চিঠি ফ্ৰ’ম থুলুক: শান্তনু চাংমাই

“চিঠি ফ্ৰ’ম থুলুক”

শান্তনু চাংমাই

ৰাইজে কিছুদিন আগতে থুলুকৰ মাকে থুলুকলৈ দিয়া চিঠিখন  পঢ়িছিল। এইবাৰ থুলুকে মাকলৈ বুলি লিখা চিঠিখন পঢ়ক। থুলুক তেতিয়া ১৪-১৫ বছৰৰ চেঙেলীয়া এটা।
মোৰ মৰমৰ মা জনী ঐ,
মৰমবোৰ ল’বি। পিতাইলৈ লিখিবলৈ ভয় লাগে কাৰণে তোলৈকে     লিখিছোঁ।

কথাটো অলপ গম্ভীৰেই। ওচৰৰ কলিতা খুড়াৰ কামকৰা ছোৱালী ভেলেঙীৰ লগত এইয়া মই বাছত উঠি পলাই গৈ আছোঁ। ক’লৈ যাওঁ সেইটো নুসুধিবি, নকওঁ – কেনেবাকৈ পিতাইয়ে গম পালে ফুল স্পীডত জীপখন দৌৰাই আহি বাছখন ৰখাই লৈ বাটতে চবৰে আগত ভলুকা বাঁহৰ এচাৰিৰে মোৰ পিঠিত বলধ গৰুক কোবোৱাদি কোবাব। থাকিল, ভেলেঙীৰ কথা- হ’ব পাৰে তাইৰ বহুত বদনাম আছে চুবুৰীৰ কেইবাটাৰ লগতো হলিগলি আছে বুলি, কিন্তু মা ঐ, তাই সেইবোৰ লিলিমাই হে কৰে; আচল ভালপোৱাটো হেনো মোৰ প্ৰতিয়েই আছে। হি হি। আৰু তাইৰ চকু এটা কেঁৰা বা দেখিবলৈ বেয়া বুলি দুখ নকৰিবি, দুখ কৰি লাভ-টো নাই! কাৰণ এতিয়া যে তাই তোৰ বোৱাৰী হ’লহি! দেখিবলে ভাল নহ’লেও তাইৰ মনটো খুব ভাল, চবকে তাই সমানে ভাল পায়- চবৰে চিঠিৰ উত্তৰ দিয়ে, চবৰে এচ.এম.এচৰ ৰিপ্লাই দিয়ে, চবৰে ফোন তোলে, ভালকৈ লগ ধৰিলে চবৰে লগতে চান্স চাই ইলোৰা হলত চিনেমা চাবলৈকো যায়। ইমান মৰমিয়াল ছোৱালীজনীক চেহেৰাৰ ৰূপেৰে জুখিলে হ’ব জানো তয়েই ক’চোন?

এনেকৈ পলাই যাবলৈ মন নাছিল বুইছ? বিয়াখন তঁহতৰ সন্মতি মতেই পাতিম বুলি ভাবিছিলোঁ, মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছতে তহঁতক কথাটো কাণ চোৱালো হয়। চাৰিবাৰকৈ মেট্ৰিক দি দি আমনি লাগিছে, কিমান আৰু তঁহতৰ কেটেৰা-জেঙেৰা শুনিম, ভেলেঙীৰ মৌ মিঠা মাত সদায় শুনিবলৈ পালে তঁহতৰ সেইবোৰো বৰদাস্ত কৰিব পাৰিম বাৰু (হি হি)। যি কি নহওক, পলোৱাৰ কথা নাছিলেই, তাই হে পৰহি ক’লে যে তাইৰ পেটত হেনো তোৰ নাতি। নাতি নে নাতিনী, এতিয়ালৈকে কনফাৰ্ম হোৱা নাই ৰ’, চাৰিমাহ হৈছে হে। পিছত চিঠি দি জনাম বাৰু কি হ’লগৈ। সি ডাঙৰ হ’লে এদিন আকৌ উভতি আহিম, তেতিয়া আৰু চাগে পিতাইয়ে মোক দগৰা পিটন নিদিব (হি হি)।
থওঁ দে, চিঠিখন তঁহতি পাৱ মানে আমি ডিব্ৰুগড়, শিৱসাগৰ জিলা পাৰেই হ’ম চাগে।
ভালে থাকিবি দেই।
ইতি তোৰ জীউ
থুলুক

পুনৰ:- বেছিকে টেনচন নল’বি, ওপৰৰ চিঠিখন গোকাট মিছা। নহ’লে তোৰ প্ৰেছাৰ বাঢ়িব। ইমানো ডঙুৱা নহয় তোৰ পুতেৰ যে ইমান আনস্মাৰ্ট কাম এটা কৰি বংশৰ নাম ডুবাব। দীঘলকৈ উশাহ ল’চোন, অলপ মিচিকিয়াই হাঁহি পেলা। অঘটনটো যে নঘটিল, তাৰ বাবে ঈশ্বৰক ধন্যবাদ দে।
আচল কথাটো হ’ল, আজি মেট্ৰিকৰ ৰিজাল্ট যে আনিবলৈ গৈছিলোঁ, চিঠিখন পঢ়ি পাহৰিলিয়েই চাগে? এইবাৰো তোৰ পুতেক সৰকিব নোৱাৰিলে। দুখ নকৰিবি, গাওঁবুঢ়াৰ পিতেক মলক আৰু সেই যে কেণপাই, সিঁহত দুটাও মোৰ লগতে লাগি ধৰিলে। তঁহতে পিটিবি বুলিয়েই এই চিঠিখনৰ তিনি কপি কৰি আমি নিজৰ নিজৰ ঘৰলৈ পঠাইছিলোঁ। এতিয়া বুজিলি তো, যে মেট্ৰিকত ফেইল কৰাতকৈও ডাঙৰ ডাঙৰ বিপদ ঘটি যাব পাৰে। (হি হি)।
পিতনিখনৰ পিছফালে থকা আঁহতজোপাৰ পিছফালেই আমি তিনিওটা লুকাই আছোঁ। যদি নিবলৈ আহ, আহিবি, কিন্তু চাবি আক’, পিতাইৰ হাতত হালোৱা এচাৰিডাল দেখিলে মইি পিতনিতে জাঁপ দি মৰি যাম। যোৱাবাৰৰ পিটন খাই মোৰ পিঠিখন দমলা-দমল হৈছিল, এতিয়াও চেৰেং চেৰেং কৈ মনত পৰে সেই পিটন।
আহিবি মা, তোলৈ বাট চাম। হি হি।
তাৰিখ: আজি আবেলি
স্থান: নামঘৰটোৰ পিছফালে থকা পিতনিখন।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক