চিনাকি (দীপা ঠাকুৰীয়া)

“ অ’ মা, মা, চোৱাচোন মোৰ কোঠাৰ পৰা পুনৰ নেইলপলিচ আৰু লিপষ্টিক নোহোৱা হ’ল । তোমালোকে ধিৰাজক একো নোকোৱা নহয়, একেবাৰে মূৰত তুলিছা । আজি-কালি কচমেটিকচ্বোৰৰ ইমান দাম ! খেলৰ বস্তু কৰিব নাপাই নহয়”  বুলি ৰীতাই চিঞৰি উঠিল ।
“তইনো সৰু ভায়েৰটোক কিয় ইমানকৈ কেটেৰা-জেঙেৰা কৰি থাক অ’ ? নতুনকৈ এটা কিনিয়েই ল’বিচোন ।”
“তুমিয়েই তাক মূৰত তুলি বেয়া কৰিছা। আহকচোন দেউতা, তাৰ কথা লগাই দিম। যোৱা বাৰৰ দৰে বাৰান্দাত কাণত ধৰাই আঠু কৰাই থ’ব।’’ – তাই ভোৰ-ভোৰাই,ভোৰ-ভোৰাই ক্লাচলৈ ওলাই গ’ল ।
আমাৰ ঘৰৰ চাৰিটা সন্তানৰ ভিতৰত ময়েই ল’ৰা। মা-দেউতাৰ বহুত পূজা-অর্চ্চনা, মাৰ মাহযোৰা নিশি পালনৰ ফলত মই ওপজিছো। মোৰ ওপৰৰ তিনিজনী বাইদেউৰ দুজনীয়েই বিয়াহৈ গ’ল। সৰু বাইদেউ ওচৰৰ চহৰখনত হোষ্টেলত থাকি নাৰ্ছিং পঢ়ি আছে । শনি-দেওবাৰে ঘৰলৈ আহে আৰু সোমবাৰে পুৱাৰ বাছত গৈ কলেজ পায় । দেউতা বেংকৰ চাকৰিয়াল, পুৱাতেই গৈ নিশাহে ঘৰ সোমায় । মায়েই গোটেই ঘৰখন চম্ভালি থাকে । চাদৰ ওপৰৰ কোঠাটো এজন অংকৰ শিক্ষকক ভাৰা দিছে । চল্লিশ বছৰৰ ওপৰ হব; বিয়া-বাৰু কৰোৱা নাই । ৰাতিপুৱা সময়কণ তেওঁ টিউচন কৰা ছাত্র-ছাত্রীৰে তেওঁৰ কোঠা ভৰি থাকে ।
মই পঢ়া পঢ়াশালিৰ চাৰিওফালে পকী দেৱাল , তাৰ ভিতৰতে একাষে খেল পথাৰখন। পঢ়াশালিৰ সময়খিনিত কোনো ল’ৰা-ছোৱালীক গেটৰ বাহিৰ হবলৈ নিদিয়ে । আনহাতে স্কুলটোৰ সোঁহাতে ভূতবাংলা এটা আছে, মুধচৰ টিংবোৰ আৰু দুৱাৰ-খিৰিকিৰ কাঠবোৰ কোনোৱাই কাহানিবাই এৰুৱাই উধাও হৈছে । কাষত কেইজোপামান শিৰীষ গছ আৰু এজোপা বট গছে ছাঁ দি ভূত বাংলাটো দিনতেই আন্ধাৰ কৰি থয় । বটগছজোপাৰ ডালবোৰ একোখন একোখন সৰু শেতেলিৰ দৰে । চৌপাশে জার্মান বন, ধঁপাততিতা আৰু তৰাগছৰ জোপোহা । ঠাই খিনি দুপৰীয়াতেই নিজম হৈ থাকে । আমি কোনেও সেইফালে মুখ নকৰোঁ ।
খেলপথাৰৰ কাষতেই থকা বগৰী গছজোপাৰপৰা কৰিমে বগৰী পাৰি ছাৰা , চপ্না, তুলুমণিহঁতক দি বুকুখন ফুলাই চিনেমাৰ হিৰোৰদৰে মোৰ কাষত থিয় হ’ল । মই মন কৰিলো তাৰ গোফ ঠুঁটিয়াইছে । কামিজৰ ওপৰৰ বুতাম খুলি থৈছে । পাঠানৰ ঘৰৰ লৰা , নৱম শ্রেণীতেই গঢ়-গতি ডেকাটোৰ নিচিনা হৈছে । তাক দেখিলে মোৰ মনটো এনেয়েই ভাল লাগি যায় । আমি দুয়োটা নলেগলে লগা বন্ধু । আমাৰ দুয়োৰে মাজৰ ভিতৰ-বাহিৰ সকলো কথা অনায়াসে পঢ়িব পাৰোঁ ।
– “ ধীৰাজ ! ব’ল ক্ৰিকেট খেল চাওঁগৈ । অলপ পিছতেই পথাৰখনত আমাৰ স্কুলৰ দশম শ্রেণী আৰু বিদ্যুতহঁতৰ স্কুলৰ মাজত খেল হ’ব ।’’
– “ নাই ! নাই নাচাওঁ !! স্কুলৰপৰা ওভতোতে দেৰি হলে মাৰ গালি শুনিব লাগিব আৰু মোৰ খেল-চেল একো ভাল নালাগে দেখোন। বাৰু, তই চাৰাক কিয় ইমান বগৰী দি পঠাইছ’ আৰু মোলৈ  এটাও অনা নাই ।”
– “আৰে ! সেইবোৰ ছোৱালীয়ে খোৱা বস্তু ! ডেকালৰাই নাখায় নহয় । মই চাচাজানৰ পৰা চিগাৰেট এটা চুৰ কৰি আনি থৈছোঁ। ব’ল,  ভূতবাংলাৰ ভিতৰতে সোমাই এহোপা মাৰোঁগৈ ।”
– “ নাই মোৰদ্বাৰা নহ’ব । সেইবোৰ কথা নক’বি । দুপৰীয়াখন ভূত-প্রেত সকলোবোৰ নামি আহে ।”
– “ তই একেবাৰে মাইকী দেই ! যা যা,  ঘৰত ওৰণি লৈ সোমাই থাক। ছোৱালীৰ দৰে ভয় কৰ’ । চাচোন , আমাৰ মাতবোৰ কেনেকুৱা গৰগৰীয়া হৈছে আৰু তোৰ মাত শুনিলে ছোৱালীয়ে মতা যেন লাগে । জোৰকৈ নাকেৰে কিয় মাত উলিওৱা বাৰু ? ইয়াত ক’ত ভূতৰ ভয় , ইটো নিষিদ্ধ নগৰ ! নিজমত কিমান যে কপৌ আৰু বুলবুলি চৰাইয়ে যোৰ পাতি থাকে ! কেনেকৈ যে ৰোমাঞ্চ কৰি থাকে ! মা কচম ! ময়ো তেনে এজনী পোৱা হলে !”
– “কিয় চাৰাক লৈ নবহিলি কেলেই ? মোৰ দেৰি হৈছে যাওঁ ।”-  মই উচাৎ মাৰি ঘৰলৈ খোজ দিলোঁ । মই ভিতৰি ভিতৰি চাৰাৰ প্রতি কৰিমৰ স্নেহ দেখি ইর্ষা অনুভৱ কৰিছিলোঁ । মই ঘৰ সোমাই মোৰ কোঠালীৰ দুৱাৰ বন্ধ কৰি দিলো । ফেনখন চলাই বিছনাত লাং খাই পৰি গাৰুৰ তলৰপৰা আলোচনীখন মেলি ললোঁ । জন ইব্রাহিমৰ অর্ধ অনাবৃত ফটোখন নিমিষ নমৰাকৈ চাই থাকিলো । কেতিয়া যে ফটোখনৰপৰা স্বয়ং জন ইব্রাহিম আহি সন্মুখত থিয় হল কবই নোৱাৰিলো। মোৰ মাজৰ সুন্দৰী গাভৰুজনী এঙামুৰি দি উঠিল । আবেশ আহ্লাদত মোৰ দুই ওঁঠৰ পাপৰিয়েই চুমি গল মোৰ সপোনৰ ৰাজকোঁৱৰক ! বাসনাৰ অদ্ভুত শিহৰণ এটি মোৰ সর্ব শৰীৰলৈ সঞ্চাৰিত হল । মই উচপ খাই উঠিলো । বাহিৰৰ পৰা দুৱাৰৰ ঢকঢকনিত মই উঠি বহিলো ।- মায়ে চিঞৰি আছে।
– “বাপু কিবা এটি খাই লোৱা । জেঠাই আহিছে মাত এষাৰ লগোৱা ।”
মই ভাত খাই চৰা কোঠাত জেঠাইক মাত লগাবলৈ সোমালো ।
–    “ আও ! বাপু দেখোন বৰ এটা হলি । আহচোন মোৰ কাষতেই বহ ।”
–     “ জেঠাই আপোনাৰ গা-মূৰ ভালে আছেনে ?”
–    “ আছে অ’ ।” মোৰ গা-মূৰ মোহাৰি জেঠায়ে ক’বলৈ ধৰিলে – “অ , ৰীতাৰ মাক ! তোমাৰ লৰা দেখোন ছোৱালীৰ দৰে গঢ় -গতি ললে । চোৱাচোন,  তাৰ হাত-ভৰি ইমান লনি । চকু-মুখ কুন্দত কটা ছোৱালীজনীৰ নিচিনা ! ”
–    মই হাতখন আজোৰ মাৰি মোৰ কোঠাৰ দুৱাৰখন বন্ধ কৰি দিলো । আইনাৰ সন্মুখত চোলাটো খুলি থিয় হ’লো । সঁচাই দেখোন মোৰ হাত-মুখ ছোৱালীৰ দৰেই হল । নাই , নাই , নহ’ ব । ইমান ক্ষীণ-মিন হৈ থাকিলে মানুহে তেনেকৈ ভাৱিব । মোৰটো থিকেই গোঁফ ঠুটিয়াইছে । অহাকালিয়েই কৰিমৰ লগত ব্যায়ামৰ ক্লাচত যাব লাগিব । প্রতিদিনা এঘণ্টা ব্যায়াম কৰিব লাগিব । খেলিবও লাগিব। ”
পিচদিনা কৰিমক কথাবোৰ কওঁতেই সি হো-হোৱাই হাঁহিবলৈ ধৰিলে । মোৰ হাতত চাপ দি কৈ উঠিল  – “ তোৰ হাতখন ইমান কোমল !এইয়া হাতত কিয় নেইলপলিচ লগাইছ’ ?”
– “মই ৰীতাবা’ৰ কোঠাত পাই লগাইছোঁ । মোৰ সেইবোৰ ভাল লাগে দেখোন ! ”
– “তোৰ ছোৱালীয়ে কৰা কাৰবাৰ বোৰহে ভাল লাগে কিয় ? মই সেইদিনাখন দেখিছোঁ নহয়,  তই মাৰৰ লগত ছুয়েটাৰ গুঁঠি আছ’ ! কেতিয়াবা চিলাই কৰ’ আৰু কেতিয়াবা ভাত ৰান্ধি থাক । তোক ভুলতেহে আল্লাই সেইবিধ বস্তু দি মতা কৰি দিলে । নহলে মই তোকে বিয়া কৰালো হয় !”  বুলি সি মোক গবা মাৰি ধৰিলে । নিমিষতে মোৰ মাজৰপৰা বনৰীয়া চৰাইজনী জাকি মাৰি উৰি অহা যেন লাগিল । কৰিমৰ আলিংগনত, তাৰ ঘামৰ গোন্ধত তন্দ্ৰালু হৈ পৰিলোঁ । কিমান সময় মোহাচ্ছন্ন হৈ আছিলো নাজানো । সি হাতত ধৰি খেলপথাৰলৈ টানি নিওঁতেই সম্বিত ঘূৰাই পালো । খেলত মোৰ অকনো মন বহা নাছিল । আলেঙে আলেঙে মই কৰিমক মন কৰি থাকিলো । এক যে তীব্র আকর্ষণ অনুভৱ কৰি ৰোমাঞ্চিত হৈ আছিলোঁ । ক্ৰিকেটৰ খুঁটি কেনেকৈ উৰি গল কবই নোৱাৰিলোঁ ।
কৰিম মোৰ ওচৰলৈ দৌৰি আহিল – ‘ তই দেখোন আমাক খেলত ফেল মৰাবি । দহোটা  ৰানেই কৰিব নোৱাৰিলি । যা,  চাৰা, চপ্নাৰ লগত গৈ ফেৰীৱালাৰ পৰা নেইলপলিচ, কাণফুলি কিনগৈ ।”- গালিটো খাই মই গোঁগোঁৱাই ঘৰলৈ লৰ মাৰিলো ।
আহি মনটো ভাল নালাগিল , ভাত-পানীও খাবলৈও মন নগল । মই ঘৰৰ চাদলৈ উঠি গলো । এক ফিৰফিৰীয়া বতাহত মন জুৰ পৰি গল । লোহাৰ ৰডত ৰছী টানি কাপোৰ বোৰ মেলি থোৱা আছে । এক অচিনাকি সুবাসত মোৰ মন আন্দোলিত হৈ উঠিল । গোন্ধটো মেলি থোৱা অন্তৰ্বাসৰ পৰা আহিছে । আমাৰ ঘৰৰ  ভাৰাতীয়া মানুহজনে মেলি দিছে । তেওঁ আদহীয়া অকলশৰীয়া মানুহ । মই কাপোৰটো হাতত লৈ কিমান সময় তেনেকৈ আছিলোঁ,  কব নোৱাৰো । মানুহজনে আহি মোৰ হাতত থাপমাৰি ধৰি এনে দৃষ্টিৰে চালে যে তেওঁৰ বন্য দুচকুৱে মোক তালুৰপৰা তলিলৈ চেলেকি গল । ততাতৈয়াকৈ কাষলতিৰ তলত লুকুৱাই মই নিজৰ কোঠালৈ ভিৰাই লৰ মাৰিলোঁ ।
ৰীতাবাৰ কোঠাৰপৰা মনে মনে আনি থোৱা তাইৰ কাপোৰসাজ পিন্ধি গোপনে আইনাৰ সন্মুখত থিয় হ’লো । আ !!!! পুনৰ মোৰ মাজৰ গাভৰুজনী সাৰ পাই উঠিল !! আচ্ছন্ন সুবাসে এটি বনৰীয়া মৌ-মাখি হৈ মোৰ উপত্যকাৰ ফুলনিৰ মৌ চুহি তহলিং কৰি যাবলৈ ধৰিলে । মোৰ সমস্ত সিৰা-ধমনীৰ মাজেৰে বাসনাৰ হিল্লোল আলোড়িত হৈ বনৰীয়া জুৰিটোৰ দৰে মোৰ তেজত নাচিবলৈ ধৰিলে । ক্রমান্বয়ে আদিম অৰণ্যৰ ধুমুহা ৰণচণ্ডী মূর্তি ধৰি মোৰ সর্বশৰীৰ কচাল খাই উঠিল । কিন্তু এইয়া কি ? বাহ্যিকভাৱে মই পুৰুষহে ! নাৰীৰদৰে শৰীৰ এটাটো মোৰ নাই ।মৰচেঁচাটো হৈ মই জ্বৰ ঘমাদি ঘামি পৰিলো । মই কি সম্পূর্ণ নাৰী হোৱাৰ সুখ জীৱনতো নাপাম !
আকৌ এদিনাখন মই মানুহজনক বাথৰূমত গা ধোওঁতে ফুটাৰে নিৰীক্ষণ কৰিছিলোঁ । সেইদিনাও মই ধৰা পৰিছিলোঁ । সেইদিনা তেওঁ মোৰ বাহিৰত থকা স্কুলৰ জোতাযোৰত চিঠি এখন থৈ গৈছিল – “ঘৰত কোনো নাথাকিলে মোৰ ওচৰলৈ আহিবা।” মই চিঠিখন ফালি পেলাইছিলো।
কৰিমে কোৱা কথাবোৰে সঁচা নেকি ? মোৰ ল’ৰা শৰীৰটোৰ ভিতৰত এগৰাকি নাৰীৰ আত্মা সোমাই আছে নেকি ? কেনেকুৱা কেনেকুৱা অনুভৱবোৰে মোক আন্দোলিত কৰি আছে দেখোন। মই নাৰী নে পুৰুষ ? মোৰ মন নাৰীৰ দৰে কিন্তু তন পুৰুষৰ দৰে হল দেখোন । মহাভাৰতৰ শিখণ্ডী , বৃহন্নলা দৰে মই অর্ধ নাৰী অর্ধ পুৰুষ টো নহয় ?? কিন্তু মোৰ শাৰিৰীক গঠন সম্পূর্ণ পুৰুষৰ দৰেই দেখোন ।কিন্তু মইটো নিজকে পুৰুষ বুলি নাভাৱো । মোৰ সর্বশৰীৰ ভয় আৰু শংকাত থক-থককৈ কঁপিবলৈ ধৰিলে !
– “ কৰিম, মোৰ লগত কি যে ঘটনাবোৰ ঘটিব ধৰিছে । মই যে মই নহয় !”
–    “তই ! তই নহয়নো কোন ? তই টো ধীৰাজ মোৰ ঘনিষ্ঠ  বন্ধু !”
–    “তই বুজিয়েই পোৱা নাই । মই কেনেকুৱা মানসিক অন্তর্দাহত কটাইছোঁ । দিন নাই,  ৰাতি নাই চিন্তাবোৰে মোক কুটি কুটি খাইছে । মই তহঁতৰ দৰে ল’ৰা নহয় অ’! ”-  মোৰ চকু যুৰি সেমেকি উঠিছিল ।
–    “যা ! তই এইবোৰ কি ভাৱিছ’ ? মই বাহিৰলৈ যাওঁতে দেখিছোঁ নহয় । কেতিয়াবা কিছুমান মানুহ দেখিবলৈ মুখবোৰ ছোৱালীৰ দৰে মিহি হয়, কিন্তু তোৰ গাৰ গঠন আৰু আল্লাইটো তোক তলৰবিধ বস্তু ঠিকেই দিছে ! ”
–    “ তই মোক বুজি পোৱা নাই । মোৰ অনুভৱবোৰ কেনেকুৱা যে হ’বলৈ ধৰিছে ! ”
–    “ঠিক আছে , বাদলে গৰম কিতাপ এখন ষ্টেচন বজাৰৰ পৰা কিনি আনিছে । আজি ৰাতি পঢ়িবি । তাতো যদি একো নহয় , ভুত বাংলাত কপৌযুৰিকে চাব যাব লাগিব ।”
নিশা মাহঁতে শোৱাৰ পিচত কিতাপখন মেলি ললোঁ । নাৰীৰ বিভিন্ন উত্তেজক ফটোৰে ভৰি আছে । নাই , মই একো উত্তেজনা অনুভৱ নকৰিলোঁ দেখোন ! মই শুই পৰিলোঁ । পিচদিনা মই কৰিমক লগ ধৰিলো  – “কি কিতাপ দিছ ? যতসব ছোৱালীৰ ফটো ।”
–    কি তোৰ একো ন’হল ? ! কি, তোৰ সঁচাকৈ ছোৱালী মানুহ দেখিলে একো অনুভৱ নহয় ! তেন্তে চুটিৰ পিচত ওলাবি ভুতবাংলালৈ ।তেতিয়া কিন্তু তই ৰক্ষা নাপাবি । কিন্ত সাৱধান, চুপি চুপি যাব লাগিব । আমাক দেখিলেও আঁতৰি যাব পাৰে । ”
স্কুল চুটীৰ পিচত আমি দুয়ো সাজু হ’লো । দূৰৰপৰাই দেখিলোঁ, এহাল ডেকা-গাভৰু কথা পাতি পাতি ভূতবাংলাটোলৈ সোমাই গৈছে । সিহঁতহাল প্রেমিক-প্রেমিকা চাগে । নিজানত নিবিড়ভাৱে লগ পাবলৈ গৈছে । কৰিমে মোক টানি লৈ গল । বট গছজোপাৰ বহল ডালটোতে উঠিব লাগিব । চিনেমাখন তাৰপৰাই চাব পাৰিম । আমি ডালটোতে পেট পেলাই শুই পৰিলো । আধাঘণ্টামান হব একো উমঘামেই নাই । কপোযুৰিয়ে কুটুৰ – কুটুৰকৈ কথা পাতি আছে । পৰিম বুলি কৰিমে মোক এহাতেৰে খুউব জোৰৰে ধৰি আছে । এক সুগন্ধি পখিলা কৰিমৰ বুকুৰপৰা উৰি আহি মোক আমনি কৰিবলৈ ধৰিলে ।লাহে লাহে মন কৰিলো কপৌহালিয়ে ঠোঁটেৰে ঠোঁট চুমিছে । ডেউকাৰ আলিংগনত জোটাপুটি খাইছে । লাহে লাহে ৰূপোৱালী ডেউকাযুৰিৰপৰা ৰংবোৰ সৰাপাতৰদৰে সৰি সৰি পৰিছে। এটিয়ে আনটোৰ শিলাময় উপত্যকাৰে উজুতি খাই খাই উৰি গৈ আছে । পশ্চিমৰ বেলিটোৰ ৰঙচুৱা আভা পূৱ আকাশত ঠেকা খাই মোৰ বুকুতো সৰি পৰিছে । কপৌহালিয়ে অৰণ্যৰ গভীৰতালৈ সোমাই গৈছে । আন্ধাৰ সুংৰগৰ পিচল বাটেৰে মুক্ত বিহংগৰ দৰে ডেউকা কোবাইছে । পশ্চিমৰ তেজাল বেলিটো মোৰ মাজলৈ নামি আহিছে । উঃ খুউব গৰম লাগিছে দেখোন ! সহস্র অর্জুনলতাৰ বাহু মোৰপৰা পোখা মেলি কৰিমক মেৰিয়াই ধৰিলে । মোৰ মাজত সোমাই পৰা বেলিটোৰ উত্তাপে তাকো দহিবলৈ ধৰিলে । মই তৎ ধৰিব নৌপাওঁতেই সি মোক গতা মাৰি দিলে আৰু মই ধুপুচকৈ গছৰপৰা সৰি পৰিলোঁ । আঃ দুই আঠুতেই চেলচেলনি খালো । কপৌহালিও ভুৰুংকৈ উৰা মাৰি গুছি গ’ল । কৰিমে মোৰ পিঠিতে এটি গোৰ সোধাই নিমিষতে আঁতৰ হল ।
দুদিন হ’ল কৰিমে মোক মতা নাই । মোক দেখিলে সি ওলোটা মুখ দিয়ে । মই প্রথম বেঞ্চত বহিলে সি শেষৰ বেঞ্চত বহে । মই কেনেকৈ বুজাও মোৰ মনৰ ব্যাথা । মই কৰোঁ বুলি তেনে কাম নকৰোঁ । মই নিজৰ আবেগক দমন কৰিব নোৱাৰিলোঁ । মই দেখোন তাক তন-মনেৰে ভাল পাওঁ । মই ক’তো মন বহাব পৰা নাই ।
–    “অই,  তই মোক নামাতিবি নেকি ? তই দেখোন মোক বুজি পাঅ’ ।”
–    “ল’ৰাই ল’ৰাই ছোৱালী ছোৱালীয়ে ভাল পোৱা , এইবোৰ কৰা ক’ত দেখিছ’ ? বিয়া হ’লে লৰা-ছোৱালী হব নেকি ? মই তোক ভাল পাওঁ ! বহুত ভাল পাওঁ !! কিন্তু তই ভৱাৰ দৰে নহয় ।”
–    “ইশ্বৰে মোক এটি পোছাক হিচাপে দিছে এই শৰীৰটো । তাৰ ভিতৰত থকা আত্মাটোত মতা-মাইকী, ডেকা-বুঢ়া বুলি মোহৰ মাৰি থোৱা নাই । মোৰ আত্মাই এই পোছাকটোৰ জৰিয়তে তোক অনুভৱ কৰিব বিচাৰিছিল।”
–    কি অসম্ভৱ কথা কৈছ’ ? তই আৰু মই ভাল বন্ধু ! হৃদয়ৰ বন্ধু । ব’ল আমাৰ ঘৰৰ কাষৰ ডাক্তৰখানালৈ । এতিয়ামানে ৰোগীবোৰ গৈ শেষ হ’ল চাগে । তাৰ ডাক্তৰ চাহাব বৰ ভাল মানুহ । তোৰ কথাবোৰ বুজি পাব ।” সি মোক চোঁচোৰাই নিয়াৰ দৰে তালৈ লৈ গল ।
ডাক্তৰে মনোযোগৰে মোৰ কথাবোৰ শুনিলে আৰু ময়ো বহুত প্রশ্নৰ উত্তৰ দিব লগা হ’ল । তেওঁ মোৰ স্বাস্থ্য পৰীক্ষা কৰি ক’বলৈ ধৰিলে – “তুমি নিজকে তেনেকুৱা বুলি আৱিস্কাৰ কৰি কবও পাৰিছা । তুমি বহুত সাহসী । তোমাৰ তন আৰু মনৰ লগত কোনো সামঞ্জস্য নাই । শাৰিৰীক গঠনৰ বাবে তুমি সমাজত পুৰুষ বুলি স্বীকৃতি পাবা ।কিন্তু মানসিকভাৱে তুমি নিজকে নাৰী বুলি অনুভৱ কৰা ।এনে ধৰণৰ বহুত মানুহ আছে । তুমি নিজকে অস্বাভাৱিক বুলি নাভাৱিবা । কিন্তু কথাবোৰ গোপনে ৰাখিবা । কিছুমানে ইয়াৰ বেয়া সুবিধাও লব পাৰে।”
– “ ডাক্তৰ ! আপুনি মোক দৰৱ দি মোৰ মনটো সলনি কৰি দিব নোৱাৰেনে ? ”
–    “ ধীৰাজ ! হৰমোনৰ থেৰাপি আৰু অস্ত্রোপ্রচাৰৰ দ্বাৰা লিঙ্গ পৰিবর্তন কৰি তন-মনৰ সমৰূপতা ৰক্ষা কৰিব পাৰি । কিন্তু ই যথেষ্ট ব্যয়বহুল হয়। তুমি এনে চিকিৎসা কৰিব বিছাৰা যদি মই তাৰ ঠিকনা দিব পাৰোঁ ।”
–    “কিন্ত কিয় মোৰ এনেকুৱা হ’ল ?”
–    “তোমাৰ জিনত থকা ডি.এন.এ ৰ বাবে এনে হৈছে ? ইয়াত মানুহৰ হাত নাই ।”
মোৰ মনটো বিষাই উঠিছিল । মই তাৰপৰা উঠি আহিছিলোঁ । গোটেই পৃথিৱীখনৰ ভিতৰত অকলশৰীয়া যেন লাগিছিল । কিমানদিন নিজকে লুকুৱাই ৰাখিম । মা-দেউতা, বন্ধু-বান্ধৱে জানিলে কি হ’ব । চিৰজীৱন এনেকৈ থাকিব লাগিব । ঘৰৰ যিটো আর্থিক অৱস্থা, এনে ব্যয়বহুল চিকিৎসা কৰা সম্ভৱপৰ নহয় । মা-দেউতা, বংশ-পৰিয়ালে কিয় বাৰু অস্ত্রোপ্রচাৰ কৰিবলৈ অনুমতি দিব ।মই বাৰু প্রতিবাদ কৰিলোৱেইো, মইতো স্বাৱলম্বী নহয় ।মোৰ এই মনোবেদনা বুজি কোন আগবাঢ়ি আহিব ? সকলোৱে মোক হাঁহিব, উপলুঙা কৰিব । নিজৰ চিনাকিয়ে মোক দংশন কৰিব ধৰিছিল । নিজক আৱিষ্কাৰ কৰি মর্মান্তিক বেদনাত মূক হৈ পৰিছিলোঁ । কৰিমৰ মাতত মই তাৰফালে চাইছিলোঁ । সি কৈ উঠিছিল , – “তই যিটো শ্রেণীৰ মানুহ মই সেইটো শ্রেণীৰ নহয় । ময়ো তোক একো সহায় কৰিব নোৱাৰিম।”
সেইদিনা মই কেনেকৈ ঘৰ পাইছিলোঁ কব নোৱাৰোঁ , যেন মৃতদেহ এটাকহে চোঁচোৰাই আনিছিলো । মোৰ মূৰত আকাশী সৰগ ভাগি পৰিছিল। বহুনিশালৈ বিছনাত একাটি-সিকাটিকৈ ছট-ফটাই আছিলো । চিলিঙৰ ফেনখনলৈ চাই চাই প্রাণহীন প্রতিমাৰ দৰে থৰ লাগিছিলো । বিভিন্ন ভাৱনাৰ কোলাহলে মোৰ মনত ডবা কোবাই আছিল । নিজৰ চিনাকিয়ে মোক উদ্‌গীৰণ হোৱা জ্বালামুখীৰ তপত লাভাবোৰৰ দৰে উতলাই আছিল । অদৃশ্য সৃষ্টিকর্তাক বাৰে বাৰে প্রশ্ন কৰিছিলোঁ ,মোৰ কি দোষ আছিল যে তুমি মোক এনে জীৱন দিলা ! কৰিমৰ কথাখিনিয়েও শেলৰ দৰে বিন্ধি আছিল । জীৱনটো অর্থহীন যেন লাগিছিল । সকলোৰ ঠাট্টা-মস্কৰা, লেই লেই চেই চেইৰ মাজত জীয়াই থাকিব পৰাটো সম্ভৱ হ’ব জানো !  চিলিঙৰ ফেনখনে মোক হাত বাউলি মাতিছিল । কৰিম মোৰ তন-মনত বাস কৰি আছে, তাৰ অবিহনে মই জীয়াই থাকি কি হ’ব ? চিলিঙখনলৈ চাইছিলোঁ । আকুলভাৱে ফেনখনে মোক পুনৰ হাতবাউলি মাতিবলৈ ধৰিলে ।মই জোৰেৰে চকুযুৰি মুদি দিলোঁ ।
পিছদিনা কৰিমক মই পুনৰ লগ পালোঁ । সি ক’বলৈ ধৰিলে, – “এটা কথা তোক কোৱাই হোৱা নাই। মোৰ দেউতাৰ অইন এখন ঠাইলৈ বদলি হৈছে । পৰহি আমি এই ঠাই এৰি দূৰণিলৈ গুছি যাম । তোক মই সদায় বন্ধুৰদৰে ভাল পাই থাকিম । তই চিঠি বা মেইল যোগে যোগাযোগ ৰাখিবি ।” আচম্বিতে পোৱা সংবাদত মই বিমর্ষ হৈ পৰিছিলোঁ । মোৰ শৰীৰৰ কোনোবা খিনিৰ সিৰ কাট খাই তাৰপৰা ফোঁৱৰাৰ দৰে তেজবোৰহে যেন চিটিকি পৰিছে । উঃস ! কি যে যন্ত্রণা ! নিয়তিৰ উপর্য্যুপৰি আঘাতত মই সম্পূর্ণ বিধ্বস্ত । বতাহবোৰ যেন থমকি ৰৈছে । চাৰিওফালে যেন কৰুণ নীৰৱতা !!
অতি সোনকালে সেই আপদীয়া দিনটো উপস্থিত হৈছিল । সঁচাকৈ কৰিম গুছি গৈছিল । কৰিম যোৱাৰ পিচতো মই সন্ধ্যা হোৱালৈ ৰেল ষ্টেচনত বহি আছিলোঁ ।
মই স্কুলত মন বহাব পৰা নাছিলোঁ । কৰিমলৈ বহুত মনত পৰিছিল, অন্যহাতে এটি ভয়ে অনবৰতে খুচি আছিল । লগ-সঙ্গৰ সানিধ্য এৰাই ফুৰিছিলোঁ ।
মই প্রতি ক্ষণতে সর্তক হৈ ভাগৰি পৰিছিলোঁ । সেইদিনা নিশা মই ঘৰত অকলে আছিলোঁ। চিলিঙৰ ফেনখনে মোক খুউব আমনি কৰিব ধৰিছিল । আকুল আহ্বানত সন্মোহনৰ দৰে উঠি বহিছিলো । খপ-জপত মোৰ গাৰুৰ তলৰপৰা আলোচনীখন মাটিত মেল খাই পৰিছিল । ই কি ? আলোচনীখনৰ পৰা জন ইব্রাহিম উঠি আহি পুনৰ অৰণ্যৰ গীত গাবলৈ ধৰিছে দেখোন ! মই সন্তর্পণে ভাৰাতীয়াজনৰ দুৱাৰ টুকুৰিয়াইছিলোঁ। তেওঁ দুৱাৰ খুলি মোক এখন নতুন স্বতন্ত্ৰ অৰণ্যৰ গভীৰতালৈ লৈ গৈছিল…………………….!!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক