চিগমেণ্ড ফ্রয়েড আহিছিল, প্রেম বিচাৰি” (ৰক্তিম গোস্বামী)


..শেনটো অহাদি আহি প্লাৱনে ৰনুজক সুধিলে-

“এই তোৰ মতে প্রেম কি?”

কিবা এটা চিন্তা কৰি নখ কামুৰি কামুৰি কলেজ কেন্টিনত বহি থকা ৰনুজে অলপ অপ্ৰস্তুত হৈ ক’লে-

“তোৰ আকৌ হঠাতে কি হ’ল? ভৰ দুপৰীয়া প্রেমৰ সংজ্ঞা বিচাৰি আহিলি যে? ”
প্লাৱন- “কচোন দ’ষ্টি, আজি কিবা এটা পঢ়ি থাকোঁতে কথা এটা গম পালো যিটো প্রেমৰ লগত জড়িত। কিন্তু কথাটো কোৱাৰ আগতে মই জনা উচিত তই প্রেমৰ বিষয়ে কি ভাব”

ৰনুজ-“অ’ কথাটো সেইটোহে। কিন্তু তই যিমান সহজে প্রেম কি বুলি সুধিলি সিমান সহজে তাৰ উত্তৰ দিব নোৱাৰি নহয়। অ’কে মই তথাপিও কঁও মই কি ভাবো প্রেমৰ বিষয়ে..”

অলপ পৰ ৰনুজ মনে মনে ৰৈ আকাশৰফালে চাই কৈ গ’ল…
” ‘প্রেম’- শব্দটো শুনিলেই মনটোৱে যেন জিৰণি পায় এবুকু সেউজৰ ছাঁত। মুখলৈ যেন মনে বুকুৰ পৰা ঠেলি দিয়ে এমোকোৰা গুলপীয়া হাঁহি। সকলোকে মৰম লাগে। সকলোৱে বাট চায় এজাক প্রেমৰ বৰষুণলৈ। চুঁচৰি চুঁচৰি পাৰ কৰা আমাৰ ৰুঢ় বাস্তৱবোৰক মসৃণ কৰি তোলা প্রেম এক মায়াবী জীৱনী শক্তি। ”

প্লাৱনে ইমান এটা কাব্যিক উত্তৰ পাম বুলি ভবাই নাছিলে। সি ক’লে..
‘আৰে, তই দেখোন একেবাৰে পলকতে মাৰাত্মক প্ৰেমিক কবি হৈ গ’লি। আচ্ছা, এতিয়া তই মোৰ কথাটো শুন।”

ৰনুজে হাঁহি এটা মাৰি ক’লে-“কচোন..”
প্লাৱন- “চিগমেণ্ড ফ্রয়েডক জাননে?”
ৰনুজ- “জানো The famous Psychologist, The Theory of Super ego..”
প্লাৱন-“ৰ ৰ….বুজিলোঁ। তই জান। এতিয়া, চিগমেণ্ড ফ্রয়েডে প্রেমৰ বিষয়ে কি কয় জাননে নাই?”
ৰনুজ-“মই ক’ৰ্চত লগা খিনি জানো। চিগমেণ্ড ফ্রয়েডে প্রেমৰ বিষয়েও কিবা কৈছে বুলি আজিহে গ’ম পালো। কি কৈছে?”
প্লাৱন- “তই নাজান যেতিয়া বঢ়িয়া কথা। এতিয়া তই মোৰ কথাটো শুন তেনেহ’লে…”
বেঁকা হাঁহি এটা মাৰি প্লাৱনে কৈ গ’ল…
“Theory of love-ত চিগমেণ্ড ফ্রয়েডে কৈছে প্রেম হেনো কেৱল শাৰীৰিক মোহ। এই মোহেই হেনো মানুহৰ জীৱনত শিশুৰ পৰা বাৰ্ধ্যকলৈ প্রেম ৰূপে আজীৱন থাকে। শিশুৰ আঙুলি চুপি থকাটোও হেনো যৌনতাৰ প্রভাৱৰ এক বৰ্হিপ্রকাশ। আৰু কৈছে নাৰীহেনো পুৰুষতকৈ সদায় তলত আৰু সৃষ্টিৰ আদিতে ভগৱানে এক বিশেষ শাৰীৰিক অসমতাৰে এইটো প্ৰতিষ্ঠা কৰিছে…”

ৰনুজে কথাবোৰ অলপ অশান্তি পালে আৰু শাৰীৰিক ভংগীমাৰে কথাটো প্লাৱনৰ আগত প্রকাশ কৰিবলৈ চেষ্টা কৰিলে। প্লাৱনে কথাটো বুজিলে আৰু অলপ তাৰ খং উঠিল..
“কি হ’ল ৰনুজ? ভাল পোৱা নাই? কিবা অশ্লীল অশ্লীল লাগিছে নহয়? নাই তোৰ দোষ নাই। আমাৰ মানুহবোৰ, সমাজখনৰ স্বভাৱেই এনেকুৱা। তোৰ ব্যবহাৰ তাৰেই প্রতিফলন।“
..ৰনুজে একো নামাতি কথাবোৰ তলমূৰ কৰি বুজিব চেষ্টা কৰিলে। অলপ ৰৈ প্লাৱনে পুণৰ ক’লে..
“জান ৰনুজ ‘ছেক্স’ শব্দটোৰ উচ্চাৰণকো আমাৰ সমাজে এক অপৰাধৰ সমতুল্য বুলি গণ্য কৰে। অথচ তেনে এখন সমাজতে ৬ মহীয়া শিশুৰ পৰা ৬৫ বছৰীয়া বৃদ্ধালৈকে কোনো সুৰক্ষিত নহয়। ধৰ্ষণৰ বাতৰি বতৰ বিজ্ঞান কেন্দ্রৰ বাতৰিৰ লেখিয়া নিয়মীয়া হৈছেগৈ। তথাকথিত শিক্ষিত সকলেও ‘ছেক্স’ শব্দটো শুনা পালেই গা-এৰা দি পৰাপক্ষত নিকা হৈ থাকিব বিচাৰে-সেয়া দৰকাৰ হ’লে HIV এইডচৰ কথা হওঁক অথবা বেশ্যা বৃত্তি বা ‘ফ্লেচ ট্রেড’ৰ লগত জড়িত কোনো সমাজৰ কল্যাণকামী সংস্থাৰ কোনো সদৰ্থক আলোচনাই নহওঁক কিয়। বুজিছ ৰনুজ হাফ বইল গোলকীয় শিক্ষাৰ পৰিণতি এইবোৰ। তোৰ দোষ নাই ”

ৰনুজৰ মনত কথাবোৰ লাহে লাহে পৰিষ্কাৰ হৈ আহিব ধৰিলে….
“কিন্তু প্লাৱন চিগমেণ্ড ফ্রয়েডে কোৱা কথা খিনি? সেইখিনি কি বুলি ল’ম?”
প্লাৱন- “এইয়াহে কথা !!!! সেই কাৰণেই আলোচনাৰ প্রয়োজন। তই কেৱল মোৰ কথা মনে মনে শুনি ঘৰ গুচি যোৱা হ’লে তই হয়তো প্রেমৰ এক বেলেগ ধাৰণা পোষণ কৰিব আৰম্ভ কৰিলি হয়। হয়তো ই তোৰ ক’ৰবাত কেতিয়াবা ব্যক্তিত্বতো প্ৰভাৱ পেলালে হয়। এই ফ্রয়েডলেখিয়া বিদগ্ধ মানুহবোৰৰ কাম চিন্তা কৰা আৰু কিতাপ এগাল লিখি নিজৰ চিন্তা পৃথিৱীৰ আগত ব্যক্ত কৰা আৰু আমাৰ লেখিয়া সাধাৰণ মানুহবোৰৰ লক্ষ্য হোৱা উচিত যে আমি সঠিক ভাবে কথাবোৰ চাঁলি-জাঁৰি চাই তাৰ ভালখিনি লৈ কেনেকৈ নিজৰ আৰু আনৰ ভালৰ বাবে ব্যৱহাৰ কৰিব পাৰো। ফ্রয়েডক বাদ দে। এই চৰ্চা বস্তুনিষ্ঠভাৱে স্কুলৰ পাঠ্যক্রমৰ পৰাই আৰম্ভণি কৰা উচিত। কিন্তু আমাৰ আকৌ ‘কমন’ পেলোৱা শিক্ষা পদ্ধতিহে? পাঠ্যপুথিতকৈ বেছি ক্যুৱেশ্যন বেংক গাইড আৰু টিউচনৰ গুৰুত্ব বেছি। তইয়ে কচোন ১ বছৰ ৭-৮ ঘন্টাকৈ বিদ্যালয় যোৱাৰ পিছতো বিষয় এটা বুজিবলৈ এইবোৰৰ আশ্রয় লোৱাতো শিক্ষা ব্যৱস্থাটোৰ চৰম বিফলতা নহয় নে?

প্লাৱনে গম নোপোৱাকৈ বহু কথা কৈ গ’ল। তাৰ অলপ খং উঠিছিল বুলি ৰনুজে বুজিলে। পৰিবেশটো অলপ পাতল কৰিবলৈ প্লাৱনক সুধিলে-
“এই হ’ব দে। এইবোৰ ছিৰিয়াছ কথা এৰ এতিয়া। তই কচোন তোৰ মতে ‘প্রেম কিচ চিড়িয়া কা নাম হ্যে?”
প্লাৱনে ইতিমধ্যো ঘটঘটাই পানী এগিলাচ খাই ল’লে। তাৰ মুডটো ছিৰিয়াছ হৈ আছিল আৰু সেই ছিৰিয়াছ সুৰতে সি কৈ গ’ল-
“তোৰ ব্যাখ্যাটো ‘প্রেম’ৰ এক ক্ষুদ্র ৰোমাণ্টিক ব্যাখ্যা। কেৱল কল্পনাৰ উটি ভাঁহি প্রেমৰ জয় গান গাই থাকিলে প্রেম কেৱল এক অ-ব্যবহাৰিক কিতাপি বস্তুৱে হৈ থাকিব বা আজি সেইটো হোৱাৰ উপক্রম হৈছে। প্রেমক যেতিয়ালৈকে এক জীৱন শৈলী অথবা এক দৃষ্টিভংগী কৰি জীৱনত আঁকোৱালি লোৱা নহয় তেতিয়ালৈকে প্রেম কেৱল এক মনক তৃপ্তি দিয়া শব্দ মাথো। ভাল পাওঁ বুলি ক’বলৈ সহজ। প্রেমৰ নামত মৰি যোৱাতো হয়তো আৰু সহজ। কিন্তু সেইবোৰ কৰাৰ আগতে ‘প্রেম’ক নিজৰ বুকুত স্থান দিব পৰাকৈ বুকুখনৰ কোঠালীটো বহল হয়নে নহয় জানিব চেষ্টা কৰাতো এজন সংবেদনশীল আৰু প্রেমোপযোগী মানুহৰ লক্ষণ। ”

প্লাৱনৰ ব্যাখ্যা শুনি ৰনুজৰ যেন মন আৰু মগজুৰ আৰু দুখনমান দুৱাৰ খোল খালে। প্লাৱনৰ লগত কথা পতাৰ আগ্রহ তাৰ আজি প্ৰথমবাৰৰ ইমান দকৈ জাগিছে হয়তো প্লাৱনেও নিজকে ইমান উন্মুক্ত চিন্তাৰে কেতিয়াও নিজকে ধৰা দিয়া নাছিল। হয়তো পৰিবেশ, বিষয় অথবা সময় মিলা নাছিল। ৰনুজে মনে মনে ফ্রয়েডকে ধন্যবাদ দি প্লাৱনক সুধিলে-
“ইতিহাসৰ প্রেম কাহিনী বোৰ বা কাহিনীবোৰক লৈ কৰা সাহিত্যৰ বিষয়ে কি ভাব তই?”
প্লাৱনে প্রশ্নটো ভাল পালে-
“প্রেমক লৈ কৰা সাহিত্যবোৰে বিনোদন সাহিত্য ৰূপে ঠিকেই আছে। কিন্তু এই সাহিত্যবোৰে প্রেমৰ যে এক বাস্তৱসন্মত বিশ্লেষণ কৰিছে মোৰ তাত সন্দেহ। বিশেষকৈ বিশ্ব সাহিত্যত আৰু ইতিহাসত এনে বহু খ্যাতিসন্মত প্রেম কাহিনী আছে য’ত নায়ক বা নায়িকাৰ মৃত্যু হয় মিলনৰ পূৰ্বে । আবেগে আগচা মানুহৰ মনবোৰে তেওঁলোকৰ সম্বন্ধক নিজৰ প্রেমৰ আদৰ্শ হিচাপে লৈ গাঁঠি যায় নিজৰ প্রেমৰ সুউচ্ছ দেৱাল। কোনো কোনোৱে প্রেমৰ বিফলতা সহিব নোৱাৰি ইতিহাসৰ নায়কৰ দৰে জীৱন ত্যাগ কৰে । কিন্তু সেই কাহিনীবোৰত উল্লেখ কৰা ধৰণে মোৰ মতে সেইয়া প্রেম নহয়, সেইবোৰ আছিল যৌৱনৰ কেৱল এক মায়াবী আকৰ্ষণ-এক বিশেষ পুৰুষ এক বিশেষ নাৰীৰ প্রতি।”

এইবাৰ অলপ ধেমালিৰ সুৰত প্লাৱনে পুণৰ ক’লে

” বুজিছ ৰনুজ, বিয়া হৈ যোৱা হ’লে ইতিহাসৰ পাতত কেইবাটাও প্রেম কাহিনীও বিচাৰি নাপালি হয়। ৰ’মিঅই বোলে হাতত বজাৰৰ বেগ লৈ ওলাই গৈছে পুৱাই পুৱাই সৰু মাছ আৰু লাও কিনিবলৈ । মজনুৰ পুতেক বোলে ক্লাচ ফাইভত ৩ বাৰ ফেইল। পাঅলে বোলে ফ্রান্সিচকাক বাচন ধুবলৈ লগাইছে…..হাঃ…হাঃ…হাঃ….হাঃ…..
দুয়োটাই অলপ ডাঙৰ কৈ হাঁহি পেলালে…
“তেনেহ’লে প্রেম ক’ত ভাই?” – ৰনুজে হাঁহিয়ে সুধিলে…
প্লাৱনে স্ফূৰ্তিৰে কৈ গ’ল এইবাৰ…
“ঐ, প্রেমক ‘টেগ’ৰ প্রয়োজন নাই। প্রেম সৰ্বত্র। কিন্নৰক তই যদি আন মানুহৰ সম বুলি গণ্য কৰিব পাৰ-তাত প্রেম, গছ এজোপা ৰুই তাক ডাঙৰ কৰাৰ হেঁপাহ আছে-তাত প্রেম, কুলিৰ মাত যদি তই নকল কৰি ভাল পাৱ-তাত প্রেম, মা-দেউতা ভাই-ভনী-সমাজ-দেশ সকলোৰে ভাল কৰিব পৰাকৈ কিবা এটা কৰাৰ আকাংক্ষা পুহি ৰাখিছ-তাত প্রেম, বাটৰ কুকুৰ দুটা খেলি থকা দেখি যদি আমেজ পাৱ সিহঁতৰ আনন্দত-তাত প্রেম, দুখীয়াৰ দুখ বুজিব পৰাকৈ আৰু শিশুৰ হাঁহিত প্রাণ পোৱা এটি কোমল মন আছে-তাতো প্রেম…..এই প্রেমবোৰ বিচাৰি পালে তই গম নোপোৱাকৈয়ে তোৰ কাষ পাবহি তোৰ ‘সপোন কুঁৱৰী’।

ৰনুজে অলপ অধৈৰ্য্য হৈ দীঘল উশাহ এটা লৈ কৌতুক পূৰ্ণ ভাৱে ক’লে-
“হ’ব, হ’ব, হ’ব..আৰু নেলাগে। প্রেম সৰ্বত্র। মই বুজিলোঁ। ‘প্রেম বাবা’ তই মোক আজি ‘প্রেমৰ মাৰ্গ দৰ্শন কৰালি। ক তোক গুৰু দক্ষিণা লাগে…

প্লাৱন দুষ্টামি কৰি ক’লে-

“বৎস, মোৰ গুৰু দক্ষিণা এইটোৱে যে চিগমেণ্ড ফ্রয়েডৰ Theory of love টো মই তোক মোৰ ধৰণেৰে বুজাম আৰু তই শুনি যাব লাগিব চুপ চাপ….
ৰনুজ-“হে ভগবান, চিগমেণ্ড ফ্রয়েডে আজি গম পাইছে কাৰ হাতত পৰিছে।…ঠিক আছে আৰম্ভ কৰ….কিন্তু আমাৰ পিছৰ ইংৰাজী ক্লাছৰ সময় হৈছে। আমি ক্লাছলৈ গৈ থাকো আৰু লগতে তই কৈয়ো যাবি তোৰ কথাখিনি..”
প্লাৱন-“অ’কে”
প্লাৱনে এখন হাত ৰনুজৰ বাহুত থৈ ক্লাছলৈ বুলি খৰকৈ খোজ লৈ কৈ গ’ল-
“আচলতে, শৰীৰ অবিহনে প্রেম অস্তিত্বহীন………মই কি ভাবো জান……..”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক