চিঠি (ভৈৰৱ চাউদাং)

(মোৰ জীৱনৰ বাবে তই আৰু বাকীসকলেও ভগৱানৰ ওচৰত যি প্ৰাৰ্থনা কৰিছিল, সেয়া অথলে গল । মা, সঁচাই যদি ভগৱানে মোক ভাল পালেহেঁতেন, মই লাঞ্চিত হোৱা সময়ত নিশ্চয় মোক ৰক্ষা কৰিলহেঁতেন। মা ভগৱানে সমাজ নগঢ়ে, মানুহেহে গঢ়ে।)

 

চিঠি

 

ভৈৰৱ চাউদাং

 

মৰমৰ মা

মোৰ জন্মৰ ক্ষণত প্ৰসৱ যন্ত্ৰণাত নীলা হৈ পৰাৰ দৰে তুমি চাগে’ আজিও আকৌ দুখত বোবা হৈ পৰিছা । জন্মতে দেখা ৰঙীন পৃথিৱীৰ ৰঙবোৰ সৰুতে চিনিব পৰাই নাছিলো । হাঁহি আৰু বন্ধুত্বই জীৱন বুলি ভাবিছিলোঁ । আৰু সেই হাঁহি আৰু কামেৰে আমাৰ সমাজখন সুন্দৰভাৱে চলিছিল বুলি ভাবিছিলোঁ। কিন্তু এই সুন্দৰতাৰ মাজতো আমাৰ মাজত যে ক’ত পশুৰুপী মানুহ জীয়াই আছে তাক এবাৰো ভাবি পোৱা নাছিলো । কিন্তু ভগৱানৰে একান্ত ইচ্ছা আছিল চাগে’ সেয়ে তেনে পশুৰ হাততে মোক তুলি দিলে ।

মা, মোক লৈ ৰচা তোৰ সপোন আৰু দেউতাৰ আশা আজি নিৰ্বিপিত হ’ল । মোৰ জীৱনৰ বাবে তই আৰু বাকীসকলেও ভগৱানৰ ওচৰত যি প্ৰাৰ্থনা কৰিছিল, সেয়া অথলে গল । মা, সঁচাই যদি ভগৱানে মোক ভাল পালেহেঁতেন, মই লাঞ্চিত হোৱা সময়ত নিশ্চয় মোক ৰক্ষা কৰিলহেঁতেন। মা ভগৱানে সমাজ নগঢ়ে, মানুহেহে গঢ়ে।

মা, তই ভাগি নপৰিবি । দেউতাকো মন মাৰি থাকিবলৈ নিদিবি ।

ইতি
তোৰ মৰমৰ জী
দামিনী

 


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments