়াক বাৰুকৈয়ে বিন্ধিলে। তাৰ চকুৰ আগতেই ট্ৰাকত অহা বণুৱাসকলে লোহা-লঙ্গৰবোৰ খুলি ট্ৰাকত বোজাই কৰিবলৈ ধৰিলে।

(গল্পটো শেষ হ’ল বুলিব পাৰি চাগে । কিন্তু এটা অনুগল্প বা আধাচেলুৱা ক্ষুদ্ৰ গল্প ইয়াত যোগ দিব পাৰি । সেয়ে কিবা এটা চিন্তা কৰি আৰু কিছু সংযোজন ঘটোৱা হ’ল)

(৪)

সেইদিনা দিনৰ ভাতসাঁজ কলিয়াৰ পেটলৈ নগ’ল। আইতাকৰ গালি শুনি শুনি তাৰ পেটটো কিবা ফুলি যোৱাৰ দৰে হ’ল। ৰাতি শুবলৈ যোৱাৰ পৰত আইতাকে একেখন কেছেটকেই বজালে-“ঔ চিকৰা, তহঁতি পিথবীখনৰ গছমখা কাটি কাটি শেষ কৰিলি। এতিয়া থাকিব নোৱাৰা অৱস্থা হৈছে গৰমত। গাতো শাঁত পেলাবলৈ এজোপা গছো নেৰাখিলি। কটা নিধক, বিচনীকেইখন ক’ত থলি?  সি একো মাত নামাতিলে এইবাৰ। অলপপৰৰ পাচতে আইতাকৰ কোঠাৰপৰা ঠাংকৈ শব্দ এটা অহাত সি কোঠাটোলৈ সোমাই আহি শলিতাডাল পকাই লেম্পটোৰ পোহৰ অলপ বঢ়ালে আৰু আইতাকলৈ চালে।

এইবাৰ আইতাকে আকৌ গৰজি উঠিল- “মোলৈ কি ৰ লাগি চাই আছ ! বিচনী এখন আন বেগেতে আৰু এইযে মৰা শগুণৰ পাখিকেইখন টঙাই দেখুৱাইছ এতিয়াই আঁতৰা” ।

সি আইতাকৰ বেতৰ লাখুটিডালৰ বেঁকা অংশটো ফেনখনৰ  পাখি এখনত ওলমি থকা দেখা পালে ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক