চিনাকি- অচিনাকি (পাৰ্থ পি. বৰা)

মানুহ ভেদে অভ্যাসো বেলেগ বেলেগ। কোনোজনে যদি পুৱা শুই উঠি নিমখ দিয়া ফিকা চাহৰ জুতি বিচৰা দেখোঁ, আন কোনোজনে আকৌ বাবা ৰামদেৱক অনুকৰণ কৰা দেখোঁ। মোৰ অভ্যাসটোও অৱশ্যে বিশেষ ব্যতিক্ৰমী নহয়। মুখ ধুই বাতৰিখন আৰু চাহ একাপেৰে দিনটো আৰম্ভ কৰোঁ। আজিকালি বাতৰি কাকত পঢ়াটো বাৰিষা চোতালৰ বন চিকুণুৱাৰ দৰে। সপ্তাহৰ মূৰত এদিন একেবাৰে চিৰদিনৰ কাৰণে বনখিনি চিকুণাই দিবৰ প্ৰয়াস কৰিলেও আকৌ দুদিনতে বনবোৰ গজি উঠাৰ দৰে এদিন দুৰ্ঘটনা, ধৰ্ষণ আদি বাতৰিসমূহ পঢি শেষ কৰি পেলাবৰ মন গ’লেও আকৌ সেই একেবোৰ অনাকাংক্ষিত বাতৰিয়ে আগুৰি ধৰে। অৱশ্যে অমুকে তমুক বঁটা পোৱা, নতুন আঁচনি আদিৰ বাতৰিয়ে সময়ে সময়ে কাকতত পপীয়া তৰাৰ দৰে ভূমুকি মাৰি পুনৰ অদৃশ্য নোহোৱাও নহয়।

আজি দেওবাৰ বুলি কিছু পলমকৈ বিচনা এৰাৰ মানসেৰে বিচনাতে বাতৰিখন মেলিলোঁ। আজিৰ বাতৰিসমূহো গতানুগতিক। মূল শিৰোণামাসমূহত চকু ফুৰাই দ্বিতীয় পৃষ্ঠাৰ বিজ্ঞাপনবোৰতে চকু থলোঁ। স্থানীয় বাতৰি, মহানগৰীৰ বাতৰিসমূহ ওপৰে ওপৰে চাই সপ্তম পৃষ্ঠাত চকুযুৰিয়ে খন্তেক জিৰাব খুজিলে। ভৰ দুপৰীয়া দূৰণিবটীয়া বাটৰুৱা এজনে অচিনাকি নিৰ্জন পথৰ দাঁতিত থকা গছৰ ছাঁত জিৰাই ঠাইডোখৰ পৰ্যবেক্ষণ কৰাৰ দৰে মোৰ চকুযুৰিয়েও মন, মগজু স্থিৰ কৰি সাহিত্য পৃষ্ঠাত চকু ফুৰালে।

*****************

আজিকালি দূৰণিবটীয়া যাত্ৰা বুলিলেই মোৰ মনটো বাল্যকালৰ দৰে উৎসাহিত হৈ নুঠে, চিন্তাৰে ভৰি পৰে। ৰূপহী অসমৰ জোনাকী বাটেৰে বাছৰ জোকাৰণি খাই কৰা যাত্ৰায়ে মোৰ কাৰণে চিন্তাৰ মূল কাৰণ। গতিকে বিভিন্ন সময়ত সহযাত্ৰীজনৰ লগত সেই কষ্টখিনি ভগাই লোৱাৰ চেষ্টা কৰোঁ। কেতিয়াবা কপাল ফুলিলে পুঠি, গৰৈৰ বৰশীত পাভ, কুঁহি উঠাদি মনে মিলা সহযাত্ৰীও পোৱা যায়। মোৰ কথা চহকী মুখখনে পিচে সহজতে কাকো সকাহ নিদিয়ে। আপুনি ক’লৈ যাব…??বুলি মেল খোৱা মুখখন বন্ধ হ’বই নোখোজে। তামোল হেনো অসমৰ জাতীয় ফল(?)। আজিকালি স্বাস্থ্য সজাগতা অনুষ্ঠান চাই, শুনি দাঁতৰ যতন লোৱা আধুনিক(?)অসমীয়াসকলে তামোল নিষিদ্ধ কৰিলেও আমাৰ পক্ষে তামোল এৰাটো সহজ নহয়। ৰাস্তাৰ গুণাগুণ নিৰ্ধাৰণ কৰি চালকে গিয়েৰ সলনি কৰাৰ দৰে সুযোগ পালেই তামোল মুখত ভৰাওঁ। মুঠতে অকলশৰীয়া যাত্ৰা, আৰু ফল বিহীন বাৰীৰ ঢাপৰ গছ একেই। যাত্ৰাটো বাতিল কৰিব নোৱাৰি, যোৱাটো জৰুৰী। গছডাল কাটিব নোৱাৰি, ছাঁ পৰাটো জৰুৰী।
এইবাৰ যাত্ৰাৰ পূৰ্বে ঘৰতে ঈশ্বৰক খাটি গলোঁ যেন কোনোবা মনে মিলা সহযাত্ৰী এজন পাওঁ। নিজৰ আসনলৈ গৈ দেখোঁ মধ্যবয়সীয়া লোক এজন মোৰ সহযাত্ৰী। তেওঁ যথেষ্ট হতাশ মনেৰে খিৰিকীৰে বাহিৰলৈ চাই এনেদৰে কিবা কথা চিন্তা কৰি আছে যেন দুই এদিনতে চীনা সৈন্যই অসমখন দখল কৰি লোৱাৰ পৰিকল্পনা সৰ্ম্পকে তেওঁ অৱগত। মই নিজৰ বস্তু-বাহানি থান-থিত লগাই হাতত পানীৰ বটলটো, আলোচনী এখন লৈ আসনত বহিলোঁ। মোৰ পিতৃৰ বয়সৰ মানুহজনৰ লগত বিশেষ একো কথা পাতিবলগীয়া নাথাকে গতিকে আলোচনী খনকে মেলিলোঁ। সূচীপত্ৰত চকু ফুৰাই মোৰ প্ৰিয় গল্পকাৰ গীতাৰ্থ পাঠকৰ গল্প এটা পাই তাতে মগন হ’লোঁ। সহযাত্ৰীজনে মাজতে মাত লগালে‌-
: ভাইটি,পানী অলপ পাম নেকি?
: নিশ্চয়, নিশ্চয়।– বুলি পানী বটলটো তেওঁলৈ যাচিলোঁ।
মোৰ দৰে পানী বটল লগত লৈ যাত্ৰা কৰাৰ অভ্যাস তেখেতৰ নাই যেন লাগিল।ধন্যবাদ জনাই তেওঁ নিজৰ মৌনব্ৰত চলাই নিলে।
মই গল্পটো পঢিব ল’লোঁ। শিৰোণামা ‘সাপ’। গীতাৰ্থ পাঠকৰ গল্প মানেই অপূৰ্ব সোৱাদ। দুশাৰীমান মনোযোগেৰে পঢ়িবলৈ আৰম্ভ কৰোঁতে তেখেতে সুধিলে-
:তুমি গল্প পঢ়া?(পূজাৰ মেলাত গৰম গৰম জেলেপি কিনি খাবলৈ ল’ওঁতে যেন সুধিলে-তুমি মিঠাই খোৱা?)
:হয়, হয়। মাজে মাজে পঢ়োঁ। আপুনি পঢ়েনে ? গীতাৰ্থ পাঠকৰ গল্প পঢ়েনে ?
:”পঢ়োঁ, তেখেতৰ সকলো লেখাই মই পঢ়োঁ। কাৰণ তেখেত মোৰ সহকৰ্মী তথা ভাল বন্ধু।”- হাহিঁ মাৰি ক’লে।
:আপুনি তাৰমানে তেজপুৰৰ? আগ্ৰহেৰে সুধিলোঁ।
:হয়, পিছে তুমি?
:মোৰ আচল ঘৰ লক্ষীমপুৰত। বৰ্ত্তমান মহানগৰীতে থাকি পঢ়ি আছোঁ।
বিশেষ একো নকৈ তেওঁ হাঁহিলে। আগতকৈ তেওঁৰ মুখখন উজ্জ্বল দেখা গ’ল।
:গীতাৰ্থ পাঠক হেনো তেওঁৰ চদ্মনাম। প্ৰকৃত নামটো কি নো?
:বেয়া নাপাবা। মই তোমাক ক’ব নোৱাৰিম। তুমিও চাগে তেখেতৰ প্ৰায়ভাগ গল্পই পঢ়িছা?কেনে পোৱা তেখেতৰ লেখা?
তেখেতৰ আগ্ৰহ দেখি বিস্মিত হ’লোঁ। কথাৰ মহলা মাৰিবপৰা লোক বুলি জানি সকাহ পালোঁ। গল্পটো সামৰি কথাৰ পাতনি মেলিলোঁ।
:প্ৰথম কথা, পাঠকদেৱৰ গল্পৰ লিখনশৈলীয়ে মোক বিশেষভাৱে আকৰ্ষিত কৰে। অলপ ব্যতিক্ৰমী, নতুনত্ব থকা মূল: বাস্তৱ জীৱনৰ লগত সংগতি থকা। এনে লাগে যেন প্ৰতিটো গল্পৰে তেওঁ নিজৰ বাস্তৱ জীৱনৰ একো একোটা ঘটনা।
:হয়, তেখেতে বেছিভাগ কথা নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই লিখে ।
:পিছে মোৰ সকলোবোৰ বিশ্বাস নহয়। এজন মানুহৰ ইমান বৈচিত্ৰ্যময় ঘটনা ঘটিব পাৰেনে?
:হ’ব পাৰে। একো অসম্ভৱ নহয়।
:”তেখেতৰ গল্পসমূহ মূল চৰিত্ৰটো প্ৰথম পুৰুষত লিখে আৰু শিক্ষক বৃত্তিটোৰ কথা বেছি উল্লেখ পাওঁ।”– মই ক’লোঁ।
:হয়। তেখেত বৃত্তিত এজন শিক্ষক। মোৰ সহকৰ্মী।
:আপুনি সৌভাগ্যৱান। তেখেতৰ নিচিনা লেখক এজনক সহকৰ্মীৰূপে পাইছে।
:”হয় হয়।” তেওঁ হাহিঁলে।
:মোৰ বৰ মন আছে তেখেতক লগ পাবলৈ। বহুত কথা সুধিব আছে তেখেতক।
:কেনে ধৰণৰ কথা?
:কেনেধৰণৰ কথা মানে- এই ধৰক তেওঁৰ লেখাবোৰৰ ওপৰত আলোচনা। তেওঁৰ গল্পৰ ওপৰত মোৰ মতামত জনালোঁহেঁতেন। তেখেতৰ লেখাৰ লগত যোগাযোগৰ একো ঠিকনা প্ৰকাশ নকৰে কিয় ? মোৰ ধাৰণামতে লেখক আৰু পাঠকৰ মাজৰ এটা যোগাযোগে লেখকজনক উপকৃত কৰে।
:তোমাৰ ধাৰণাটো সম্পূৰ্ণ শুদ্ধ। পাঠক ডাঙৰীয়াইও তেখেতৰ লেখাৰ সম্পৰ্কে আমাৰ লগত প্ৰায়ে আলোচনা কৰে।
:পিছে তেখেতৰ বন্ধুকেইজনৰ উপৰিও বিভিন্ন পাঠকৰ বিভিন্ন মতামত থাকিব পাৰে। সেইবোৰো তেওঁৰ কাৰণে গ্ৰহণীয়। আপুনি তেখেতক মোৰ ফালৰপৰা এটি অনুৰোধ কৰিব যাতে পৰৱৰ্তী লেখাসমূহত তেখেতে অন্ততঃ ম’বাইল নম্বৰটো প্ৰকাশ কৰে।
:”নিশ্চয় ক’ম।” তেখেতে দায়িত্ব ল’লে।
গীতাৰ্থ পাঠকৰ লেখাৰ কথা সিমানতে সামৰি আমি অন্যান্য লেখক-লেখিকাৰ সৃষ্টিৰাজিৰ আলোচনাত ম’গ্ন হ’লোঁ। বিভিন্ন মতৰ মিল-অমিল, যুক্তি-তৰ্কৰে আমাৰ বয়সৰ ব্যৱধান কমাই দুজন পুৰণি বন্ধুত পৰিণত কৰি তুলিলে। আমনিত দুপৰীয়াৰ সাজৰ লগত যেন আমি গল্প, কবিতা ইত্যাদিও হজম কৰিলোঁ। সকলোৰে সৃষ্টিৰাজিৰ অস্ত্ৰোপচাৰ চলিল আমাৰ আলোচনাত। মাজতে সুধি দিলোঁ-

:আপোনাক প্ৰথম দেখি বৰ চিন্তিত যেন লাগিছিল। কিবা সমস্যাত পৰিছে নেকি?
:সমস্যা।মানুহৰ জীৱনত জানো কাহানিবা সমস্যাৰ অন্ত পৰে??জীয়াই থাকো মানে সমস্যাটো থাকিবই। মোৰো তেনেকুৱা সৰু-সুৰা সমস্যাই আৰু।
:বেয়া নাপায় যদি ক’ব নেকি আপোনাৰ আজিৰ সমস্যাটো কি? কিজানি কিবা সমাধান দিব পাৰোঁৱেই।
:বেয়া পোৱা-নোপোৱাৰ কথা নহয় অ’। কিমানটা সমস্যাৰ কথানো ক’ম। গুৱাহাটীলৈ আহিছিলোঁ বৰপোনাক লগ পাবলৈ। সি হেনো দিল্লীত পঢ়িবলৈ যাব তাৰ কাৰণে পইচা পাতি কিছু দি আহিলোঁ।
:”সেইটো আকৌ কি সমস্যা। ল’ৰা বাহিৰলৈ পঢিব যায় ভাল কথাহে।” হাহিঁ মাৰি মই ক’লোঁ।
:”এৰা!“– বিষাদেৰে ক’লে।
:আজি উভতিবৰ বেলিকা হে তাক ল’গ নাপালোঁ। কিবা জৰুৰী কামত ওলাই গ’ল।  মোলৈ চিঠি এখন দি গৈছে।
:অ’ কিবা বিশেষ জৰুৰী কাম আছিল চাগে। ন’হলেনো নিজক বাপেকক লগ নধৰেনে?
:এৰা। বাৰু এৰা তাৰ কথা। তোমালোকৰ লক্ষীমপুৰৰ কথা কোৱা- বানপানী, খেতিৰ কথা।
মই তেখেতক লক্ষীমপুৰৰ সংবাদ দি সুধি গ’লোঁ বানৰজা, অগ্নিগড়, মহাভৈৰৱ, দৰং কলেজ তথা মণি কুমাৰ চুব্বা, বৃন্দাবন গোস্বামীলৈ সকলো কথা। তেখেতে চমুকৈ উত্তৰ দি গ’ল।
আমাৰ গাড়ীয়ে কলীয়া ভোমোৰাৰ পিঠিৰে মহাবাহু অতিক্ৰম কৰাৰ সময়তে সুধিলোঁ-
:আপোনাৰ নামিবৰে হ’ল। আজি আপোনাৰ লগত কথা পাতি ভাল লাগিল। আকৌ লগ পাম কেতিয়াবা।
: নিশ্চয়।
তেখেতক আগতকৈ অধিক চিন্তিত দেখা গ’ল। তেখেতৰ তপস্যা ভংগ কৰি কাগজ এটুকুৰা আগবঢাই দিলোঁ-”এই য়া মোৰ ঠিকনা। গুৱাহাটী অথবা লক্ষীমপুৰলৈ আহিলে যোগাযোগ কৰে যেন।”
:কৰিম বাৰু।
:আপোনাৰ ফোন নম্বৰটো দিব নেকি?
:এৰা। লোৱা লোৱা। অন্যমনস্কভাৱে তেওঁ সংখ্যাকেটা গালে ৯৮৫৩০২……।
এতিয়াহে মোৰ মনত পৰিল যে ইমান দেৰি কথা পতাৰ পাছতো তেখেতৰ নামটোকে সোধা ন’হল।
:ইমান দেৰি কথা পাতিলোঁ অথচ আপোনাৰ নামটোকে নাজানিলোঁ, কি বুলি নম্বৰটো ছেভ কৰোঁ?
: এহ। নামটোনো কি ডাঙৰ কথা বাৰু। A. BORAH বুলিয়ে ছেভ কৰা।
তেখেতক বিদায় দি মই বাকীছোৱা পথৰ সংগী হিচাপে টোপনিকে আকোঁৱালি ল’লোঁ।
****************
আজিৰ সাহিত্য পৃষ্ঠাৰ আধা অংশ কবিতা আৰু প্ৰবন্ধই অধিকাৰ কৰাৰ বিপৰীতে বাকী অংশ ভৰি আছে গীতাৰ্থ পাঠকৰ এটা গল্প। নাম বিৰ্সজন। গল্পটোৰ সোৱাদ গৰমে গৰমে লোৱাৰ হেঁপাহত পঢ়াত লাগিলোঁ। গল্পৰ কেন্দ্ৰীয় চৰিত্ৰ এজন বৃদ্ধ শিক্ষক। মাজে মাজে তেওঁ লেখামেলাও কৰে। কটন কলেজৰ ছাত্ৰ পুত্ৰক লৈ সপোনৰ ৰংঘৰ সাজে।মহানগৰীৰ কু-সংগত পৰি বিপথগামী পুত্ৰ। সি বাংগালোৰত পঢ়িবলৈ যাব বুলি ঘৰত ধনদাবী কৰে। অনিচ্ছা সত্ত্বেও পিতাকে খেতিমাটি বিক্ৰি কৰি ধনৰ যোগাৰ কৰে। সেই গতানুগতিক কাহিনী পাই মনত অস্বস্তি লাগিল। পাঠকদেৱৰ পৰা অলপ ব্যতিক্ৰমী কাহিনী প্ৰত্যশা কৰোঁ। পিছে আচৰিত হ’লোঁ যেতিয়া বৃদ্ধ পিতৃয়ে পুত্ৰক মহানগৰীত ধন দি উভতিবৰ দিনা সি দেউতাকক লগ নধৰি এখন চিঠি দিছে বন্ধুৰ হাতত। যিখন চিঠিত সি তাৰ সমস্ত অধঃপতনৰ কথা স্বীকাৰ কৰি ক্ষমা খুজিছে। নিজে ব্যৱসায় কৰিবলৈ দেউতাকৰ সমস্ত পইচা লৈ উধাও হৈছে। হতাশ পিতৃয়ে ওভতনি গৃহযাত্ৰাত কমবয়সীয়া এজন অনুৰাগী পাঠকক লগ পাইছে। যাৰ লগত কথাপাতি তেওঁ খন্তেক হ’লেও সুখী হৈছে। গল্পটো যিমানে আগবাঢিছে মোৰ তেজ চলাচলৰ গতিও সিমানেই বাঢিছে। শেষত তেওঁ গন্তব্য স্থানত নামি তেওঁ নিঠৰ হৈ পৰিছে নিজৰ কথা, পুত্ৰৰ কথা আৰু পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি। সকলো যেন তেওঁ বিৰ্সজন দি অহিল আজি।
গল্পটো শেষ কৰি মই বজ্ৰাহত মানুহৰ দৰে থৰ লাগিলোঁ। একেলগে হাজাৰডাল প্ৰশ্নবাণে মোক বিন্ধিছে। এবাৰ, দুবাৰ,তিনিবাৰকৈ বহুবাৰ গল্পটো পঢি পেলালোঁ। পাঠকদেৱে আশ্বৰ্যজনকভাৱে এইবাৰ গল্পটোৰ শেষত নিজৰ ফোন নম্বৰটোও ছপা কৰাইছে। মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলোঁ। বাতৰি খনৰ পৰা নম্বৰটো চাই মোৰ ম’বাইলেৰে ডায়েল কৰিলোঁ। আৰু, আৰু…ছেকেণ্ডৰ ভিতৰতে মোৰ ম’বাইলৰ ক্ষুদ্ৰ পৰ্দাত জিলিকি উঠিল….
CALLING…
A.BORAH

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments