চিনেমা-উদ্যোগ আৰু গ্ৰন্থ-উদ্যোগ (পঙ্কজ জ্যোতি মহন্ত)

চিনেমা উদ্যোগটোৰ উন্নতিৰ বাবে তাৰ লগত জড়িত শিল্পী-কলা-কুশলী-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি বহু দৰ্শকলৈকে অলেখে সংগ্ৰাম কৰা দেখা গৈছে; বহুত ভাল কথা। চৰকাৰেও তাত জড়িতসকলৰ উপাৰ্জন বৃদ্ধি পাবলৈ কিবা খুৱ ভাল সহযোগ কৰাৰ দুটামান বাতৰিও পঢ়িবলৈ পাইছোঁ। তেওঁলোক সকলোৰে সেই প্ৰচেষ্টা চলি থাকিব, আৰু এনেদৰে উদ্যোগটোৰ ভাল দিন এটা আহিব বুলি বহুতে আশা কৰা দেখা গৈছে। এতিয়া তেওঁলোকৰ সেই প্ৰচেষ্টাৰ উদ্যমৰ পৰা প্ৰেৰণা লৈ গ্ৰন্থ উদ্যোগটোৰ উন্নতিৰ কথাও চিন্তা কৰিব লাগে।
আজিকালি গুৱাহাটীৰ গ্ৰন্থমেলা দুখনত মানুহৰ ভিৰ বঢ়া দেখা গৈছে। কিন্তু ইমান জনসংখ্যাৰ ৰাজ্যখনত মাথোঁ এঠাইত আয়োজন কৰা আৰু বছৰত কেৱল দুখন বৃহৎ গ্ৰন্থমেলাৰ ভিৰে এটা উদ্যোগ চলাব পাৰেনে? আনহাতে, সেই ভিৰত থকা বহুতে কিন্তু পিছপিনে পতা দোকানকেইখনৰ পৰা আচাৰ কিনিবলৈহে যায়। বহু কষ্ট কৰি লিখা গল্প-প্ৰবন্ধ কোনো কাকত-আলোচনীত ওলোৱাৰ পাছত তাৰ পৰা একো এটা মাননী নোপোৱাৰ বা অতি কম পৰিমাণৰ মাননী পোৱাৰ অভিযোগ ভাল নাম থকা লেখকেও কৰা দেখা যায়। লিখিবলৈ আৰম্ভ কৰাসকলৰ কথাটো বাদেই দিছোঁ। কিতাপ লিখি সৰ্বমুঠ ভাল উপাৰ্জন কৰা মানুহ মোৰ ধাৰণাত অসমত কেৱল তিনিজন আছে— ৰঞ্জু হাজৰিকা, হোমেন বৰগোহাঞি আৰু শান্তনু কৌশিক বৰুৱা। এয়া মোৰ অনুমানহে অৱশ্যে। যি হওক, সেইকেইটা উপাৰ্জনেৰে তেওঁলোককো হয়তো চলিবলৈ নোজোৰে, গতিকে আন উপাৰ্জনৰ পথো হয়তো তেওঁলোকে ল’ব লাগে। এই বিষয়টোত কোনো প্ৰতিষ্ঠানৰ দ্বাৰা ভাল এটা সমীক্ষা হ’ব লাগে।
অলপতে, ৫০খন সত্ৰলৈ চৰকাৰে এক লাখকৈ টকা দিয়া সম্পৰ্কীয় এটা বাতৰি পঢ়িছিলোঁ। আগৰ চৰকাৰেও সত্ৰবোৰলৈ বহু লাখ দিছেই। কোৱা হয়— ভগৱান নিৰাকাৰ আৰু সবতে থাকে। গতিকে ভগা নামঘৰতো ভগৱান থাকিবই (অৱশ্যে কোনো নামঘৰেই ভগা নহয়), অকল যে থ্ৰী-ষ্টাৰ বা পাইভ-ষ্টাৰ হোটেলসদৃশ নামঘৰত সেৱা কৰিলেহে ফল পাব তেনে হয়। আমাৰ ধনী ধনী মানুহ বা হাই-প্ৰফাইল বিধায়ক-সাংসদসকলে যিকোনো নামঘৰলৈকে যাব পাৰে, শাস্ত্ৰ মতেই য’তে সেৱা কৰিলেও একেই ফল পাব। সেয়েহে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল, ঠায়ে ঠায়ে একোটা সৰু সৰু পুথিভঁড়াল গঢ়ি তোলাটো। ভগা ঘৰতো ভগৱান থাকে, তেওঁক পোক-পৰুৱাইয়ো নাখায়, কিন্তু ভগা ঘৰত পুথি থ’লে ধূলি বা বৰষুণত পচি যাব বা পোক-পতংগই খাব। “গুৰু দুজনা”ৰ জ্ঞানাৰ্জনৰ স্পৃহাৰ প্ৰতি সন্মান জনাই প্ৰতিখন সত্ৰৰ কাষে কাষে একোটাকৈ সৰু সৰু পুথিভঁড়াল গঢ়ি তোলাটো ভাল হ’ব। ই ভাটৌৰ দৰে অখণ্ড-পাঠ কৰি থকা মনোবৃত্তি আঁতৰাই অধ্যয়নৰ মনোবৃত্তিও প্ৰগাঢ়ভাবে গঢ়ি তুলিব। “এক লাখ” টকাবিলাক পুথিভঁড়ালৰ উদ্দেশ্যে দিলে আৰু অঞ্চল একোটাৰ গোটেই জনসাধাৰণে পুথি অনা-নিয়াৰ সু-ব্যৱস্থা নিশ্চিত কৰিলে এদিন গোটেই ৰাজ্যৰে মঙ্গল হ’ব। একলাখ টকাত কিমান পুথি কিনিব পৰা যাব বাৰু!! ধনৰ অভাৱত পাঠ্যপুথি বাদে আন ভাল ভাল কিতাপ কোনোদিন পঢ়ি নোপোৱাসকলৰো জ্ঞানাৰ্জনৰ সুবিধা মিলিব। নামঘৰবোৰো ফাইভ ষ্টাৰ ৰেংকৰ হওক, আৰু লগতে পুথিভঁড়ালো গঢ়ি উঠক, কিন্তু প্ৰথম গুৰুত্বটো পুথিভঁড়ালত দিয়ক। অলেখ সৰু সৰু পুথিভঁড়াললৈ নিয়মিত গ্ৰন্থ গৈ থাকিলে ইয়াৰ পৰাও গ্ৰন্থ উদ্যোগটোৰ কিছু উন্নতি হ’ব। সেই পুথিভঁড়ালবোৰৰ সৈতে যোগাযোগ কৰি তাৰ বাকৰিতে বছৰত এবাৰ-দুবাৰকৈ প্ৰকাশকসমূহ মিলি গ্ৰন্থ বিক্ৰীৰ অকণমানি ব্যৱস্থা একোটাও কৰিব পাৰে।
আনহাতে, আমাৰ বহুতো লেখক-বুদ্ধিজীৱিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খুৱ সঘনে ভাষণ দি ফুৰিব লগা হোৱা দেখা যায়। কোনো মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ পৰা আৰম্ভ কৰি কোনো অনুষ্ঠান বা সংগঠনৰ অধিৱেশনৰ লৈকে বিভিন্ন প্ৰয়োজনত। সেই সময়ত লেখকজনক আগতে জনা-নজনা প্ৰায়ভাগ দৰ্শকেই তেওঁৰ কিতাপবোৰৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰে, আৰু বহুতে তেওঁৰ কিতাপখিনি পঢ়িবলৈ ইচ্ছা কৰে। কিন্তু তেতিয়া লগে লগে কিতাপখিনি কিনাৰ কোনো সুবিধা নাথাকে। ওচৰত থকা দোকানবোৰত দুই-এখন থাকিলেও সংখ্যা হিচাপত পৰ্যাপ্ত নহয়। কিতাপবিলাক আনিবলৈ কোনোবাই ক’লেও আন বহুতো চাহিদা মিলাই দোকানীয়ে অনালৈ বহু দিন বা বছৰ পাৰ হৈ গুচি যায়গৈ। গতিকে প্ৰতিটো ভাষণ অনুষ্ঠানৰ লগত সংগতি ৰাখি লেখকজনৰ গ্ৰন্থৰ প্ৰকাশকে যদি সভাৰ নিলগতে সেইদিনা এখন অস্থায়ী দোকান দিয়াৰ ব্যৱস্থা কৰে, তাতে লেখকজনৰ কিতাপসমূহৰ লগতে আন লেখকৰো বাচকবনীয়া কিছু সংখ্যক কিতাপ সজাই ৰখা হয়, সেইদিনাই ভালেখিনি কিতাপ বিক্ৰী হোৱাৰ সম্ভাৱনা থাকে। এইটো কাম আৰম্ভ কৰিলে নিজা কোনো সিদ্ধি নথকা বা কেৱল ঊনৈছত বা বলাই থকা কিছুমান স্থানীয় মনীষীয়ে প্ৰথমে বিৰূপ মন্তব্য কৰাৰ সম্ভাৱনা আছে, কিন্তু কামটো ভালকৈ আৰম্ভ কৰিলে পাঠক বৃদ্ধিৰ লগতে উদ্যোগটোৰ উন্নতিত বহু সহায় হ’বগৈ। বাহিৰৰ লেখকৰ বক্তৃতাৰ লগত সংগতি ৰাখি এনেদৰে গ্ৰন্থ বিক্ৰীৰ ব্যৱস্থা কৰা তেওঁলোকৰ বহুতৰ ফটোৰ মাধ্যমেৰে দেখিবলৈ পাইছোঁ। এবাৰ বায়ুসেনা বিষয়া এজনক আমাৰ এখন বিশ্ববিদ্যালয়ত বক্তৃতা দিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ কেৱল বক্তৃতা দি গুচি যাব পাৰিলেহেঁতেন, কিন্তু তেওঁৰ বক্তৃতা আৰম্ভ হোৱাৰ পৰা শেষ হোৱাৰ এঘণ্টামান পাছলৈকে হলটোৰ নিলগত বায়ুসেনাৰে কেইজনমান কৰ্মীয়ে মেজ এখন লৈ বিভিন্ন সজাগতামূলক, কেৰিয়াৰ বিষয়ক প্ৰচাৰ-পত্ৰিকা আদি বিতৰণ আৰু বিক্ৰী কৰি আছিল। যিখিনি নকৰাকৈয়ো পাৰিলেহেঁতেন, কিন্তু এইবিলাক সংস্কৃতিয়ে জনসাধাৰণকে সহায় কৰেগৈ। তেনে সংস্কৃতি গ্ৰন্থৰ ক্ষেত্ৰত গঢ়ি তুলিলে বহু বেছিয়েই সহায় কৰিব। আকৌ, নাম থকা ডাঙৰ দোকানবোৰৰ উপৰি মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ অঁত-অঁত ঢাৰি পাৰি বহা অস্থায়ী দোকানবোৰত বহু কিতাপ বিক্ৰী হয়। কিন্তু এইবোৰত অসমীয়া কিতাপ খুৱ কমকৈ ৰখা দেখা যায়, প্ৰায় নাথাকেই। যিটোৰ কাৰণ প্ৰকাশকৰ ভাল যোগাযোগৰ অভাৱ বুলি অনুভৱ হয়। তেওঁলোকৰ লগত অসমীয়া কিতাপৰ প্ৰকাশকে বিশ্বাসযোগ্য সম্পৰ্ক গঢ়ি তুলি বিক্ৰীৰ বাবে কিতাপ প্ৰদান কৰিব লাগে। এইসমূহৰ পৰা স্থায়ী দোকানতকৈয়ো অধিক হাৰত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে।
অসম সাহিত্য সভাৰ এখন ভ্ৰাম্যমান বিপনী দেখা পাওঁ। এই ব্যৱস্থাটো কোনে কেনেকৈ চলাই একো নাজানোঁ। কিন্তু বহুবাৰ সেইখনত সোমাই এটা কথাই সদায় মনলৈ আহে— তাত জড়িতসকলক কোনো উন্নত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কনচালটেণ্টৰ হতুৱাই মাৰ্কেটিং আৰু উদ্যম আহৰণৰ ট্ৰেইনিং মাজে মাজে দিব লাগে।
আমাৰ অঞ্চলৰ এজন ল’ৰাই মাহত এবাৰমানকৈ তেওঁৰ দোকানৰ পৰা কিতাপৰ টোপোলা এটা লৈ চাইকেলেৰে ৫-৬ কিঃমিঃ পৰিসৰৰ বহুতৰ ঘৰে ঘৰে গৈ “নতুন কিতাপ আহিছে, লওক” বুলি বিক্ৰী কৰেহি। আমাৰ ঘৰত তেনেকৈ বহুকেইখন কিতাপ লৈছে, অসমৰ প্ৰকাশনৰ অসমীয়া কিতাপ। এনেদৰে সহজেই ল’ৰাজনে নিজেও দুপইছা বেছিকৈ উপাৰ্জন কৰিছে। মই ঘৰত নথকাতে আহিছে বাবে এতিয়ালৈকে তেওঁক নিজে লগ পোৱা নাই, কিন্তু জনিবলৈ পোৱা মতে তেওঁ কোনো গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠানৰ কৰ্মীও নহয় বা নম্বৰ লাভৰ বাবে অহা কোনো শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰও নহয়। তেওঁৰ আদৰ্শ সকলো গ্ৰন্থ বিপনীয়ে ল’ব পাৰে, বা আপুনি নিয়মীয়াকৈ যোৱা স্থানীয় গ্ৰন্থ-বিপনীখনক তেনেকুৱা কৰিবলৈ কেতিয়াবা ভালকৈ পৰামৰ্শ দিব পাৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক