চিনাকি-অচিনাকি: অনামিকা বৰুৱা

চিনাকি-অচিনাকি

অনামিকা বৰুৱা

: ভালপোৱাৰ সংজ্ঞা কি?
: নাজানো।
: সীমা কি?
: নাজানো।
: ভালপাব জান?
: নাজানো।
: তেন্তে কি জান?
: তোক ভাল পাওঁ।
: তোৰ মূৰটো।

যোৱা চাৰিদিনত এইকেইটা শব্দৰ বাহিৰে আৰু একো লিখিব পৰা নাই ৰূপশিখাই। ভাবিছিল এটা প্ৰেমৰ গল্প লিখিব। কিন্তু লিখিবৰ জোখাৰে সঠিক জুমুঠিটো তাই তৈয়াৰ কৰিব পৰা নাই। কিতাপে পত্ৰই বহুত কাহিনী পঢ়িছে তাই। বাস্তৱতো প্ৰেমৰ বিভিন্ন ৰূপ দেখিছে। মনৰ প্ৰেমৰ পৰা শৰীৰৰ প্ৰেমলৈকে নিতে নতুন নতুন কাহিনী আলোচিত হয় লগৰবোৰৰ লগত। দেখি শুনি হতাশ হয় ৰূপশিখা। কোনোধণৰ হীনমন্যতা বা নীচাত্মিকাবোধ নাথাকিলেও তাই প্ৰেমত পৰি পোৱা নাই। প্ৰেম তাইৰ বাবে এক ভাঙিব নোৱাৰা সাঁথৰ।
: আজি অফিচ নোযোৱা নেকি মাইনা- মাকে চিঞৰিলে।
: যাম মা। ডায়েৰীখন সামৰি উঠি আহিল ৰূপশিখা। আজিও একো লিখা নহ’ল। ঘড়ীলৈ চাই ৮.৩০ হোৱা দেখি খৰধৰকৈ বাথৰুমত সোমাল গৈ তাই।

তিনিচুকীয়া প্ৰধান ডাকঘৰত নতুনকৈ জইন কৰিছে তাই, পল্লবী, চন্দ্ৰমা, পবিত্ৰ, সঞ্জয় আৰু স্বৰ্ণজিতে। বাকী পৰিস্মিতা, মিহিৰ, হৃষীকেশ, সন্দীপ আৰু খনীন্দ্ৰ চাব অফিচত আৰু ইন্দ্ৰজিত ডিবিজন অফিচত। কম বয়সতে চাকৰিত সোমায় প্ৰথম প্ৰথম সিহঁতকেইটাৰ ভালেই লাগিছিল। কিন্তু অলপ দিন যোৱাৰ পাছত বাকীবোৰৰ কথা নাজানে তাই নিজে হ’লে বিৰক্তিবোধ কৰিছে। সদায় অফিচটোত কিবা নহয় কিবা প্ৰবলেম থাকেই। কামো সেই একেবোৰেই। কম স্টাফক লৈ প’ষ্টমাস্টৰৰ দোমোজা কাক ক’ত দিব। পাব্লিকৰ কমপ্লেইণ্ট। এজেণ্টবোৰৰ ওজৰ–আপত্তি। পুৱা ৯.৩০ৰ পৰা ৫.৩০লৈকে অফিচ। বন্ধ চন্ধ নাই। দেওবাৰটোত শুবলৈকে সময় নোজোৰে তাইৰ। কিয়নো চাকৰিত সোমালো বুলি বৰ আক্ষেপ হয় তাইৰ! পঢ়াত চোকা ছোৱালী তাই। চিভিল চাৰ্ভিচৰ পৰীক্ষা ট্ৰাই কৰিছে তাই। পালেই গুচি যাব। নকৰে ডাকঘৰৰ এই একঘেয়া চাকৰি। তথাপি দৰমহা পোৱাকেইদিন মনটো ভাল লাগি থাকে।……আজি এম.আই.এচ ( monthly income scheme) কাউণ্টাৰত বহিছে তাই। আৰু পবিত্ৰ চেভিংছৰ ডিপোজিত কাউণ্টাৰত। বুঢ়াকেইজনক বিদায় দি এজেণ্টৰ ল’টখিনি মাৰি শেষ কৰে মানে দুটা বাজিল। ভোক লাগিছে। পবিত্ৰলৈ চাই দেখে সি থৰ লাগি মুখ মেলি বহি আছে।
: অ’ই মুখখন বন্ধ কৰ। মাখি সোমাব এতিয়া।
সি একো নামাতিলে। লৰচৰো নকৰিলে। তেনেদৰেই থাকিল। অলপ আগতে বৰ ধুনীয়া ছোৱালী এজনী তাৰ কাউণ্টাৰৰ পৰা গৈছিল। সি চাগে তাইকেই মনত পেলাই আছে। ছোৱালী বুলিলে অলপ আমনি লগাকৈয়ে ৰিয়েক্ট কৰে সি। এনেই সি ল’ৰাটো সিমান বেয়া নহয়। কিন্তু তাৰ এই ছোৱালীক লৈ কৰা বলিয়ালিবোৰৰ কাৰণে মাজে মাজে অসহ্য লাগে ৰূপশিখাৰ।
: কি পাহৰিলি অ’ই? কিবা নম্বৰ চম্বৰ দি গৈছিল নেকি? নে ভুলতে টকা বেছি দি দিলি? খাবলৈ যাবি নে এতিয়া? মই হ’লে যাওঁ ভোক লাগিছে। পবিত্ৰলৈ চাই আকৌ ক’লে ৰূপশিখাই।
এইবাৰ সি তাইলৈ মূৰ ঘূৰায় চাই ক’লে- আচলতে ছোৱালী এইবোৰকহে কয়। তই কি বুজিবি ৰূপ কি যৌৱন কি! তাইক দেখি তোৰ হিংসা লাগিছিল ন? মই জানোতো। তই হ’লি আগে গুৰিয়ে সমান। কাপোৰো যিসোপাহে পিন্ধ তাৰমাজত তোৰ ফিগাৰ বিচাৰিবলৈ গ’লে পণ্ডশ্ৰম হ’ব। তাইক দেখিছিলি কি গাৰ ৰং; কি চকু; কি ওঁঠ; কি চুলি! বাঃ মানিব লাগিব। তাতে পিংক কালাৰৰ টপ আৰু টাইট জীনছ্‌টোৱে তাইৰ ফিগাৰৰ যি বিজ্ঞাপন দিছে মই কি কোনোবা ঋষি মুনিয়েও তাইক দেখিলে পাগল হৈ যাব।
:হ’ব দে তই আৰু অলপ সময় তাইৰ ধ্যান কৰ মই টিফিন খাবলৈ যাওঁ- বুলি তাক আৰু একো ক’বলৈ নিদি টকাৰ ড্ৰয়াৰটো লক কৰি তাই কেণ্টিনলৈ গুচি গ’ল।

কেণ্টিনত গৈ দেখে পল্লবী, চন্দ্ৰমা, ৰিংকু, মনীষ আৰু স্বৰ্ণজিতে সঞ্জয়ক লৈ কিবা হুলস্থুল কৰি আছে। তাই গৈ বহাৰ লগে লগে চন্দ্ৰমাই ক’লে সঞ্জয়ৰ এটা গুড নিউজ আছে। স্মৃতিৰ লগত তাৰ বিয়া ঠিক হ’ল। মানে ইমানদিনে সি ভালপাই অহা ছোৱালীজনীক ঘৰৰ পৰাও স্বীকাৰ কৰি ল’লে। নহ’লে সি বেচেৰাই বৰ চিন্তাত পৰি আছিল। কাৰণ স্মৃতিৰ লগত তাৰ কাষ্ট নিমিলে। আৰু তিনিবছৰৰ পাছত সিহঁতে বিয়া পাতিব। শুনি ভাল লাগিল ৰূপশিখাৰ। সঞ্জয়ক কংগ্ৰেচুলেচন দিলে। টিফিন খাই থাকোতেই আটাইকেইটাই সঞ্জয়ক ধৰিলে এতিয়া এটা পাৰ্টি দিব লাগে বুলি। সঞ্জয় ঠাণ্ডা ল’ৰা। সি কিনো পাৰ্টি লাগে বুলি কওঁতেই গোটেইকেইটাই হেচাঁ মাৰি ধৰিলে যে চাকৰিত সোমোৱাৰ পৰা সিহঁতে ভালকৈ একো এটা এন্‌জয় কৰিব নাই পৰা। গতিকে এই বাহানাতে সিহঁতে পাৰ্টি খাব তাকো চেণ্টাৰ পইণ্টত। ঠিক হ’ল দেওবাৰে এটা বজাত গোটেইকেইটা গোট খাব হোটেল চেণ্টাৰ পইণ্টত। স্মৃতিকো মাতিব। ভাল লাগিব। ছোৱালীকেইজনীয়ে কথা পাতি ঠিক কৰিলে আটাইকেইজনীয়ে শাৰী বা মেখেলা চাদৰ পিন্ধিব।

এই শাৰী বা মেখেলা চাদৰ পিন্ধিবলৈ বৰ টান পায় ৰূপশিখাই। তাতকৈ চুৰিদাৰ বা কুৰ্টি আৰু লেগিংচ পিন্ধা কিমান সহজ! তথাপি তাই মূগাৰ মেখেলা খনৰ লগত ৰঙা ফুল থকা চাদৰ এখন পিন্ধিলে। লগাওঁ নলগাওঁকৈ পাতলকৈ লিপষ্টিক অলপো বুলাই ল’লে ওঁঠত। চুলিখিনি বান্ধিব খুজিও কিয় জানো নাবান্ধিলে। সৰু ক্লিপ এডালেৰে দুডালমান চুলি ধৰি এনেই পিছফালে টানি থলে। আয়নাখনত নিজক দেখি ভাল লাগিল ৰূপশিখাৰ। মাকে জোৰ কৰি ফোঁট এটা লোৱালে। ৰিক্সাৰে গৈ তাই যেতিয়া চেন্টাৰ পইণ্টৰ আগত নামে তেতিয়া ঘড়ীত ১.৩০ বাজিছে। সকলো ৰৈ আছে তাইলৈকে। তাইৰ অলপ লাজ লাগিল। কিহে পাইছিল তাইক আজি ইমানকৈ সাজিবলৈ!
: বাহ্‌ বেলেগ আৰু দেই। তোক আজি চিনিবই নোৱাৰি দেখোন বুলি আটাইবোৰেই কিবা এষাৰ এষাৰ ক’লে তাইক। মাত্ৰ পবিত্ৰই একো নক’লে। হুলস্থুল কৰি আটাইকেইটা হোটেললৈ সোমায় গ’ল। হাঁহি ফুৰ্টি কৰি প্ৰায় দুঘণ্টা সময় কটালে সিহঁতে। আহিবৰ সময়ত ৰূপশিখাই ইমান সময়ে বেগত লুকুৱাই থোৱা ৰঙা গোলাপ এপাহ স্মৃতিক আৰু সঞ্জয়ক সৰু চেণ্টৰ বটল এটা দিলে।
: অ’ই তই অকলে অকলে গিফ্ট আনিলি যে বুলি পল্লবীয়ে চিঞৰি উঠিল।
: গিফ্ট নহয় অ। আনন্দৰ সৌৰভ অলপ সিহঁতৰ জীৱনৰ লগতে আমাৰ জীৱনতো বিয়পি পৰিল আৰু। ইয়াতকৈ বেলেগ কি লাগে ক!
: হয় দে তই মানুহেই বেলেগ। ব’ল যাওঁ বুলি সঞ্জয় উঠিল। লাহে লাহে হোটেলৰ পৰা ওলায় আহিল সিহঁতকেইটা। চন্দ্ৰমাই ক’লে তাই বাহিৰে বাহিৰে গীটাৰ ক্লাচলৈ যাব। বায়েক ৰৈ থাকিব তাইলৈ। সঞ্জয়ে স্মৃতিক থবলৈ ওলাল। পল্লবী আৰু ৰিংকু বিগ‌‌‍ বজাৰলৈ যায়। অকস্মাত পবিত্ৰই ৰূপশিখাক ক’লে –“ব’ল আজি তহঁতৰ ঘৰলৈ যাওঁ।” ৰূপশিখাই তাৰ মুখলৈ চালে। সি সঁচা কৈছে নে মিছা কৈছে তাই ধৰিব নোৱাৰিলে। আজি এনেও সি কথা কম কৈছে। কিবা এটা যেন হৈছে তাৰ!
: সঁচা কৈছ নে?
: মিছা ক’বলে কি আছে? অ’ই ৰিক্সা বুলি সি ৰিক্সাত উঠি তাইকো মাতিলে। অলপ আচহুৱা যেন লাগিল ৰূপশিখাৰ। লগ পোৱাৰ দিনৰে পৰা তাই তাক ইমান নীৰৱে থকা কেতিয়াও নাই দেখা। আজি কি হ’ল তাৰ! ওৰে বাটে তাই তাৰ কথাকে ভাবি গ’ল। সদায় পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকি ভাল পায় সি। স্মাৰ্ট সাজ পোছাকেৰে কথা বতৰাতো যথেষ্ট স্মাৰ্ট সি। লগ সমনীয়াক সকলো সময়তে সহায় কৰিবলৈ সদায় তত্পৰ সি। কথা অলপ বেচি কয়। ছোৱালীৰ প্ৰসংগ ওলালে কেতিয়াবা তাৰ কথাই সীমা চেৰাই যায়। এই এটা দোষৰ বাহিৰে তাক বৰ এটা বেয়া নালাগে। বাকী তাৰ ঘৰ তেজপুৰত। মাক বায়েক আৰু ভনীয়েক আছে। মাক কোনোবা কলেজৰ অধ্যাপিকা। তাৰ বিষয়ে এইখিনিয়ে জানে তাই। বৰগুৰিৰ পেট্ৰল ডিপোটো পোৱাৰ লগেই লগেই তাই ক’লে –“ইয়াতে নামো দে। অলপ খোজ কাঢ়িম। খোৱাটো ইমান ৰিচ্চ্‌ হ’ল পেটটো ভাল লগা নাই।” ৰিক্সাৰ পৰা নামি তাই ভাৰাটো দিয়াৰ আগতেই সি দিলে।
: তই কিয় দিলি? মই দিলোঁ হেঁতেন নহয়।
: বেচি কিয় কৰনো? মই দিলোঁ কি হ’ল? ব’ল এতিয়া।

দুইটাই খোজ ল’লে। অলপ দূৰ গৈয়েই ৰূপশিখাই পবিত্ৰক সুধিলে
: তোৰ আজি কি হ’লনো ইমান মনে মনে আছ যে? তোক এনেকৈ থকা মই কেতিয়াও নাই দেখা। আজি মোক চবেই কিবা কিবি ক’লে তই একো নক’লি যে! নে আজিও মোক ছোৱালী যেন লগা নাই নেকি তোৰ?
: শিখা, তোক এটা কথা কওঁ? তই আৰু কেতিয়াও এনেকৈ নাসাজিবি। তোক বাহ্যিক সাজোনৰ প্ৰয়োজন নাই। তোৰ দুচকুৰে তোৰ ব্যক্তিত্বৰে তোৰ যি সৌন্দৰ্য্য প্ৰকাশ পায় সেইয়াই তোক সুন্দৰ কৰি তুলি ধৰিবলৈ যথেষ্ট। আনৰ চকুত ধুনীয়া হোৱাৰ প্ৰয়োজন নাই তোৰ।
একো নুবুজি বুৰ্বকৰ দৰে পবিত্ৰলৈ চালে ৰূপশিখাই। ব’ল ক’ৰবাত অলপ বহোঁ। তোৰ লগত বহুত কথা পাতিবৰ মন গৈছে। বহিবি? জুৰীয়া নামঘৰটো পাৰ হৈ অলপ দূৰ গৈয়েই পোৱা কালভাৰ্টটোতে বহিল সিহঁত দুটা। কিছুসময় মনে মনে থকাৰ পাছত পবিত্ৰই সুধিলে
: মোক দেখি তোৰ কি ভাব হয় সঁচা কথা ক’চোন?
: কি ভাব হবনো! আনবোৰৰ দৰে একেই এটা ল’ৰা তই। মাত্ৰ ছোৱালী দেখিলে অলপ বেছি বেছি কৰ।
: ছোৱালী পগলা যেন লাগে ন?
: অঁ।
: মোৰ এটা কাহিনী আছে। যিটো কোনেও নাজানে। কাকো কোৱাও নাই মই। কিয় জানো আজি তোক ক’বৰ মন গৈছে। শুনিবি?
উত্তৰ নিদিলে ৰূপশিখাই। তাইৰ হাত এখন নিজৰ হাতৰ মাজত লৈ আত্মমগ্ন হৈয়ে কৈ গ’ল পবিত্ৰই-

“মা-দেউতা বা’-ভণ্টিৰে বৰ সুখৰ আছিল আমাৰ পৰিয়ালটো। হাঁহি ধেমালিৰ মাজেৰেই দিনবোৰ গৈ আছিল। মোৰ বা’ বৰ শান্ত-শিষ্ট প্ৰকৃতিৰ আছিল। গান গাইছিল। বা’ৰ তুলনাত ভণ্টি বৰ চঞ্চল আছিল। আমাৰ সকলোৰে বৰ মৰমৰ আছিল তাই। সকলোতে আগৰণুৱা আছিল তাই। গান-বাজনা খেলা ধূলা সকলোতে পাকৈত আছিল তাই। দেখা শুনাতো বৰ ধুনীয়া আছিল তাই। মানুহৰ লগত মিলি জুলি থাকিবলৈ বৰ পাইছিল। সকলোকে সহজতে বিশ্বাস কৰিছিল। আৰু এই বিশ্বাসেই এদিন তাইলৈ ধ্বংস কঢ়িয়াই আনিলে। কলেজ উইক চলি আছিল সিহঁতৰ। খেলা শেষ কৰি ঘৰলৈ উভতোতে তাইৰ প্ৰায়ে পলম হয়। দেউতাই সদায় তাইক আনিবলৈ যায়। সেইদিনা তাইয়ে ফোন কৰি দেউতাক ক’লে-“দেউতা তুমি আজি আহিব নালাগে। আজি আমাৰ ফাইনেল খেল আছে মোৰ অলপ দেৰি হ’ব মই কৰবীৰ লগতে যাম।” কৰবী আমাৰ ঘৰৰ ওচৰতে থাকে। গতিকে কোনেও বিশেষ একো নাভাবিলোঁ। কিন্তু নিশা ৮ বজাটো যেতিয়া তাই ঘৰ নোলালহি তেতিয়া আমি চিন্তিত হৈ উঠিলো। কলেজত খবৰ কৰিলো। লগৰবোৰক খবৰ কৰিলোঁ। সকলোৱে ক’লে সন্ধিয়া ৭টাতে খেলা শেষ হৈছিল। তেন্তে ইমান সময় তাই ক’লৈ গ’ল? কৰবীহঁতৰ ঘৰতো খবৰ ল’লোঁ। নাই কৰবীয়ে একো নাজানে। পুলিচত খবৰ দিলোঁ। বহুত বিচাৰ খোচাৰৰ অন্তত শেষৰাতি পুলিচে তাইক বিধ্বস্ত অৱস্থাত উদ্ধাৰ কৰিছিল চহৰৰ পৰা দূৰৈত এটা পৰিত্যক্ত ঘৰত। দলবদ্ধ ধৰ্ষণৰ চিকাৰ হৈছিল তাই। মুহুৰ্ততে দুৰ্য্যোগ নামি আহিছিল আমাৰ পৰিয়ালটোলৈ। কি হ’ল কিয় হ’ল কেনেকৈ হ’ল একো শুংসূত্ৰ উলিয়াব নোৱাৰিলে পুলিচে। মিডিয়াৰ হাতত পৰি ঘটনাটোৱে বিকৃত ৰূপ ল’লে। সৰহসংখ্যকে আঙুলি টোঁৱালে মোৰ ভণ্টিৰ চৰিত্ৰলৈ। অথচ তেতিয়ালৈ তাই কোনো উত্তৰ দিব পৰা অৱস্থাত নাছিল। মানসিক ভাৰসাম্য হেৰুৱাইছিল তাই। নিজা ববীয়াকৈ আমি গম পাইছিলো সেইদিনা কৰবীৰ ককায়েকে বেডমিণ্টনৰ খিতাপ জিকাৰ অজুহাতত পাৰ্টি দিবলৈ বুলি ভণ্টিক ক’ৰবালৈ লৈ গৈছিল। ভণ্টি নতুনকৈ তাৰ প্ৰেমত পৰিছিল। কোমল বয়সৰ অপৈণত প্ৰেম কি ভয়ংকৰ! তাৰ পাছৰখিনি সহজেই অনুমেয় যদিও প্ৰমাণৰ অভাৱত আমি একো কৰিব নোৱাৰিলো। ইতিমধ্যে মিডিয়াৰ সমালোচনা সহিব নোৱাৰি ষ্ট্ৰোক হৈ দেউতাৰো মৃত্যু হ’ল। মই চাৰিওফালে ধোঁৱা কোৱা দেখিলো। কিন্তু মোৰ মাৰ সাহস মই মানিব লাগিব। মায়ে সাহসেৰে সাৱটি ৰাখিলে মোক, বা’ক আৰু ভণ্টিক। মায়ে বুজালে এই পৃথিৱীত সেইজনেহে টিকি থাকিব পাৰে যিয়ে নিজক সবল কৰি ৰাখিব পাৰে। সুখ দুখ দুৰ্য্যোগ এইবোৰ মানুহৰ জীৱনৰ নিৰ্মম সত্য। যিমান সহজে তাক স্বীকাৰ কৰিব পাৰি সিমান সহজেই তাক সহ্য কৰিব পাৰি। সহ্য শক্তি বাহিৰৰ পৰা নাহে। ই ভিতৰৰ পৰা জন্মে। ইয়াৰ জন্মদাতা তুমি মই আমি নিজে। পাৰ হৈ আহিলো দুৰ্য্যোগৰ দিন মাৰ ভৰষাতে। বায়ে মাষ্টাৰ ডিগ্ৰী পাছ কৰি স্কুল এখনত জইন কৰিছিল যদিও ভণ্টিৰ কাৰণেই চাকৰি এৰি দিলে। তাই আজিকালি এটা দুটা কথা কয়। ডাক্তৰে কৈছে খুব সোনকালে তাই সুস্থ হৈ উঠিব। মাত্ৰ তাইক অলপ মেণ্টেল চাপৰ্ট লাগে। সিদিনা যে মোৰ কাউণ্টাৰলৈ ছোৱালীজনী আহিছিল মোৰ ভণ্টি দেখিবলৈ ঠিক তাইৰ দৰে। সেয়ে মই বহুত সময় থৰ লাগি আছিলো। আচলতে ছোৱালী দেখিলে মই নিজকে সেই লম্পট কেইটাৰ শাৰীত নিজকে বহুৱাই চাওঁ যিকেইটাই ক্ষন্তেকীয়া সুখৰ কাৰণে মোৰ ভণ্টিৰ জীৱনটো ধ্বংস কৰিলে। ময়োতো ল’ৰা। মোৰোতো কামনা বাসনা আছে। সেয়ে হকে বিহকে মই যা তা কমেণ্ট দিওঁ। কিন্তু এটা জীৱন ধ্বংস কৰিবৰ জোখাৰে মনৰ মাজত কোনো লোভ কোনো লালসা জগাই তুলিব নোৱাৰো দেখোন! ভণ্টিৰ জীৱন ধ্বংস হোৱাৰ বাবে মোৰ নিজকে অপৰাধী যেন লাগে কেতিয়াবা। ল’ৰা হোৱাৰ অপবাদে মোক থকা সৰকা কৰে। সেয়ে মায়ে আপত্তি কৰা স্বত্তেও মই ইয়ালৈ চাকৰি কৰিবলৈ গুচি আহিলোঁ। কালি বায়ে ফোন কৰি কৈছে ভণ্টিয়ে হেনো আকৌ হাতত ৰং তুলিকা তুলি লৈছে। তাই কালি এখন ছবি আঁকিছে। নীলা আকাশত উৰি থকা এটা উৰণীয়া চৰাইৰ ছবি। শুনি মোৰ কেনে লাগিছে তোক মই বুজাই ক’ব নোৱাৰিম শিখা। কালি ওৰে ৰাতি ভাবি মই এটা সিদ্ধান্ত লৈছোঁ। মই ইয়াত এটা ডাঙৰ ভাৰাঘৰ লম। মা, বা আৰু ভণ্টিক ইয়ালৈ লৈ আনিম। তেজপুৰত থকা ঘৰটো ভাৰালৈ দি দিম। পৰিবেশৰ সলনি হ’লে ভণ্টিও সোনকালে ভাল হৈ উঠিব। এই ক্ষেত্ৰত তই মোক সহায় কৰিবি শিখা?”
: ????
: স্বাৰ্থপৰৰ দৰেই মই তোক বিচাৰিছোঁ মোৰ জীৱনত। আহিবি মোৰ জীৱনলে? তোৰ অন্তৰাত্মাৰ পোহৰেৰে মোৰ লগতে মোৰ সৰু পৰিয়ালটোকো পোহৰাই যাবি। মোৰ অসুস্থ ভণ্টিক তোৰ সৌন্দৰ্য্যৰ পৰশেৰে অলপ উজ্বলাই যাবি। ক’ দিবি মোক তোৰ সান্নিধ্য?
একো নক’লে ৰূপশিখাই। পবিত্ৰৰ হাতখন তাইৰ দুয়োখন হাতেৰে জোৰেৰে চেপি ধৰিলে। সন্ধিয়াৰ আকাশত তেতিয়া এটা দুটা তৰাই ভুমুকি মাৰিছে।
: যাওঁ ব’ল। চাকি দিবৰ হৈছে। যুৰীয়া নামঘৰত সেৱা এটা কৰি যাম আহ। নীৰৱতাখিনিয়ে তেতিয়া অধিক বাঙ্ময় হৈ আগুৰি ধৰিছিল দুয়োটাকে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments