চিঠি (ধ্ৰুৱজ্যোতি শৰ্মা)

মৰমৰ হোটোৰী,
মৰম ল’বি। কুণ্ডত কটা পুখুৰীত ত‍ই এটা সুন্দৰ পদুমৰ পাহ। ম‍ই তোক ইনেম ভাল পাউং, ত‍ইহে মোক কেম্বাহেন পাৱ। সিকাৰণে ম‍ই পল্লেনীৰ নাইতেকৰ হাতে লেখা চিঠিকেইখেনৰো ত‍ই উত্তৰ নেদা।
ত‍ই যাৱৰ পৰা ঘৰখন সুদা হৈ গেইছি। বৰেৰপুৱা ময়ে বান্নিতেৰ লৈ চোতাল সাৰু। পাচে জাৱৰহে নাযায়। কাঠি মচিব চাউ…চব টেকোটেকো হৈ যায়। ভাত ৰান্ধি উঠোঁ, খাব হ’লে নোৱাৰোঁ…. পেনপেইনা। দালি ফাটোবাই নৰু, কচুই ডিঙিত ধৰে, জুই ধৰোতেই একপৰমান যাএ….. ইফালে ধোৱাত চকুৰ পানী নাকৰ পানী একাকাৰ হএ। আৰ’ শুনচানা, আমাৰ কাজেলী, ত‍ই যে মাএথেৰ ঘৰৰপৰা যে আনিছিলোঁ, এটা দামৰাৰ চানা ঢেন দিছি। তোলৈ ফেহু ৰাখিছিলোঁ, পাচে দুদিন থকাত সিও মেকা হৈ গেল। দামৰিটু সোনসেইৰা, নেগুৰডালত অলপ বগা, তলপেটত বগা, একেবাৰে মাকৰ নিচনা। দিনৰ দিনটো সি দৌৰি ফুৰে। ত‍ই থাকিলে খুব ভাল পালিহৈ। চোতালৰ ডালিমজোপাত থকা চক্কা চৰেকেটাইও পাকঘৰত বাহ বান্দিছে। ম‍ই হ’লে খেদা নাই। ত‍ই নথকা ঘৰখনত মোৰ দুখ বুজবলৈ তাহুনতো আহিছে। ত‍ই যোৱাৰপৰা ঘৰখন বৰ আজম-নিজম পৰি থাকে ও। পথাৰৰ পৰা আহিও ভাল নালাগে। বহি থাকিব‍ও নোৱাৰোঁ। চাৰিওপিনে লেতেৰা হৈ গৈছে, কএলোৰ পাৰত গোন্ধৰ ধৰি যাব নোৱাৰো, ইমান চাফা কৰিলেও চাফা নহয়। চুৱেনাৰ ওচৰত বৈ এটা কাটিও চাফা কৰিব পৰা নাই। কি কৰু ক’চুন। আৰেহেইতা খনো ফাটচি… চিলোবা চাওতে বেছিকৈহে ফালি থাকিল। ইটা এখেন মুকচাইদি কিংকে চলো ঠিক কৰিব‍ই পৰা নাই। ত‍ই থাকিলে চাগে’ নতুন এখনকে উলিয়াই দিলিহেঁতেন ! মহৰিখনো ফালিল। কিবা কৰি বস্তা এখন ওপৰত দি মহ সোমাব নোৱাৰাকৈ ৰাখিছো। ত‍ই ইমানখিনি দুখ দি কিয় গুছি গেলি অ’ হোটোৰী। ত‍ই বিশ্বাস কৰ, ত‍ই যাৱৰ পাছৰপৰা পানীটোপা ম‍ই মুখত দিয়া নাই। কৈলাশৰ বাহাৰ ফালে মুখে ঘূৰো নাই।
সিদনা ব‍ইনি আইছিল, পোনাটোক লৈ। তাই ক’লাক মোৰ চকুকেটা বুলে গাতাত গৈছে। ম‍ইনো কেনেকৈ জানিম। দেইখে দিবৰ বাবে তয়ো নাই।
সিদনা মাষ্টৰ খুট্টি আহিছিল। মাষ্টৰ খুট্টীক ধৰাত সদায় গৈধলা অলপ অলপকে শিকাই মামৰখিনি গুছে দিছি। সিকাৰণে লেখপা পাৰা হৈছোঁ। পাচে মাষ্টৰ খুট্টী শপত লৈ থৈছে যে মদ খাই তোক আৰু কিত্তেও মাইৰ-ধৰ কৰিব নোৱাৰিম। মাষ্টৰ খুট্টীৰ কাৰণেই তোলৈ আজি লিখিব পৰা হ’লো।
হোটোৰী, খেতিৰ বতৰ আহিল। ত‍ই মাকোথেৰ ঘৰত যাৱৰ আগে আগে মোক ভুঁই ৰুৱাত সেখনি সহায় নকৰিলে মোৰ কিযি অৱস্থা হ’লহৈ নাজানো। এইবাৰো ত‍ই নোহোৱাকৈ খেতিখিনি কেনেকৈ কৰিম ভাৱিব‍ই পৰা নাই। ত‍ই ইমান দিন যি ভেম ধল্লি ধল্লি, ইটা ঘৰলৈ ঘূৰি আহ। চিঠি পালিয়েই ত‍ই আহিবি। নহ’লি অহা একাদশীত শাহুক ল’গি সাঁচি ৰাখা লাউটো লৈ ম‍ই নিজে ওলোম।
ত‍ই নাজান, ম‍ই তোক কিনেম মৰম কৰু। সিকাৰণে ত‍ই মোক কেম্বাহেন পাৱ…..
ইতি,
তোৰ আজ্জেইনা মৰদ
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments