চিঠি (জুৰি গোস্বামী)

শ্ৰী হৰি,
পৰম পূজনীয়া মাহী……
পত্ৰে মোৰ সেৱা ল’বা। আজি বহুত দিন তোমাক দেখা নাই। চাবলৈ মনো গৈ আছে। কিনো কৰিম, জানাই নহয় ‘ৰজাত দৰি,বনত বাস’। তথাপি সোনকালেই যাম।
অলপতে মা আহিছিল। তিনিদিন থাকি গ’লহি। তোমাৰ কথা পাতিলোঁ। তুমি মনটো বেয়া কৰি নাথাকিবা। ভগৱানৰ ওপৰত আমাৰতো হাত নাই…
ৰিনুজনী জীয়াবাৰী হ’ব বুলি কোনেনো ভাবিছিল? সকলো আমাৰ কপাল। তাৰ চাকৰি টো যেনে তেনে ৰিনুক দিয়াব পাৰিলেই হ’ল আৰু। তুমি ৰিনুক আগত কৈ এতিয়া বেছিকৈহে মৰম কৰিবা। ছমহীয়াতে
ৰাইজৰ আগত তামোল-পাণ দি সেৱা লৈ ক’বা নিজৰ ছোৱালী বুলি আমি ৰিনুক আদৰি লৈছোঁ যেতিয়া তাইক মুখৰ আগত লৈ আমি মাছ মাংস কোনোপধ্যেই খাব নোৱাৰোঁ। ৰাইজে অনুমতি দিব লাগে। তোমাৰ এতিয়া সাহসৰ প্ৰয়োজন হ’ব।
বগা সাজ পিন্ধাৰ কথাটো তাইক সপোনটো ভাবিবলৈ নিদিবা….
এটা পৰিৱৰ্তন লাগে। তাইৰ অকনমানি মনটো আমিয়েই যদি বুজি নাপাওঁ কোনে বুজিব কোৱা? শোষণ বহুত দিন সহ্য কৰিলে সৰল মনৰ মহিলাবোৰে…বামুণ মানুহবোৰৰ নিয়মবোৰ অকল মহিলাবোৰেহে মানিব লাগিব বুলি কি কথা আছে। সৰু দাইতিয়ে তিনিবাৰ পানী গ্ৰহণ কৰা কথাটোতেই মোৰ মনত বৰ প্ৰতিবাদী চিন্তাৰ জন্ম হৈছিল। আজি তোমাৰ আগত কথাবোৰ ক’বলৈ পাই মনটো ভাল লাগিল।
সোনকালেই যাম ৰ’বা। মহাক মোৰ সেৱা দিবা। তুমি মহাক সদায় ভালকৈ যত্ন ল’বা, নিজৰো যত্ন ল’বলৈ নাপাহৰিবা।
আজিলৈ তোমালৈ আৰু মহালৈ সেৱাৰে সামৰিলোঁ। তোমাক সকলো কথা ক’ব পাৰোঁ বাবেহে ক’লোঁ। দোষ কৰিলোঁ যদি মাৰ্জনা কৰিবা।
ইতি
তোমাৰ মৰমৰ
মাজনী
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক