চিনেমা আৰু নাটক: নিতুল বৰা

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

চিনেমা আৰু নাটক

নিতুল বৰা

বহুদিনৰ আগৰ কথা, তেতিয়া মেট্ৰিক পাছ কৰি হায়াৰ চেকেণ্ডাৰীৰ প্ৰথম বৰ্ষত আমি। তেতিয়া প্ৰথম বৰ্ষত বিশেষ পঢ়াৰ হেঁচা নাথাকে বাবে বন্ধৰ দিনত ৰাতি আমি দুই-তিনজনমান সমনীয়া লগহৈ চাইকেল মাৰি এলফিন চিনেমাহলত চেকেণ্ড চু চিনেমা চাবলৈ যাওঁ ।এনেকৈ কেইবাদিনো চিনেমা চাইছোঁ, চিনেমা চাই সঠিক সময়ত ঘৰলৈ ঘুৰিও আহোঁ। ঘৰত কৈ যাওঁ বাবে কোনেও একো নকৈছিল। কিন্তু গাঁৱৰ আমাতকৈ ডাঙৰ লৰাবোৰে সৰুবোৰক ৰাতি বাহিৰত দেখিলে ধমকি দিছিল, তহঁতৰ পঢ়িব নালাগে নেকি বুলি। সেয়ে কোনেও নেদেখাকৈ গৈছিলোঁ।এদিনৰ কথা- সেইদিনাও চিনেমা চাবলৈ সমনীয়াৰ লগত ওলাই গৈছিলোঁ, সময়ত চিনেমাহল পাই চাইকেল ষ্টেণ্ডত থৈ টিকট এটাকৈ কাটি বেলকনিৰ শেষৰফালৰ পৰা আগৰ চিটত বহি পৰিলোঁ আটাইকেইটা। চিনেমা আৰম্ভ হল, হলৰ ভিতৰৰ লাইট নুমুবাই দিলে, কোনেও কাকো নেদেখা হ’লো, আমি চিনেমা চোৱাত ব্যস্ত।

তেতিয়াও দুই এটা মানুহ আহিয়েই আছে। কিছু সময় গল, প্ৰায় ২০ মিনিট মানৰ পাছত আমাৰ পাছত বহা দুজনমানৰ মাতবোৰ চিনাকি চিনাকি লাগিল, ফটককৈ ঘুৰি চাই পৰ্দাৰ পোহৰত দেখা পালো সেইকেইজন মহাশয় দেখোন আমাৰ ঘৰৰ ওচৰৰ জেষ্ঠকেইজন। একেপাকতে মূৰ ঘুৰাই নেদেখা ভাওঁ জুৰিলোঁ। লগৰ কেইটাক ফুচফুচাই ক’লো বোলো বৰকৈ কথা নাপাতিবিহত আমাৰ পাছতেই অমুক ককাইদেউহঁতো আছে। আটাইকেইটাই সেপ ঢুকিলে, কি হ’ব এতিয়া, ফাটমেলা বসুমতী পাতালে লুকাও যেন লাগিল। আটাইকেইটাই মনে মনে চিনেমা চাই আছো যদিও চিনেমাত কি হৈছে তালৈ কাণ নাই, পাছফালৰ পৰা গম পাইছে নেকি সেয়াহে উমান লৈ থাকিলোঁ। এটা সময়ত চিনেমা শেষ হৱৰ হল। লগৰ কেইটাক ক’লো বোলো আমি শেষত বাহিৰ ওলাম, সিহঁত গৈ লওক। কথা মতেই কাম, ৰৈ আছো, ৰৈ আছো, দেখিলোঁ সিহঁত তিনিটামান একেলগে বাহিৰলৈ ওলাইছে। মই আগত হৈ ক’লো আহি যা, ভাবিলোঁ সিহঁত গল, কিন্তু বেলকনিৰ দুৱাৰৰ পৰ্দাখন মেলি মই বাহিৰ ওলাইছোহে আহিল নহয় এটা ফটককৈ উভিত, কি কৰা যায় কিংকৰ্তব্য বিভোৰ হৈ একে কোবে গৈ প্ৰেচাবগাৰত সোমালোগৈ, মোৰ পাছে পাছে যি কেইটা বাহিৰ ওলাইছিল, সেইকেইটা মুখৰ আগতে পালে—-আটাইকেইটা ৰঙাচিঙা পৰি গল, ঐ তহঁতেও চিনেমা চাবলৈ আহিছ, ৰহ আজি তহঁতৰ ঘৰত গৈ……….বাকী খিনি কবলৈ নাপালেই, আটাইকেইটা ফৰিং চিটিকা দিলে মোক তাতে এৰি থৈ। পাছত মই গোটেই বাটতো খোজ কাঢ়ি কাঢ়ি ভাগৰি ৰাতি ১১.৩০ বজাত ঘৰ পালোহি।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments