চিঠি (কনচেং বৰগোহাঁই)

(বিচিত্ৰ জগত, বিচিত্ৰ মানুহৰ মন। পৃথিৱীত কোনেও কাকো বুজিও নাপায় আৰু বুজি পাবলৈ চেষ্টা নকৰে, কেৱল মন বোলা বস্তুটোৰ বাবেই। কোনো কোনোৱে ক’ব খোজে-এই বিচিত্ৰ মন যেতিয়া বিবেকৰ দ্বাৰা পৰিচালিত হয়, তেতিয়া মানুহৰ পৰিচয় মানুহ হৈ থাকে। আমি কিমানে বিবেকৰ দ্বাৰা চালিত হওঁ সেয়া চিন্তনীয় বিষয়।)

 

চিঠি

 

কনচেং বৰগোহাঁই

পূজনীয়া নবৌ,

 

কেতিয়াবা কোনো কথা বা বাক্য আওৰালে মনত প্রশান্তি জাগে। তেনে কিমান জ্ঞানীজনৰ মূল্যৱান কথা অ’ত-ত’ত সিঁচৰতি হৈ আছে সকলোবোৰ বোটলা সামর্থ কাৰোৱেই নাই । কিন্তু আচৰিত কথা কি জানে-সেই বাক্যবোৰত শাৰী পাতি থকা শব্দবোৰ আমি অনবৰতে ব্যৱহাৰ কৰি থাকো অথচ কোনোদিনে জুকিয়াই বাক্য সাজিবলৈ চেষ্টা নকৰো । এয়াই হ’ল আমাৰ আৰু মহান ব্যক্তিৰ মাজত পার্থক্য… There is a slight difference between man of genius and ordinary man (Voltaire)। মানুহ মানুহেই। সাধাৰণ মানুহ আৰু জ্ঞানীসকলৰ পার্থক্য এয়ে যে- জ্ঞানীসকল কঠোৰ পৰিশ্রমী, চিন্তাশীল আৰু সংযমী। উদাহৰণস্বৰূপে বিখ্যাত বেহেলা বাদক গিয়াৰদিনি কথা ক’ব পাৰো। এবাৰ এজন ছাত্ৰই গিয়াৰদিনি সুধিছিল-এই বেহেলা শিকিবৰ বাবে কিমান সময় আৰু পৰিশ্রমৰ প্রয়োজন। উত্তৰত তেওঁ কৈছিল-Twelve hours a day for twenty years together। এবাৰ ভাবি চাওকচোন। গতিকে এতিয়া সেই মহান ব্যক্তিৰ কথা কোৱাৰ ধৃষ্টতা মোৰ নাই । সাধাৰণ মানুহৰ কথাকে দেখোন মোৰ কৈ অন্ত নপৰে ।

বিচিত্ৰ জগত, বিচিত্ৰ মানুহৰ মন। পৃথিৱীত কোনেও কাকো বুজিও নাপায় আৰু বুজি পাবলৈ চেষ্টা নকৰে, কেৱল মন বোলা বস্তুটোৰ বাবেই। কোনো কোনোৱে ক’ব খোজে-এই বিচিত্ৰ মন যেতিয়া বিবেকৰ দ্বাৰা পৰিচালিত হয়, তেতিয়া মানুহৰ পৰিচয় মানুহ হৈ থাকে। আমি কিমানে বিবেকৰ দ্বাৰা চালিত হওঁ সেয়া চিন্তনীয় বিষয়।

সৰু ঘটনা এটা কওঁ- কেইবছৰমান আগতে উচ্চতৰ মাধ্যমিক বিদ্যালয় এখনলৈ এজন শিক্ষক বন্ধুক বিচাৰি মই অন্য এজনৰ লগত যাব লগা হৈছিল । তেওঁক বিচাৰি প্রিন্সিপালৰ কোঠাত দস্তৰমত অনুমতিসাপেক্ষে প্রৱেশ কৰি বন্ধুৰ বিষয়ে জানিব বিচাৰিলো । তেওঁ শিক্ষক বন্ধুৱে পাঠদান কৰি থকা বুলি আমাক জনালে। কিন্তু শিষ্টাচাৰ শব্দটোক উপলুঙা কৰি তেওঁ আমাক এবাৰো বহিবলে নক’লে। বাধ্য হৈ আমি কোঠাৰ বাহিৰত অপেক্ষা কৰিলো। এতিয়া এটা বৈপৰীত্য চাওক। আন এদিনৰ ঘটনা—পুৱাই যাব লগা হ’ল অলপ দুৰণিবটীয়া ঠাইলৈ। স্কুটাৰখন ষ্টাৰ্ট দিবলৈ গৈ দেখো চকাত ‘হাৱা’ অলপ কম আছে। তেনেকৈয়ে ওলাই গলোঁ । বাটত টায়াৰ মেৰামতি দোকান এখন দেখি ৰখালোঁ । দোকানীজন বিহাৰী। টায়াৰ মেৰামতি কৰা সৰু দোকানখনেৰে তেওঁ পৰিয়াল পোহপাল দি আছে। তেওঁক চকাত হাৱা দিবলৈ ক’লো। মোক তেওঁ  ক্ষন্তেক বহিবলে কলে। সময়ৰ নাটনিৰ বাবে মই বহিবলৈ অমান্তি হোৱাত তেওঁ ক’লে—পুৱাই ক’বলে ভাল নালাগে, কালিৰে পৰা ‘লাইন’ নাই। অলপ আগতে আহিছে। সেয়ে অলপ সময় লাগিব, পাম্পটোত প্রেছাৰ নাই । পাম্প অলপ সময় চলোৱাৰ পাচতহে চকাত হাৱা দিব পৰা যাব। এতিয়া অলপ ভাবি চাওক, প্রকৃততে কোনজন লোক শিক্ষিত—তথাকথিত  শিক্ষিত প্রিন্সিপালজন নে অশিক্ষিত বুলি ভবা দোকানীজন? এনে তথাকথিত  শিক্ষিত ভদ্ৰলোকে ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিব? আমাৰেই দোষ, সাধাৰণতে সৰু সৰু ঠাইবোৰত এনে লোককে উচ্চ আসন দিয়া হয় । ফলত তেওঁলোকে নিজকে বৰ ডাঙৰ মানুহ বুলি ভাবি থাকে গপতে গংগাটোপ হৈ

থাকে।

কথাৰ অন্ত নাই । পাচলৈ থলো ।

 

আজিলৈ সামৰিছোঁ । ভাল বেয়া জনাব । মাইনা, বাবৰক মোৰ মৰম দিব।

 

ইতি

মাইনা-বাবৰৰ

চেং খুড়া

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক