চিটিবাছৰ অলেখ কাহিনী -( কৌশিক বৰা)

চিটিবাছৰ অলেখ কাহিনী
-( কৌশিক বৰা)

দৃশ্যপট ১:-
কাহিলীপাৰা, কাহিলীপাৰা……
বাছআস্থানটোত বহুসময় ৰোৱাৰ পাছত কাহিলীপাৰাৰ বাছখন আহি পাইছিলহি। বাছখনত পাতলীয়া ভিৰ। পিছৰখন গাড়ী অহালৈ অপেক্ষা নকৰি সেইখনতে জঁপিয়াই উঠি আগফালৰ খালী থকা অলপ অংশকে দখল কৰিলো। মোৰ পিছে পিছে বাছখনত এহাল বৃদ্ধ-বৃদ্ধাৰো প্ৰৱেশ ঘটিল। এহাল যুৱক-যুৱতী কথাত মচগুল হৈ বহি থকা ছীটটোৰ ওচৰতে গৈ বৃদ্ধ ৰ’লগৈ। বৃদ্ধাক দেখিলেই অনুভৱ হয় যেন ভিৰ থকা গাড়ীখনত থিয় হৈ ৰ’বলৈ তেওঁৰ বৰ কষ্ট হৈছে। কথাত মচগুল হৈ বহি যোৱা সেই যুৱক-যুৱতীদ্বয়ে অধিকাৰ কৰি যোৱা ছীটটোৰ ওপৰলৈ এইবাৰ মোৰ চকু গ’ল। ডাঙৰকৈ ৰঙা আখৰেৰে জিলিকি আছিল- “জ্যেষ্ঠ নাগৰিকৰ বাবে এই আসন সংৰক্ষিত”।

দৃশ্যপট ২:-
চিটিবাছখনৰ একেবাৰে শেষৰ ছীটত বহি বন্ধুৰ লগত গণেশগুৰি অভিমুখে গৈ আছো। সময় ঠিক ৯ বাজি ৩০ মিনিট। এনে সময়ত প্ৰায় সকলোবোৰ বাছতে যথেষ্ট ভিৰ হয়। বাছখনে প্ৰায় গণেশগুৰি বাছআস্থান নাপাওঁতেই আগৰফালে এক মৃদু কোলাহল শুনা গ’ল। অলপ দেৰিৰ পিছতে গম পালো যে কণ্ডাক্টৰ আৰু এজন বয়োজ্যেষ্ঠ লোকৰ মাজত ভাড়াক কেন্দ্ৰ কৰি কাজিয়াৰ উদ্ভৱ হৈছে। এনেকুৱা পৰিস্থিতিত বাছখনৰ বাকী যাত্ৰীসকলৰ কৰিবলৈ বিশেষ একো নাথাকে। ভিৰৰ মাজে মাজে বাছখনৰ বাকী যাত্ৰীবোৰৰ মুখলৈ চকু ফুৰালো। কাজিয়াখন উপভোগ কৰি থকা সকলো যাত্ৰীৰে মুখত এটা মৃদু হাঁহি পৰিলক্ষিত হ’ল।

অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীৰ সমস্যাৰ কোনো সীমা নাই। মন্দিৰৰ সন্মুখৰ ভিক্ষাৰীজনকে আদি কৰি উচ্চস্থানত উপৱিষ্ট আমোলা-বিষয়া সকলোকে দৈনন্দিন জীয়াতু ভোগাই আহিছে মহানগৰত গা কৰি উঠা অলেখ সমস্যাই। নলা-নৰ্দমাৰ অসহ্যকৰ দুৰ্গন্ধ, কৃত্ৰিম বানপানী, জনসংখ্যা বৃদ্ধিৰ সমস্যা আদি অজস্ৰ সমস্যাই যেন উত্তৰ-পূবৰ দুৱাৰমুখখনৰ চিনাকি।

মহানগৰীৰ এনে এশ এবুৰি সমস্যাৰ পৃথিৱীখনত চিটিবাছৰ ভূমিকা লেখত ল’বলগীয়া । উপৰোক্ত দুটি দৃশ্যপট তাৰ জ্বলন্ত উদাহৰন। ৰাতিপুৱা ৯-৩০ বজাৰ পৰা ১০ বজাৰ মাজৰ সময়খিনিত বাছষ্টপবোৰত আশাৰ চিটিবাছখনলৈ অপেক্ষা কৰি থকা অগণন মহানগৰবাসীৰ বাবে চিটিবাছৰ সমস্যাবোৰ একেবাৰে চিনাকি। ভাড়াৰ বাবে কণ্ডাক্টৰ আৰু যাত্ৰীৰ মাজত লগা কাজিয়াখন যেন মহানগৰীৰ চিটিবাছৰ অন্তৰ্ভাগৰ দৈনন্দিন ঘটনা। যোৱা ২৭-০৯-১০ত অসম চৰকাৰৰ বিজ্ঞপ্তি নং TMV 195/2010/140 অনুসৰি চিটিবাছৰ ন্যুনতম ভাড়া ৩.৫০ টকা কৰা হয়। কিন্তু ৫০ পইছাৰ লেনদেনৰ বাবে গুৱাহাটী মহানগৰত ইয়াৰ বহুল প্ৰচলন নাই। তেনেস্থলত কণ্ডাক্টৰে ৩.৫০ টকাৰ সলনি ৪ টকা ল’লেই গুজৰি গুমৰি উঠে একাংশ যাত্ৰী। এফালে নিয়ম মানি চলা বাছযাত্ৰীৰ আকোৰগোঁজ আৰু আনহাতে কণ্ডাক্টৰৰ গুৱালগালি। ভাড়াকেন্দ্ৰিক চিটিবাছৰ কাহিনী কেৱল এইয়াই নহয়। ৰাতিপুৱা নৌহওঁতেই খানাপাৰাৰ পৰা পল্টনবজাৰলৈ চলা চিটিবাছৰ যাত্ৰীসকল মুখামুখি হয় অন্য এক ভাড়াসংকটৰ। ৰাতিপুৱাবলৈ নৌপাওঁতেই লখিমপুৰ, শিৱসাগৰ আদিৰ নৈশবাছবোৰৰ পৰা নমা যাত্ৰীসকলেই এনে সময়ত খানাপাৰাত ৰৈ থকা চিটিবাছবোৰৰ বিশেষ লক্ষ্য । আচৰিত হ’লেও সত্য যে এনে সময়ত খানাপাৰাৰ পৰা পল্টনবজাৰ অভিমুখী যাত্ৰীসকলে গতানুগতিক বাছভাড়া ৩.৫০ৰ সলনি ভৰিব লগা হয় ২০ টকাকৈ। অৱশ্যে ৰাতিৰ সময়ত ৫০% অতিৰিক্ত ভাড়া সংগ্ৰ্হ কৰিব পাৰিব বুলি ২০১০ চনত এক নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া হৈছিল যদিও এই নিয়মৰ সম্পূৰ্ণ সুযোগ অন্যায়ভাৱে গ্ৰহণ কৰি আহিছে বাছ পৰিচালকে।

চিটিবাছৰ কাহিনী অনেক। সঁচাই, নিয়ম উলংঘনৰ দৌৰত হয়তো চিটিবাছে বহুদূৰ পাইছেগৈ। ভাড়া সংকটৰ পিছতে যাত্ৰী অতিষ্ঠ হয় অন্য এক কাৰনত। কামৰূপ জিলা পৰিবহন প্ৰাধিকৰনে ২০১০ চনৰ ২৬ জুলাইত মহানগৰীত চলাচল কৰা চিটিবাছসমূহৰ ক্ষেত্ৰত প্ৰতিটো বাছষ্টপত সৰ্বাধিক ১ মিনিটকৈ ৰখোৱাৰ নীতি নিৰ্ধাৰন কৰি দি্ছিল। কিন্তু পৰিবহন বিভাগৰ নীতিক বুঢ়াআঙুলি দেখুৱাই গণেশমন্দিৰ, গণেশগুৰি, চানমাৰী, মালিগাঁও আদি বাছষ্টপত ৫মিনিট পৰ্যন্ত বাছ ৰখাই থয় বাছচালকে। ফলত যাত্ৰীসকলৰ সময়ৰ অপচয়ৰ লগতে অশান্তিত ভোগাও পৰিলক্ষিত হয়। উল্লেখযোগ্য যে এনেবোৰ বাছষ্টপত থকা ট্ৰেফিক পুলিচক ১০টকীয়া নোট এটা দিলেই অনিৰ্দিষ্ট সময়লৈ বাছ ৰখাই থোৱাৰ অনুমতি পায় বাছ চালকে। সস্তীয়া ঘোচ আৰু চিটিবাছৰ সম্পৰ্কৰ ছবিখন ইয়াতেই সীমাবদ্ধ নহয়। কোনো কোনো সময়ত কাহিলীপাৰা অভিমুখী চিটিবাছবোৰক গণেশগুৰি অভাৰব্ৰীজৰ তলেদি পাৰ হোৱাৰ নিষেধাজ্ঞা আৰোপ কৰি চুপাৰ মাৰ্কেট হৈ ঘুৰি অহাৰ আদেশ দিয়া হয়। কিন্তু এনে সময়তো ট্ৰেফিক পুলিচৰ হাতত দহটকীয়া নোট এটি গুজি দি বাছচালকে নিয়ম উলংঘাৰ অনুমতি আদায় কৰা পৰিলক্ষিত হয়।

চিটিবাছসমূহৰ কিছুমান নিয়ম যেন কেৱল নিয়মমাফিক প্ৰদৰ্শনীৰ বাবেহে। গুৱাহাটীৰ চিটিবাছৰ নিয়ম অনুসৰি সোঁফালৰ প্ৰথম আসনদ্বয় বিকলাংগ শ্ৰেণীৰ লোকৰ বাবে আৰু দ্বিতীয় আসনদ্বয় জ্যেষ্ঠ নাগৰিকৰ বাবে সংৰক্ষিত থাকে। কিন্তু ইয়াৰ এটাও নিয়ম সঠিকভাৱে পালন কৰা দেখা নাযায় চিটিবাছৰ অন্তৰ্ভাগত। সাধাৰনতে বিকলাংগ শ্ৰেণীৰ লোক চিটিবাছত প্ৰবেশ নকৰাৰ পৰিপ্ৰেক্ষিতত বিকলাংগৰ বাবে ৰখা আসনত সাধাৰন লোক বহি যাত্ৰা কৰা আপত্তিজনক যেন দেখা নাযায়। কিন্তু প্ৰায়েই চিটিবাছসমূহৰ জ্যেষ্ঠ নাগৰিকৰ বাবে সংৰক্ষিত আসনদ্বয়ত যুৱক-যুৱতী বা স্কুলীয়া ছাত্ৰ-ছাত্ৰী বহি যোৱা পৰিলক্ষিত হয়। বাছ কণ্ডাক্টৰে্ও এইক্ষেত্ৰত সেই সময়ত নিৰৱ ভূমিকা পালন কৰে। আনহাতে প্ৰায়কেইখন চিটিবাছৰ পিছফালৰ দুৱাৰৰ ওচৰত (বাহিৰফালে) “in” অথবা “প্ৰবেশ” বুলি আৰূ আগফালৰ দুৱাৰৰ ওচৰত “out” অথবা “প্ৰস্থান” বুলি লিখা কথাষাৰো চিটিবাছৰ নিয়মমাফিক প্ৰদৰ্শনীৰ বাবেহে, কাৰণ নিয়ম মানি চলি কেৱল মাথো পিছফালৰ দুৱাৰখনেৰেহে চিটিবাছত প্ৰবেশ বা কেৱল মাথো আগফালৰ দুৱাৰখনেৰেহে প্ৰস্থান নকৰে কোনো জনসাধাৰনে। তাৰ পৰিৱৰ্তে, বিশেষকৈ গৰমৰ দিনত কিছুমান পুৰুষৰ বাবে দুৱাৰমুখত ভৰ দি বাছযাত্ৰা কৰাৰ চখ বহুদিনীয়া। উল্লেখযোগ্য যে JNNURM(Jawaharlal Nehru National Urban Renewable Mission)ৰ অধীনত গুৱাহাটীত চলা চিটিবাছসমূহৰ নিয়ম অনুসৰি- যাত্ৰী বাছত উঠা শেষ হোৱাৰ পিছত স্বয়ংক্ৰিয়ভাৱে দুৱাৰ বন্ধ হয় আৰু তাৰ পিছতহে বাছ চলিবলৈ আৰম্ভ কৰে। কিন্তু এনে হোৱাতো দূৰৰ কথা, এনেবোৰ চিটিবাছতো যাত্ৰী ওলমি যোৱা পৰিলক্ষিত হয়।

উপৰোক্ত কাহিনীবোৰৰ উপৰিও চিটিবাছৰ কণ্ডাক্টৰে নিৰ্দিষ্ট বাধ্যতামূলক সাজপাৰ পৰিধান নকৰা, যাত্ৰীক ভাড়াৰ বিনিময়ত টিকট নিদিয়া আদি – চিটিবাছৰ ভিতৰে বাহিৰে সৰু-বৰ অলেখ কাহিনীৰ তিতা মিঠা সোঁৱাদ পোৱা যায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে এনে কাহিনীবোৰ কেৱল কাহিনী হৈয়েই থাকি যায়। কাহিনীয়ে কেতিয়াবা মাথো ছপা আখৰৰ ৰূপ লয়, কেতিয়াবা সাধাৰণ ৰাইজক দিয়ে ক্ষীণ হাঁহিৰ সমল। কেৱল মাথো গোটচেৰেক লোকৰ মন আৰু মগজুত বন্দী চিটিবাছৰ এনে কাহিনীবোৰৰ এটি তাৎপৰ্যপূৰ্ণ বিশ্লেষন কৰি নিয়ম উলংঘাৰ পৰিমাণ হ্ৰাস কৰাৰ সময় এতিয়াও পাৰ হোৱা নাই। এটা কথা ঠিক যে – যিখন ৰাজ্যৰ স্বয়ং আৰক্ষী বিভাগৰ লোকেই অন্যায়ৰ কাহিনীবোৰৰ এটি মূল চৰিত্ৰ হৈ ধৰা দিয়ে, সেইখন ৰাজ্যত সঠিক নিয়মৰ সঠিক ৰূপায়নৰ আশা কৰাই যেন পাপ। তথাপিও আমি আশাবাদী। গুৱাহাটী মহানগৰীৰ চিটিবাছৰ অলেখ কাহিনীবোৰৰ মাজত এদিন এনে এক কাহিনী সৃষ্টি হ’ব য’ত জিলিকিব সঠিক নিয়মৰ সঠিক ৰূপায়নৰ অলেখ ছবি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক