চিড’না-ৰঙা পাহাৰৰ সেউজ উপত্যকা ( তিৰুজ্যোতি বৰা দাস )

এৰিজ’নাৰ বিষয়ে ইংৰাজীত এষাৰ কথা আছে “Land of extremes, land of contrasts,
Land of surprises, land of contradictions…that is Arizona” (Fedaral Writers project, Arizona, The Grand Canyon State, 1956) সঁচাকৈয়ে- মৰুভূমি, সেউজ অৰণ্য, পৃথিৱীৰ আর্শ্চয্য গ্ৰেন্ড কেনিয়ন আৰু ৰঙা পাহাৰৰ চহৰ চিড’নাৰে এৰিজ’নাখন আর্শ্চয্যৰ ৰাজ্য।

চিড’না চাবৰ বাবে মই, মানস আৰু আমাৰ সন্তান অৰিহন্ত( আৰণ) গৈছিলো ২০০৪ চনৰ চেপ্টেম্বৰৰ ২ তাৰিখে। বিদেশৰ মাটিত ভৰি দিয়েই গৃহস্থই সোধা প্ৰথমটো প্ৰশ্ন আছিল, “তুমি এই দেশৰ কি কি ঠাই ফুৰিবলৈ ভাল পাবা?” মোৰ উত্তৰৰ তালিকাখন যথেষ্ট দীঘলীয়া আছিল যদিও প্ৰথমেই ঠাই পাইছিল গ্ৰেন্ড কেনিয়ন, নায়েগ্ৰা য়েল’ ষ্টন আৰু য়ুচ’মেটিয়ে। প্ৰায় সকলোবোৰ ঠাই ফুৰা হৈ গৈছিল যদিও কিবা নহয় কিবা কাৰণে আমাৰ ৱেষ্ট ক’চতৰ ফালে ফুৰাৰ পৰিকল্পনাটো হৈ নুঠিছিল। নিউজার্চিত থকাৰ সময়ত চমাৰচেট ক্ৰান্টি লাইব্ৰেৰীলৈ নিয়মীয়াকৈ যোৱাৰ এক অভ্যাস গঢ়ি উঠিছিল। সেই আকর্ষণৰ মূল বিষয় যদিও পেইন্টিঙৰ কিতাপ আৰু উপন্যাস আছিল তাৰ মাজে মাজে ভ্ৰমণ কাহিনীবোৰোও মনৰ ক্ষুধা দূৰ কৰিছিল। এদিন আলোচনী এখনত এৰিজ’নাৰ বিষয়ে পঢ়ি থাকোতে, হঠাতে চিড’না চহৰৰ দুখনমান ফটো দেখিবলৈ পালো। ইয়াৰ আগলৈকে কোনো বন্ধু-বান্ধৱীৰ মুখত, মই সেই চহৰখনৰ বিষয়ে শুনা নাছিলো। লাইব্ৰেৰীৰ কাউন্টাৰত থকা মহিলাগৰাকীক সোধাত তেওঁ বিচাৰি বিচাৰি দুখন কিতাপ আনি মোৰ সন্মুখত থ’লে। সেই দুখন আছিল হার্টচ ইন ডা ভৰটেস্ক(Hearts in the Vortex by Amber Polo) আৰু থ্ৰি মুনচ অভাৰ চিড’না (Three moons over Sedona by Sherry Hartzler)। পুথিভড়ালৰ পৰা ঘৰলৈ আহি গুগুলত, চিড’না চহৰখন বিচাৰি চালো। নকলেও হ’ব যে কিতাপ দুখন পঢ়াৰ পিছত, স্বাভাৱিকতে ভ্ৰমণ তালিকাত আগতে নুশুনা চিড’না চহৰখনে ভূমুকি মাৰিলেহি। চাৰিবছৰ নিউজার্চিত থকাৰ পিছত আমি পেনচিলভেনিয়ালৈ চোং সলালো। নিউজার্চিৰ বান্ধৱীসকলক সদায় লগ নোপোৱা হ’লো।ওচৰতে পুথিভড়াল নথকাৰ বাবে এইবাৰ বান্ধৱী আৰু কিতাপৰ খালী ঠাই পুৰাবলৈ নেটফ্লিকচ বাচি ল’লো। বিদেশৰ ভালেসংখ্যক চিনেমা চোৱাৰ লগতে নেটফ্লিকচত থকা ডকুমেন্টেৰী আৰু চিৰিয়েল এখনো বাদ নপৰিল। পেনচিলভেনিয়ালৈ অহাৰ আগতে আমি নেটফ্লিকচৰ নামত প্ৰতিমাহে কেবল সাত ডলাৰ খৰচ কৰিছিলো। পেনচিলভেনিয়ালৈ অহাৰ পিছত নেটফ্লিকচত প্ৰতিমাহে থকা, চিনেমা ডকুমেন্টৰীবোৰ চাই শেষ কৰাৰ পিছত বেলেগাই কেচেটো মগাবলৈ ল’লো। তাৰ বাবে আমি প্ৰতিমাহে ১২ ডলাৰ দিব লগা হৈছিল। কণমানীটো শোৱাৰ পিছত ৰাতি ২ বজালৈকে মোৰ চিনেমা চোৱাৰ নিচা একপ্ৰকাৰ অভ্যাসত পৰিণত হ’ল। গৃহস্থই মনে মনে বৰ সন্তোষ পালে, হওঁক তেওঁ ইমান দিন পৰি থকা সম্পদ ফেৰাৰ অবশেষত কিবা কামত খাটিল। ভালেকেইখন ডকুমেন্টৰী আৰু মই চাই শেষ কৰা প্ৰায় ১০খন চিনেমাৰ দৃশ্যগ্ৰহন কৰা হৈছিল চিড’না নামৰ এই অকণমানী চহৰখনত। প্ৰিয় ছবিৰ তালিকাত থকা ডা কাৰাটে কিড( ১৯৮৫)ৰ কিছু অংশও এই ঠাইতে ছুটিং লোৱা হৈছিল। আকৌ চমাৰচেট লাইব্ৰেৰিৰ পৰা আনি পঢ়া চাৰা চের্ফাডৰ কিতাপ “ডা লায়িং গেম” ৰ ওপৰত নির্মাণ কৰা একে নামৰ চিৰিয়েল ডা লায়িং গেমখনো মই চাই শেষ কৰিছিলো। সেই কিতাপখনৰ নায়িকা একেচেহেৰাৰ যজা বাই ভনী ইমা আৰু চাটনৰ জীৱনৰ কাহিনীৰ পটভূমিও আছিল এৰিজনা’ৰ ফনিক্স চহৰ।মুঠৰ ওপৰত সাতে পাচে মিলি এৰিজ’নাৰ প্ৰতি মোৰ আকর্ষণ দিনে দিনে বাঢ়ি গৈছিল। অৱশেষত পাঁচ বছৰৰ মূৰত শ্ৰীমানে ১০ দিনৰ এটি ভ্ৰমণৰ প্লেন কৰিলে। আমাৰ সন্তান আৰণ মাত্ৰ ডেৰ বছৰীয়া। তেতিয়ালৈ মই তাক ৰেষ্টুৰেন্ট বা বাহিৰৰ খোৱা দিয়া নাছিলো। গতিকে মাইক্ৰ’ৱেভ অভেন আৰু ৰেফ্ৰিজাৰেটৰ থকা হোটেল বুকৰ উপৰিও আগতীয়াকৈ ১০ দিনৰ বাবে ভাড়ালৈ গাড়ী লোৱা, কাৰচিটৰ ব্যৱস্থা আদি কামবোৰ শ্ৰীমানে পেনচিলভেনিয়াৰ পৰাই কৰি ললে।

আমি থকা ঠাই পেনচিলভেনিয়াৰ, ফিলাডেলফিয়া এয়াৰপর্টৰ পৰা প্ৰথমে উৰাজাহাজেৰে লাচ ভেগাচলৈ আৰু লাচ ভেগাচৰ পৰা গাড়ীৰে হোভাৰ ডাম হৈ আমি ফ্লেগষ্টাফত ৰাতি কটাইছিলো। ফ্লেগষ্টাফৰ পৰা পুৱাই আমি চিড’না চহৰলৈ গৈছিলো। ফ্লেগষ্টাফৰ তাপমাত্ৰা আৰু লাচ ভেগাচৰ তাপমাত্ৰাৰ মাজত আছিল আকাশ পাতাল পাথর্ক্য । লাচ ভেগাচত আমি ৰাতি ৰাতি ঘুৰি ফুৰিছিলো। কিন্তু ফ্লেগষ্টাফত সন্ধ্যা হোৱাৰ লগে লগেই অদ্ভূত ধৰণে হিমচেচা বতাহ ববলৈ আৰম্ভ কৰিছিল। গতিকে হোটেলত সোমাই থকাৰ বাহিৰে একো বিকল্প নাছিল। সেয়ে লাচ ভেগাচৰ পৰা আহি ৰাস্তাতে হোভাৰ ডামত দুঘন্টা ফুৰি, আমি ফ্লেগষ্টাফৰ হোটেলত সোনকালেই শুই গৈছিলো। পুৱা সাত বজাতেই ফ্লেগষ্টাফৰ পৰা চিড’না চহৰলৈ বুলি
আমাৰ যাত্ৰা আৰম্ভ হৈ্ছিল। সাগৰপৃষ্ঠৰ পৰা ৪৫০০ ফুট উচ্চতাত থকা চিড’না চহৰ ফনিক্সৰ পৰা(Phoenix, Arizona)উত্তৰ দিশত১১৯ মাইল দূৰত্বত আৰু গ্ৰেন্ড কেনিয়নৰ পৰা দক্ষিণ দিশত ১১৪ মাইল দূৰত্বত অৱস্থিত। কক’নিনো নেচনেল ফৰেষ্টে(Coconino National Forest)য়ে চিড’নাখন আগুৰি আছে।

ফ্লেগষ্টাফৰ পৰা চিড’নালৈ যোৱা এঘন্টাৰ ৰাস্তা আছিল বর্ণনাতীতভাবে সুন্দৰ। ৰাস্তাৰ কাষত হালিজালি ফুলি আছিল বনৰীয়া সূৰুজমূখী ফুল। বনৰীয়া সূৰুজমুখী ফুল মই জীৱনত প্ৰথমবাৰৰ বাবে দেখিছিলো। ইয়াৰ আগতে সূৰুজমুখী ফুলৰ খেতি পথাৰ দেখিছিলো যদিও সেই ফুলবোৰৰ আকাৰ আৰু বনৰীয়া সূৰুজমুখী ফুলৰ আকাৰত পার্থক্য আছিল। বনৰীয়া সূৰুজমুখী ফুলবোৰ সৰু সৰু আছিল আৰু বিশৃংখলভাবে ৰাস্তাৰ দুয়োকাষ আগুৰি আছিল। নিয়ম নমনা, উচ্ছল কিশোৰ যেন…য’তে মন গৈছে ত’তে গজি উঠিছে, ফুলিছে –হাঁহিছে, সেউজীয়া পাহাৰৰ পাইনবোৰৰ লগত মেল পাতি বহিছে। সেউজীয়া পাহাৰ, ৰঙা শিলৰ পাহাৰ আৰু পথাৰ ভৰি ভৰি ফুলি থকা সূৰুজমুখী ফুলৰ সৌর্ন্দয্যই যেন মোৰ আত্মাক চুই গৈছিল। দূৰৰ পৰা বনৰীয়া সূৰুজমূখী ফুলৰ পথাৰবোৰ আমাৰ সৰিয়হ ফুলৰ পথাৰ যেন লাগিছিল। অনুভব হৈছিল সেউজীয়াৰ বুকুত কোনোবাই যেন হালধীয়া চাদৰ এখনহে মেলি থৈছে!

এতিয়া আহো চিড’নাৰ কথালৈ। ৰঙা পাহাৰৰ চহৰ চিড’না নামটো সেই চহৰৰে প্ৰথমজন পোষ্টমাষ্টৰ থিঅ’ডৰ কাৰলটন(Theodore Carlton Schnebly)ৰ পত্নী চেড’নাৰ (Sedona Arabella Miller Schnebly,1877-1955)নামেৰে ৰখা হৈছে। চিড’না চহৰৰ পুথিভড়ালৰ সন্মুখত এই মহিলাগৰাকীৰ এটি খুব সুন্দৰ ক’লা পাথৰৰ মূর্ত্তী আছে। আমি সেই মূর্ত্তী ওচৰৰ পৰা চাইছিলো। তেওঁ নিজৰ পৰোপকাৰী গুণ আৰু সাধু স্বভাবৰ বাবে জনপ্ৰিয় আছিল।

চিড’নাৰ আকর্ষনীয় ৰঙা শিলৰ গাঠনিটো আচলতে উজ্জ্বল ৰঙা আৰু কমলা ৰঙৰ চেন্ডষ্টনৰ সমষ্টিহে। এই উজ্জ্বল ৰঙা আৰু কমলা ৰঙৰ গাঠনিটো হৈছে The Schnebly Hill Formation ৰ অংশ। হেমেটাইড( Hematite) বা আইৰণ অক্সাইড(Iron oxide) থকা পাহাৰৰ শিলত উজ্জ্বল ৰঙা ৰঙটো বেছিকৈ পোৱা যায়।

শিলে কথা কোৱা চহৰখন:

ৰঙা শিলৰ মাজেৰে গৈ গৈ আমি যেতিয়া চিড’নাৰ ডাউন টাউন পাইছিলোগৈ তেতিয়া পুৱা ৮ বাজিছিল। ৰঙা পাহাৰৰ মোহনীয় চহৰখন আছিল সুস্বাদু ৰেষ্টুৰেন্টৰ অভূতপূর্ব সমাহাৰ। ইটালীয়ান,মেক্সিকান,আমেৰিকান, গ্ৰীক,এচিয়ানৰ ওপৰিও ‘ইন্ডিয়া পেলেচ’ নামৰ ভাৰতীয় ৰেষ্টোৰেন্ট এখনো, আমি তাত দেখা পাইছিলো। Dahl & Di Luca Ristorante নামৰ এখন ইটালীয়ান ৰেষ্টোৰেন্টত আমি পুৱাৰ আহাৰ গ্ৰহণ কৰিছিলো।

ৰেষ্টুৰেন্টৰ উপৰিও ৰঙা পাহাৰৰ চহৰখন হৈছে কলা আৰু সংগীতৰ অপূর্ব সমাহাৰ । চিড’নাখনক দক্ষিণ-পশ্চিমৰ কলাশিল্পৰ মূল কেন্দ্ৰ বোলা হয়। চিড’নাৰ ডাউন টাউনখন উপচি আছিল পেইন্টিং আৰু ভাস্কয্যৰ গেলেৰিৰে। আইনাৰ বিভিন্ন মূর্ত্তি, ক’লা কাঠ আৰু ব্ৰঞ্জত খোদিত কৰা নিঁখুট ভাস্কয্যবোৰ দেখি মই অভিভূত হৈ পৰিছিলো। আমাৰ কণমানীটোৱে দিগদাৰ দিব বুলি তাক মই দেউতাকৰ লগত থৈ আহিছিলো। দুয়ো চিডোনাৰ ৰাস্তাত ঘুৰি ফুৰিছিল আৰু সেই সময়ত মই সোমাই পৰিছিলো অন্য এক জগতত। সঁচাই,এই চহৰৰ শিলে কথা কয়। শিল্পীয়ে বুকুৰ পৰা ৰং ঢালে কেনভাচত, প্ৰাণ পাই উঠে নির্জীব শিল…কথা কয় ৰঙে,কথা কয় তুলিকাই! মর্ডান আর্ট আৰু ক্লাচিক আর্টৰ গেলেৰীবোৰত যেতিয়া মই সোমাইছিলো, ভাব হৈছিল ইখনতকৈ সিখন আর্কষনীয়। এই চহৰলৈ অহাৰ আগতে ডা আর্টিষ্ট এন্ড চামন (The Artist and Shaman-Paul David)চাইছিলো। বুজি উঠিছিলো -কিয় শিল্পীসকলে ভালপায় এই চহৰ। কথা পাতিছিলো মানুহৰ লগত। সৰু চহৰখনৰ প্ৰতি অগাধ প্ৰেম মানুহৰ। প্ৰকৃতিৰ অপৰূপ সৌর্ন্দয্যই শিল্পীসত্বাক নতুন সৃষ্টিৰ বাবে মতলীয়া কৰি তোলে। বহুকেইজন চিত্ৰশিল্পী চিড’নালৈ ফুৰিবলৈ আহি চহৰখনৰ প্ৰেমত পৰি আজীৱন তাতেই কটাই যায়। তেওঁলোকে বিশ্বাস কৰে যে, ৰঙা শিলৰ ঠাইখনে কঢ়িওৱা ধনাত্মক শক্তিয়ে তেওঁলোকৰ সৃজনীশক্তিক ভাল কামৰ ৰূপ দিয়ে। ৰেড ইণ্ডিয়ানসকলে চিড’নাখন ভগৱানৰ ঠাই বুলি বিশ্বাস কৰিছিল। আজিও এই ঠাইৰ মানুহে শিলে কথা কোৱা চহৰখনলৈ মানুহে নিজৰ আত্মা আৰু চেতনাৰ লগত পৰিচয় হৈ, তাৰ উৎকর্ষ সাধন কৰিবলৈ আহে বুলি বিশ্বাস কৰে। এই ঠাইত বিভিন্ন আধ্যাত্মিক আৰু বৌদ্ধিক বিকাশ কেন্দ্ৰও আছে।

চিড’না ভৰটেক্স আৰু ইটো সিটো:

আর্ট গেলেৰীবোৰত ঘূৰি পকি কেতিয়ানো এঘন্টা সময় পাৰ কৰিলো গ’মেই নাপালো। চিড’নাৰ দুটামান চভেনিয়াৰ কিনি মই শ্ৰীমান আৰু সন্তানৰ ওচৰ পালোগৈ। কণমানীটোৰ পুৱাৰ আহাৰৰ সময় হৈছিল। মই গাড়ী ৰখা পার্কিঙতে খুৱাবৰ দিহা কৰি শ্ৰীমানক আজৰাই দিলো। তেওঁ কেমেৰাটো লৈ ওলাই গ’ল। আহল বহল পার্কিঙৰ মাজে মাজে গছৰ তলত, কাঠৰ ডেক্স বেন্সৰ ব্যৱস্থা আছিল। গতিকে পুতলা গাড়ী, খেলনাৰ জগতখন সজাই আৰণক খুৱাওতে মোৰ অলপো অসুবিধা নহ’ল। কুৰি মিনিটমানৰ পাছত টুৰিষ্ট ইনফৰমেচন চেন্টাৰৰ পৰা প্ৰয়োজনীয় মেপ আৰু পৰার্মশ লৈ শ্ৰীমান আহি ওলালহি। তেওঁ চিড’না ভৰটেক্সৰ বিষয়ে ভালেখিনি কাগজ লৈ আহিছিল।

খুব সহজভাবে কবলৈ হ’লে পানীৰ চাকনৈয়া, ঘূর্ণীবতাহ বা চকৰী ঘুৰিলে যেনে হয় ঠিক তেনেধৰনেই ঘুৰি থকা এক শক্তিৰ ৰুপান্তৰেই হৈছে ভৰটেক্স (Vortex)। চিড’নাৰ লোকে বিশ্বাস কৰে ৰঙাশিলৰ পাহাৰৰ বুকুত পৃথিৱীৰ অভ্যন্তৰৰ পৰা চাকনৈয়াৰ দৰে এক শক্তিয়ে অহৰহ ক্ৰীয়া কৰি থাকে। এই শক্তিয়ে ব্যক্তি এজনৰ চেতনাক জাগ্ৰত কৰে আৰু তেওঁৰ আত্মোকর্ষ সাধন কৰে। কোৱা হয় ৰঙাশিলৰ পাহাৰৰ যিকেইটা বিন্দুত এই শক্তি আছে তাৰপৰা আধা মাইল দূৰত্বত এজন ব্যক্তি অৱস্থান কৰিলেও তেওঁ সেই শক্তি উপলব্ধি কৰিব পাৰে। এই শক্তিৰ অনুভ‌ৱটো আকৌ সকলো ঠাইতে বেলেগ বেলেগ। কিছুমানত ই পুৰুষসুলভ (The Masculine Side) আন কিছুমানত আকৌ ই নাৰীসুলভ(The feminine Side) কিছুমান উৎসত ইয়াৰ দুয়োটাকে একেলগে পোৱা যায়। সাধাৰণতে প্ৰথমবিধ শক্তিৰ অধিকাৰীসকল হয় প্ৰচুৰ আত্মবিশ্বাসী, তেওঁলোকৰ ভিতৰত এনে এক শক্তি আছে যাৰ দ্ধাৰা তেওঁলোকে নিজৰ জীৱনৰ সিদ্ধান্ত নিজে লয়, নিজৰ অধিকাৰ সাব্যস্ত কৰিব জানে, দলৰ মূৰব্বী হ’ব জানে আৰু জীৱনত ৰিক্স লবলৈ কুন্ঠাবোধ নকৰে। ঠিক সেইদৰে যাৰ মাজত নাৰীসুলভ গুণ আছে তেওঁলোক অত্যন্ত দয়ালু আৰু শান্ত স্বভাৱৰ হয়। তেওঁলোকে সকলোকে সমানে আগুৱাই যাবলৈ দিয়ে, কাৰো জীৱনত হস্তক্ষেপ নকৰে। আকৌ এই দুয়োটা দিশেই সমতা ৰক্ষা কৰি চলাটোক কোৱা হয় য়িন য়াং বেলেঞ্চ(Yin/Yang balance)জীৱন যুদ্ধত সফল আৰু সুখী হ’বৰ বাবে এই দুয়োটা দিশৰ মাজত সমতা বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়।

ৰঙাশিলৰ পাহাৰৰ চাৰিটা মূল উৎসত এই শক্তি পোৱা যায়। সেইকেইটা হৈছে এয়াৰপর্ট ভৰটেক্স, কেথেড্ৰেল ৰ’ক ভৰটেক্স, বয়টন কেনিয়ন ভৰটেক্স, বেল ৰ’ক ভৰটেক্স। লোকবিশ্বাস মতে এয়াৰপর্ট ভৰটেক্সএ পুৰুষসুলভ দিশটোক প্ৰতিনিধিত্ব কৰিছে। ঠিক সেইদৰে কেথেড্ৰেল ৰ’ক ভৰটেক্স হৈছে নাৰীসুলভ শক্তিৰ অধিকাৰী। বয়টন কেনিয়ন ভৰটেক্সে এই দুয়োটা দিশৰ মাজত সমতা বজাই ৰাখে। বেল ৰ’ক ভৰটেক্স ত শক্তিৰ উৎস সকলোতকৈ বেছি বা শক্তিশালী বুলি কোৱা হয়। ইয়াত পুৰুষসুলভ, নাৰীসুলভ আৰু সমতা তিনিওটা শক্তিয়েই উপলব্ধ। উল্লেখযোগ্য যে এয়াৰপর্ট ভৰটেক্স,বয়টন কেনিয়ন ভৰটেক্স, বেল ৰ’ক ভৰটেক্সত থকা জুনিপাৰ (juniper) গছবিলাক আন ঠাইত থকা জুনিপাৰ গছতকৈ আকৃতিত ভিন্ন। পৃথিৱীৰ অভ্যন্তৰৰ এই চাকনৈয়া সদৃশ শক্তিৰ প্ৰভাৱত জুনিপাৰ গছবোৰৰ গা গছৰ আকৃতিত এনে ভিন্নতা আহিছে বুলি কোৱা হয়। গছবিলাকৰ গাগছ আৰু ডালপাতবোৰ দেখিলে ভাব হয় কোনোবাই যেন হাতেৰে মুচৰি পকাই পকাই সেইবিলাকৰ তেনে আকৃতি দিছে। আমি কাপোৰ ধুই উঠাৰ পিছত কাপোৰৰ অপ্ৰয়োজনীয় পানীভাগ আতৰাবৰ বাবে কাপোৰখন দুয়োহাতেৰে মেৰিয়াই চেপি পানীখিনি নিগৰালে কাপোৰৰ গাত যেনে আকৃতি লয় ঠিক তেনে আছিল জুনিপাৰ গছৰ গা অংশ।

যাত্ৰা, ৰঙা পাহাৰৰ বুকুলৈ:

চিড’নাৰ এই অপৰূপ সৌর্ন্দয্য উপভোগ কৰিবৰ বাবে জিপগাড়ী আৰু হেলিকপ্টাৰৰ ব্যৱস্থা আছে। আমাৰ লগত যিহেতু আমাৰ ডেৰবছৰীয়া কণমানীটো আছিল সেয়ে আমি এই টুৰ লোৱা নাছিলো, লাচ ভেগাচত ভাড়ালৈ লোৱা গাড়ীখনেৰে, আমি অকলেই আগবাঢ়িছিলো। ৮৯ এ((89A) হাইৱে লৈ, ওক গ্ৰীক কেনিয়নৰ কাষেৰে আমি ক্ৰমান্বয়ে সোমাই পৰিছিলো ৰঙা শিলৰ পাহাৰৰ বুকুত। ৰঙা পাহাৰৰ বুকু কাটি উলিওৱা মসৃণ ৰাস্তাৰে আমাৰ গাড়ী আগবাঢ়িছিল। শ্ৰীমানে জি পি এচত টুৰিষ্ট স্পটবোৰৰ নামবোৰ ক্ৰমাণয়ে ভৰাই দিছিল বাবে অলপো ভুল নোহোৱাকৈ পাচ, দহমিনিট মানৰ ব্যৱধানত থকা সকলোবোৰ টুৰিষ্ট স্পটেই আমি সুন্দৰকৈ চাব পাৰিছিলো। ওচৰা ওচৰিকৈ থকাৰ বাবে প্ৰতিটো ঠাইতে নামি আমি কিছুসময় ৰৈছিলো, ফটো উঠিছিলো আৰু প্ৰকৃতিৰ অনুপম সোন্দয্য দেখি অবাক হৈছিলো। ৰঙা আৰু কমলাৰঙী পাহাৰবোৰ বতাহ বৰষুণত ক্ষয় গৈ বিভিন্ন আকৃতি লৈছিল আৰু সেই অনুসৰি সিবিলাকৰ বিভিন্ন নাম আছিল। আমাৰ মেচিন নাওঁখনৰ আকৃতি লোৱা শিলৰ নাম আছিল ষ্টিম ব’ট ৰ’ক(Steam Boat Rock), উটৰ আকৃতিৰ শিলৰ নাম আছিল কেমেল ৰ’ক(camel Rock), চাহ থোৱা টিপট আর্হিৰ শিলৰ নাম আছিল টিপট ৰ’ক, কাঠফুলা সদৃশ শিলৰ নাম আছিল মাচৰুম ৰক ইত্যাদি। পাহাৰৰ মাজত শিলেৰে ডেভিলচ ব্ৰীজ(Devil’s Bridge) নামৰ এখন দলংও সৃষ্টি হৈছিল। সেই দলংত উঠাৰ সাহস মই কৰিব পৰা নাছিলো। শ্ৰীমানে ভয় সংকোচ নকৰাকৈ দলংৰ ওপৰত উঠা দেখি মোৰ বুকু বাৰুকৈয়ে কঁপিছিল। দুটিমান সাহসী যুটিয়ে টাইটানিকৰ ৰোজ আৰু জেকৰ আর্হিত, তাতে ফটো উঠাৰ আমেজ লৈছিল।কিছু ব্যক্তিগত কাৰনত সেই মৰসাহ মই কৰিব পৰা নাছিলো। মাজে মাজে ৰঙা শিলৰ বুকুত মানুহ থকা গুহাও দেখা পাইছিলো। তাৰ বুকুত খোদিত আছিল মানুহৰ হাতৰ চাপ, জীৱজন্ত অথবা মানুহৰ ছবি। ৰঙা পাহাৰৰ মাজেৰে যোৱা ট্ৰেইন লাইন আৰু পাহাৰৰ বুকু খান্দি উলিওৱা সুৰংগবোৰ আছিল খুউব সুন্দৰ।

এয়াৰপর্ট মেচা(Airport Mesa):

চিড’নাৰ এয়াৰপর্টটো আমেৰিকাৰ ভিতৰতে সকলোতকৈ বেছি সুন্দৰ এয়াৰপর্ট। অতীৱ সুন্দৰ এয়াৰপর্ট মেচা আমি দুবাৰকৈ চাবলৈ গৈছিলো। ৮৯ এ (89A) হাইৱেৰে চিড’না ডাউন টাউনৰ পৰা পোনে পোনে কেথেদ্ৰেল ৰকৰ ফালে গৈ থাকিলে, বাওঁহাতে পশ্চিম দিশত ১ মাইল গ’লেই পোৱা যায়। আমি যেতিয়া প্ৰথমবাৰ দুপৰীয়া গৈ এয়াৰপর্ট মেচা ওলাইছিলোগৈ তেতিয়া মানুহ কম আছিল। সেউজ জোপোহাৰ মাজত সর্গবে থিয় দি আছিল এয়াৰপর্ট মেচাৰ ৰঙা লঠঙা পাহাৰ। আমি গৈ পাওতে, সেই ঠাইত ৰেড ইন্ডিয়ানৰ সাজ পৰিধান কৰি, এগৰাকী মহিলাই দোতোৰাৰ দৰে এবিধ বাদ্যযন্ত্ৰ বজায় আছিল। সংগীতৰ মূচর্নাত ডুবি আছিল প্ৰকৃতিৰ এই আশ্চর্য্য। বুজি উঠিছিলো প্ৰকৃতিৰ এই অপৰূপ সৌর্ন্দয্যৰ কিযে এক মোহসনা আকর্ষণ, হয়তো এই দুর্নিবাৰ আকর্ষণৰ বাবেই সকলো থমকি ৰয় চিড’নাত। প্ৰকৃতিৰ এই ঐশ্চয্যৰ তুলনাত পার্থিৱ সকলো সুখেই তেনেই ক্ষুদ্ৰ। লেভিটাউনত এই নৱেম্বৰ মাহতে( যি সময়ত মই এই লেখাটো লিখিবলৈ কলম কাগজ লৈ বহিছো) বৰফ পৰা আৰম্ভ হৈছে। এই যে লিখি আছো, ঠিক এই মূহূর্ততো মই যেন এয়াৰপর্ট মেচাৰ সেই সংগীতৰ মূচর্ণা শুনিবলৈ পাইছো। বাহিৰত বৰফৰ বৰষুণজাকত পাইন গছবোৰে সুহুৰি মাৰি মাৰি যেন, এয়াৰ পর্ট মেচাৰ সেই সংগীত আওৰাই আছে। আর্শ্চয্য! কেবল আর্শ্চয্য!

আমি সন্ধ্যা সূর্য্যাস্ত চাবলৈ, আকৌ উভটি আহিছিলো এয়াৰপর্ট মেচাৰ বুকুলৈ। ইয়াৰ আগতেও আন বহু ঠাইত সূর্য্যাস্ত চাইছো। সকলোবোৰ ঠাইৰে সূর্য্যাস্তৰ অনুভব সুকীয়া, কোনোটোৱেই কাৰোৰে লগত তুলনা নহয়। আমাৰ গাঁৱৰ সেউজীয়া ধাননী পথাৰত ডুব যোৱা বেলিটো, বুঢ়ালুইতৰ বুকুত, ধনশিৰীৰ বুকুত, হাডচনৰ বুকুত, হুগলীৰ পানীত ডুবি মৰা বেলিটোৰ মিঠা সোঁৱৰণিয়ে আজিও মোৰ মন প্ৰাণ ভৰাই ৰাখে। এয়াৰপর্ট মেচাত সূর্য্যাস্তৰ বাবে ৰৈ থাকোতে, এৰি থৈ অহা প্ৰতিখন ঠাইৰে সূর্য্যাস্তৰ অনুভবে মোৰ বুকুত গুণগুণাই উঠিছিল। খুব ভিৰ হৈছিল সেই সময়ত। বেলিটো হালধীয়াৰ পৰা ক্ৰমশ ৰঙা পপিঞ্চ এটি হৈ হেৰাই গৈছিল চিড’নাৰ পাহাৰত। মোৰবাবে এই ৩০ মিনিটৰ প্ৰতিটো চেকেন্ড, এইটো জীৱনত এক স্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব। প্ৰতিটো চেকেন্ডতেই চিড’নাৰ আকাশখনে ফাকুগুৰি খেলি, বাৰে বাৰে ৰং সলাইছিল। পৃথিৱীৰ সমস্ত গোলাপী ৰঙেই যেন কোনোবাই ঢালি দিছিল ৰঙা পাহাৰৰ বুকুত। কোমল গোলাপী ৰংবোৰ মাজে মাজে গাঢ় হৈ কমলা ৰঙী হৈ উঠিছিল। পাহাৰটোত ৰংবোৰে লুকাভাকু খেলিবলৈকে তত পোৱা নাছিল। আর্শ্চয্য কেবল আর্শ্চয্য! মই যেন চকুৰ পলক পেলাবলৈ পাহৰি গৈছিলো। অনুভব হৈছিল পাহাৰটোৰ ক’ৰবাত ৰৈ আছে সপোনৰ দুৱাৰ…সেই দুৱাৰেদি উৰি আহিব হাজাৰ হাজাৰ বাৰেৰঙী পখিলা। চিড’নাৰ আকাশত যেন জুইহে লাগিছিল, তেজৰঙী স্ফূলিংগই চানি ধৰিছিল এয়াৰপর্ট মেচাৰ ৰঙা পাহাৰ।

বেল ৰক(Bell Rock) :

বেল ৰক দূৰৰ পৰা দেখিবলৈ সাইলাখ ঘন্টাটোৰ দৰে লাগে কিন্ত ওচৰ পালে তাৰ কিছু পৰিৱর্তন হোৱা দেখা যায়। আচলতে এই ৰঙা শিলৰ গাঠনিটো দেখাত বৰ মৰমলগা। বেল ৰক ভিলেজ অব গ্ৰীক ওকৰ উত্তৰদিশত আৰু চেপেল অব দা হ’লি ক্ৰচ ৰ নিচেই ওচৰতে। বেল ৰকৰ ওচৰত পার্কিৰ বাবে বৰ কম ঠাই আছিল। আমি গাড়ী পার্ক কৰিবৰ বাবে, ৰাস্তাৰ মাজতে বেছ কিছুসময় তাত অপেক্ষা কৰিব লগা হৈছিল। মই গাড়ীৰ পৰাই সেই সৌর্ন্দয্য উপভোগ কৰিছিলো, বেল ৰকৰ ওচৰলৈ নামি গৈ চোৱা নাছিলো। কণমানীটোক গাখীৰ খুওৱাৰ সময় হৈছিল আৰু এয়াৰপর্ট মেচাৰ সংগীতৰ সুৰে মোক লগ এৰা দিয়া নাছিল। এনে অনুভব কাৰোবাৰ জীৱনত হৈছেনে নাই সেই কথা নাজানো, কিন্ত বেল ৰ’কৰ সন্মুখত থাকিও মোৰ খোজ কাঢ়ি গৈ ওচৰৰ পৰা সেই ৰুপ প্ৰত্যক্ষ কৰাৰ হাবিয়াস হোৱা নাছিল। কোনো কাৰণ নোহোৱাকৈ মোৰ দেউতালৈ মনত পৰিছিল আৰু এক বিষাদবোধে মনটো কোঙা কৰি তুলিছিল।

চেপেল অব দা হ’লি ক্ৰচ ( Chapel of the Holy Cross)

ৰঙা শিলৰ ওপৰত, মানুহে সজা এই চেপলটো দেখাত বৰ ধুনীয়া। ২০০৭ চনত এৰিজ’নাৰ মানুহে ভোট দি চেপলটো এৰিজ’নাৰ, মানুহে তৈয়াৰ কৰা সাতোটা আর্শ্চয্যৰ ভিতৰত অন্তর্ভূক্ত কৰিছিল। তিনি লাখ আমেৰিকান ডলাৰ খৰচ কৰি প্ৰায় ১৮ মাহৰ মূৰত ১৯৫৬ ত চেপলটোৰ নির্মাণ সম্পূর্ণ হৈছিল। চেপলটোৰ ডিজাইনাৰ আছিল August K. Strotz আৰু Richard hein। চেপলটো পোৱাৰ আগতে পাহাৰৰ কাষেৰে এটি ট্ৰেইন লাইন দেখা পোৱা যায়। পাহাৰৰ ভাঁজত হঠাত নাইকীয়া হৈ যোৱা এই ট্ৰেইন লাইনটো বৰ ধুনীয়া। এই ঠাইত আমি বহু সময় কটাইছিলো । চেপেল অব দা হ’লি ক্ৰচ পোৱাৰ লগে লগেই মোৰ মনৰ জঠৰতা নোহোৱা হৈ গৈছিল আৰু আগ্ৰহেৰে সেই ঠাইৰ দৃশ্য উপভোগ কৰিছিলো। ৰাস্তাৰ মাজতে এই মাত্ৰ বিয়া হৈ অহা দৰা কইনাৰ যুঁতি এটিয়ে ফটো তুলিছিল। শুভ্ৰ পোচাক পৰিহীতা কইনাৰ হাতত আছিল একুঁকি তেজৰঙী গোলাপ। ক’লা চুট পৰিধান কৰা দৰাই, কইনাৰ ককালত হাত থৈ বিভিন্ন ভংগীমাত ফটো তুলিছিল।

কর্টহাউচ বাত (Courthouse Butte)

বেলৰকৰ পূৱ দিশত আৰু চেপল অব হলি ক্ৰচৰ নিচেই কাষতেই কর্টহাউচ বাত অৱস্থিত। ই প্ৰায় ৫,৪৪০ ফুট ওখ। আমি খোজকাঢ়ি গৈ নিচেই ওচৰৰ পৰা কর্টহাউচ বাত চাইছিলোগৈ। আমাৰ অজন্তা ইলোৰাত যেনেকৈ ভার্স্কয্য খোদিত আছে ঠিক সেইদৰে প্ৰকৃতিয়ে নিজহাতেৰে এই ৰঙা শিলৰ পাহাৰৰ দেৱালত কিছুমান ভার্স্কয্য খোদিত কৰিছে। এই ভার্স্কয্যবোৰে কিছুমান ঠাইত যুদ্ধৰ সৈণিক, কিছুমানত নৃত্যৰতা ৰমণীৰ ৰূপ লৈছিল।১৭৯ হাইৱেই ৰ কাষতেই আছিল বেলৰ’ক,চেপলৰ’ক আৰু কর্টহাউচ বাত। গতিকে সেই ঠাইত আমি বেছিসময় ৰ’ব পৰা নাছিলো। পার্কিংৰ ভাল সুবিধা নাছিল আৰু তাত প্ৰচন্ড ভিৰ আছিল।

কেথেড্ৰেল ৰ’কCathedral Rock:

কেথেড্ৰেল ৰ’ক প্ৰায় ৪৯২১ফুট ওখ। আকর্ষনীয় গাঠনিৰে কেথেড্ৰেল ৰ’ক বৰ চকুতলগা। কেথেড্ৰেল ৰ’কৰ ট্ৰেইল যাত্ৰাও অতি সুন্দৰ। আমি ৰেড ৰ’ড ক্ৰচিংৰ পৰা কেথেড্ৰেল ৰ’ক চাইছিলো। ৰ’দ পৰি পানীত, কেথেড্ৰেল ৰ’কৰ প্ৰতিবিম্ব ভাহি উঠিছিল। দূৰৰ পৰা কেথেড্ৰেল ৰ’ক আঁকি থোৱা এখন কেনভাচৰ দৰে লাগিছিল। কেথেড্ৰেল ৰ’কৰ ওপৰৰ পৰা ওক গ্ৰীকখন বৰ ধুনীয়া দেখা গৈছিল। কেথেড্ৰেল ৰ’কৰ কিছুমান অংশত মই দুগৰাকীমান বিদেশী মহিলাক যোগাসন কৰি থকা দেখা পাইছিলো।

চিড’না ভৰটেক্সৰ বিষয়ে মোৰ উৎসুকতাৰ সীমা নাছিল। সেয়েহে সুবিধা পালেই সেই ঠাইৰ মানুহক এই বিষয়ে সুধিছিলো। সকলোৰে অভিজ্ঞতাবোৰ বৰ মোহনীয় আছিল। বহুবছৰ ধৰি দোকান আৰু ছবিৰ গেলাৰীত থকা সকলে কৈছিল, তেওঁলোকৰ বহুজনেই চিড’না ৰ আচৰিত চাকনৈয়া সদৃশ শক্তিৰ অনুভব কৰিব পাৰিছিল। সেই শক্তিৰ অনুভব কেনে হয় সেই কথা সোধোতে ৰেবেকা নামৰ এগৰাকী মহিলাই কৈছিল যে সেই শক্তিৰ উৎসৰ ওচৰলৈ গ’লে কেতিয়াবা শৰীৰৰ কোনোবা অংশত অদ্ভূত এক কঁপনিৰ অনুভব হয় আৰু সেইঠাইৰ চালখন এটা দিশত টানি ধৰাৰ দৰে লাগে। কেতিয়াবা কিছুমানৰ গোটেই শৰীৰটো বা কাষৰ বস্তবোৰ ঘুৰি থকাৰ দৰে লাগিছিল হেনো। মই নিজে ভৰটেস্ক শক্তিৰ এনে অনুভব কৰিব পৰা নাছিলো। কিন্ত এয়াৰপর্ট মেচাত সূর্য্যাস্তৰ বাবে ৰৈ থাকোতে নিজকে কিছুসময়ৰ বাবে হেৰুৱাই পেলাইছিলো। চিড’না চাই হেঁপাহ নপলাল। আহিবৰ সময়ত নিজকে যেন ক’লো আকৌ আহিম চিড’না,আকৌ আহিম।অকণমানী ধুনীয়া চহৰখনৰ গোটেইবোৰ ৰঙ বুকুত ভৰাই ফ্লেগষ্টাফৰ হোটেললৈ উভটি আহোতে সন্ধ্যা লাগি ভাগিছিল।ৰাস্তাৰ দাঁতিৰ হালধীয়া উচ্ছল সূৰুজমুখী ফুলবোৰ শুই পৰিছিল। ভাগৰত লেবেজান হৈ আমাৰ কণমানীয়ো কাৰচিটতে টোপনী গৈছিল।গাড়ীত বাজি উঠিছিল বিটলচৰ য়েল’ চাবমেৰিন গীত We all live in a yellow submarine, yellow submarine, yellow submarine। হঠাত ফোনটো বাজি উঠিল।নিউজার্চিৰ পৰা বান্ধৱী তানিয়াৰ ফোন- “হাই জ্যোতি, কেইচা ৰহা চিড’নাকা ট্ৰিপ”। মই তাইক হালধীয়া সূৰুজমূখী ফুলবোৰৰ কথা ক’লো। এয়াৰপর্ট মেচাৰ সূয্যাস্তৰ কথা ক’লো। তাই ক’লে, “তই কৈছ যেতিয়া চিড’নালৈ এবাৰ যাবই লাগিব। বনৰীয়া সূৰুজমুখী ফুলবোৰ কেবল তই দেখিলেই নহব নহয়”।
_তিৰুজ্যোতি বৰা দাস

References :
1. “Chapel of the Holy Cross”. Sacred Destinations. 18 April 2009. Retrieved 18 May 2010.
2. Monthly Averages for Sedona, AZ (86351)”. Weather.com. Retrieved 2011-12-05.
3. NY Times: Sedona

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments