চিচৌড়েঃ অতীতক উভতি চোৱাৰ দাপোন(চিনেমা পৰ্যালোচনা)-গীতিকা শইকীয়া

স্কুল-কলেজৰ জীৱন কিছুমানৰ বাবে কেৱল পঢ়া, পঢ়া আৰু কেৱল পঢ়া৷ এইক্ষেত্ৰত প্ৰধানকৈ পিতৃ-মাতৃসকলেই অৰিহণা যোগায়৷ গ্লো’বেল ভিলেজৰ ভেল্কীবাজীত পিতৃ-মাতৃৰ সপোনে আকাশেদি উৰিবলৈ ধৰে৷ সেই সপোনক বাস্তৱায়িত কৰিবলৈ প্ৰায়ভাগ পিতৃ-মাতৃয়েই নিজৰ সন্তানক তেওঁলোকৰ সপোন পূৰণৰ আহিলা হিচাবেহে গণ্য কৰে৷ তেনে কৰোঁতে সন্তানৰো যে নিজাববীয়া ভাৱ-অনুভূতি থাকে সেই কথাটো প্ৰায়ভাগ পিতৃ-মাতৃয়ে গুৰুত্ব দিব নিবিচাৰে৷ ফলত পিতৃ-মাতৃ আৰু সন্তানৰ মাজত বুজাবুজিৰ ব্যৱধানে গা-কৰি উঠে৷ এনেদৰেই পিতৃ-মাতৃৰ সপোনৰ বোজাৰ ভৰ কঢ়িয়াব নোৱাৰি কোনো হতভগীয়া সন্তানে আত্মহনন কৰিবলৈও বাধ্য হৈ পৰে৷


আনহাতে আন কিছুমানৰ বাবে কেৱল দুষ্টামী, বদমাচী, মাৰামাৰি, প্ৰেম-ভালপোৱা আদিৰ নামত সময় পাৰ কৰাই কলেজীয়া জীৱন৷ লগতে যি শৈক্ষিক প্ৰমাণ পত্ৰৰ বাবে শিক্ষা ল’বলৈ যোৱা হয় সেই শিক্ষাৰে প্ৰধান অংগ শ্ৰেণীকোঠাৰ পাঠদানত উপস্থিত থকাৰ পৰা বিৰত থকাকে আদি কৰি সমাজৰ দৃষ্টিত অমান্য সকলোবোৰ কাম কৰাটোৱেই এইসকলৰ কলেজীয়া জীৱনৰ প্ৰধান কাম৷ তেওঁলোকৰ মতে জীৱন তেনেকৈয়ো জীয়াব পাৰি৷ বহুতৰে দৃষ্টিত এনেদৰে সময় কটোৱাটো জীৱনৰ সংগ্ৰামত হাৰি যোৱাৰ লেখিয়া বুলি ভাৱিলেও আপাতঃ দৃষ্টিত সেয়া শুদ্ধ নহ’বও পাৰে৷ কাৰণ পৰীক্ষাত সৰ্বোচ্চ নম্বৰেৰে জীৱনৰ পোৱা-নোপোৱাৰ হিচাবৰ খাটাখন মিলাব নোৱাৰি৷
হিন্দী চিনেমা “চিচৌড়ে”ত থুলমূলকৈ এইখিনি কথাকে ক’বলৈ বিচৰা হৈছে৷ পৰিচালক নীতেশ তিৱাৰীয়ে ছবিখনৰ জৰিয়তে সদায় পৰীক্ষাত প্ৰথম হোৱা ছাত্ৰ-ছাত্ৰীয়েই যে জীৱনত সফলতা পাব পাৰে বোলা কথাটো যে শুদ্ধ নহয়, সেই কথাটোকে পাকে-প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিছে৷
দৰাচলতে “চিচৌড়ে”ত ভাৰতৰ এখিনি পিতৃ-মাতৃৰ মানসিকতাক দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে য’ত তেওঁলোকৰ সন্তানক কেৱল পঢ়িবলৈ, প্ৰতিযোগিতা কৰিবলৈ আৰু প্ৰতিযোগিতাত জয়লাভ কৰাৰ আনন্দ পাবলৈহে শিকোৱা হয়৷ কিন্তু এইখিনি কৰোঁতে সেই সন্তানসকল যে কেতিয়াবা হাৰিবও পাৰে, পৰীক্ষাত ফেইল কৰিব পাৰে আৰু তেনেদৰে বিফল হ’লে সেই বিফলতাৰ সময়খিনি কেনেকৈ পাৰ কৰিব লাগে সেই বিষয়ৰ ওপৰত বিশেষ একো বুজাব নোখোজে৷ কাৰণ বিফল হোৱাটো, পৰীক্ষাত ফেইল কৰাটোক এইসকল পিতৃ-মাতৃয়ে সন্মান হেৰুওৱাৰ দৰে অনুভৱ কৰে৷
এনেকৈয়ে কলেজৰ দিনত “লুজাৰ”, অৰ্থাত সকলো দিশতে হাৰি যোৱা, পৰাজিত হোৱা বুলি জনপ্ৰিয় হোৱা কিছু বন্ধু-বান্ধৱীয়ে এটা দুৰ্ঘটনাৰ আলমত প্ৰায় দুই দশকৰ পিছত পুনৰ লগালগি হোৱাৰ কাহিনীৰে পৰিচালকে “চিচৌড়ে”ৰ যোগেদি স্মৃতি ৰোমন্থনৰ লগতে নতুন প্ৰজন্মৰ স’তে ক্ৰমে বাঢ়ি গৈ থকা মনৰ ব্যৱধানৰ সমাধান কৰাৰ দিশত আলোকপাত কৰিছে৷
হোষ্টেলৰ দিনৰ পৰাই অন্নি বুলি খ্যাত, কেৰিয়াৰত যথেষ্ট সফল তথা ইতিমধ্যে বিবাহ বিচ্ছেদ হোৱা মধ্য বয়সীয়া অনিৰুদ্ধ পাঠকে পুত্ৰ ৰাঘৱৰ লগত থাকে৷ ৰাঘৱে আই আই টিত পঢ়িবৰ বাবে জেইই ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ফলাফললৈ অধীৰ অপেক্ষাৰে বাট চাই থাকে৷
ফলাফল দিয়াৰ প্ৰাকক্ষণত অনিৰুদ্ধই ৰাঘৱৰ নিশ্চিত ফলাফলৰ বাবে চেম্পেইনৰ বটল আগতিয়াকৈ উপহাৰ দি ফলাফলৰ পিছত একেলগে চেলিব্ৰেট কৰিব বিচাৰে৷ এনে কৰি পৰিচালকে যথেষ্ট কৌশলেৰে এইটো দেখুৱাই দিয়ে যে অনিৰুদ্ধই পুত্ৰ ৰাঘৱৰ মানসিক অস্থিৰতাৰ উমান পাবলৈ চেষ্টা নকৰে৷ পৰীক্ষাত ফেইল কৰিলে কি হ’ব সেইটো নোকোৱাকৈ, পৰোক্ষভাৱে ফেইল যে নকৰে সেইটো কৈ থাকে৷ অথচ চেম্পেইনৰ বটলটোৱে যে ৰাঘৱৰ অস্থিৰতাক বহুগুণে বঢ়াই তুলিছে সেই কথাটোও অনিৰুদ্ধই লক্ষ্য নকৰে৷
দৰাচলতে ৰাঘৱৰ পিতৃ-মাতৃ অন্নি আৰু মায়া দুয়োগৰাকীয়েই নিজৰ নিজৰ শিক্ষায়তনিক ক্ষেত্ৰত একোগৰাকী সফল ব্যক্তি আছিল, যিটোৱে তেওঁলোকৰ পুত্ৰ ৰাঘৱক মানসিকভাৱে দুৰ্বল কৰি পেলাইছিল৷ পিতৃ-মাতৃৰ দৰে পৰীক্ষাৰ ফলাফল কৰিব নোৱাৰাৰ বাবে ৰাঘৱে নিজকে “লুজাৰ” বুলি ভাৱিবলৈ ধৰি জীৱন নিঃশেষ কৰাৰ চৰম সিদ্ধান্ত লয়৷ ৰাঘৱ মানসিকভাৱে ইমানেই অধিক ভাঙি পৰে যে হস্পিতেলত চিকিৎসাধীন হৈ থকা অৱস্থাত জীয়াই থাকিবলৈ সামান্য স্পৃহাও নাইকিয়া হৈ যায়৷
পুত্ৰৰ জীৱন-মৰণৰ এই সন্ধিক্ষণত অনিৰুদ্ধই পুত্ৰৰ মানসিক স্থিতিক বুজিবলৈ চেষ্টা কৰে৷ সদায় সফল হ’ব বুলি, ভাল ৰিজাল্ট হ’ব বুলি উৎসাহ জনোৱাৰ লগতে যে পৰীক্ষাত ফেইল কৰিলে, বিফল হ’লে কেনে ধৰণেৰে সেই পৰিস্থতিক গ্ৰহণ কৰিব লাগে সেই কথাটো পিতৃ হিচাবে ৰাঘৱক বুজোৱাৰ প্ৰয়োজন আছিল৷ অনিৰুদ্ধই বুজি পালে যে সেই কথাটো নভৱাৰ বাবেই পুত্ৰ ৰাঘৱৰ ক্ষেত্ৰত তেনে এক জীৱন-মৰণৰ সমস্যাৰ উদ্ভৱ হ’ল৷ তেতিয়াই অনিৰুদ্ধৰ মনলৈ আহে যে পঢ়ি থকা সময়ত অনিৰুদ্ধইও আন কেইবাজনো বন্ধুৰ দৰে সফলতাৰ বিপৰীতে বিফলতাতহে অভ্যস্ত হৈ গৈছিল৷ সেই বিফলতাৰ মাত্ৰা ইমান বেছি আছিল যে গোটেই কলেজখনৰ কেৱল অনিৰুদ্ধ থকা হোষ্টেলটোৰ ল’ৰাখিনিক “লুজাৰ” বুলিহে অন্য ছাত্ৰ-ছাত্ৰীসকলে মাতিছিল৷
ৰাঘৱৰ বন্ধুৰ মুখত আত্মহত্যাৰ চেষ্টা কৰাৰ আগমুহূৰ্তত ৰাঘৱে কোৱা “লুজাৰ” শব্দটোৱে অনিৰুদ্ধক হৃদয়ৰ গভীৰলৈকে জোঁকাৰি দিয়ে৷ কলেজৰ দিনত হোষ্টেল ৪ নম্বৰৰ আবাসী হৈ কেৱল “লুজাৰ” বুলিয়েই অভিহীত হৈ অহা অনিৰুদ্ধই ৰাঘৱে এণ্ট্ৰেন্স পাছ কৰিব নোৱাৰা বাবে মানুহে লুজাৰ বুলি কোৱাৰ ভয়তেই যে আত্মহননৰ চেষ্টা কৰিছিল সেইটো বুজিবলৈ সক্ষম হয়৷
অনিৰুদ্ধই হোষ্টেলীয়া জীৱনৰ কাহিনীবোৰ, সেইসময়ত আপোন হৈ পৰা বন্ধুকেইজনক মনত পেলাবলৈ চেষ্টা কৰি অনুভৱ কৰে যে ৰাঘৱক জীৱনমুখী কৰাৰ বাবে নিজৰ সেই অতীতলৈ ভুমূকিয়াই চোৱাৰ প্ৰয়োজন আহি পৰিছে৷ বৰ্তমান নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ পৰা সেই বন্ধুবোৰক বিচাৰি উলিওৱাৰ সময় আহি পৰিছে৷ পুনৰ লগ পোৱাৰ বাহানাৰে অতীতৰ সেই দিনবোৰ উভতি চাই মৰণমুখী পুত্ৰক জীৱন মূল্যায়ণৰ সুযোগ দিয়াৰ প্ৰয়োজন আহি পৰিছে৷
সেয়েহে ৰাঘৱক জীৱনমুখী কৰিবলৈ পিতৃ অন্নিয়ে এক অভিনৱ আইডিয়া লৈ আহে৷ কিন্তু পিতৃৰ স্মৃতি ৰোমন্থনৰ কথাবোৰ পুত্ৰ ৰাঘৱে সম্পূৰ্ণকৈ বিশ্বাসত ল’ব পৰা নাছিল৷ সেয়েহে অনিৰুদ্ধই তেওঁৰ পুৰণি বন্ধুবোৰক বিচাৰি উলিয়াই ৰাঘৱৰ সন্মুখত এজন এজনকৈ থিয় কৰায়৷ এয়া কেৱল ৰাঘৱক জীয়াই তুলিবলৈ উৎসাহিত কৰাৰ বাবেই নহয়, সময়ৰ প্ৰতিযোগিতাত হেৰাই যোৱা বন্ধুকেইজনৰ নিজৰ বাবেও নষ্টালজিক হৈ তেওঁলোকক অতীতলৈ উভতি চাই নিজক বিচাৰি চোৱাৰ প্ৰয়াসৰূপেও ভাৱিব পাৰি৷ যাৰ ফলত তেওঁলোক সকলোৰে বাবে এই ৰোমন্থন সঞ্জীৱনীৰ দৰে হৈ পৰিছিল৷
সকলোৱে মিলি ৰাঘৱক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে যদিও তেওঁলোক বৰ্তমানত একো একোগৰাকী সফল ব্যক্তি, অতীতৰ সেই কলেজ হোষ্টেলৰ দিনছোৱাত তেওঁলোক প্ৰত্যেকেই একোগৰাকী লুজাৰহে আছিল৷
অনিৰুদ্ধ তথা আটাইকেইজন বন্ধুৱেই ৰাঘৱক পুনৰুজ্জিৱীত কৰাৰ উদ্দেশ্যৰে আৰম্ভ কৰা এই ৰোমন্থনৰ যাত্ৰাত তেওঁলোকে নিজকো পুনৰ জুখি চাবলৈ, বুজি পাবলৈ চেষ্টা কৰে৷ অতীতক উভতি চোৱাৰ এই যাত্ৰাত অনুভৱ কৰিবলৈ সক্ষম হয় যে এৰি অহা দিনবোৰত তেওঁলোকে কি পালে আৰু কি হেৰুৱালে?
অন্নি আৰু মায়াইও বুজি পাবলৈ সক্ষম হয় যে তেওঁলোকৰ ইগ’ৰ যুঁজৰ ফলত পুত্ৰৰ মনোজগতে পাখি মেলিবলৈকে নিশিকিলে, নিশিকিলে বিফল হ’লে কিদৰে নিজকে সামৰিব পৰা যায়৷ এৰা-ধৰাৰে একেলগে জীৱন আগবঢ়াই নি জীৱনৰ মিঠা-তিতা হজম কৰাৰ পৰিৱৰ্তে তেওঁলোক দুয়োয়ে ইজনে সিজনৰ পৰা দূৰৈত অৱস্থান কৰি ৰ’ল৷ ইয়াৰ ফলত আটাইতকৈ কষ্ট পালে পুত্ৰ ৰাঘৱে৷ কাকো বুজাই ক’ব নোৱাৰাৰ অব্যক্ত হাঁহাকাৰত ডাঙৰ হোৱা ৰাঘৱৰ মনৰ মাজত কি শুদ্ধ কি ভুল ভাৱি চোৱাৰ মানসিকতাৰে এক পৰিপুষ্ট কিশোৰৰ প্ৰকাশ নঘটিল৷ ঘটিল বিফল হ’লেই “লুজাৰ” বুলি মানুহে হাঁহিব পৰাৰ সুবিধা দিয়া বুলি নিজকে দোষী সজাই আত্মহননৰ চেষ্টা কৰা এটি ভীৰু কিশোৰৰ৷
সেয়েহে পিতৃ আৰু বন্ধুসকলৰ অতীতৰ কথাবোৰ শুনি বুজা-নুবুজাৰ সন্ধিক্ষণত থকা ৰাঘৱে পিতৃৰ কলেজৰ জেনেৰেল চেম্পিয়নশ্বিপত চেম্পিয়ন হ’ব নোৱাৰা বুলি শুনিও ফেঁকুৰি উঠে৷
সেইখিনিতেই পৰিচালকে এই বিষয়টি উত্থাপনৰ কাৰণ ব্যাখ্যা কৰে৷ জেনেৰেল চেম্পিয়নশ্বিপত চেম্পিয়ন নোহোৱা স্বত্বেও সেইবাৰ সমগ্ৰ কলেজখনে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে হোষ্টেল ৪ ৰ আবাসীসকল “লুজাৰ” নহয়৷ কাৰণ তেওঁলোকে পৰাজয়ৰ ভয়ত প্ৰতিযোগিতাত ভাগ লোৱাৰ পৰা বিৰত থকা নাছিল৷ জনা-নজনাকৈ হোষ্টেল ৪ ৰ আবাসীয়ে জেনেৰেল চেম্পিয়নশ্বিপৰ সকলো বিভাগতে ভাগ লৈছিল৷ কাৰণ হৰা-জিকাতকৈ প্ৰতিযোগিতাত ভাগ ল’বলৈ আগবাঢ়ি যাব পৰাটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা৷
ৰাঘৱে বুজি উঠে যে এবাৰ কোনো পৰীক্ষাত ফেইল কৰিলেই, জীৱন যুদ্ধত পৰাজিত হ’লেই মানুহ “লুজাৰ” হৈ নাযায়৷ পুনৰ উদ্যমেৰে পৰীক্ষা দিবলৈ, সংগ্ৰাম কৰিবলৈ নিজকে প্ৰস্তুত কৰি তোলাটোহে সবাতোকৈ জৰুৰী৷
ৰাঘৱৰ মনত জীৱনমুখী অনুভৱেৰে জীৱনক জী চাবলৈ হেঁপাহে তল-বল কৰে৷ জীয়াই থাকিবলৈ বিচৰাৰ এই অনুভৱেই ৰাঘৱক প্ৰাণৱন্ত কৰি তোলে৷ সংকটজনক অৱস্থাত কৰা অপাৰেচনৰ পিছত সুষ্ঠ হৈ নতুন উদ্যমেৰে ৰাঘৱে কোনো এখন কলেজত পঢ়িবলৈ যায়৷ সেয়েহে দৰ্শকৰ প্ৰতি ৰাঘৱে অনুৰোধ কৰে যে কোনেও যাতে নোসোধে তেওঁৰ কলেজখনৰ নাম কি অথবা ৰাঘৱে কি ৰেংক পালে বুলি! কাৰণ এতিয়া ৰাঘৱে বুজি পোৱা হৈ গৈছে যে সৰ্বোচ্চ নম্বৰ পাই জিকি যোৱাতকৈ নিজকে যিকোনো প্ৰকাৰৰ পৰীক্ষাত ভাগ ল’বলৈ, জীৱন সংগ্ৰামত যুঁজ দিব পৰাটোহে জীৱন জী যোৱাৰ মূলমন্ত্ৰ৷
পৰিচালকে কাহিনীৰ আৰম্ভণিতেই দৰ্শকক এক নষ্টালজিক পৰিবেশলৈ লৈ গৈছে৷ কলেজ আৰু হোষ্টেলীয়া জীৱনৰ হাস্য-মধুৰ স্মৃতি প্ৰায় প্ৰত্যেকৰে থাকে৷ ছবিখনৰ কাহিনীটোৱে সামান্য খোঁকোজা নলগাকৈ এই অতীত আৰু বৰ্তমানৰ মাজৰ ৰূপান্তৰখিনি সফলতাৰে দেখুৱাইছে৷
কাহিনীটোৱে বাৰে বাৰে এই কথাটোত জোৰ দি গৈছে যে যাত্ৰাৰ শেষত পাবলগা গন্তব্যস্থলতকৈ জীৱন সংগ্ৰামৰ এই যাত্ৰা অধিক সংঘাতপূৰ্ণ আৰু তেনেদৰে জয়-পৰাজয়তকৈ, তাৰপৰা শিকিব পৰা জীৱনৰ শিকনি আৰু অধিক গুৰুত্বপূৰ্ণ৷
সেয়েহে “চিচৌড়ে”ৰ কাহিনী বৰ্ণনাধৰ্মী আৰু খুবেই প্ৰাসংগিক৷ কোনোধৰণৰ জটিলতা নোহোৱাকৈ সহজ-সৰলভাৱে উপস্থাপন কৰা চিত্ৰনাট্য, প্ৰভাৱবিস্তাৰ কৰিব পৰা কাহিনীৰ বৰ্ণনাশৈলী আৰু সুন্দৰ অভিনয় কলাৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা চিনেমাখনে দৰ্শকৰ মনত বহু কথাৰ উত্থাপন কৰিছে৷
এক ঘণ্টা ছয়চল্লিশ মিনিটৰ চিনেমাখনে কলেজীয়া জীৱনত ঘটা অলেখ অদ্ভুত ঘটনাৰ বিষয়ে সামান্যও দ্বিধাবোধ নোহোৱাকৈ পৰিবেশন কৰিছে৷ সেয়েহে অন্তৰ্বাস পিন্ধা অতবোৰ ডেকা ল’ৰাক একেলগে প্ৰথমটো দৃশ্যতে দেখুওৱাৰ লগতে অধ্যাপকসকলৰ ধেমেলীয়া কাৰ্টুন বনোৱা, বহুতো দ্বিঅৰ্থযুক্ত বাৰ্তা, সংলাপ আদিৰে এইটো বুজাবলৈ বিচৰা হৈছে যে সফলতা পাবলৈ সম্পূৰ্ণকৈ পাৰফেক্ট হ’ব লাগিব বুলিও জৰুৰী নহয়৷
চিনেমাখনৰ আৰম্ভণিতেই এই অন্তৰ্বাস পিন্ধা হোষ্টেলীয়া ডেকা ল’ৰাবোৰে মাজনিশা মুকলি আকাশৰ তলত থিয় হৈ ইজনে সিজনক বাল্টিৰে পানী ঢালি থাকি চি়ঞৰি-বাখৰি ফূৰ্তি কৰাটোৰে পৰিচালকে বুজাই দিছে যে কাহিনী আগবঢ়াৰ লগে লগে ইয়াতকৈ কিবা ধেমেলীয়া কথা, দৃশ্য দেখিবলৈ পোৱা যাব৷ সেয়েহে অন্তৰ্বাসেৰে এজাক ডেকাক দেখি কিছু ক্ষণলৈ কোনো দৰ্শক উচপ খাই উঠাটোতো আচৰিত হ’বলগীয়া একো নাই৷ দৰাচলতে চিনেমাখনৰ আৰম্ভণিৰ এই দৃশ্যটোৱে দৰ্শকক কাহিনীৰ ভিতৰলৈ লৈ যোৱাৰ প্ৰস্তুতি কৰে৷ লগতে সেই প্ৰথমৰে পৰা ছবিখনৰ শেষলৈকে কৈ থকা পাঞ্চলাইন “লুজাৰ হৌগা তেৰা বাপ” সংলাপটোৱে বাৰে বাৰে দৰ্শকক মনত পেলাই থাকে যে ছবিখনৰ কাহিনীটো সকলো ক্ষেত্ৰতে সফল কোনো ব্যক্তিৰ কাহিনী নহয়৷ জীৱন যুঁজত হাৰি হাৰিও আগবাঢ়ি গৈ থকা আমাৰ মাজতেই থকা তেনে বহু চৰিত্ৰৰহে কাহিনী এইয়া৷ সেইবাবেই “চিচৌড়ে”ৰ লগত দৰ্শকৰ একাত্মতা খুব সোনকালেই গঢ়ি উঠে৷
দৰ্শকক নষ্টালজিক কৰাৰ এক সুন্দৰ প্ৰয়াসৰ ছবি “চিচৌড়ে”ৰ সফলতাৰ মূল কাৰণ হ’ল কলেজ-হোষ্টেলৰ জীৱনৰ সেই সোণালী দিনবোৰক ভুল-শুদ্ধৰ পৰিভাষাৰ বাহিৰত গৈ কেৱল উভতি চোৱাৰেই প্ৰয়াস কৰা হৈছে৷
সেয়েহে ডেকাকালৰ অন্নিয়ে দেশৰ আগশাৰীৰ ইঞ্জিনীয়াৰিং কলেজত এডমিছন লৈ জানিব পাৰে যে তেওঁক থাকিবলৈ দিয়া হোষ্টেল নম্বৰ ৪ প্ৰকৃততে কলেজৰ আটাইতকৈ কাম নাইকিয়া, আড্ডাবাজ, বিড়ি-চিগাৰেট-মদ খোৱা, ধুৰন্ধৰ লুজাৰবোৰৰ দৰে ল’ৰাৰে ভৰি আছে৷ হোষ্টেলৰ পৰিস্থিতিত প্ৰথমে অধৈৰ্য হৈ অন্নিয়ে বেলেগ হোষ্টেল বিচাৰিবলৈ লয় যদিও লাহে লাহে হোষ্টেল ৪ ৰ ল’ৰাখিনিৰ লগত একাত্ম হৈ বন্ধুবোৰক নিজৰ পৰিয়াল বুলি ভাৱিবলৈ ধৰে৷
এই যে অতীতলৈ উভতি যোৱা আৰু পুনৰ বৰ্তমানলৈ অহা এই দুয়োটা দিশেই চিত্ৰনাট্যকাৰে সামান্য খোঁকোজা নলগাকৈ দেখুৱাইছে৷ দুয়োটা সময়ৰ মাজত সাঁকো হিচাবে কিছুমান একে ধৰণৰ সংলাপৰ ব্যৱহাৰ কৰা হৈছে৷ সেয়েহে হস্পিতালত জীৱন-মৰণৰ সন্ধিক্ষণৰ উত্তেজনাৰ পৰিপন্থি হোষ্টেলৰ দিনৰ জেনেৰেল চেম্পিয়নশ্বিপৰ উত্তেজনা এই দুয়োটাকে সম-পৰ্যায়ত বিশ্লেষণ কৰি দেখুওৱা হৈছে৷
অন্নি আৰু মায়াৰ বন্ধু ক্ৰমে চেক্সা, ডেৰেক, মাম্মী, এচিড আৰু বেৱড়া—এই আটাইকেইজন যেনেকৈ বিশেষ বিশেষ বৈশিষ্ট্য্যৰ অধিকাৰী, তেনেকৈ তেওঁলোকক দি লোৱা নামবোৰো বৈশিষ্ট্য্যপূৰ্ণ৷ এই কলেজীয়া বন্ধুৰ দলটোৱেই দৰ্শকক লৈ যায় এক সাংঘাতিক হাঁহি-ধেমালিৰ পৰিবেশৰ মাজলৈ, স্মৃতি হৈ ৰোৱা কিছু সময়ক ধৰি লৈ ওভতাই চাবলৈ! এনেদৰেই “চিচৌড়ে”ই আমাক সকলোকে নিজৰ যৌৱনৰ দিনবোৰক স্মৰণ কৰিবলৈ এক সুবিধা দিছে৷ এইয়া স্মৃতি ৰোমন্থনৰ এক মসৃণ যাত্ৰা৷
কলেজ জীৱনত সততেই দেখা পোৱা যৌনগন্ধী বিষয়তেই সময় পাৰ কৰা চেক্সাৰ দৰে চৰিত্ৰৰ পৰা সাধাৰণতেই বহুতেই আঁতৰি থাকিবলৈ বিচাৰে৷ চেক্সা এনে এক চৰিত্ৰ যাৰ বাবে কলেজ জীৱন মানে কেৱল সময় পাৰ কৰা৷ অথচ কলেজ জীৱনত কেৱল ৰং-ৰহইচ কৰি পঢ়া-শুনালৈ পিঠি দিয়া চেক্সাকো বৰ্তমানৰ পৰিপ্ৰেক্ষিতত লণ্ডনৰ কোনো এক ক’ৰ্পোৰেট অফিচত এগৰাকী দায়িত্বশীল ব্যক্তি হিচাবে দেখুওৱা হয়৷
আমি সততেই এচিডৰ দৰে কথাই প্ৰতি অশ্ৰাব্য মাত মাতা ডেকা ল’ৰাক দেখা পাওঁ, ডেৰেকৰ দৰে সকলোকে দাবী-ধমকিৰে সন্ত্ৰাসিত কৰা হোষ্টেলৰ চিনিয়োৰ, প্ৰেমপাশত আৱদ্ধ হ’ব নোৱাৰি মদপী হৈ যোৱা বেৱড়াৰ দৰে চৰিত্ৰও আমাৰ চিনাকি, মাকৰ আঁচলত ডাঙৰ হৈ হোষ্টেল ৪ ৰ সংগত পৰি সম্পূৰ্ণকৈ সলনি হৈ যোৱা মাম্মীৰ দৰে চৰিত্ৰৰ স’তেও মুখামুখি আমাৰ সততেই হোৱা যায়৷
তাৰ লগতে আছে কলেজৰ খেল-ধেমালিত হঠাতেই প্ৰতিযোগিতামূলক মনোভাৱ, কলেজ ৰোমান্স, আৰু আছে প্ৰতীক বাব্বৰৰ অভিনীত ৰেগী চৰিত্ৰৰ সতে প্ৰতিদ্বন্দ্ব্বিতা৷
এই চৰিত্ৰসমূহেই ছবিখনৰ কাহিনীটোক একেলগে ধৰি ৰাখিছে৷ চিত্ৰনাট্যকাৰ তিনিজনে ছবিখনত ব্যৱহাৰ কৰা ধেমেলীয়া পাঞ্চলাইনবোৰ খুবেই গুৰুত্বপূৰ্ণ৷ লগতে সহ-অভিনেতাসকলৰ সংলাপতো যথেষ্ট গুৰুত্ব দিয়া হৈছে৷ আনকি হোষ্টেলত ছিট এল’ট কৰা কেৰাণীজনৰ পৰা হোষ্টেলৰ কেণ্টিনৰ ৰান্ধনীলৈকে প্ৰায় সকলো চৰিত্ৰকে অলপ সময়ৰ কাৰণে আনিলেও সমানেই গুৰুত্ব দিয়া হৈছে৷ গতিকে প্ৰতিজন দৰ্শকেই তেওঁলোকৰ নিজ নিজ কল্পনাৰ আৱেশত “লুজাৰ”বোৰৰ লগত একাত্ম হৈ জেনেৰেল চেম্পিয়নশ্বিপত তেওঁলোকৰ জয়ৰ বাবে আশা কৰিবলৈ বাধ্য হৈ পৰে৷
ব্যংগৰ জৰিয়তে বৰ্তমানে গুৰুতৰ হৈ পৰা বিষয় এটাক সহজ-সৰলকৈ তুলি ধৰিব পৰাটোত ছবিখনৰ কাহিনীকাৰক কৃতিত্ব দিবই লাগিব৷ এই যে বাৰে বাৰে ফ্লেছবেক কৰি অতীতক উভতি চোৱা, তাৰ পৰা বৰ্তমানলৈ অহা এই প্ৰক্ৰিয়াটোক ছবিখনত ইমানেই আকৰ্ষণীয় কৰি তোলা হৈছে যে দৰ্শকে ইয়াৰ পিছত কি হ’ল জানিবলৈকে চিনেমাখন শেষলৈকে উপভোগ কৰিবলৈ বাধ্য হৈ পৰিছে৷
কাহিনীকাৰ, পৰিচালকে ক’ব খোজা কথাটো হ’ল যে কেৱল পঢ়া-শুনাকে আগত ৰাখি আগবঢ়া এজন আৰু ৰং-ৰহইচ, বদমাচী কৰি কৰিয়েই সময় পাৰ কৰা এজন – এই দুয়োজনেই জীৱন যুদ্ধত সমানেই আগবাঢ়ি যাব পাৰে৷ এনে লাগে কাহিনীকাৰ ক্ৰমে পিয়ুচ গুপ্তা, নিখিল মেহৰুট্ৰা আৰু নীতেশ তিৱাৰীয়ে চিত্ৰনাট্যখন যেন একেধাৰ মালাতহে গাঁঠি গ’ল৷ সেয়েহে চিত্ৰনাট্যখনত যথেষ্ট পৰিপক্বতা দেখা পোৱা গ’ল৷
ছবিখনৰ মূল চৰিত্ৰৰ লগতে আটাইকেইটা সহ চৰিত্ৰকে বিস্তাৰিতভাৱে চিনাকি কৰি দিয়াৰ প্ৰয়াসটোৱে দৰ্শকক কাহিনীটো আগবঢ়াই লৈ যোৱাৰ সময়ত সহযোগী হোৱাত সহায় কৰিছে৷
অভিনয়ৰ ক্ষেত্ৰত চেক্সাৰ চৰিত্ৰত বৰুণ শৰ্মা, ডেৰেকৰ চৰিত্ৰত টাহিৰ ৰাজ ভাছিন, এচিডৰ চৰিত্ৰত নবীন পলিছেট্টী, প্ৰায় বিশ বছৰ সময় ধৰি আমেৰিকাত বাস কৰা মাম্মীৰ চৰিত্ৰত তুষাৰ পাণ্ডেৰ সংলাপত আমেৰিকান উচ্চাৰণ দিয়া আৰু বেৱড়াৰ চৰিত্ৰত সহৰ্ষ শুক্লাৰ অভিনয়ত সামান্যতমো জড়তা নাই৷
বিশেষকৈ চেক্সা চৰিত্ৰত বৰুণ শৰ্মাৰ পুনৰ নিজৰ অভিনয় ছবিখনৰ এক গুৰুত্বপূৰ্ণ দিশ৷ শকত চেহেৰাৰ বৰুণ শৰ্মাই নিজৰ এই শকত বিষয়টোকো এক প’জিটিভ এংগোলত চেক্সা চৰিত্ৰটোত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ লগতে সংলাপৰ প্ৰক্ষেপণতো সহজ উপস্থাপনে চেক্সা চৰিত্ৰটোক দৰ্শকৰ ওচৰ চপাই নিবলৈ সক্ষম হৈছে৷
ৰাঘৱৰ চৰিত্ৰত অভিনয় কৰা মোহম্মদ চামাদৰ প্ৰথম দৃশ্যটোৰ পৰা শেষলৈকে চৰিত্ৰটোৰ প্ৰতি সমৰ্পন কৰা স্বাভাৱিকতা চকুত লগাকৈয়ে মৰমলগা৷ এনেকুৱা লাগে এটা সময়ত আমি সকলোৱেই যেন এনেদৰেই সকলো কলুষতা, অসূয়াৰ পৰা দূৰত এক সহজ জীৱনত অভ্যস্ত আছিলোঁ৷
অনিৰুদ্ধৰ চৰিত্ৰত সুশান্ত সিং ৰাজপুতে কলেজীয়া ডেকা লৰাৰ চৰিত্ৰটো খুবেই বিশ্বাসযোগ্যভাৱে প্ৰদৰ্শন কৰাৰ বিপৰীতে চল্লিশোৰ্দ্ধ এজন মধ্য-বয়সীয়া ব্যক্তিৰ চৰিত্ৰটোত সামান্যজথৰতা পৰিলক্ষিত হ’ল৷ তেনেদৰে শ্ৰদ্ধা কাপুৰেও কলেজীয়া গাভৰুৰ চৰিত্ৰত গতানুগতিক অভিনয় কৰাৰ বিপৰীতে মধ্য বয়সীয়া নাৰীৰ চৰিত্ৰটো বিশ্বাসযোগ্যভাৱে ফুটাই তুলিবলৈ অপাৰগ হোৱা যেন লাগিল৷ অৱশ্যে এইক্ষেত্ৰত কাহিনীকাৰে এই চৰিত্ৰটিক বৰ বিশেষ গুৰুত্ব নিদিয়া যেনহে অনুভৱ হ’ল৷ আনকি মায়া চৰিত্ৰটোৰ সংলাপো সামান্যকৈহে আছিল৷ লগতে মায়া চৰিত্ৰৰ কলেজীয়া জীৱনৰ পৰা চল্লিশোৰ্দ্ধ মহিলাৰ ভেশত কৰা সলনিখিনি কেৱল মাত্ৰ সাজ-পোছাকতহে পৰিলক্ষিত হ’ল৷ কলেজীয়া জীৱনত মিনি স্কাৰ্ট, ফ্ৰক, জিন্স পিন্ধা নাৰী গৰাকীয়ে মধ্য বয়সত কটনৰ শাৰী আৰু চুৰিদাৰ-কূৰ্তা পিন্ধোৱা দেখুওৱাটোৱেই বয়সৰ ব্যৱধান দেখুৱাবলৈ পৰ্যাপ্ত নহয়৷
আনহাতে ৰেগী নামৰ প্ৰতীক বাব্বৰে অভিনয় কৰা চৰিত্ৰটিকো যথাযোগ্য সময় দিয়া নহ’ল যেন লাগে৷ কিন্তু যথেষ্ট কম সময়ৰ বাবে ওলোৱা কলেজত জনপ্ৰিয়, ভাল ঘৰৰ ৰেগী চৰিত্ৰটিক প্ৰতীক বাব্বৰে যথেষ্ট গুৰুত্ব সহকাৰে অভিনয় কৰিছে৷
আমাৰ দেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ দিশত, পৰীক্ষাত আটাইতকৈ বেছি নম্বৰ পাবলৈ সন্তানক মানসিক নিৰ্যাতন দিয়া পিতৃ-মাতৃসকললৈ, স্কুলৰ নাম হোৱাৰ আশাত ছাত্ৰ-ছাত্ৰীক কষ্ট দিয়া শিক্ষক-শিক্ষয়ত্ৰীসকললৈ “চিচৌড়ে“ এক সকিয়নি বুলিব পাৰি৷
“চিল্লাৰ পাৰ্টি” নামৰ ছবিখনত সহ পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰা নীতেশ তিৱাৰীয়ে পিছত “ভুতনাথ ৰিটাৰ্ঞ্চ”খন পৰিচালনা কৰে৷ উল্লেখযোগ্য যে শিশুৰ বাবে নিৰ্মিত “চিল্লাৰ পাৰ্টি”এ শ্ৰেষ্ঠ শিশু ছবিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷
২০১৬ চনত বলিউডৰ চুপাৰষ্টাৰ আমিৰ খান অভিনীত ব্লকব্লাষ্টাৰ চিনেমা “দাংগল” ৰ পৰিচালনাৰে পৰিচালক হিচাবে নীতেশ তিৱাৰীয়ে সফলতাৰ উচ্চ্ শিখৰ পায়৷
এইবাৰ গতানুগতিকতাৰ মাজতেই অগতানুগতিক দৃষ্টিভংগীৰে তিৱাৰীৰ পৰিচালনাৰ ছবি “চিচৌড়ে”ৰ প্ৰযোজনা কৰিছে নাডিয়াডৱালা গ্ৰেণ্ডচন এনটাৰটেইনৰ চাজিদ নাডিয়াডৱালাই!
প্ৰায় সত্তৰ কোটি টকাৰ বাজেটেৰে নিৰ্মিত তথা বলিউডৰ বিশেষ কোনো চুপাৰষ্টাৰ নথকাকৈয়ে লাভ কৰা সফলতাৰ মূল চাবি-কাঠি হ’ল নিখুঁত পৰিচালনা৷ কাহিনীটোক দেখুৱাই যাওঁতে কোনো সময়তেই এইটো অনুভৱ হোৱা নাছিল যে ইমান এটা গুৰুত্বপূৰ্ণ বিষয় ছবিখনে উন্মোচন কৰি দেখুৱাইছে৷ নীতেশ তিৱাৰীয়ে এই ছবিখন তেওঁৰ হৃদয়ৰ আবেগেৰে যে নিৰ্মাণ কৰি উলিয়াইছে সেইটো ছবিখন চাই থাকোঁতে উপলব্ধি হয়৷
অৱশ্যে ছবিখনত দেখুওৱা নাৰী চৰিত্ৰৰ দিশত কাহিনীকাৰ, পৰিচালকে বৰ বিশেষ গুৰুত্ব নিদিয়া যেন অনুমান হল৷ এনে লাগিল যেন ইঞ্জিনীয়াৰিং কলেজত ছোৱালীয়ে পঢ়িবলৈ যোৱাটো এক অদ্ভুত ঘটনা৷ সেয়ে সৱল নাৰী চৰিত্ৰৰ অনুপস্থিতিয়ে কাহিনীটোক পৰিপূৰ্ণতা দিব নোৱাৰিলে বুলি বহুকেইগৰাকী ছবি সমালোচকে মন্তব্য কৰিছে৷
সুশান্ত সিং ৰাজপুতৰ লগতে এক অন্যতম চৰিত্ৰ চেক্সাত অভিনয় কৰা বৰুণ শৰ্মাৰ অভিনয় এই ছবিখনৰ এক অন্যতম উপাদান৷ বলিউডৰ শেহতীয়া ধেমেলীয়া ছবিসমূহৰ অন্যতম “ফুকড়ে”ৰ পিছত বৰুণ শৰ্মাৰ অনবদ্য অভিনয় “চিচৌড়ে”ৰ আন এক চাবলগীয়া দিশ৷ নিজকে ইমান বিশ্বাসজনকভাৱে উপস্থাপন কৰিছে যে বৰুণ শৰ্মাৰ চৰিত্ৰ চেক্সা ওলোৱাৰ লগে লগে দৰ্শকক কাহিনীটোৰ লগত সংপৃক্ত হৈ থাকিবলৈ উৎসুক কৰি তোলে৷
আমি জীৱনত কিমান বাৰ যে এনে এক পৰিস্থিতিৰ সন্মুখীন হৈছোঁ য’ত সৰু সৰু বিষয়তে পৰাজিত হৈছিলোঁ৷ মনে আশা কৰি থকা কোনো কলেজত ছিট নোপোৱাৰ বাবে, কোনো পৰীক্ষাত আশানুৰূপ ৰিজাল্ট নোহোৱাৰ বাবে, মনে বিচৰা চাকৰি এটা নোপোৱাৰ বাবে, প্ৰেম-ভালপোৱাত বিফল হোৱাৰ বাবে এনে লাগে যেন জীৱনটোৱেই শেষ হৈ গ’ল৷
কিন্তু প্ৰাপ্তবয়স্ক হৈ জীৱনৰ প্ৰকৃত অৰ্থ বুজিহে অনুভৱ হয় যে আমাৰ জীৱনক সময়ে যিদৰে আকাৰ দিয়ে সেইটোত পৰীক্ষাবোৰত পোৱা নম্বৰৰ কোনো প্ৰভাৱ নাই৷ তাৰ পৰিৱৰ্তে জীৱনৰ বাটত লাভ কৰা অভিজ্ঞতাবোৰ, মুহূৰ্তবোৰ, স্মৃতিবোৰ, জীৱনভৰৰ বাবে পোৱা বন্ধুত্বৰ আশ্বাস এইবোৰেহে জীৱনক মোহনীয় কৰি তোলে৷ পৰীক্ষাত পোৱা নম্বৰবোৰক জীৱনৰ বাটৰ এই মোহনীয়তাবোৰে ক্ৰমে ক্ৰমে ধুসৰিত কৰিহে গৈ থাকে৷ কাৰণ জীৱনযুদ্ধৰ সংঘৰ্ষৰ স’তে যুঁজ কৰোঁতে যেতিয়া আমি সঁচাকৈয়ে কাৰোবাৰ সহায় বিচাৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া শৈক্ষিক মানপত্ৰৰ পৰিৱৰ্তে এই বন্ধু-বান্ধৱেহে সহায় কৰে৷
“চিচৌড়ে” ছবিখনত আগৰ বহুতো চিনেমাত দেখুৱাব বিচৰা একেটা বাৰ্তাকে দেখুৱাইছে, কিন্তু কিছু ব্যতিক্ৰমী ধাৰণাৰে দেখুৱাবলৈ সক্ষম হৈছে৷ এই ছবিখন কেৱল অতীতক উভতি চোৱাৰ এক নষ্টালজিক যাত্ৰা নহয়, এয়া আমাক সকলোকে জীৱনৰ যুঁজত জিকাতকৈ যুঁজি যাবলৈ চেষ্টা কৰাটো যে অধিক জৰুৰী সেই কথাটো বাৰে বাৰে সকীয়াই দিছে৷
সেইদৰে এই অতীতক বাৰে বাৰে ৰোমন্থন কৰি তথা মাজে মাজে বৰ্তমানলৈ উলটি অহাৰ পৰিক্ৰমাটোক দৰ্শকৰ বাবে আমনিদায়ক নহ’বলৈ প্ৰায় একেধৰণৰ পৰিবেশ, সংলাপকে অতীত আৰু বৰ্তমানত দি এক প্ৰকাৰৰ সংযোগ সাধনৰ প্ৰয়াস কৰা যেন লাগিল৷
ছবিখনৰ আটাইতকৈ সফল দিশটো হ’ল পৰিচালনা৷ নীতেশ তিৱাৰীয়ে এই ছবিখনৰ যোগেদি দেখুৱাই দিলে যে তেওঁ পৰিচালনাৰ মাষ্টাৰ ষ্ট্ৰোক খেলিব পাৰে৷ “দাংগল”ৰ দৰে ব্লকব্লাষ্টাৰ দিয়াৰ দৰেই দৰ্শকৰ আৱেগক হেন্দুলি দিয়াৰ মন্ত্ৰ তেওঁ জানে৷ তেওঁ জানে যে দৰ্শকে তেওঁৰ ছবিৰ পৰা কি বিচাৰে আৰু সেইটোৱেই দৰ্শকলৈ তেওঁ আগবঢ়াই দিয়ে৷
এখন আকৰ্ষণীয় চিত্ৰনাট্যৰে কলা-কুশলীৰ পৰা সোণ সেৰুৱা অভিনয় ল’ব পাৰি৷ উল্লেখযোগ্য যে এই ছবিখনত প্ৰত্যেকগৰাকী অভিনয় শিল্পীয়েই নিয়াৰিকৈ নিজৰ অভিনয় প্ৰতিভাৰ সুপ্ৰয়োগ কৰিছে৷
“চিচৌড়ে”ত দেখুওৱা নষ্টালজিয়া সম্পূৰ্ণকৈ এক পৱিত্ৰ অনুভৱ৷ আচলতে নষ্টালজিয়াই হৈছে “চিচৌড়ে”ৰ মূল বিষয়বস্তু৷ এই ছবিখন চাই থাকোঁতে কৈশোৰৰ পৰা প্ৰাপ্তবয়স্ক, বৃদ্ধ সকলোৱেই এবাৰ নিশ্চয়কৈ নিজৰ এৰি অহা অতীতলৈ উভতি চাবলৈ বাধ্য হ’ব৷
অৱশ্যে ছবিখনৰ চৰিত্ৰসমূহৰ মূল্যাংকনৰ কথা আহি পৰিলে অভিনেতা-অভিনেত্ৰীসকলৰ নিৰ্বাচনত কিছু পৰিমাণে খোকোজা থকা যেন অনুভৱ হ’ল৷ বেৱড়া চৰিত্ৰটো দেখাত অধ্যাপক এজনৰ বয়সৰ দৰে দেখোৱা হ’ল৷ লগতে অতীতৰ দৃশ্যসমূহত অভিনয় কৰা সকলোকে স্বাভাৱিকতেই বৰ্তমানত বয়সীয়ালৰূপে দেখওৱা হৈছে৷ প্ৰস্থেথেটিক আৰু মেকআপৰ সহায়ত আটাইকেইজনকে বয়সীয়াল কৰি দিয়া হৈছে যদিও তেওঁলোকক মধ্য বয়সীয়াৰ চৰিত্ৰত বিশ্বাসযোগ্য যেন নালাগিল৷ উদাহৰণস্বৰূপে মায়াৰূপী শ্ৰদ্ধা কাপুৰক কোনোপধ্যেই এটি ওঁঠৰ-উনৈশ বছৰীয়া ল’ৰাৰ মাক যেন নেলাগিল৷ এনেকুৱা লাগিল যেন কলেজত পঢ়া ফ্ৰক, জিন্স পিন্ধা ছোৱালীজনীয়ে নিজক বয়সীয়াল দেখুৱাবলৈ দীঘল হাতৰ ব্লাউজসহ কটনৰ পাৰী দিয়া শাৰী পিন্ধি আগৰ চুটি চুলিখিনি বৰ্তমানত খোপা বান্ধি লৈছে৷ সেইদৰে অন্নি ৰূপী সুশান্ত সিং ৰাজপুতক কলেজীয়া ল’ৰাৰ অভিনয়ত বিশ্বাসযোগ্য লাগিলেও আদহীয়া পুৰুষৰ গেটআপত সেই ভাৱটো নাহিল৷ সেইদৰে চেক্সাৰ তপামূৰৰ প্ৰস্থেটিকখিনি চকুত পৰাকৈয়ে বিসদৃশ লাগিছিল৷
যিনহওক, ছবিখনৰ সংগীত, আৱহ সংগীত, তথা চিনেমাটোগ্ৰাফী এই সকলোৰে ক্ষেত্ৰত এক সমন্বয়ৰ সেতু বনাবলৈ পৰিচালক সক্ষম হৈছে৷ প্ৰীতমৰ সংগীত আৰু সমীৰ উদ্দীনৰ আৱহসংগীতে কাহিনীটোত খুব সুন্দৰকৈ খাপ খাই পৰিছে৷ ছবিখনৰ শেষত “ফিকৰ নট” গীতটি সাধাৰণতে কমাৰ্চিয়েল চিনেমাৰ শেষত দেখুওৱা হাই ভলটেজৰ গীতৰ দৃশ্যাংশতকৈ পৃথক হোৱাত যথেষ্ট সতেজ লগা হৈছে৷ লগতে অতীত আৰু বৰ্তমানৰ চৰিত্ৰসমূহৰ দ্বৈত প্ৰকাশে নৃত্য নিৰ্দেশনাক আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷
উল্লেখযোগ্য যে ২০১৯ ৰ চেপ্টেম্বৰত মুক্তি লাভ কৰা তথা ইতিমধ্যেই ব্লকব্লাষ্টাৰ ৰূপে অভিহীত ছবিখনে এতিয়ালৈকে ২১৫ কোটি টকাৰ ব্যৱসায় কৰিছে৷
উল্লেখযোগ্য যে ছবিখনৰ শেষত দিয়া সুন্দৰ বাৰ্তাটোও ছবিখনৰ সফলতাৰ অন্যতম কাৰক৷ কাৰণ জীৱনৰ যুঁজবোৰত জয়ী হোৱাৰ বিপৰীতে সেই যুঁজবোৰত সাহসেৰে ভাগ ল’ব পৰাটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা৷ কাহিনীটোৰ শেষত লুজাৰৰ দলটো পৰাজিত হয় যদিও দলটোৱে নিজৰ অভিনয়েৰে দৰ্শকক মনোমুগ্ধ কৰি “চিচৌড়ে” চিনেমাখনকে বক্স অফিচৰ দৌৰত জয়ী কৰি তুলিছে৷
এক আকৰ্ষণীয় চিত্ৰনাট্য, ধেমেলীয়া সংলাপ, পাঞ্চলাইন আৰু ব্যংগ কথা-বতৰাৰে “লুজাৰ” অৰ্থাৎ হাৰি হাৰি যোৱা এচাম কলেজীয়া ডেকাৰ কাহিনীৰে পৰিপূৰ্ণ “চিচৌড়ে” চিনেমাখনে এনেদৰেই দৰ্শকৰ হৃদয়ত স্থান লাভ কৰি প্ৰকৃতাৰ্থতেই জয়ী হ’বলৈ সক্ষম হৈছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক