চিঠি (মিতালী বৰ্মন)


 
ঈশ্বৰ মংগলময়

দিল্লী বিশ্ববিদ্যালয়, নতুন দিল্লী
৩ মে, ২০১২

মৰমৰ মা,

মৰম লবা। তোমাৰ গা ভালে আছেনে? দেউতা আৰু বাবাৰ ভালনে? মা, তুমি আমাৰ বাবে বৰকৈ চিন্তা কৰি নাথাকিবা। জোন আৰু মই ভালে আছোঁ। জোনৰ এম. বি. এ. চতুর্থ সান্মাষিকৰ পৰীক্ষা শেষ হল। ভালকৈ পঢ়া-শুনা কৰিয়েই সি পৰীক্ষা দিছে। গতিকে ফলাফলো ভাল হব বুলিয়েই আশা কৰিব পাৰি। মোৰো দৈনিক ৰুটিন মাফিক জীৱন চলি আছে মা— বিশ্ববিদ্যালয়, পঢ়া-শুনা, ছাত্র-ছাত্রী, পৰীক্ষা…

মা, দুদিনমানৰে পৰা মনটো ভাল লাগি থকা নাই। আমাৰ বিশ্ববিদ্যালয়তে পঢ়ি থকা ছাত্র এজনে আত্মহত্যা কৰিলে। একেলগে চাৰিজন বন্ধু থকা সত্বেও বাকী তিনিজনে গমেই নাপালে লৰাজনে কিয় আত্মহত্যা কৰিলে! মানুহে কিয়, কি ভাবি এনেবোৰ সিদ্ধান্ত লয় মই বুজি নাপাওঁ মা! ইমান ধুনীয়া পৃথিৱীখনলৈ আহিও কিয় মানুহে আত্মহননৰ বাট বিচাৰি লয়? দহমাহ দহদিন গর্ভত ধাৰণ কৰি প্রসৱ বেদনা সহি সহি এগৰাকী মাতৃয়ে আমাক পৃথিৱীৰ পোহৰ দেখুৱায়। বুজি নাপাওঁ তাৰ বাবে মাতৃক কৃতজ্ঞতা জনোৱা উচিত নে ধন্যবাদ! যদি কৃতজ্ঞতাই হয় তেন্তে সেউজীয়া ধুনীয়া ধৰণীলৈ মাতৃয়ে আদৰি অনাৰ কৃতজ্ঞতা কিয় সেই লৰাজনে আত্মহত্যাৰে যাচিলে? এবাৰলৈ হলেও তাৰ বাৰু মাতৃৰ প্রসব যন্ত্রণাখিনিলৈ মনত নপৰিলনে?

মা, আমি দূৰণিত থকাৰ দিনাখনৰেই পৰা প্রতি দিনে, প্রতি পলে তুমি আমাৰ বাবে অপেক্ষা কৰা। আমি ঘৰলৈ যোৱাৰ দিন ঠিক কৰাৰ দিনাৰেই পৰাই তোমাৰ উখল-মাখল লাগে, “মাইনাই নৰসিংহ আৰু পচতীয়াৰ জোল খাই ভাল পায়, যোগাৰ কৰি ৰাখিব লাগিব”, “মাইনাই তেল পিঠা খাই ভাল পায়, পিঠাগুৰি খুন্দিব লাগিব”, “মাইনালৈ কাপোৰ এযোৰ ববলৈ দিছিলোঁ, লনে নাই খবৰ লব লাগিবইত্যাদি ইত্যাদি! আৰু আমি ঘৰৰ পৰা আহিবলৈ ওলোৱাৰ দুদিনমান আগৰে পৰা চকুপানী মচি মচি তোমাৰ যে উখহি পৰে চকুযুৰি, সেই চকুযুৰিলৈ চাবলৈ মোৰ বৰ কষ্ট হয় মা! সেই লৰাজনৰ ঘৰতো এগৰাকী মাতৃ আছে মা। আত্মহননৰ সেই মুহূর্তত তাৰ বিদায়ৰ বেলাত অশ্রুৰে সিক্ত হৈ থকা মাকৰ চকুযুৰিলৈ মনত নপৰিলনে মা? অথবা মোৰ সোণাই ঘৰলৈ আহিববুলি বাটলৈ চাই ৰোৱা চকুযুৰিৰ কথাও মনত নপৰিল নেকি? এগৰাকী মাতৃৰ চকুযুৰিত সদায়ৰ বাবে অপেক্ষাৰ যন্ত্রণা দিবলৈ সেই লৰাজনে কত অধিকাৰ পালে মা?

জীৱন যুঁজত ভাগৰি পৰি আত্মহননৰ বাট বিচাৰি লোৱাজনে ভাবে নেকি, জীৱনটো শেষ কৰি দিয়েই প্রশান্তি লাভ কৰিব পাৰি? তেওঁ নাভাবে কিয়, তেওঁৰ অবর্তমানত তেওঁৰ প্রিয়জনৰ কি দশা হব পাৰে! হয়তো জীৱনৰ পৰা পলাই পলাই নিজক লুকুৱাবলৈ ঠাইৰ সন্ধান কৰি কৰি তেওঁ ভাগৰি পৰে। কিন্তু জীৱনৰ সংঘাতবোৰৰ লগত মুখামুখি নহৈ আত্মহননৰ বাট বিচাৰ লোৱা মানেইতো জীৱনৰ সংঘাতবোৰৰ ওচৰত পৰাজয় বৰণ কৰি লোৱা! পৰাজয় স্বীকাৰ কৰিবলৈ জীৱশ্ৰেষ্ঠ মানুহ বাৰু ইমান দুর্বল হৈ পৰে নেকি মা?

মাজে সময়ে চিন্তা কৰোঁ, মানুহবোৰক নেতিবাচক চিন্তাবোৰৰ পৰা কেনেকৈ যোগাত্মক চিন্তাৰ দিশে ধাবিত কৰিব পাৰি! যদি কাহানিও একো অসুখ-অসূয়া নথকা পৃথিৱী এখন আমি গঢ় দিব পাৰোঁ তেন্তে কিমান যে ভাল হব মা! সকলোতে হাঁহি-ফূর্তি, সকলোতে নিজৰি আহিব আনন্দৰ বন্যা… মা, তোমাৰ সংস্কাৰ, তোমাৰ প্রেৰণা সদায় মোৰ মাজত নিহিত হৈ আছে। সেই সংস্কাৰ, সেই প্রেৰণাই মোৰ মূলধন, মোৰ প্রাতঃস্মৰণীয়! মোৰ ছাত্র-ছাত্রীবোৰকো প্রায়েই বুজাও যে পৰিস্থিতি যিমানেই জটিল নহওক কিয় কেতিয়াও হাৰ মানিব নালাগে। অন্ততঃ কথাবোৰ মাক-দেউতাক অথবা অভিভাবকৰ লগত আলোচনা কৰিব লাগে। কিবা নহয় কিবা পথৰ সন্ধান পোৱা যাব। কাৰণ মাক-দেউতাকে আমি দেখাৰো বহু বছৰ আগতে পৃথিৱীখন দেখিছে। দেখিছে পৃথিৱীৰ পৰিবর্তনৰ ৰূপবোৰো। সকলো দিশৰ পৰাই তেওঁলোক আমাতকৈ অভিজ্ঞ। নিজৰ সন্তানক মাক-দেউতাকতকৈ অধিককৈ আন কোনে বুজি পাব, নহয়নে মা? জীৱন যুঁজৰ কোনো পৰিস্থিতিত সহায়ৰ হাত এখন আগবঢ়াবলৈ কোনো বন্ধু নাথাকিলেও তেনে সময়তো মাক-দেউতাকেই নিজৰ সন্তানক বুকুত আকোৱালি লব। সেয়াই পৃথিৱীৰ আটাইতকৈ নিৰাপদ আৰু স্বস্তিৰ ঠাই। কথাৰ উছাহতে ছাত্র-ছাত্রীবোৰেও সিহঁতৰ মাক-দেউতাকৰ লগত অতিবাহিত কৰা মধুৰ সময়বোৰ সুঁৱৰি কিছু কথা মোৰ আগত কয়। কৈ কৈ কেতিয়াবা দুই-এগৰাকীৰ চকু সেমেকি উঠে! সেই মুহূর্তবোৰত দেখা পাওঁ, সিহঁতৰ চকুত সপোনৰ কণিকাবোৰে আহি ভীৰ কৰেহি…

বহুত কিবা-কিবি লিখি পেলালোঁ মা। তুমিতো জানাই তোমাক মই সকলো কথাই খুলি কওঁ, নোকোৱালৈকে মনটো ভাল লাগি নাথাকে। কথাখিনি লিখি এতিয়া মনটো যথেষ্ট পাতল পাতল লাগিছে মা। বিশ্ববিদ্যালয়ৰ পৰীক্ষাবোৰ আৰম্ভ হৈছে। পৰীক্ষাৰ কাম-কাজ শেষ কৰি অতি সোনকালেই মই ঘৰলৈ যাম। গৰমৰ বন্ধৰ এমাহ তোমাৰ ওচৰতে থাকি আহিম। মা, মোলৈ যে কাপোৰযোৰ বব দিছিলা, পেহীক কবা কমলা ৰঙৰ কাপোৰযোৰত কলা ৰঙৰ সুতাৰে ফুল তুলি দিবলৈ।

বহুতো মৰমেৰে,
তোমাৰ একমাত্র জী মাইনা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments