চিনে এৱাৰ্ডছ, অসমীয়া বোলছবিৰ জনপ্ৰিয়তা আৰু কিছু অনুভৱ -(ডo পঙ্কজ চেতিয়া)

চিনে এৱাৰ্ডছ, অসমীয়া বোলছবিৰ জনপ্ৰিয়তা আৰু কিছু অনুভৱ

-ডo পঙ্কজ চেতিয়া

 

অসমীয়া বোলছবিৰ প্ৰতি সৰুতেই এটি আকৰ্ষণ সোমাই পৰিছিল। এতিয়াও মনত পৰে দেউতাৰ সৈতে বোকাজান (কাৰ্বি আংলং)ৰ “ৰাধা-কৃষ্ণ” ছবিগৃহত “ভাই-ভাই” ছবিখন চোৱা। প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ পৰ্দাত ৰঙীন বোলছবি এখন চাবলৈ পাই পুলকিত হৈ উঠিছিলো। তাৰ পিছতো দূৰদৰ্শনত কোনোবা এটা দেওবাৰে অসমীয়া বোলছবি এখন দেখুৱালে খুব আনন্দিত হৈছিলো। “ডা: বেজবৰুৱা”, “হালধীয়া চৰায়ে বাওধান খায়”, “হলধৰ” ইত্যাদি বোলছবিয়ে আকৰ্ষিত কৰি তুলিছিল। সৰু আছিলো যদিও “কোলাহল”ৰ দৰে গহীন ছবিও  বুজি পাইছিলো আৰু ভালো লাগিছিল ।

তাৰ পিছত বোধহয় কিছুদিন অসমীয়া বোলছবিলৈ মন্দাৱস্থা নামি আহিছিল। মাজতে শিৱসাগৰৰ “লক্ষ্মী” ছবিগৃহত “আই কিল্‌ড হিম ছাৰ” নামৰ অসমীয়া বোলছবি এখন চোৱাও মনত পৰে। সেইখন ছবি কেনেকুৱা লাগিছিল ঠিক মনত নাই, কিন্তু নায়িকাগৰাকীৰ চেহেৰা বহুদিনলৈ মনত আছিল!

কলেজত থকা অৱস্থাত গোলাঘাটৰ “চিত্ৰলেখা” ছবিগৃহত অলেখ চিনেমা চালো। “যৌৱনে আমনি কৰে” বোলছবিখনে সেইসময়ত অসমীয়া ছবিজগতলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছিল। মই নিজে সেই ছবিখন সাতবাৰলৈ চোৱা মনত আছে। ছবিখনত বৰ্ণালী পূজাৰীৰ অভিনয় আৰু হিৰণ্য দাসৰ মাৰ্চিয়েল আৰ্টে যথেষ্ঠ দৰ্শকক আকৰ্ষিত কৰিছিল। তাৰ পিছত “হিয়া দিয়া নিয়া”, “কন্যাদান”, “বিধাতা”, “মৰম নদীৰ গাভৰু ঘাট”, “সাঁতোৰ” আদিকে ধৰি ভালেকেইখন উন্নতমানৰ ছবি নিৰ্মাণ হৈছিল আৰু দৰ্শকৰ ভাল সহাঁৰি পাইছিল। চিত্ৰলেখা ছবিগৃহত টিকট কাটোতে হোৱা কাজিয়াবোৰৰ দৃশ্যবোৰ এতিয়াও সুন্দৰকৈ মনত আছে।

তাৰ পিছত কি হ’ল নাজানো। হঠাতে অসমীয়া বোলছবিৰ বজাৰ নিম্নগামী হ’বলৈ ধৰিলে। মুন্না আহমেদ ডাঙৰীয়াৰ কেইখনমান ছবি চোৱা মনত আছে য’ত ছবিবৰত কৃত্ৰিম বিষাদৰ মুহূৰ্ত সৃষ্টি কৰিবলৈ অলাগতিয়ালভাৱে কিছুমান চৰিত্ৰক মৃত্যুমুখলৈ ঠেলি দিয়া দেখিছিলো। আনহাতে অতুল পাচঁনি, চেতনা দাস, হিৰণ্য ডেকা, জয়ন্ত দাস আদিৰ কৌতুকবোৰ একঘেয়ামি আৰু বিৰক্তিকৰ লাগিবলৈ ধৰিছিল। ৰবি শৰ্মাৰ দৰে সুঠাম দেহৰ অভিনেতাই দৰ্শকক আকৰ্ষিত কৰিব নোৱাৰা হৈছিল। যতীন বৰাৰ পিছত নায়কৰ ভূমিকা ল’ব পৰা যোগ্য উত্তৰাধিকাৰীৰ দায়িত্ব লোৱাত কপিল বৰা বা ৰবি শৰ্মা ব্যৰ্থ হোৱা দেখা গ’ল। আনহাতে কিছু কিছু ছবিত বলীউডৰ অন্ধ অনুকৰণে ছবিসমূহ আৰু অসমীয়া বোলছবি কৰি ৰখা নাছিল।

এতিয়া আহো প্ৰাগ চিনে এৱাৰ্ডছ, বাংগালুৰুৰ কথালৈ। সেইদিনা অনুষ্ঠানটোৰ পুনঃসম্প্ৰচাৰ চাই থাকোতে পুনৰ ভাবিবলৈ বাধ্য কৰালে, অসমীয়া বোলছবিৰ মানদণ্ড এতিয়া কি অৱস্থাত আছেগৈ। এই অনুষ্ঠানটো বাংগালুৰুত গৈ পাতিছে, অসমীয়া ছবিৰ ব্যৱসায় প্ৰসাৰৰ বাবে। ই খুবেই ভাল কথা। কিন্তু, অনুষ্ঠানটোৰ কিছু কিছু কথাই চকু কপালত তুলিছিল। মেদবহুল নায়ক-নায়িকাৰ ছন্দহীন নৃত্যই অনুষ্ঠানটো বিৰক্তিকৰ কৰি তুলিছিল। তথাপিও অসমীয়া ছবিৰ প্ৰতি থকা মোহটোৰ কাৰণেই অনুষ্ঠানটো চাই আছিলো। কিন্তু একেবাৰে তবধ মানিছিলো যেতিয়া পুলক গগৈ ডাঙৰীয়াৰ “মমতাজ” ছবিখনে সৰ্বাধিক জনপ্ৰিয় অসমীয়া বোলছবিৰ পুৰষ্কাৰ লাভ কৰিছিল। ছবিখন চোৱাৰ সৌভাগ্য(?) মোৰো হৈছিল। আৰু মমতাজ চাই বুজি উঠিছিলো, কিয় অসমীয়া ছবিৰ বজাৰ ইমান মন্দাৱস্থাত আছে। দিনৰ দৃশ্য এটা হঠাতে ৰাতিৰ দৃশ্যলৈ সলনি হয়, সাংঘাতিক লেহেমীয়া গতিত আগবাঢ়ে “মমতাজ”। তাৰোপৰি এশ এপাচি ভুল। পুলক গগৈ ডাঙৰীয়াই নিজেই এবাৰ টিভি চেনেল এটাত স্বীকাৰ কৰিছিল যে তেখেতৰ মমতাজে একেবাৰে ব্যৱসায় কৰিবলৈ সক্ষম নহ’ল। ১২ লাখমান টকা খৰছ কৰি ১৫ হেজাৰমান টকাৰ ব্যৱসায় কৰিছে আৰু তেখেতে হেনো ভবিষ্যতলৈ ছবি নিৰ্মাণ নকৰে। সেই “মমতাজ” ছবিখন কেনেদৰে সৰ্বাধিক জনপ্ৰিয় বোলছবি হ’ল, সেইয়া বুজি নেপালো। তেখেতে হেনো আৰু কিবা এটা অনুষ্ঠানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মানো লাভ কৰিছে! সেইদৰে কেইবাটাও পুৰষ্কাৰ পোৱা “চিঞৰ” ছবিখনো চোৱাৰ সুযোগ লাভ কৰিছিলো। মোটামোটি ছবিখন ভালেই আছিল যদিও গুৱাহাটীত তেনেকুৱা এখন বেশ্যালয়ৰ অস্তিত্ব বৰ বিশ্বাসযোগ্য নহ’ল। বেশ্যালয় থাকিলেও এগৰাকী সাধাৰণ যুৱতী বাতৰি সংগ্ৰহ কৰাৰ কাৰণে গৈ বেশ্যালয়তে ৰাতি থাকিবলৈ লোৱা সিদ্ধান্তটো বৰ বোধগম্য নহ’ল। মুঠৰ ওপৰত কাহিনীটো দুৰ্বল যেন অনুভৱ হ’ল।

বিগত বৰ্ষত, সঁচা অৰ্থত চাই ভাল লগা দুখন ছবি আছিল “ভাল পাব নেজানিলো” আৰু “লোকেল কুংফু”। পিছৰখনক সম্পূৰ্ণ ছবিৰ মৰ্যাদা দিবলৈ মন নেযায় যদিও সেইখন চাই যথেষ্ঠ আমোদ পাইছিলো। আনহাতে “ভাল পাব নেজানিলো” ছবিখন চাই যথেষ্ঠ আনন্দিত হৈছিলো। নিজৰ কলেজীয়া জীৱনলৈ মনত পৰি গৈছিল। সেই ছবিখনত নায়কৰ চৰিত্ৰটো অলপ দুৰ্বল হোৱাৰ বাহিৰে তাত বেলেগ ভুল বিচাৰি উলিয়াবলৈ টান আছিল। সংগীত, পৰিচালনা আৰু উপস্থাপন উন্নত মানৰ আছিল। কিন্তু সেই ছবিখনৰ কোনো নাম-গোন্ধ “প্ৰাগ চিনে এৱাৰ্ডছ” অনুষ্ঠানত দেখা নেপালো। সেই ছবিখনে কিয় কোনো পুৰষ্কাৰ নেপালে বুজি নেপালো। পৰিচালক-প্ৰযোজক একেবাৰে নতুন হোৱা হেতুকে হয়তো ছবিখনক অস্পৃশ্য জ্ঞান কৰিলে আয়োজকসকলে। যিকি নহওক প্ৰাগ চিনে এৱাৰ্ডছ অনুষ্ঠানটোত পাপনৰ অনুষ্ঠানটো আকৰ্ষনীয় আছিল আৰু পাপনে অন্ততঃ “ভাল পাব নেজানিলো”ৰ গানটো গাই বুজাই দিলে যে তেনেকুৱা এখন ছবিয়ে অন্ততঃ কিবা এটা পুৰষ্কাৰ পোৱা উচিত আছিল।

এতিয়া আমাৰ মনত উদয় হোৱা প্ৰশ্নটো হ’ল, এনেদৰে বাৰু অসমীয়া বোলছবিৰ সৈতে জড়িত সকলে কাক ফাঁকি দিব বিচাৰিছে! কোনোবাই যদি সৰ্বাধিক জনপ্ৰিয় বোলছবি বুলি “মমতাজ” ছবিখন চায়, বহু মানুহৰে অসমীয়া মানুহৰ বোলছবিৰ ৰুচিবোধৰ প্ৰতি সন্দেহ উপজিব।

অসমীয়া বোলছবিৰ মানদণ্ড তথা বজাৰ উন্নত হোৱাতো আমাৰ সকলোৰে কাম্য। অন্ধভাৱে বলীউডক অনুকৰণ কৰাতকৈ খাটি অসমীয়া ছবি নিৰ্মাণ কৰিলেই দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব। যেতিয়া বাংলা ভাষাৰ “অন্তহীন”, “জাপানীজ ৱাইফ”, “অনুৰনণ”, “বোঝেনা সে বোঝেনা”, “ভূতেৰ ভবিষ্যৎ” জাতীয় ছবিবোৰ চাওঁ, মনলৈ আহে, কেতিয়া অসমীয়া ছবি নিৰ্মাতাই সেই মানদণ্ডৰ ছবি আমাক দিবলৈ সক্ষম হ’ব! তাৰ মানে এইটো নহয় যে এইবাৰ আকৌ বাংলা ছবিৰ ৰিমেক বনাব লাগিব। যিয়েই নহওক অসমীয়া ছবিৰ মন্দাৱস্থাৰ মাজতো অন্ততঃ ২-৩ বছৰৰ মূৰে মূৰে “মন যায়”, “দীনবন্ধু”, ” বাঁকৰ পুতেক” ইত্যাদিৰ দৰে উন্নত মানদণ্ডৰ ছবিয়ে মুক্তিয়ে এক আশাৰ বতৰা কঢ়িয়াই আনে। শেষত, অসমীয়া ছবিজগতলৈ সুদিন ঘূৰি আহক সেইয়াই কামনা।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক