চিঠি (মনোহৰ দত্ত)

(আকৌ কোনো ‘দামিনী’য়ে যাতনাৰ সন্মুখীন নহ’ব, তাৰ নিশ্চয়তা ক’ত?
দিনে-নিশাই চিনেমা, টিভি আদিত প্ৰচাৰিত যৌন আবেদনময় পৰিবেশ বন্ধ হ’ব নে ?
ৰাজপথৰ আশে-পাশে দেখা নানান সামগ্ৰীৰ দৃষ্টিকটু বিজ্ঞাপনবোৰ বন্ধ হ’ব নে ? )

 

চিঠি

মনোহৰ দত্ত

 

মৰমৰ পত্ৰবন্ধু,

মৰম ল’বা। আশা কৰোঁ তোমাৰ আৰু তোমাৰ পৰিয়ালৰ সকলোৰে ভাল।
আজি ‘কবিতাৰ দিন’।
তুমি জানা যে আজি অসমৰ এগৰাকী কবি, গীতিকাৰ, সাহিত্যিক তথা মহান অসমীয়া নৱকান্ত বৰুৱা দেৱৰ ওপজা দিন। তেওঁৰ ওপজা দিনত, তেওঁলৈ আন্তৰিক শ্ৰদ্ধা জনাই অসমবাসীয়ে প্ৰতি বছৰে দিনটো উদযাপন কৰে ‘কবিতাৰ দিন’ হিচাপে। সেয়ে নৱকান্ত বৰুৱা দেৱলৈ শ্ৰদ্ধা নিবেদন কৰি আজিৰ দিনটোৰ কিছু অনুভৱৰ বিষয়ে তোমাক জনাবলৈ লৈছোঁ।
ভাবিছিলোঁ আজিৰ দিনটোত কবিতা লিখি ‘কবিতাৰ দিন’ পালন কৰিম। কিন্তু পুৱাৰ ভাগতেই জানিব পাৰিলোঁ যে যোৱা ১৯ ডিচেম্বৰ ২০১২-ৰ নিশা দিল্লীৰ গণ ধৰ্ষণত নিৰ্যাতিত হৈ জীৱনৰ লগত যুঁজি যুঁজি আজি (২৯ ডিচেম্বৰ ২০১২) মৃত্যুবৰণ কৰিছে ‘দামিনী’য়ে। তেওঁৰ মৃত্যুত বুকুখন যেন বিষাদেৰে ভৰি পৰিল। মৃতকলৈ অন্তৰৰ পৰা অশ্ৰু-অঞ্জলি যাচিলোঁ, লগতে শোকসন্তপ্ত পৰিয়ালৰ সদস্যলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
দামিনীৰ মৃত্যু সাধাৰণ মৃত্যু নহয়। এই মৃত্যুৱে একবিংশ শতিকাৰ ভাৰতমূলুকৰ পুৰুষ সম্প্ৰদায়ক বিশ্বৰ সমুখত লজ্জানত কৰিলে। সেই লজ্জা সহি থকাটো বৰ কষ্টকৰ। সকলোৱে বিচাৰিছে অপৰাধীৰ কঠোৰ শাস্তি, মৃত্যুদণ্ড। পিছে চৰকাৰ এতিয়াও নীৰৱ।
ধৰি ল’লো চৰকাৰে মানে ন্যায়ালয়ে দোষীক শাস্তি দিলে মৃত্যুদণ্ড।
তাৰ পিচত কি ?
আকৌ কোনো ‘দামিনী’য়ে যাতনাৰ সন্মুখীন নহ’ব, তাৰ নিশ্চয়তা ক’ত?
দিনে-নিশাই চিনেমা, টিভি আদিত প্ৰচাৰিত যৌন আবেদনময় পৰিবেশ বন্ধ হ’ব নে ?
ৰাজপথৰ আশে-পাশে দেখা নানান সামগ্ৰীৰ দৃষ্টিকটু বিজ্ঞাপনবোৰ বন্ধ হ’ব নে ?
যদি নহয় আকৌ ‘দামিনী’ হ’ব লাগিব কোনোবা নাৰীয়ে। এনেবোৰ চিন্তাই মনৰ জগতখনত তোলপাৰ লগালে গোটেই দিনটো। সেয়ে তোমালৈ মনৰ কথাবোৰ জনাই এই চিঠি লিখিলোঁ। শেষত ‘দামিনী’লৈ অশ্ৰু-অঞ্জলিৰূপে এটি কবিতাৰে এই চিঠি সামৰিম।
দামিনী
ৰাতিৰ গাড়ীত ‘পদুমী’ৰ হাঁহি।
জীৱনৰ স্বপ্নীল বাটত খোজ থৈ
মনৰ ঘৰ পাতিছিল সিহঁতে।
‘জানা, আমাৰো এখন ঘৰ হ’ব
মৰমৰ আপোন ঘৰ।
ঘৰৰ সমুখৰ ফুলনিত ফুলিব
গোলাপ, তগৰ।
ভাগৰুৱা জীৱনে সৰগ ৰচিব
প্ৰিয়তম মজিয়াত…’
পদুমীৰ দৃষ্টি থৰ হৈ ৰ’ল।
নৰ-পিশাচৰ দলে
টানি আঁজুৰি গতিয়াই দিলে
তাইৰ লগৰী, তাইৰ প্ৰেম।
মুহূৰ্ততে অচিনাকি দামিনীয়ে
কাঢ়ি নিলে
পদুমীৰ সপোন।
ৰুগীয়া দেহাৰে জীয়াই থকাৰ
সংকল্প ল’লে তাই।
সময়ে নুশুনিলে পদুমীৰ প্ৰাৰ্থনা
অসাৰ হ’ল যুঁজ দিয়াৰ সাহ।
পদুমী গ’লগৈ
দিল্লীৰ ৰাতিৰ গাড়ীত
আঘাত হুমুনিয়াহ এৰি।
দামিনীয়ে বিচাৰিব আকৌ –
ৰাতিৰ গাড়ীত ‘পদুমী’ৰ হাঁহি।
ইতি
তোমাৰ বন্ধু
মনোহৰ দত্ত
নলবাৰী।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments