চিঠি (সমুদ্র কাজল শইকীয়া)

চিঠি
সমুদ্র কাজল শইকীয়া
 
তুমি লিখা চিঠিবোৰ মই পেলাই দিব নোৱাৰোঁ। যতনাই থ’বও নোৱাৰোঁ।
ৰাস্তাৰ কাষৰ ডাষ্টবিনটোত পেলালে তাত লিখি থোৱা কথাবোৰে জানো
ৰাস্তাৰ মানুহক অসুবিধাত পেলাব। আৰু যদিহে নদীত উটুৱাই দিওঁ
নাজানো কি যে কৰি চাকনৈয়াত পেলাব কোন মাছমৰীয়াৰ নাও।
 
মাটিত পুটি থ’ব নোৱাৰোঁ, কি ঠিকনা কেতিয়া সি জৰা নেমুৰ গছ হৈ ফুটে
আৰু বা’তে গা লগাই তোমাৰে মোৰে কি খন বা ৰটনা ৰটে
জ্বলায়ে বা দিওঁ কেনেকৈ, তাৰ ধোঁৱাই গৈ কাৰনো বেলকনিয়েদি সোমাই
কোনখন সংসাৰত বিহ ঢালে, তাৰেই বা কি ঠিকনা পায়!
 
সেয়েহে কৈছিলোঁ চিঠি নিলিখিবা, চিঠি আপদীয়া
সঁকিয়নি নুশুনিলা। আজি চিঠিবোৰ আছে, তুমি নাইকিয়া।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments