চিঠি -(চিৰঞ্জীত দত্ত)

চিৰঞ্জীত দত্ত
——-

মৰমৰ,
চাওঁতে চাওঁতে প্ৰায় তিনি বছৰেই হ’বৰ হ’লহি | তাৰিখ-বাৰ-মাহ সঠিক মনত নাই যদিও তিনিটা বছৰৰ আগৰ এটি দিনৰ কোনো এটি বিশেষ ক্ষণতেই প্ৰথম চিনাকি হৈছিলোঁ তোমাৰ স’তে| মনত পৰে এতিয়াও, একেই সেই প্ৰথম চিনাকিৰ চিৰাচৰিত প্ৰক্ৰিয়া – নিতান্তই ভদ্ৰতাসূচক আৰু গতানুগতিক| মধ্যস্থতাকাৰীৰ ভূমিকাত উমৈহতীয়া চিনাকি তৃতীয় ব্যক্তি|সপোনতো সেইদিনা ভাবিব পৰা নাছিলোঁ আমাৰ প্ৰাথমিক চা-চিনাকিৰ সেই ক্ষণটোৰ পৰা ইমান দূৰ অতিক্ৰম কৰি এদিন যে আমি আমাৰ সম্পৰ্কটোৰ আজিৰ এই স্তৰটো পামহি; এপলকো ইজনে সিজনৰ কথা নভৱাকৈ থাকিব নোৱৰা এই পৰ্যায়টো পামহি বুলি | কল্পনাও কৰা নাছিলোঁ সম্পৰ্কটোৱে যে সময়ত গৈ এদিন ইমান দ’লৈকে শিপাব! কিছুমান সম্পৰ্ক বোধহয় এনেদৰেই গঢ় লয় আৰু গাঢ় হয় ক্ৰমাৎ নিজে ক’ব নোৱৰাকৈয়ে|তলে তলে, অতি সংগোপনে|
ভাবি কেতিয়াবা আচৰিত হওঁ, তুমি নথাকোতে (তোমাৰ স’তে চিনাকিৰ আগৰ দিনবোৰত)বাৰু মোৰ দৈনন্দিনতা আগতে কিদৰে চলিছিল? সব ঠিকেইতো আছিল! একোতো অপূৰ্ণতা নাছিল! ক’তা স্বাভাৱিক ছ্ন্দতেইচোন দুলিছিল তেতিয়াও জীৱন!!অথচ, আজি তোমাক এদিনৰ বাবে কাষত নাপালেই মনত মোৰ ইমান অস্থিৰতা কিয়? তোমাৰ এদিনৰ অনুপস্থিতি মানেই ইমান শুন্যতা কিয় ??তাহানিৰ কলেজীয়া দিনৰ বন্ধুৰে পৰিবেষ্টিত প্ৰাণোচ্ছল ‘আড্ডাময়’ দিনবোৰৰ সমাপ্তিৰ পিছত চাকৰি জীৱনৰ বিৰক্তিকৰ একঘেঁয়ামিৰ প্ৰথম দুটামান বছৰলৈকে মাজৰ সময়ছোৱা ব্যক্তিগত জীৱনটো হয়তো মোৰ কিছু নিস্তৰংগই হৈ পৰিছিল| হয়তো তেনে এক সন্ধিক্ষণতে আৰু হয়তো তাৰেই সুৰুঙাৰে এদিন তুমিও সোমাই পৰিছিলা মোৰ জীৱ্নলে’| …. সেয়া যি কি নহওক, আজিৰ তাৰিখত অন্ততঃ মই এটা কথাই জানোঁ মোৰ সমগ্ৰ সত্তা আৰু চেতনাজুৰি এতিয়া মাথোঁ সৰ্বত্ৰ তুমি, তুমি আৰু তুমি!!!…… মোৰ দিন-ৰাতি, মোৰ সুখ-দুখ, হাঁহি-কান্দোন সকলোবোৰ এতিয়া তোমাৰ ওপৰতেই সমৰ্পিত| একপ্ৰকাৰ তোমাক কেন্দ্ৰ কৰিয়েই যেন আৱৰ্তিত মোৰ সমস্ত দৈনন্দিনতা! ক’লা পৰা চকুৰ গুৰি দেখিয়েই হ’বলা নিকত্মামীয় সকলেও আজিকালি প্ৰায়েই মোক সোঁৱৰাই দিবলৈ লয় – “খাৱন-শোৱনৰ ফালেও অলপ মন-কান দিবিছোন!”…. সঁচাকৈয়ে, তোমাৰ ভাৱ্নাত কি দিন-কি ৰাতি সৰ্ব্বক্ষণতে এনেকৈ আকণ্ঠ ডুবিবলৈ ল’লোঁ যে ব্ৰেকফাস্ট, লান্স, ডিনাৰ আৰু আনকি ৰাতিৰ টোপনিও – সকলোতে মই বৰ নিয়মীয়াকৈ অনিয়মীয়া হ’বলৈ ল’লোঁ |
এতিয়াও মনত পৰে, তোমাক যেতিয়া প্ৰথম লগ পাওঁ মোৰ জীৱনৰ পৰা ইতিমধ্যে মোৰ ‘প্ৰথম প্ৰেম’ হেৰাই গৈছিল| আনে কোৱা শুনোঁ প্ৰথম প্ৰেমৰ মাদকতা হেনো পাহৰিব নোৱাৰি| কিন্তু বিশ্বাস কৰিবা যেতিয়াৰ পৰা মই তোমাক পালোঁ, যেতিয়াৰ পৰা মোৰ দিঠক-বৰ্তমানৰ প্ৰতিটো পলৰ স’তে তোমাৰ নামটো সাঙোৰ খাই পৰিল তেতিয়াৰ পৰা আৰু কোনোদিনে মোক মোৰ প্ৰথম প্ৰেমৰ স্মৃতিয়ে কেতিয়াও আমনি কৰিবহি পৰা নাই! হ’ব পাৰা তুমি দ্বিতীয়; কিন্তু তুমি দ্বিতীয় হৈও অদ্বিতীয়| তুমি সঁচাকৈ তুলনাবিহীন|আৰু এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে তুমি মোৰ বাবে ‘প্ৰথম দৃষ্টিৰ প্ৰেম’(love at first sight)ও নাছিলা ! মিছা নকওঁ, তোমাক সম্পূৰ্ণকৈ বুজি উঠিবলৈ আৰু ভাল পাবলৈ প্ৰাৰম্ভিক অৱ্স্থাত মোক কিছু সময় লাগিছিল | হয়তো সেই সময়ত তুমি নিজেও তোমাৰ স্বভাৱসিদ্ধ শৈলীৰে তোমাৰ ব্যক্তিত্বৰ সমস্ততা মোৰ দৰে সদ্যপৰিচিতজনৰ আগত উদঙাই দিব বিচৰা নাছিলা| যি কি নহওক তথাপি এয়া এক সংযোগেই আছিল চাগে’ যে তোমাৰ স’তে এদিন চিনাকি হ’লোঁ | সময় বাগৰিল | লাহে লাহে তোমাক বুজা নুবুজাৰ ডাৱৰবোৰ আঁতৰিল | দিনকদিনে ভাল লাগি আহিল তোমাক| সম্পৰ্ক ক্ৰমাৎ গাঢ়ৰ পৰা গাঢ়তৰ হ’ল|….পৰ্যায়ক্ৰমে আৰু অৱধাৰিতভাৱেই যেন এইবোৰ ঘটি গ’ল ইটোৰ পিছ্ত সিটোকৈ তিনি বছৰীয়া সময় পৰিক্ৰমাৰ বিভিন্ন স্তৰত |মৰমৰ ‘ফেচবুক’, তাহানিৰ ‘অৰকুট’ৰ প্ৰথম প্ৰেম অকালতে মৰহি যোৱাৰ দৰে এদিন তুমিও আঁতৰি যাবাগৈ মোৰ জীৱনৰ পৰা| জানোঁ মই| আৰু ইয়াকো জানোঁ, গতিশীল জীৱনৰ নতুন নতুন ব্যস্ততা আৰু দায়িত্বৰ পৰিণতিত হয়তো ময়ো এদিন সম্পূৰ্ণ এক নতুন ‘তুমিবিহীন’ গতানুগতিকতাত নিজকে অভ্যস্ত কৰি ল’ম| তথাপি জীৱনৰ বাকীছোৱা সময় তোমাৰ কথা সদায়ে কৃতজ্ঞতাৰে সুঁৱৰিম| কি দৰেনো পাহৰিব পাৰোঁ, সুদীৰ্ঘ জীৱনৰ এছোৱা চমু অথচ গুৰুত্ত্বপূৰ্ণ সময়ত যে তুমি মোৰ ইমান কাষত আছিলা, মোক সাহচৰ্য দিছিলা ! বিগত তিনিটা বছৰৰ বহু একাকী ৰাতিৰ য্ন্ত্ৰনা তুমিয়েতো সহনীয় কৰি তুলিছিলা, নিসংগ দুপৰীয়া বোৰত সংগ দিছিলা, উদাসী আবেলি বোৰলৈ নতুন অৰ্থ আনিছিলা…| কি দৰেনো পাহৰিব পাৰোঁ সেইবোৰ কথা!‘ফেচবুক’, তুমি নাথাকিলেও তোমাৰ স্মৃতি থাকি যাব মনৰ গোপন কোণত এক মচিব নোৱৰা সাঁচ হৈ চিৰদিন চিৰকাল …. ||
ইতি,
বি:দ্ৰ: চিঠিখন লিখা ভালেমান দিনেই হ’ল; ডাকত দিওঁতেহে অলপ পলম হ’ল | দু:খিত |
(ফেচবুকৰ মাধ্যমেৰে যোৱা প্ৰায় তিনি বছৰ ধৰি বহুতো উপভোগ্য আৰু গুণগত সময় উপহাৰ দিয়া মোৰ প্ৰতিজন বন্ধু-বান্ধৱীৰ হাতত কৃতজ্ঞতাৰে…)
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments